ঘৃণাৰ ৰাজনীতি

ঘৃণাৰ ৰাজনীতি

নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰখন নতুন দিল্লীৰ মচনদত বহা পাঁচ বছৰো সম্পূৰ্ণ হোৱা নাই। সেই বিশেষ মুহূৰ্তৰ দৃশ্যটো সম্ভৱ মানুহৰ মানসচক্ষুত এতিয়াও ভাহি আছে, যেতিয়া সংসদ ভৱনত প্ৰথমবাৰ প্ৰৱেশ কৰিবলৈ গৈ দুৱাৰমুখত দীঘল দি পৰি গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ প্ৰত্যয় আৰু প্ৰতিশ্ৰুতিৰ অভিব্যক্তি প্ৰকাশ কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰচাৰৰ অভিনৱ চমৎকাৰিতাৰে দেশৰ মানুহৰ সীমাহীন প্ৰত্যাশা জগাই, নতুন প্ৰজন্মৰ কোটি কোটি ভোটাৰক পৰিবৰ্তনৰ বাণীৰে মোহাচ্ছন্ন কৰি দিল্লী দখল কৰিছিল মোডী বাহিনীয়ে।

এমুঠি বিবেকৱান, ইতিহাসৰ বাস্তৱতা বুজা সচেতন মানুহৰ বাবে কোনেও বোধহয় বুজা নাছিল মোডী-বিজেপিৰ ভণ্ডামি আৰু কপটাচাৰিতা। কিন্তু খুব দীৰ্ঘ সময়ৰ প্ৰয়োজন নহ'ল, প্ৰথমে বিলম্বিত লয়েৰে আৰু পিচলৈ দ্ৰুততাৰে নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰি দিলে সকলো গণতান্ত্ৰিক প্ৰমূল্যক নস্যাৎ কৰিবলৈ এক ভয়ংকৰ খেলা। আৰম্ভণিৰ পৰাই সকলো কু-কাণ্ডৰ বাবে নৰেন্দ্ৰ মোডীৰ কাষত আছিল গুজৰাটী সতীৰ্থ অমিত শ্বাহ। এই যুগলবন্দীৰ প্ৰশাসনিক ক্ষেত্ৰ ৰাজধানী নতুন দিল্লী হ'লেও ৰাষ্ট্ৰ পৰিচালনাৰ অভিকেন্দ্ৰ হৈ পৰিল আৰ এছ এছৰ হেড কোৱাৰ্টাৰ নাগপুৰ।

এক অখণ্ড হিন্দু ৰাষ্ট্ৰ আৰু সাংস্কৃতিক জাতীয়তাবাদৰ প্ৰবৰ্কা আৰু আৰ এছ এছৰ পৃষ্ঠপোষকতাৰে পৰিচালিত মোডী-অমিত শ্বাহ বাহিনীৰ বাবে এতিয়া গণতন্ত্ৰ, সংবিধান এইবোৰ মুখৰোচক শব্দ মাত্ৰ। যিখন সংবিধানে দেশৰ মানুহৰ ব্যক্তি স্বাধীনতাক সুৰক্ষা দিছে, সাংস্কৃতিক বহুত্ববাদক মৰ্যাদা দিছে, যাৰ বাবে অতীতত  শাসকগোষ্ঠীবোৰৰ বহু ভুল-ক্ৰুটি সত্ত্বেও বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ অভিধাৰে ভাৰতবৰ্ষ বন্দিত হৈ আছে- মোডী-শ্বাহ বাহিনীৰ দৌৰাত্ম্যত নিষ্প্ৰভ হ'বলৈ ধৰিছে তাৰ গৰিমা। সন্দেহ নাই, শাসনৰ গাদীত টিকি থাকিবলৈকে সংবিধানৰ আধাৰত প্ৰতিষ্ঠিত গণতন্ত্ৰৰ বাণী আওৰাব লাগিব মোডী বিজেপিয়ে।

নহ'লে মোহন ভাগৱতসকলৰ হিন্দু ৰাষ্ট্ৰৰ নিৰ্মাণৰ ঘোষিত ধাৰণাটোক গোপনে লালিত-পালিত কৰিবলৈ বিস্তৰ অসুবিধাৰ সন্মখী হ'ব! আগতেই কোৱা হৈছে যে মোডী চৰকাৰে বিলম্বিত লয়েৰে আৰম্ভ কৰিছিল তেওঁলোকৰ গোপন কাৰ্যসূচী। প্ৰথমে প্ৰশাসনৰ সৰ্বস্তৰত বিজেপি আৰু সংঘ অনুগামীসকলক সংস্থাপন কৰা হ'ল। দ্বিতীয়তে স্ব-শাসিত গণতান্ত্ৰিক প্ৰতিষ্ঠানবোৰৰ মুৰব্বী পদত বহুওৱা হ'ল সংঘ অনুগামী অসংস্কৃতিৱান ব্যক্তি এচামক। আনকি সাংবিধানিক মৰ্যাদাসম্পন্ন পদটো স্থলাভিষিক্ত হ'ল সংঘ পৰিবাৰৰ নেতা। '১৪ৰ সাধাৰণ নিৰ্বাচনৰ আগতেই ধর্মীয় মেৰুকৰণেৰে দেশৰ মূল ধৰ্মাৱলম্বী দুটা সম্প্ৰদায়ৰ মাজত বিভাজনৰ সৃষ্টি কৰা হৈছিল।

