আকৌ আন্দোলন

আকৌ আন্দোলন

বিতর্কিত তিনিখন কৃষি আইন প্রত্যাহাৰ কৰিব বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰাৰ পিচত স্বাভাৱিকভাৱেই উৎফুল্লিত হৈ পৰিছে দেশৰ প্ৰতিবাদী সংগঠনসমূহ। বহু দিনৰ পিচত এটা কথা প্রতিপন্ন হ'ল যে যদি আপোচহীন স্থিতিত অটল হৈ থাকিব পাৰে, যদি নির্দিষ্ট লক্ষ্য প্রাপ্তিৰ বাবে অনুগামীসকলক নেতৃত্বই ঐক্যবদ্ধ কৰি ৰাখিবলৈ সক্ষম হয় আৰু যদি উত্থাপিত দাবীয়ে সংশ্লিষ্ট জন সমষ্টিৰ মাজত এক আত্মিক চেতনা জাগ্রত কৰিব পাৰে, তেনেহ'লে একো একোটা সংগ্রামে সাফল্যৰ মুখ দেখা সম্ভৱ হৈ উঠিব পাৰে। কৃষি আইনবিৰোধী সংগ্রামখনে উল্লিখিত তিনিটা চৰ্ত পূৰণ কৰিবলৈ সক্ষম হৈছে।

এই সংগ্ৰামৰ প্ৰতিপক্ষ আছিল অতি শক্তিশালী বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰ। এই শক্তিৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজপথলৈ ওলাই অহা কৃষক জনতাৰ স্থিতি ইমানেই আপোচহীন আছিল যে এক মুহূৰ্তৰ বাবেও তেওঁলোক পথচ্যুত হোৱা নাছিল। কৃষি আইনকেইখন প্ৰত্যাহাৰৰ দাবীত তেওঁলোকে দিল্লীৰ প্ৰৱেশ পথবিলাক অৱৰোধ কৰি যি অৱস্থান গ্রহণ কৰিলে, যোৱা চৈধ্য মাহত অসংখ্য সৰু-বৰ ধুমুহা মূৰৰ ওপৰেদি পাৰ হৈ যোৱাৰ পিচতো তেওঁলোক তাৰ পৰা লৰচৰ নহ'ল। প্রচণ্ড উষ্ণ প্রবাহ, হাড় কঁপোৱা জাৰৰ বতৰতো তেওঁলোক অবিচলিত হৈ বহিয়েই থাকিল অৱৰোধস্থলীবিলাকত।

কেৱল কৃষকসকলেই নহয়, পৰিয়ালৰ কণমানি সন্তানৰ পৰা বৃদ্ধজনলৈকে সকলো সাঙোৰ খাই পৰিল এই সংগ্ৰামত। আনকি দূৰে দূৰে থকা সন্তান আত্মীয়সকলেও আগবঢ়ালে সমমর্মিতা। ফলত এই সন্মিলিত সংগ্রামী চেতনাই লাভ কৰিলে অমোঘ শক্তি। সংগ্রামখনক ব্যর্থ কৰিবলৈ চৰকাৰী পক্ষৰ পৰা ভিন্নমুখী প্ৰচেষ্টা চলিল। সংগ্রামীসকলৰ ওপৰত দেশদ্রোহিতাৰ অপযশ জাপি দি তেওঁলোকক খালিস্তানী বুলি অভিহিত কৰিব বিচৰা হ'ল, তেওঁলোকক ধৰ্ম-গোষ্ঠীৰ নামত ভাগ ভাগ কৰিব বিচৰা হ'ল, তেওঁলোকক 'আন্দোলনজীৱী' বুলি উপলুঙা কৰি নিৰুৎসাহিত কৰিব বিচৰা হ'ল, চলিল বিভিন্নধৰণৰ দমন অভিযান, বিভিন্ন পৰিস্থিতিত প্ৰাণ হেৰুৱাব লগা হ'ল ছয় শতাধিক প্রতিবাদী কৃষকে, কিন্তু আন্দোলন স্তব্ধ নহ'ল। হতাশ নহ'ল সংগ্রামী কৃষকসকল।

বৰঞ্চ দিনে দিনে বাঢ়ি যাবলৈহে ধৰিলে সংগ্ৰামখনৰ পৰিমণ্ডল। ফলত অৱশেষত চৰকাৰে কেনেদৰে নতি স্বীকাৰ কৰিবলৈ বাধ্য হ'ল, তাৰ উল্লেখ নিষ্প্রয়োজন। এই বিজয়তো কিন্তু উৎফুল্লিত হৈ কোনো বিজয়োৎসৱ পতা নাই সংগ্রামী কৃষকসকলে। ইয়াৰ বিপৰীতে কেৱল তিনিখন কৃষি আইন প্রত্যাহাৰতে ক্ষান্ত নাথাকে বুলি ঘোষণা কৰি কৃষক সংগঠনসমূহে উৎপাদিত ফচলৰ ন্যূনতম সমৰ্থন মূল্যৰ গেৰাণ্টি দি পৃথক আইন প্ৰৱৰ্তন কৰা, বিতর্কিত বিদ্যুৎ সংশোধনী বিধেয়কৰ খচৰা প্ৰত্যাহাৰ কৰা, দিল্লীৰ ৰাজধানী এলেকা আৰু কাৰ্যৰীয়া অঞ্চলত প্ৰদূষণৰ অভিযোগ জাপি কৃষকক নিয়ন্ত্ৰণৰ বাবে লোৱা ব্যৱস্থা প্রত্যাহাৰ কৰাকে ধৰি নতুন ছটা দাবী উত্থাপন কৰি এইবিলাকৰ সমাধান নোহোৱাপর্যন্ত সংগ্রাম অব্যাহত ৰাখিব বুলি অধিক কঠোৰ স্থিতি অৱলম্বনহে কৰিছে।

