কিয় এনে হ’ল!

কিয় এনে হ’ল!

তিনিখন কৃষি আইনক লৈ চৈধ্য মাহ অনমনীয় স্থিতি গ্ৰহণ কৰাৰ পিচত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্রিক মৰ্চাৰ চৰকাৰখনে এই তিনিওখন আইনেই প্রত্যাহাৰ কৰিব বুলি কৰা ঘোষণাই স্বাভাৱিকভাৱেই চৰকাৰখনৰ স্থিতি আৰু দৃঢ়তাক লৈ কেতবোৰ প্ৰশ্ন জনসাধাৰণৰ মনলৈ আনি দিছে। প্রশ্ন উঠিছে সংসদীয় প্ৰক্ৰিয়াৰ কেইবাটাও পর্যায় অতিক্রম কৰি প্রণয়ন কৰা আইন এখন ইমানেই থুনুকা নে যে ইয়াক ইচ্ছা কৰিলেই যিকোনোধৰণৰ সাধাৰণ সিদ্ধান্ত এটাৰ দৰে মন গ'লেই প্রত্যাহাৰ কৰি দিব পাৰি।

মোডী চৰকাৰে প্রণয়ন কৰা এই কৃষি আইনকেইখনক লৈ আৰম্ভণিৰ পৰাই বিতৰ্কৰ সূচনা হৈছিল। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ প্রতিষ্ঠা লগ্নৰে অংশীদাৰ দল শিৰোমণি আকালি দলে এই আইনকেইখনৰ বিৰোধিতা কৰি এন ডি এৰ পৰা ওলাই অহাই নহয়, মোডী চৰকাৰৰ সৈতে ছেদ কৰিছিল সম্পৰ্ক আৰু কেন্দ্ৰীয় মন্ত্ৰিত্ব ত্যাগ কৰিছিল মন্ত্ৰীসভাখনত দলটোৰ একমাত্র প্রতিনিধি হৰছিমৰাট কৌৰ বাদলে। আইন তিনিখনক লৈ সেই সময়ত মোডী চৰকাৰ ইমানেই অনমনীয় আছিল যে সতীৰ্থৰ প্ৰতিবাদকো ভ্রূক্ষেপ কৰা নাছিল। চৰকাৰখনে গুৰুত্বই দিব খোজা নাছিল অল ইণ্ডিয়া কিষাণ সংঘর্ষ কোঅর্ডিনেচন কমিটী, ভাৰতীয় কিষাণ ইউনিয়ন, অল ইণ্ডিয়া কিষাণ সভা, জয় কিষাণ আন্দোলনকে ধৰি বহুকেইটা কৃষক প্রতিবাদী সংগঠনৰ মঞ্চ সংযুক্ত কিষাণ মঞ্চৰ নেতৃত্বত চলা আৰু দেশৰ সাতটাকৈ গুৰুত্বপূৰ্ণ ৰাজনৈতিক দলে সমর্থন আগবঢ়োৱা বিতর্কিত কৃষি আইনৰ বিৰুদ্ধে প্রতিবাদী আন্দোলনক।

প্রতিবাদী কৃষকে সুদীর্ঘ দিন মুকলি আকাশৰ তলত অৱস্থান কৰি দিল্লীৰ প্ৰৱেশ পথবিলাক অৱৰোধ কৰি ৰখা সত্ত্বেও তাক গুৰুত্ব দি বিষয়টো মীমাংসা কৰিবলৈ চেষ্টা কৰাৰ পৰিবৰ্তে তাচ্ছিলাহে কৰিছিল আন্দোলনকাৰীসকলক। ফলত এই অৱজ্ঞাই বিস্তাৰিত কৰিছিল কৃষক আন্দোলনৰ পৰিসৰ। কেৱল পঞ্জাব-হাৰিয়ানা বা দিল্লীতে সীমাবদ্ধ হৈ নাথাকি ইয়াৰ জুই সম্প্ৰসাৰিত হৈছিল উত্তৰ প্ৰদেশ-ৰাজস্থানকে ধৰি আন বহু অঞ্চললৈ। তথাপি কমা নাছিল চৰকাৰৰ অহমিকা। বৰঞ্চ উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰিত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ পুত্ৰই গাড়ীৰে মহটিয়াই হত্যা কৰিছিল চাৰিগৰাকীকৈ প্রতিবাদী কৃষকক।

