কৰ্তন তালিকা

কৰ্তন তালিকা

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ৰ উন্নীত চূড়ান্ত তালিকাখন প্ৰকাশৰ বাবে উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰণ কৰি দিয়া ৩১ জুলাইৰ সময়সীমালৈ এমাহ চাৰি দিন থকা অৱস্থাত ন্যায়ালয়ৰ নিৰ্দেশমৰ্মেই বুধবাৰে পুৱা প্ৰকাশ হৈ ওলাল ইয়াৰ অতিৰিক্ত কৰ্তন তালিকাখন। অতিৰিক্ত খচৰাৰ ৰূপত প্ৰকাশ হ'লেও এই তালিকাখনত যি ১ লাখ ২ হেজাৰ ৪৬২ গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে, তেওঁলোকৰ অঘোষিত পৰিচয়টো হ'ল সন্দেহযুক্ত বিদেশী। কাৰণ 'ডি ভোটাৰ' হিচাপে চিহ্নিত, বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰা তথা ন্যায়াধিকৰণত বিচাৰাধীন হৈ থকা ব্যক্তিসকলৰ নামেই এই তালিকাত অন্তৰ্ভুক্ত হৈছে।

অৱশ্যে এই লোকসকলে নিজক ভাৰতীয় নাগৰিক বুলি দাবী কৰি প্ৰয়োজনীয় নথি-পত্ৰসহ আবেদন কৰিবলৈ অহা ১১ জুলাই পৰ্যন্ত সময় পাব। কিন্তু গুৰুতৰ কথাটো হ'ল- এই লোকসকল এন আৰ চি খচৰা প্ৰকাশৰ সময়ত যি ৪০ লক্ষাধিক লোক বাদ পৰিছিল, তাৰ ভিতৰৰ নহয়। এওঁলোকে নথি-পত্ৰৰ জালিয়াতি কৰি নিজৰ নিজৰ নাম এন আৰ চি মূল খচৰাখনত অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ৰ পুনৰীক্ষণত এওঁলোক যে অবৈধ প্ৰক্ৰিয়াৰে তালিকাত অন্তৰ্ভুক্ত হৈছিল, সেইটো প্ৰমাণিত হয় আৰু তদনুসাৰে এওঁলোকৰ নামসম্বলিত অতিৰিক্ত খচৰাখন এন আৰ চি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে।

এই তালিকাখনেই প্ৰমাণ কৰিছে যে বহু বিদেশী (বাংলাদেশী)-এ নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটোৰ দুৰ্বল দিশবিলাকৰ সুৰুঙাৰে সুযোগ লৈ ইয়াত নাম অন্তৰ্ভুক্ত কৰি নিজকে ভাৰতীয় নাগৰিকৰূপে গজগজীয়া কৰিবলৈ উঠিপৰি লাগিছে। এতিয়া প্ৰশ্ন হৈছে- যিখন এন আৰ চিক আমি অসমৰ জাতীয় দলিলৰূপে অভিহিত কৰিছো, যিখন এন আৰ চিৰ জৰিয়তে অবৈধ বিদেশীমুক্ত অসম এখনৰ কল্পনা কৰিছো, সেই এন আৰ চিৰ এমাহৰ পিচত প্ৰকাশ হ'ব লগা চূড়ান্ত তালিকাখনে ৰাজ্যখনৰ খিলঞ্জীয়াক কিমানদূৰলৈ সুৰক্ষা দিব পাৰিব? এই ভূ-খণ্ডৰ যি স্বকীয়তা তাক ৰক্ষা কৰাত এই তালিকাই অৰিহণা যোগাব পাৰিবনে? নাগৰিকপঞ্জীকেন্দ্ৰিক বহু ঘটনাই এই 'দলিল'খনক লৈ ৰাজ্যবাসীৰ প্ৰত্যাশাৰ বিপৰীতে শংকাৰহে উদ্ৰেক ঘটাইছে।

