এক ৰাষ্ট্ৰ এক নিৰ্বাচন

এক ৰাষ্ট্ৰ এক নিৰ্বাচন

দ্বিতীয়বাৰলৈ ক্ষমতালৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অত্যন্ত আত্মবিশ্বাসী হৈ পৰা পৰিলক্ষিত হৈছে। তেওঁৰ কথা-বতৰাবোৰো পূৰ্বতকৈ যথেষ্ট পৰিশীলিত আৰু মাৰ্জিত হৈ পৰিছে। দুৰ্বল বিৰোধীক লৈ তেওঁ কোনো উচ্চ-বাচ্য কৰা নাই। বৰং বিৰোধীৰ বক্তব্যক যথাযোগ্য গুৰুত্ব দি গণতন্ত্ৰক শক্তিশালী কৰাৰ কথাহে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে।

সংসদৰ বাজেট অধিবেশনৰ আৰম্ভণিতে তেওঁ বিৰোধীক উদ্দেশ্যি কৰা আহ্বানক লৈ সেয়ে সচেতন মহলতো ব্যাপক চৰ্চা হৈছে। বহুতে কৈছে যে যোৱাবাৰতকৈ অধিক আসন লাভ কৰি ক্ষমতালৈ অহাৰ বাবেই প্ৰধানমন্ত্ৰী আৰু তেওঁৰ সতীৰ্থবৰ্গৰ মনৰ দৃঢ়তা বৃদ্ধি পাইছে আৰু সেই দৃঢ়তাৰ ওপৰত ভিত্তি কৰিয়েই মোডী চৰকাৰে আগত দিনবোৰত কেতবোৰ গুৰুত্বপূৰ্ণ কাম কৰিবলৈ সাজু হৈ উঠিছে।

এইক্ষেত্ৰত দেশক 'এক ৰাষ্ট্ৰ এক নিৰ্বাচন'ৰ কাৰ্যসূচী কাৰ্যকৰী কৰাৰ দিশত প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা তৎপৰতা বিশেষভাৱে উল্লেখনীয়। তাৰ বাহিৰেও সংসদৰ বাজেট অধিবেশনৰ প্ৰায় চল্লিশদিনীয়া কাৰ্যসূচীত চৰকাৰৰ তৰফৰ পৰা কিছু গুৰুত্বপূৰ্ণ কাম সম্পন্ন কৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। তিনি তালাক সম্পৰ্কীয় বিধেয়ককে ধৰি আন কেইবাখনো বহুচৰ্চিত বিধেয়ক শাসক পক্ষই সংসদৰ উভয় সদনত গৃহীত কৰাৰ বাবে বিৰোধী পক্ষক আগতীয়কৈ সৈমান কৰোৱাৰ কামত ব্ৰতী হৈ পৰিছে।

ৰাজ্যসভাৰ শাসক পক্ষৰ সংখ্যাগৰিষ্ঠতা প্ৰতিপন্ন কৰিবলৈও জোৰদাৰ প্ৰচেষ্টা চলোৱা হৈছে। ইতিমধ্যে তেলুগু দেশম পাৰ্টিৰ চাৰিগৰাকী ৰাজ্যসভাৰ সাংসদে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিছে। এইক্ষেত্ৰত দল ত্যাগবিৰোধী আইনৰ সুৰুঙাকো কামত লগোৱা হৈছে। দলটোৰ দুই-তৃতীয়াংশ সাংসদে বিজেপিত যোগ দিয়াৰ ফলত আইনগত বাধাও আঁতৰ হৈছে।

ইফালে, কিছুদিন পিচতে ওড়িশাত অনুষ্ঠিত হ'ব লগা ৰাজ্যসভাৰ তিনিখন আসনৰ নিৰ্বাচনতো প্ৰধানমন্ত্ৰী মোডীয়ে কূটনৈতিক ভূমিকৈ লৈছে। প্ৰধানমন্ত্ৰীয়ে ওড়িশাৰ মুখ্যমন্ত্ৰীক বিজেপিৰ বাবে এখন আসন এৰি দিয়াৰ অনুৰোধ কৰিছে। উল্লেখ্য যে ৰাজ্যখনৰ ১৪৭জনীয়া সদস্যৰ বিধানসভাত ১১২জন বিধায়কেৰে শাসকীয় বিজু জনতা দলে নিজা শক্তিৰে ৰাজ্যসভাৰ তিনিওখন আসনতে জয়যুক্ত হ'ব পাৰে যদিও মাত্ৰ ২৩জন বিধায়ক থকা বিজেপিক এখন আসন একপ্ৰকাৰ এৰি দিছে।