সংসদত থকা সংখ্যাৰ জোৰৰ বাবেই চৰকাৰে কেৰেপ কৰা নাছিল কোনো প্রতিবাদকে। সেই সংখ্যাৰ জোৰৰ সুযোগ লৈয়ে সদনত বিশেষ কোনো আলোচনা প্রণয়ন কৰা হৈছিল উক্ত তিনিখন বিতর্কিত কৃষি আইন। চৰকাৰে হয়তো ভাবিছিল মুকলি আকাশৰ তলত কিমান দিনলৈনো প্রতিবাদ কৰি থাকিব কৃষকসকলে, এদিন সকলোবিলাক চিজিল লাগিবই। গতিকে প্রতিবাদক গুৰুত্ব দিয়াৰ প্ৰয়োজন কি কিন্তু ৫ খন ৰাজ্যৰ উপ-নির্বাচনত অসমক বাদ দি যেতিয়া বিজেপিয়ে এটা প্রকাণ্ড মুখথেকেচা খালে, তেতিয়াহে গা লৰিল চৰকাৰৰ। তাৰ পিচতে প্রধানমন্ত্ৰীয়ে হঠাৎ সুৰ সলনি কৰি ঘোষণা কৰিলে যে তিনিওখন কৃষি আইনেই প্রত্যাহাৰ কৰা হ'ব।

চৰকাৰ এখনৰ বাবে এনে পশ্চাদপসাৰণ আচলতে লজ্জাজনককথা। ২০২০ চনৰ ছেপ্টেম্বৰত চৰকাৰে সংসদত সংখ্যাৰ জোৰত গৃহীত কৰা আইন তিনিখন হ'ল (১) ফার্মাছ প্রডিউঁচ ট্রেড এণ্ড কমার্চ (প্রম'চন এণ্ড ফেচিলিটেচন) এই ফার্মাৰ্ছ (এম্পাৱাৰমেণ্ট এণ্ড প্রটেকচন) এপ্রিমেন্ট অন প্রাইচ এছিউবেন্স এণ্ড ফার্ম ছাৰ্ভিচ এই আৰু এছেনচিয়েল কম'ডিটিজ এক্ট। চৰকাৰৰ মতে কৃষকসকলে যাতে উৎপাদিত ফচলৰ উচিত মূল্য পায়, মধ্যভোগীৰ কবলৰ পৰা তেওঁলোকক উদ্ধাৰ কৰি আর্থিক নিৰাপত্তা প্রদান কৰিব পৰা যায়, তাৰ লক্ষ্যৰেই এই আইন তিনিখন প্রণয়ন কৰা হৈছে।

কথা হ'ল, যদি আইনকেইখন ভালেই আছিল, তেনেহ'লে কৃষকে প্রতিবাদ কৰিলে কিয়? আচলতে এই আইনকেইখন আছিল দেশৰ বৰ্তমানৰ কৃষি উৎপাদন আৰু বিপণনৰ প্ৰচলিত ব্যৱস্থাটোৰ সৈতে মিল নথকা। মাণ্ডিৰ জৰিয়তে কৃষকৰ উৎপাদিত ফচলৰ বিপণনৰ ব্যৱস্থাটোক ই প্রত্যাহ্বান জনাইছিল। গতিকে প্রতিবাদ অবশ্যম্ভাবী। কৃষকৰ অভিযোগ, উৎপাদিত ফচলৰ সমগ্র ব্যