আশা-আশংকাৰ দলং

আশা-আশংকাৰ দলং

আজিৰ দিনটো আধুনিক অসমৰ ইতিহাসত এটা গুৰুত্বপূৰ্ণ তাৰিখ হৈ চিৰদিনলৈ থাকিব। অৱশেষত এই ঐতিহাসিক দিনটোতেই উজনি অসমৰ উজনি অংশৰ যাতায়াতৰ অভূতপূৰ্ব সুবিধা কৰি দি ব্ৰহ্মপুত্ৰৰ ওপৰত বগীবিলত নিৰ্মিত দলংখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিবলৈ ওলাইছে। এই দলংখনত আছে দ্বৈত ব্ৰডগছ ৰেলপথ আৰু তিনি লেনযুক্ত আন বাহনৰ পথ। এনে সুবিধা থকা এইখনেই দেশৰ ভিতৰত সবাতোকৈ দীঘল দলং।

ব্ৰহ্মপুত্ৰৰ উজনি অংশৰ উত্তৰ আৰু দক্ষিণপাৰৰ মাজত যাতায়াত ব্যৱস্থাক ই সংযুক্ত কৰাৰ লগতেই এই দলঙে উজনি অসমৰ দক্ষিণপাৰ আৰু অৰুণাচলৰ দক্ষিণ অংশৰ মাজত যাতায়াত ব্যৱস্থাক ই সংযুক্ত কৰাৰ লগতেই এই দলঙে উজনি অসমৰ দক্ষিণপাৰ আৰু অৰুণাচলৰ দক্ষিণ অংশৰ মাজৰ যোগাযোগকো সুচল কৰিব। ৰে'ল ব্যৱস্থাৰ ক্ষেত্ৰত দেশৰ আন অংশৰ সৈতে অসম এতিয়াও যিহেতু মূলতঃ দক্ষিণ পাৰেৰে (ডিব্ৰুগড়-তিনিচুকীয়াৰ পৰা আৰম্ভ কৰি) সংযুক্ত, সেয়ে এই দলঙে উজনি অসমৰ উত্তৰপাৰ আৰু দক্ষিণ অৰুণাচলৰ যাতায়তকো বিশেষভাৱে লাভান্বিত কৰিব।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নলৈ এই দলংখনে বিশেষ বৰঙণি যোগাব বুলি আশা কৰিব পাৰি। অৱশ্যে ই মুদ্ৰাটোৰ উজ্জ্বল ফালটোহে। নানা আশংকাৰ সৃষ্টি কৰা অন্ধকাৰ দিশ এটাও মুদ্ৰাটোত আছে। পুঁজি দুবিধ- ব্যক্তিগত পুঁজি আৰু সামাজিক পুঁজি । চৰকাৰে ৰাজহুৱা ব্যৱহাৰৰ বাবে সাজি দিয়া দলং-বাট-ঘাট আদি সামাজিক পুঁজি। এই সুবিধাবোৰ অবিহনে ব্যক্তিগত পুঁজিৰ বিকাশ অসম্ভৱ। আধুনিক শোষণ-লুণ্ঠনৰ বাট পুঁজিপতিৰ বাবে অধিক প্ৰশস্ত কৰাৰ জৰিয়তে। এনে সুবিধাৰ বৃদ্ধিৰ বাবেই পুঁজিপতি মহলে নিজ নিয়ন্ত্ৰণত থকা ৰাষ্ট্ৰশক্তিক এইবোৰ নিৰ্মাণ কৰিবলৈ বাধ্য কৰে।

উদাহৰণস্বৰূপে অসমত প্ৰথম ৰেলখন চৰকাৰে নিৰ্মাণ কৰিছিল তেতিয়াৰ দুৰ্গম ডাঙৰি, ডুমডুমা, মাকুম, ডিগবৈ, মাৰ্ঘেৰিটা, লিডু, ডিব্ৰুগড়ক সংযুক্তি কৰিহে। অথবা গোলাঘাট, যোৰহাট, নিমাতীঘাটৰ মাজত। কাৰণটো আছিল সাম্ৰাজ্যবাদীৰ হাতত থকা চাহ উদ্যোগ, তৈল উদ্যোগ, কয়লা উদ্যোগ আদিক বিশেষভাৱে সহায়ক কৰাটো। বগীবিল দলঙৰ ক্ষেত্ৰতো একেটাই কথাই ক'ব পাৰি। সেই দলঙে অৰুণাচল আৰু উজনিৰ উত্তৰ অসমৰ বিশাল প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ বৃহৎ পুঁজিপতিৰ লুণ্ঠনৰ বাবে খুলি দিব। ই সেই অঞ্চলটোক লুণ্ঠনমূলক কামৰ এটা ডাঙৰ ঘাটিত পৰিণত কৰিব।

