কৃতিত্ব নে ব্যৰ্থতা

কৃতিত্ব নে ব্যৰ্থতা


বিগত সময়চোৱাত দেখা গৈছে যে যিকোনো উপলক্ষত, যিকোনো এটা বিষয়ত কৃতিত্ব লোৱাৰ সুযোগ আহিলে কেন্দ্ৰৰ মোডী চৰকাৰে সেই সুযোগ হেৰুৱাব নোখোজে আৰু তাৰ সদ্ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত কাৰ্পণ্য নকৰে। প্ৰতিটো ক্ষেত্ৰত এই চৰকাৰে তেওঁলোকৰ প্ৰচাৰ যন্ত্ৰটো এনেদৰে কামত খটুৱায়, যাতে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। বিৰোধী তথা সমালোচকসকলৰ মতে এই চৰকাৰখনে 'ইভেন্ট মেনেজমেন্ট কোম্পানী'ৰ দৰে কাম কৰি গৈছে।

তাৰ বিপৰীতে দুৰ্যোগৰ সময়ত মূৰ পোলোকা মাৰি প্ৰকৃত সমস্যাৰ পৰা হাত সাৰিবলৈ পৰিকল্পিত কৰ্মসূচী ৰূপায়ণ কৰি আহিছে বুলিও চৰকাৰ বিৰোধী তীক্ষ্ণ সমালোচকসকলে মত ব্যক্ত কৰিছে। অলপতে কোভিড মহামাৰী প্ৰতিৰোধৰ বাবে বিগত ৯টা মাহত ১০০ কোটি ড'জ ভেকচিন দিয়াৰ সাফল্যক লৈ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক সংবাদ মাধ্যমযোগে সম্বোধন কৰাৰ পিচতে বিষয়টো চৰ্চালৈ আহিছে। চৰকাৰৰ গুণ গান গোৱাসকলৰ মতে দেশত সম্পন্ন সকলো কামৰ বাবে প্রধানমন্ত্ৰী মোডীয়ে ধন্যবাদ দিয়াৰ প্ৰয়োজন। তেওঁলোকৰ যুক্তি হ'ল- প্রধানমন্ত্ৰী মোডীৰ তৎপৰতাতে দেশবাসীয়ে কোভিড মহামাৰীৰ বিৰুদ্ধে সৰ্বাত্মক ৰূপত যুঁজ দিবলৈ সক্ষম হৈছে। এই যুক্তি অৱশ্যে বহুতে মানি ল'বলৈ প্ৰস্তুত নহয়।

কোভিডৰ দুৰ্যোগৰ সময়ত দেশত লাখৰ হিচাপত মানুহৰ মৃত্যু হৈছে। এসময়ত চিকিৎসাৰ অভাৱত বহুতৰে পানীত হাঁহ নচৰাৰ দৰে অৱস্থাও হৈছিল। কোভিডত মৃত্যুবৰণ কৰা লোকৰ মৃতদেহ সৎকাৰ কৰিব নোৱাৰি গংগাৰ পানীত উটুৱাই দিয়াৰ দৰে অত্যন্ত মৰ্মস্পৰ্শী ঘটনাও সংঘটিত হৈছে। উত্তৰপ্ৰদেশৰ দৰে ৰাজ্যৰ চৰকাৰী স্বাস্থ্য সেৱাৰ চৰম অব্যৱস্থা কোভিডৰ দ্বিতীয়টো ঢৌৰ সময়তে প্ৰতীয়মান হৈছিল। একমাত্ৰ চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলৰ সাহস নিষ্ঠাৰ বাবেই ৰাজনৈতিক নেতৃত্ব অবিহনে বহু ৰাজ্যত কোভিডৰ বিৰুদ্ধে দেশবাসীয়ে দৃষ্টান্তমূলক যুঁজ দিবলৈ সক্ষম হৈছিল। কিন্তু এই কথাও সত্য যে বিশ্বৰ বহু দেশৰ তুলনাত আমাৰ দেশ এই যুঁজত পিচ পৰি হৈছিল। আনকি উন্নয়নশীল আৰু দুখীয়া দেশবোৰেও মহামাৰীৰ বিৰুদ্ধে ভাৰততকৈ অতি সক্ৰিয়তাৰে প্ৰতিৰোধমূলক ব্যৱস্থা কাৰ্যকৰী কৰিছিল। এই মূল কাৰণটো হ'ল, আমাৰ দেশৰ চৰকাৰী স্বাস্থ্য খণ্ডত থকা দুৰ্বলতাসমূহ।