এনে আশংকাৰ পৰিপ্ৰেক্ষিততে আছাম পাব্লিক ৱৰ্কছ (এ পি ডব্লিউ)ৰ সভাপতি অভিজিৎ শৰ্মাই খচৰা নাগৰিকপঞ্জীখনৰ ২২খন জিলাত এশ শতাংশ পুনৰীক্ষণৰ অনুৰোধ জনাই উচ্চতম ন্যায়ালয়ত ইতিমধ্যে এখন আবেদন দাখিল কৰাটো তাৎপৰ্যপূৰ্ণ এইবাবেই যে এ পি ডব্লিউৱে তৰা মূল গোচৰৰ ভিত্তিতে নাগৰিকপঞ্জী উন্নীতকৰণৰ সাম্প্ৰতিক প্ৰক্ৰিয়াটো ছুপ্ৰিম ক'ৰ্টৰ তত্ত্বাৱধানত চলি আছে। এই আবেদনত সংগঠনটোৱে অলপতে দিছপুৰত এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ বাবে উৎকোচ লৈ ধৰা পৰা দুজন বিষয়াৰ ঘটনাটো উল্লেখ কৰি অভিযোগ কৰিছে যে ৰাজ্যৰ অন্য বহু স্থানত অনুৰূপভাৱে উৎকোচৰ বিনিময়ত জাল নথি-পত্ৰৰে বহু লোকৰ নাম অন্তৰ্ভুক্ত হোৱাৰ ফলত এন আৰ চিত বহু সন্দেহযুক্ত বিদেশীৰ নাম সোমাই পৰিছে।

আবেদনখনত অন্য জিলাৰ বিষয়াৰ দ্বাৰা পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পন্ন কৰাৰ অনুৰোধ জনোৱা হৈছে। এতিয়া এই আবেদনখনক সৰ্বোচ্চ ন্যায়ালয়ে কিদৰে মান্যতা দিয়ে, তাৰ ওপৰত নাগৰিকপঞ্জীখনৰ ভবিষ্যৎ তথা ইয়াৰ সাৰ্থকতা নিৰ্ভৰ কৰিছে। ইফালে, খচৰা তালিকাত বাদ পৰা ৪০ লক্ষাধিক লোকৰ নাম পুনৰ অন্তৰ্ভুক্তিৰ দাবী তথা বিভিন্ন ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত আপত্তিবোৰৰ নিষ্পত্তিৰ প্ৰক্ৰিয়াও সমান্তৰালভাৱে চলি আছে। আনহাতে, খচৰা এন আৰ চিত অন্তৰ্ভুক্ত দুই লক্ষাধিক পৰিয়ালৰ বিৰুদ্ধে ঠিকনাবিহীন লোকে তোলা আপত্তিৰ আঁৰত সদৌ অসম ছাত্ৰ সন্থাৰ হাত থকাৰ অভিযোগ সংখ্যালঘু বসতিপ্ৰধান এলেকাবিলাকত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। গুৰুত্বপূৰ্ণ কথাটো হ'ল- খচৰা এন আৰ চিত যি লক্ষাধিক লোকৰ নাম বাদ পৰিছিল, তাৰে বুজন অংশ এটা খিলঞ্জীয়া লোক।

কাৰিকৰী কাৰণত 'লিগেচী' প্ৰতিপন্ন কৰিব নোৱৰা বাবে তেওঁলোকৰ নাম খচৰাত অন্তৰ্ভুক্ত হোৱা নাছিল। অসম সন্মিলিত মহাসংঘ, এন ডি এফ বি (প্ৰ)কে ধৰি কেইবাটাও সংগঠনে বিদেশী চিনাক্ত কৰণৰ ভিত্তিবৰ্ষ ১৯৫১চন হোৱাৰ দাবী জনাই সাংবিধানিক বিচাৰপীঠত ইয়াৰ আশু মীমাংসা কৰাৰ আবেদন জনোৱা সত্ত্বেও ন্যায়ালয়ে অসম চুক্তিৰ আধাৰবৰ্ষ ১৯৭১ বৰ্ষক ভিত্তি কৰি নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটো বৰ্তমানৰ পৰ্যায়লৈ আগুৱাই নিছে।

এনে অৱস্থাত এইবাৰ সংসদত যদি বিতৰ্কিত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক গৃহীত হয়, তেতিয়াহ'লে ই নাগৰিকপঞ্জীখনত যে নতুন আউল লগাব সেইটো ধুৰুপ। কাৰণ বিজেপি চৰকাৰে নিজা অংকৰেহে নাগৰিকপঞ্জীখন প্ৰস্তু হৈ উঠাটো বিচাৰিব। এই সকলোবিলাক দিশ মিলাই বহু প্ৰত্যাশিত এন আৰ চিখনে অৱশেষত জাতিটোক কি দিয়ে, সেইটো অদ্যপৰিমিত মৰীচিকা হৈ আছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in