লগতে তেনে কৰ্মৰ সৈতে জড়িত নানা অপৰাধমূলক কুকাণ্ডয়ো অঞ্চলটোত দেখা দিব। থলুৱা জনগাঁথনিত বিভিন্ন হেঁচা কৰিব। লুণ্ঠৰ স্বাৰ্থত কুচক্ৰী লুণ্ঠনকাৰীয়ে জনগোষ্ঠীয় বিদ্বেষক উচটনি দিব পাৰে। নামকৰণক লৈ হ'ব পাৰে তীব্ৰ মতবিৰোধ। ঘাটৰ নাৱৰীয়া আৰু ক্ষুদ্ৰ দোকানীচাম হ'ব সংস্থাপনহীন। এই সমস্যাবোৰৰ প্ৰতি চৰকাৰ আৰু অঞ্চলটোৰ জনসাধাৰণ চকু ৰাখিব লাগি আৰু সমস্যাবোৰ সমাধান কৰিব লাগিব।

খ্ৰীষ্টমাছৰ শুভেচ্ছা

বৰ্তমান বিশ্বৰ প্ৰধান ধৰ্ম চাৰিটা হ'ল- খ্ৰীষ্টান, ইছলাম, হিন্দু আৰু বৌদ্ধ। অৱশ্যে 'প্ৰধান' বোলা হৈছে ধৰ্মাৱলম্বীৰ সংখ্যাৰ আৰু বৌদ্ধ। অৱশ্যে 'প্ৰধান' বোলা হৈছে ধৰ্মাৱলম্বীৰ সংখ্যাৰ দিশৰ পৰা। বাস্তৱ ধৰ্মক মানি চলা প্ৰতিজনেই নিজ ধৰ্মক শ্ৰেষ্ঠ আৰু সেয়া প্ৰধান বুলি ভাবে। নহ'লে তেওঁ সেই ধৰ্মত ব্ৰতী হৈ নাথাকিলেই হেঁতেন, আন যিটোক শ্ৰেষ্ঠ বুলি ভাবে সেই ধৰ্মলৈ গুচি গ'লহেঁতেন। ধৰ্মাৱলম্বীৰ সংখ্যাৰ দিশৰ পৰা প্ৰথম স্থানত আছে খ্ৰীষ্ট ধৰ্মীসকল।

তাৰ পাছতেই ইছলাম, হিন্দু, বৌদ্ধ।লক্ষণীয় যে যদিও ইউৰোপীয় শ্বেতাংগসকলে, বিশেষকৈ শ্বেতাংগ খ্ৰীষ্টানসকলে 'বিশ্বক সভ্যতাৰ পোহৰেৰে সভ্য কৰি তোলাৰ দায়িত্ব ইশ্বৰে তেওঁলোকৰ কান্ধত ন্যস্ত কৰিছে।' বলি দাবী কৰি আহিছে, কিন্তু খ্ৰীষ্টান ধৰ্মৰ উৎপত্তি ইউৰোপত হোৱা নাছিল।পশ্চিম এছিয়াতহে হৈছিল। ঠিক তেনেকৈয়ে ইছলাম, হিন্দু আৰু বৌদ্ধ 'লগতে শিখ, জৈন, জুডা, জেৰ'ষ্ট্ৰীয় আদি প্ৰখ্যাত ধৰ্মৰো উৎপত্তি হৈছিল এছিয়াতহে।' আনহাতে আধুনিক যুগত সমগ্ৰ বিশ্বত প্ৰবল প্ৰতাপী ৰূপ ধাৰণ কৰা খ্ৰীষ্টান ধৰ্ম উৎপত্তি কালত প্ৰবল প্ৰতাপীৰ ধৰ্মতো নাছইলেই, বৰং নিপীড়িত-নিষ্পেষিতৰ ধৰ্মহে আছিল। যীচুখ্ৰীষ্ট খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক।