আমি এতিয়াও স্বাস্থ্যখণ্ডৰ বাবে অইন বহু দেশৰ তুলনাত কম ধন ব্যয় কৰো। কিন্তু এই মূল কথাটোকে জনসাধাৰণৰ পৰা লুকুৱাই ৰখা হয়। প্ৰশ্ন হয়- জনকল্যাণকামী ৰাষ্ট্ৰ এখনত ৰাজহুৱা খণ্ডৰ স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি সৰ্বসাধাৰণৰ বাবে উপলব্ধ কৰাব নোৱাৰাটো চৰকাৰৰ বাবে ব্যৰ্থতা নহয় কি? কোভিডৰ ভেকচিনৰ ১০০ কোটি ড'জ দিয়াৰ কৃতিত্ব লোৱা চৰকাৰে কোভিডৰ দুৰ্যোগত ভোগা লক্ষ লক্ষ শ্ৰমিক নিবনুৱাৰ দায়িত্বও ল'ব পাৰিব লাগিব নিশ্চয়।

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মতে ১০০ কোটি ড'জ দিয়া বুলি হৈ চৈ সৃষ্টি কৰাটো মোডী চৰকাৰৰ এক 'জুমলা' হে। বেনাৰ্জীয়ে কৈছে যে ১৩০ কোটি ভাৰতীয়ৰ মাজৰ ৩০ কোটি অৰ্থাৎ ২৩ শতাংশ লোকেহে কোভিডৰ ভেকচিনৰ সম্পূৰ্ণ ড'জ পাইছে। তেওঁৰ এই বক্তব্যক উলাই কৰিব পৰা নাযায়। দৰাচলতে ১০০ কোটি ড'জ ভেকচিন দিয়াৰ ঐতিহাসিক দিনটো আজিৰ পৰা দুই-তিনি মাহ আগতে আহিব লাগিছিল. কাৰণ যোৱা ৭ এপ্ৰিলৰ দিনা এদিনতে ৫০ লাখ ড'জ দিয়া হৈছিল। সেই গতিত আগবাঢ়িলে এমাহতে ১৫ কোটি ড'জ দিব পৰা গ'লহেঁতেন। তেতিয়াহ'লে আগষ্ট মাহতে ১০০ কোটি ড'জ দিয়া কাম সম্পূৰ্ণ হ'লহেঁতেন। যোৱা মে' মাহৰ শেষৰ ভাগত প্ৰকাশ জাভাড়কাৰে ঘোষণা কৰিছিল যে ডিচেম্বৰ মাহতে ১৮ বছৰ বয়সৰ ওপৰৰ সকলো ভাৰতীয়কে ভেকচিনৰ দুয়োটা পালি দিয়াৰ কাম সম্পূৰ্ণ কৰা হ'ব।

গতিকে আমাৰ হাতত আৰু দুটা মাহ আছে। ডিচেম্বৰত এই কাম সম্পূৰ্ণ কৰিবলৈ হ'লে এতিয়াৰে পৰা প্ৰতিদিনে ডেৰ কোটি ড'জ দিব লাগিব। কিন্তু বাস্তৱিকতে এতিয়া এদিনতে ৫৫ লাখ মান ড'জহে দিয়া হৈছে। এই হিচাপত আগবাঢ়িলে কিন্তু অহা বছৰ মাজভাগতহে ১৮ বছৰ বয়সৰ ওপৰৰ সকলো ভাৰতীয়ক ভেকচিনৰ সম্পূৰ্ণ ড'জ দিব পৰা যাব। তাৎপৰ্যপূৰ্ণভাৱে এটা সময়ত আমাৰ চৰকাৰৰ ঘোষিত নীতি আছিল যে ৪৫ বছৰ বয়সৰ উৰ্ধৰ লোকসকলক আগষ্ট মাহৰ ভিতৰতে দুয়োটা ড'জ দিয়াৰ ব্যৱস্থা কৰা হ'ব। কিন্তু দুৰ্ভাগ্যজনকভাৱে এতিয়াও এই বয়সৰ লোকৰ মাত্ৰ ৪৩ শতাংশইহে দুয়োটা পালি পাবলৈ সক্ষম হৈছে। অৱশ্যে আশী শতাংশই ভেকচিনৰ এটা পালি লাভ কৰিছে।

প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিন উপলক্ষে যোৱা ২১ ছেপ্টেম্বৰৰ দিনা কেন্দ্ৰীয় চৰকাৰৰ তৎপৰতাত সমগ্ৰ দেশতে ভেকচিনৰ ২ কোটি ড'জ দিবলৈ সক্ষম হোৱা স্বাস্থ্য বিভাগে জনা উচিত যে এতিয়াও আৰু ৯০ কোটিতকৈ অধিক ড'জ দিব পাৰিলেহে সকলো ভাৰতীয়ক কোভিড প্ৰতিষেধকৰ দ্বাৰা সামৰি ল'ব পৰা যাব। আমি এইক্ষেত্ৰত ১৮ বছৰ বয়সৰ তলৰ শিশু, কিশোৰ-কিশোৰীসকলৰ কথা বাদেই দিলো, ভাৰতবাসীয়ে কোভিড বিৰোধী যুঁজত সাফল্য লাভ কৰিবলৈ হ'লে আৰু বহু যোঁজন বাট অতিক্ৰম কৰিব লাগিব। গতিকে চৰকাৰৰ কৃতিত্ব বা ব্যৰ্থতাৰ প্ৰশ্নটোৰো সমাধান এতিয়াই নহ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in