গণ সজাগতা

গণ সজাগতা

দেশবাসীৰ লগতে অসমৰ জনসাধাৰণেও ১৯৫১-৫২বৰ্ষৰ পৰা এতিয়ালৈকে সামগ্ৰিকভাৱে দেশৰেই হওঁক বা ৰাজ্যৰে হওঁক বহু নিৰ্বাচনৰ সোৱাদ পাইছে। কোনোবা সময়ত বিশেষ ইছ্যুক কেন্দ্ৰ কৰি জনজীৱন উদ্বেলিত হৈ থকা পৰিৱেশৰ নিৰ্বাচনে যেনেকৈ জনসাধাৰণক ৰোমাঞ্চিত কৰিছে, ঠিক তেনেদৰে ইছ্যুহীন নিষ্প্ৰভ ভোটযুদ্ধৰ অধ্যায়ো পাৰ হৈ গৈছে দেশবাসীৰ সন্মুখেদি। স্বৰাজোত্তৰ ভাৰতৰ প্ৰায় ৭ দশকজোৰা নিৰ্বাচনী ইতিহাসত ভিন্নমুখী চৰিত্ৰৰ যিমানবোৰ নিৰ্বাচন হৈ গৈছে, তাৰ মাজত চলিত সাধাৰণ নিৰ্বাচনটো যেন কিছু ব্যতিক্ৰম।

আপাতদৃষ্টিত এনে কোনো ইছ্যু নাই, যাক লৈ দেশৰ ভোটাৰ জনতাই নিৰ্বাচনটোত নিজক জড়িত কৰাটো অপৰিহাৰ্য বুলি ভবাৰ অৱকাশ আছে। অথবা দেশৰ বিৰোধী ৰাজনৈতিক দলবিলাকেও প্ৰতিষ্ঠানবিৰোধী ঢৌ সৃষ্টি কৰিব পৰাকৈ চৰকাৰক বিপাঙত পেলাব পৰা কোনো বিষয়েই সবলভাৱে উত্থাপন কৰি এটা পৰিৱেশ ৰচনা কৰিব পৰা নাই। তৎসত্ত্বেও এইবাৰৰ সাধাৰণ নিৰ্বাচনৰ ইতিমধ্যে পাৰ হৈ যোৱা তিনিটা পৰ্যায়ত জনসাধাৰণৰ অংশগ্ৰহণ বিশেষভাৱে লক্ষণীয়।

তৃতীয় পৰ্যায়ত দেশৰ ৭০ শতাংশৰো অধিক ভোটাৰে ভোটদান কৰিছে। অসম-পশ্চিমবংগৰ সমষ্টি কেইটাত ভোটদানৰ গড় হাৰে ৮০ শতাংশ অতিক্ৰম কৰিছে। ১৯৪৭চনত দেশ স্বাধীন হোৱাৰ পিচত ১৯৫০চনত সংবিধান গ্ৰহণ কৰি ১৯৫১-৫২বৰ্ষত দেশৰ যিটো প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল, তাত নিয়মমতে জনতাই উবুৰি খাই পৰিব লাগিছিল। কিন্তু ১৯৫১চনৰ অক্টোবৰৰ পৰা ১৯৫২চনৰ ফেব্ৰুৱাৰীলৈ চাৰি মাহ ধৰি অনুষ্ঠিত সেই নিৰ্বাচনটোত ভোটদানৰ হাৰ আছিল মাত্ৰ ৪৫.৭ শতাংশ। অৰ্থাৎ আধাতকৈও অধিক ভোটাৰৰ নিৰ্বাচনটোৰ প্ৰতি কোনো আগ্ৰহেই নাছিল। আনহাতে, দেশবাসীয়ে প্ৰত্যক্ষ কৰা প্ৰথমটো অগতানুগতিক নিৰ্বাচন আছিল ১৯৭৭চনৰ সাধাৰণ নিৰ্বাচন।

১৯৭১চনৰ সাধাৰণ নিৰ্বাচনত গৰিবী হটাও শ্ল'গানেৰে বীৰাংগনালৈ ৰূপান্তৰ হোৱা ইন্দিৰা গান্ধী নেতৃত্বাধীন ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৫১৮ জনীয়া লোকসভাৰ ৩৫২খনেই দখল কৰি অবিশ্বাস্য বিজয় সাব্যস্ত কৰিছিল। সেইবাৰ ভোটদান আছিল ৫৫.২৭ শতাংশ। কিন্তু সেই প্ৰবল প্ৰতাপী ইন্দিৰা গান্ধী ক্ষমতাচ্যুত হৈছিল পৰৱৰ্তী ১৯৭৭ৰ সেই অগতানুগতিক নিৰ্বাচনটোত। লোকনায়ক জয়প্ৰকাশ নাৰায়ণে ১৯৭৪চনত আহ্বান দিয়া 'সম্পূৰ্ণ ক্ৰান্তি' আন্দোলনে দেশজুৰি জনতাক উদ্বেলিত কৰাৰ পৰিপ্ৰেক্ষিতত ইন্দিৰা গান্ধীয়ে ১৯৭৫চনৰ ২৫জুনৰ মাজনিশা জৰুৰী অৱস্থা ঘোষণা কৰি জয়প্ৰকাশকে ধৰি দেশৰ বিৰোধী নেতাসকলক কাৰাৰুদ্ধ কৰে।