এনে এক সংগ্ৰামক দীৰ্ঘদিনলৈ উপেক্ষা কৰাটো সম্ভৱ নহয় বাবেই কৃষি আইনক লৈ ইমানদিনে আঁকোৰগোজ হৈ থকা চৰকাৰেও নতি স্বীকাৰ কৰিবলৈ বাধ্য হ'ল। এই ঘটনাই সংগ্রামী শক্তিসমূহক উৎসাহিত কৰা পৰিলক্ষিত হোৱাই নহয়, স্তিমিত হৈ পৰা কিছুমান সংগ্রাম পুনৰ অৱতাৰণা কৰিব বুলিও চৰ্চা চলা দেখা গৈছে। অসমতো স্তব্ধ হৈ পৰা 'কা' আন্দোলন অর্থাৎ নাগৰিকত্ব (সংশোধনী) আইন প্রত্যাহাৰৰ দাবীৰ আন্দোলন পুনৰ আৰম্ভ কৰিব বুলি দুই-এগৰাকী নেতাই হুংকাৰ দিছে। সংগ্রামী দৃষ্টিকোণেৰে নিশ্চিতভাৱে এয়া প্রত্যাশিত আৰু উৎসাহজনক বার্তা। অসমত জাতীয় সংগ্ৰামৰ এক বলিষ্ঠ পটভূমি আছে আৰু সৰ্বশেষত 'কা' আন্দোলনেও এক জনজাগৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। কিন্তু সেই আন্দোলনটো ধানখেৰৰ জুইৰ দৰে হঠাৎ নুমাই গৈছিল নেতৃত্বৰ দুৰ্বলতা, দমনৰ বিৰুদ্ধে উচ্চশিৰে থিয় হৈ থকাৰ সাহসহীনতা, এচাম নেতাৰ আপোচমূলক চৰিত্ৰ আৰু সুবিধাবাদী মানসিকতাৰ বাবে।

কেৱল 'কা' আন্দোলনেই নহয়, আন কেতবোৰ আন্দোলনৰ ক্ষেত্ৰতো একেই প্রতিচ্ছবি। জনসাধাৰণক উত্তেজিত কৰি একো একোটা আন্দোলন সৃষ্টি কৰাৰ পিচত তাৰ সুবাদতে নিজক প্রতিষ্ঠা কৰি ৰাজনৈতিক বা অন্যান্য সা-সুবিধা ভোগ কৰা নেতাৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে বহু গুৰুত্বপূৰ্ণ সমস্যাৰ সংগ্ৰামৰ নিষ্ফল পৰিসমাপ্তি ঘটা দেখা গৈছে। ফলত যুক্তিপূর্ণ পটভূমি বা প্রয়োজন থকাৰ পিচতো জাতীয় সংগ্ৰামৰ প্ৰতি বীতশ্রদ্ধ হ'বলৈ ধৰিছে আমাৰ ৰাজ্যৰ জনসাধাৰণৰ মন। আন্দোলন এটা আৰম্ভ কৰিয়েই 'আকৌ শৰাইঘাট' বুলি হুংকাৰ দি ৰাজ্যখনৰ পৰিবেশ উতলা কৰা কেইবাটাও ঘটনা অসম আন্দোলনোত্তৰ সময়ছোৱাত ঘটিছে। অসম আন্দোলনৰ সৈতে এইবোৰৰ ৰিজনি কৰিব খোজা হয়।

কিন্তু অসম আন্দোলনটোৰ চৰিত্ৰ কিছু পৃথক আছিল। কালক্ৰমত অসম আন্দোলনৰ পৰিণতিত একাংশ আন্দোলনকাৰী মন্ত্ৰী-বিধায়ক হ'লেও ছবছৰীয়া আন্দোলনটোত জড়িত বেছিভাগ সংগ্রামীয়েই সুবিধাবাদী নাছিল, নাছিল আন্দোলনৰ সুযোগ লৈ ৰাজনীতি কৰাৰ বাসনাও। কেৱল জাতীয় স্বাৰ্থত নিজক সমৰ্পৰ্নৰ ভাবনাৰে অধিকাংশ সংগ্রামীয়ে এই আন্দোলনটোক উজ্জীৱিত কৰি ৰখা বাবেই ইয়াক মান্যতা দিবলৈ বাধ্য হৈছিল চৰকাৰ। কৃষি আইনবিৰোধী আন্দোলনৰ চমকত উথলি উঠি যিসকলে পুনৰ 'কা' আন্দোলনৰ সূচনা কৰাৰ কথা ভাবিছে, তেওঁলোকে এই ইতিহাসবোৰ ফঁহিয়াই চোৱা উচিত।

আমাৰ দেশ তথা ৰাজ্যত গণতান্ত্রিক চৰকাৰ চলোৱাৰ নামত এচাম নেতাৰ যি স্বৈৰাচাৰী প্ৰৱণতা তাত জনগণৰ স্বাৰ্থ তথা অধিকাৰ প্ৰতিষ্ঠা কৰিবলৈ গণ সংগ্ৰামৰ অপৰিহাৰ্যতাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু সংগ্ৰামৰ নামত সংগ্রাম কৰিলে বা সংগ্ৰামৰ আঁৰত ব্যক্তিস্বার্থ নিহিত হৈ থাকিলে, তেনে সংগ্রামে সাফল্যও নাপায়, প্ৰভাৱো পেলাব নোৱাৰে। কৃষক সংগ্রামে সেই শিক্ষাই পুনৰবাৰ দিলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in