আৰ্থিক সংকটৰ গৰাহত

আৰ্থিক সংকটৰ গৰাহত

মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ আৰম্ভণিতে দেশত আৰ্থিক সংকট ঘনীভূত হৈ পৰিছে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰ্যালয়ৰ শেহতীয়া এক নিৰ্দেশনাই দেশৰ শোচনীয় আৰ্থিক অৱস্থা উদঙাই দিছে। সেই নিৰ্দেশনা অনুসৰি কেন্দ্ৰৰ অধীনস্থ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ আমোলাবৰ্গই চলিত মাহৰ দা-দৰমহা পোৱাত পলম হ'ব। বিগত ফেব্ৰুৱাৰী মাহত পূৰ্বৰ চৰকাৰে দাখিল কৰা লেখানুদান তথা অন্তৱৰ্তীকালীন বাজেটত নিৰ্ধাৰিত ধন ইতিমধ্যে ব্যয় হৈছে বাবেই অহা ৫ জুলাইত সংসদত দাখিল হ'বলগীয়া পূৰ্ণাংগ বাজেটৰ অনুমোদনৰ পিচতহে এই বিত্তীয় সংকট দূৰ হ'ব।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত তথ্য অনুসৰি বিগত লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ অধীনত হিতাধিকাৰীসকলক ধন আদায় দিয়াৰ ফলতে বিত্ত বিভাগে অতিৰিক্ত বোজা ল'বলগীয়াত পৰিছে। তাৰ ফলতে সম্প্ৰতি বিভাগটোত পুঁজিৰ নাটনি হৈছে। অৱশ্যে এই সংবাদ প্ৰকাশ পোৱাৰ পিচতে কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে বিষয়টো নুই কৰি স্পষ্টীকৰণ দাঙি ধৰিছে। এই স্পষ্টীকৰণ অনুসৰি বিত্ত বিভাগে সন্মুখীন হোৱা সংকট সাময়িক আৰু ই নিৰ্দিষ্ট বিভাগৰ আভ্যন্তৰীণ বিষয়হে।

সংসদত পূৰ্ণাংগ বাজেট অনুমোদন হোৱাৰ পিচতে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব বুলিও তেওঁলোকে সদৰী কৰিছে। অৰ্থাৎ বিত্ত বিভাগে সমগ্ৰ বিষয়টো থাপি-থুপি ৰাখিব বিচাৰিছে। কথা হ'ল- দেশৰ আৰ্থিক দুৰৱস্থাক এইদৰে বেছি দিনলৈ লুকুৱাই ৰাখিব পৰা নাযাবা। ক্ৰমবৰ্ধমান নিবনুৱাৰ সংখ্যা, কৃষিৰে জীৱন নিৰ্বাহ কৰা খেতিয়কৰ দুৰৱস্থাৰ বিপৰীতে কৰ্মসংস্থানহীনতা, চৰকাৰৰ কৃষকবিৰোধী নীতিয়ে দেশৰ আৰ্থিক বিপৰ্যয় মাতি আনিছে।

এই সম্পৰ্কে যোৱা সময়চোৱাত খোদ চৰকাৰী সমীক্ষাবোৰেই এক নেতিবাচক ছবি প্ৰতিফলিত কৰিছে। পূৰ্বৰ চৰকাৰৰ দিনতে প্ৰাক্তন বিত্ত মন্ত্ৰী যশোৱন্ত সিনহাই কোৱাৰ দৰে দেশত উন্নয়নৰ নামত 'কৰ্মসংস্থানহীন বিকাশ' হৈছে, যাৰ দ্বাৰা গৰিষ্ঠসংখ্যক লোক উপেক্ষিত হৈ ৰৈছে। অলপতে বিত্ত বিভাগৰ তথ্যই এই কথা প্ৰমাণ কৰিছে যে দেশত দেশী-বিদেশী ঋণৰ হাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। সেই হিচাপত জনমূৰি আয় বঢ়া নাই আৰু প্ৰতিজন নাগৰিকৰ মূৰত ঋণৰ বোজা বাঢ়িছে।

মোডী চৰকাৰৰ যোৱাটো কাৰ্যকালৰ শেষৰফালে নীতিবহিৰ্ভূতভাৱে ৰিজাৰ্ভ বেংকৰ সংৰক্ষিত তথা আছুতীয়া পুঁজিৰ ধন উলিয়াই নি ব্যয় কৰাৰ বাতৰিয়ে অৰ্থনৈতিক ক্ষেত্ৰখনৰ সৈতে জড়িত গুণী-জ্ঞানী ব্যক্তিসকলক সচকিত কৰি তুলিছিল। সেই সময়চোৱাত ৰিজাৰ্ভ বেংকৰ তদানীন্তন গৱৰ্নৰ উৰ্জিৎ পেটেলে হঠাতে কামৰ পৰা ইস্তফা দিয়াৰ খবৰেও দেশ জোকাৰি গৈছে। আনকি উৰ্জিৎ পেটেলৰ আগৰজন গৱৰ্নৰ ৰঘুৰাম ৰাজনেও মোডী চৰকাৰৰ আৰ্থিক নীতিৰ বিৰুদ্ধাচৰণ কৰি সংবাদ মাধ্যমত বিভিন্ন বক্তব্য ৰাখিছিল।

শেহতীয়া খবৰ অনুসৰি ৰিজাৰ্ভ বেংকৰ ডেপুটি গৱৰ্নৰ বিৰলা আচাৰ্যই অৱসৰ পাবলৈ ছমাহ কাল বাকী থকা অৱস্থাত কালি পদত্যাগ কৰিছে। কিন্তু প্ৰধানমন্ত্ৰী মোডী আৰু তেওঁৰ একান্ত সহযোগীসকলে সেই সময়ত কাৰো কথালৈ কেৰেপ কৰা নাই। বাওঁপন্থী বুদ্ধিজীৱী হিচাপে চিহ্নিত প্ৰখ্যাত অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ কথা বাদেই দিলো, আনকি সোঁপন্থী মহলৰ অৰ্থনৈতিক বিশেষজ্ঞসকলৰ মতামতকো গুৰুত্ব দিয়া নাই মোডী চৰকাৰে। মুঠতে এই চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত বিগত পাঁচটা বছৰৰ ভুলৰ ফল ভোগ কৰিবলৈ ওলাইছে দেশবাসীয়ে। এই প্ৰত্যাহ্বান প্ৰধানমন্ত্ৰী মোডীয়ে ভবাৰ দৰে ইমান উজু নহ'ব, যদিহে তেওঁৰ চৰকাৰে বিত্তীয় নীতিৰ সঠিক পৰ্যালোচনা কৰিবলৈ আগ্ৰহী নহয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in