এই ঘটনাই কংগ্ৰেচৰ বিৰুদ্ধে বিদ্ৰোৰ জুইকুৰা নিৰ্বাপিত কৰক চাৰি দুগুণ উত্তাপেৰে ই দাৱানলৰহে ৰূপ লয়। স্বাধীন ভাৰতত হোৱা সেই প্ৰথম ঐক্যবদ্ধ প্ৰতিবাদী ৰাজনৈতিক আন্দোলনৰ পিচত ১৯৭৭ ৰ সাধাৰণ নিৰ্বাচনত ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছ ক্ষমতাচ্যুত হ'ল ঠিকেই, কিন্তু নিৰ্বাচনটোত হোৱা ভোটদানত হোৱা নাছিল প্ৰতিবাদী সংগ্ৰামখনৰ ব্যাপকতাৰ প্ৰতিফলন। ৬০.৪০ শতাংশ ভোটাৰহে ওলাই আহিছিল সেই পৰিবৰ্তনকামী ভোটযুদ্ধত অংশ ল'বলৈ। সেই অধ্যায়বোৰৰ তুলনাত এইবাৰৰ ইছ্যুবিহীন নিৰ্বাচনত ভোটদানৰ হাৰ বহু বেছি।

ইতিমধ্যে সম্পন্ন হোৱা তিনিটা পৰ্যায়ৰ গড় ভোটদান ৬৮ শতাংশৰ অধিক হ'ব। অসম-পশ্চিমবংগৰ দৰে ৰাজ্যত ভোটদানৰ গড় হাৰে ৮০ শতাংশ স্পৰ্শ কৰাই নহয়, কোনো কোনো ভোটকেন্দ্ৰত ৯০ৰ পৰা ৯৫ শতাংশ পৰ্যন্ত ভোট পৰা পৰিলক্ষিত হৈছে। ইয়াৰ পৰা এটা কথাই স্পষ্ট হয় যে ভোটদানৰ অধিকাৰৰ প্ৰতি জনসাধাৰণৰ সজাগতা বৃদ্ধি পাইছে। পূৰ্বৰ নিৰ্বাচনবোৰত দল-নেতা-প্ৰাৰ্থীৰ প্ৰভাৱে নিৰ্বাচনবোৰত প্ৰভাৱ বিস্তাৰ কৰিছিল। কিন্তু এতিয়া অধিক সংখ্যক ভোটাৰ শিক্ষিত হোৱা তথা যোগাযোগ, তথ্য-প্ৰযুক্তি ব্যৱস্থাৰ উত্তৰণৰ ফলত ভোটাৰসকলে দল-প্ৰাৰ্থীৰ প্ৰতাপ-প্ৰচাৰত প্ৰভাৱিত হোৱাতকৈ চৰকাৰ আৰু বিৰোধী দলবিলাকৰ ভূমিকা কাম-কাজ সন্দৰ্ভত নিজস্ব পৰ্যালোচনাক অধিক গুৰুত্ব দি ভোটদান কৰিবলৈ আগবাঢ়ি আহিছে, যাতে জনতাৰ ইচ্ছাত দেশৰ ৰাজনৈতিক ব্যৱস্থাটো পৰিচালিত হোৱাৰ এক পৰিৱেশ সৃষ্টি হয়।

অসমত অনুপ্ৰৱেশবিৰোধী সংগ্ৰামৰ চল্লিশ বছৰীয়া পৰিক্ৰমাই আজি যি স্তৰত উপনীত হৈছেহি, সি সংখ্যালগু আৰু সংখ্যাগুৰু উভয় অংশৰ জনসাধাৰণৰে ৰাজনীতিকেন্দ্ৰিক চিন্তা-চৰ্চাক এক নতুন মাত্ৰা প্ৰদান কৰাটোৱেও ৰাজ্যখনত এইবাৰৰ ভোটদানত প্ৰভাৱ যে পেলাইছে সেয়া অনস্বীকাৰ্য। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়াটোত জনসাধাৰণ প্ৰত্যক্ষভাৱে জড়িত হৈ পৰিবলগীয়া হোৱা বাবে নাগৰিকত্ব বিষয়টো প্ৰথমবাৰলৈ সৰ্বস্তৰৰ জনসাধাৰণৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিছে। তদুপৰি নাগৰিকত্ব আইন সংশোধনী বিধেয়কখনে জনসাধাৰণৰ ধ্যান-ধাৰমাক অন্য এক অভিমুখ দিছে।

ফলত নাগৰিকত্ব আৰু ভোটাধিকাৰ দুয়োটা পৰিপূৰক হৈ পৰা বাবে নিৰ্বাচনক লৈ দৃষ্টিভংগী সলনি কৰিবলৈ সাধাৰণ মানুহক বাধ্য কৰাইছে আৰু নিৰ্বাচনত পূৰ্বোত্তৰৰ জনসাধাৰণৰ অংশগ্ৰহণৰ হাৰ বৃদ্ধি ইয়াৰেই পৰিণতি বুলি বিশ্বাস কৰাৰ থল আছে। যি কাৰণেই নহওঁক, নিৰ্বাচনত অংশগ্ৰহণৰ এনে ব্যাপকতা অব্যাহত থাকিলে ৰাজনৈতিক দল তথা প্ৰাৰ্থীসকলেও পৰম্পৰাগত দৃষ্টিভংগী পৰিহাৰ কৰি গণমুখী ৰাজনীতিত প্ৰবৃত্ত হ'বলৈ বাধ্য হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in