খ্ৰীষ্টানসকলে মানি চলা দিনপঞ্জীত যীচুৰ জন্মৰ আগৰ বছৰবোৰক খ্ৰীষ্টপূৰ্ব (বি চি) আৰু পিছৰ বছৰবোৰক খ্ৰীষ্টাব্দ (এ ডি) বোলা হয়। এই দিনপঞ্জীখন এতিয়া সমগ্ৰ বিশ্বত প্ৰচলিত। অৱশ্যে খ্ৰীষ্টাব্দৰ আৰম্ভণিক লৈ কিছু বিতৰ্কও নথকা নহয়। সেই বিষয়ে যি বিতৰ্কই নাথাকক, এইটো সৰ্বজনস্বীকৃতি যে পশ্চিম এছিয়াৰ জেৰুজালেমৰ কাষৰ বেথেলহেম নামৰ গাঁওখনৰ এটা অতিথিশালাৰ গোহালি ঘৰত যীচুৱে জন্মলাভ কৰিছিল। দেউতাকৰ নাম আছিল যোছেফ আৰু মাকৰ না আছিল মেৰী। তেওঁলোক আছিল ইহুদি। ৰাজ্যখনৰ নাম আছিল জুডিয়া, যিখন তেতিয়া হেৰড নামৰ এজন স্বৈচাচাৰী ৰজাই শাসন কৰিছিল।

প্ৰতিষ্ঠিত ধৰ্মৰ কেৰোণবোৰক সমালোচনা কৰি যীচুৱে যি অধিক মানৱতাবাদী ধৰ্মমত প্ৰচাৰ কৰিছিল, সেি ধৰ্মমত খ্ৰীষ্টান ধৰ্ম নামেৰে জনাজত হ'ল আৰু প্ৰতিষ্ঠিত ধৰ্মীয় ব্যৱস্থাক বিৰোধিতা কৰা বাবে ৩০ খ্ৰীষ্টাব্দত ৰোমান সম্ৰাটৰ আদেশত তেওঁৰ ক্ৰুছবিদ্ধ কৰি প্ৰাণদণ্ড দিয়া হৈছিল। কিন্তু যীচুক ক্ৰুছবিদ্ধ কৰাৰ পিচত তেওঁৰ শিষ্যসকল এই মামীয় ধৰ্ম পন্থাক মৈত্ৰী-মমতাৰ নীতিয়ে গুৰুত্ব পোৱাৰ লগতে যুক্তিবাদকো গুৰুত দিয়া হৈছে। এই বৈশিষ্টই ইউৰোপক আধুনিক যুগৰ উৎপত্তি স্থল কৰিছিল। সেই আধুনিক-ৰাষ্ট্ৰপতিবোৰেি পিচলৈ বিশ্বৰ বিভিন্ন স্থানত উপনিবেশ স্থাপন কৰিলে আৰু খ্ৰীষ্টান ধৰ্মক সমগ্ৰ বিশ্বৰ বিভিন্ন স্থানত কৰিলে প্ৰতিষ্ঠিত।

সভ্যতাৰ বাবে পৰিতাপৰ কথা এই উপনিবেশবোৰত খ্ৰীষ্টান ধৰ্মৰ মানৱ প্ৰেমে গুৰুত্ব পোৱাৰ সলনি সাম্ৰাজ্যবাদীৰ শোষণ-লুণ্ঠনেহে গুৰুত্ব পাইছে। ২৫ ডিচেম্বৰত যীচুখ্ৰীষ্টৰ জন্মদিন খ্ৰীষ্টামাছ হিচাপে সমগ্ৰ বিশ্বত  পালন কৰা হৈ আহিছে। আজিৰ পবিত্ৰ খ্ৰীষ্টমাছৰ দিনটোত 'অসমীয়া প্ৰতিদিন'ৰ হৈ সকলোলৈ শুভেচ্ছ জ্ঞাপন কৰিছো। আশা কৰিছো- প্ৰতিজন লোক ঈশ্বৰৰ সন্তান, সেয়ে উচ্চ নীচ-ভি-পৰ মানুহৰ মাজত থকা অনুচিত, ভাতৃত্ববোধহে মানুহৰ ধৰ্ম হোৱা উচিত। যীচুৰ এই মহানবাণীক সকলোৱে মানি চলিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in