কিন্তু ক্ষমতাত নিকপকপীয়া হৈ আৰম্ভ কৰি দিয়া হ'ল ঘৃণাৰ ৰাজনীতি। গো-ভক্তিৰ নামত আৰম্ভ হোৱা আন্দোলনে জিঘাংসাৰ ৰূপ ল'লে। প্ৰথমে জীৱন-জীৱিকাৰ পথ ৰুদ্ধ কৰি অসংখ্য নিৰীহ সংখ্যালঘূৰ প্ৰাণ লোৱা হ'ল। আক্ৰান্ত হ'ল সকলো সম্প্ৰদায়ৰ মানুহ। দলিতৰ ওপৰত আৰম্ভ হ'ল প্ৰচণ্ড নিপীড়ন। দলিতৰ ওপৰত বৰ্ণহিন্দুৰ অত্যাচাৰ-শোষণ নিশ্চয় এতিয়াৰ কথা নহয়- শতিকাজোৰা। বিজেপিৰ আমোলত তাৰ মাত্ৰা তীব্ৰতৰ হ'ল। দলিতসকলৰ মাজতে ন্যূনতম সুবিধা পোৱা এটা নতুন শ্ৰেণী তাহানিৰ পৰাই গঢ়ি উঠিছিল। তেনে এটা শ্ৰেণী গঢ়ি ুঠিছিল মুছলমানসলৰ মাজতো।

দলিত আৰু মুছলমান সমাজৰ মাজত গঢ়ি উঠা এই মধ্যবিত্ত শ্ৰেণীৰ গোটটো ক্ষুদ্ৰ, কিন্তু বৰ্ণহিন্দু প্রধান ভাৰতীয় শাসকগোষ্ঠীয়ে দলিত আৰু দুখীয়া মুছলমানক অৱদমিত কৰি ৰখাৰ স্বাৰ্থত এনে ক্ষুদ্ৰ গোটবোৰকে কামত লগাই আহিছে। তাহানি কংগ্ৰেছৰ দিনতো আৰু এতিয়াৰ বিজেপি জামানাতো। আচলতে স্বৰাজোত্তৰ ভাৰতত দলিত আৰু মুছলমানৰ ক্ষুদ্ৰ গোটবোৰক ক্ষমতা দখলৰ খেলাত মধ্যভোগী হিচাপে ব্যৱহাৰ কৰি আহিছে মূলসুঁতিৰ ভাৰতীয় শাসকে। কিন্তু বিজেপি ক্ষমতালৈ অহাৰ পিচত কট্টৰ হিন্দুত্ববাদীসকলে চৰকাৰী পৃষ্ঠপোষকতাতে দলিত আৰু মুছলমানৰ জীৱনলৈ নমাই আনিলে ভয়ংকৰ অত্যাচাৰ। লগে লগে নব্য শিক্ষিত।

এচাম সচেতন যুৱনেতাৰ নেতৃত্বত জাগি উঠিবলৈ ধৰিছে অত্যাচাৰিত মানুহ। দেশৰ সংখ্যালঘু আৰু দলিতসকলেই যে নিপী়ডিত এনে নহয়, সৰ্বস্তৰৰ শ্ৰমিক-কৃষকৰ ওপৰতো জাপি দিয়া হৈছি নিৰ্মম যাতনা। আৰম্ভ হৈছে কৃষক বিদ্ৰোহ। শ্ৰমজীৱী মানুহে আন্দোলনৰ পথ লৈছে। ঘৃণা আৰু যাতনাৰ এই সৰ্বনশীয়া ৰাজনীতিত সৰ্গবে পদচাৰণা কৰিছে দেশী-বিদেশী পুঁজিপতিৰ দলে। এই পুঁজিপতি গোষ্ঠীৰ স্বাৰ্থ ৰক্ষাৰ বাবেই বিজেপিয়ে ফেচিষ্ট কায়দাৰে আক্ৰমণাত্মক ৰূপ লৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in