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে প্ৰধানমন্ত্ৰী মোডী আৰু মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ মাজত হোৱা ভিতৰুৱা বুজাবুজিৰ বাবে এয়া সম্ভৱপৰ হৈছে। অৰ্থাৎ এইধৰণৰ তৎপৰতাৰ দ্বাৰা এটা কথাই প্ৰতীয়মান হৈছে যে প্ৰধানমন্ত্ৰীয় মোডীয়ে যিকোনো উপায়ে ৰাজ্যসভাত নিজ দলৰ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিব বিচাৰিছে। কাৰণ ৰাজ্যসভাত বিজেপি তথা এন ডি এৰ সংখ্যাগৰিষ্ঠতা থাকিলে মোডী চৰকাৰৰ বাবে কিছুমান কাম কৰাত সংসদীয় বাধা নাথাকে।

আজি প্ৰধানমন্ত্ৰী মোডীয়ে 'এক ৰাষ্ট্ৰ এক নিৰ্বাচন'ৰ যি ব্যৱস্থা কাৰ্যকৰী কৰাৰ কথা কৈ আছে, সেইক্ষেত্ৰতো ৰাজ্যসভাৰ সংখ্যাগৰিষ্ঠতাই শাসক পক্ষক সহায় কৰিব। যোৱা বুধবাৰে প্ৰধানমন্ত্ৰীয়ে 'এক ৰাষ্ট্ৰ এক নিৰ্বাচন'ৰ বিষয়টোক লৈ আলোচনা কৰিবৰ বাবে এক সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছিল। উক্ত বৈঠকত ৰাজনৈতিক দলবোৰৰ মাজত দুই ধৰণৰ মত দেখা গৈছিল।

অৰ্থ আৰু সময় বচোৱাৰ স্বাৰ্থতে প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে দেশৰ লোকসভা আৰু ৰাজ্যবোৰৰ বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰিবলৈ প্ৰধানমন্ত্ৰী মোডীয়ে যি প্ৰস্তাৱ দাঙি ধৰিছে, তাক লৈ ইতিমধ্যে দেশৰ আইনী আয়োগেও ৰাজনৈতিক দলবোৰক লৈ চৰ্চা অব্যাহত ৰাখিছে। যোৱা বছৰ দেশৰ আইনী আয়োগৰ উদ্যোগত অনুষ্ঠিত এক আলোচনা সভাত বিজেপি আৰু কংগ্ৰেছ দল দুটা উপস্থিত নাছিল যদিও এ আই এ ডি এম কে, টি আৰ এছ, সমাজবাদী পাৰ্টিকে ধৰি চাৰিটা দলে বিষয়টোক লৈ নিজৰ সমৰ্থন ব্যক্ত কৰিছিল।

আনহাতে তৃণমূল কংগ্ৰেছ, আপ, ডি এম কে, টি ডি পিকে ধৰি বাওঁ দলবোৰে উক্ত প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল। সি যি কি নহওঁক, 'এক ৰাষ্ট্ৰ এক নিৰ্বাচন'ক লৈ প্ৰধানমন্ত্ৰী মোডীৰ প্ৰস্তাৱক লৈ সংসদৰ চলিত বাজেট অধিবেশনতো এক ইতিবাচক বিতৰ্ক হোৱাৰ পথ প্ৰশস্ত হৈ পৰিছে। মুঠতে প্ৰধানমন্ত্ৰী মোডীৰ তৎপৰতাই এই বিষয়টোৰ এক গ্ৰহণযোগ্য সমাধান অনাটো প্ৰায় নিশ্চিত হৈ পৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in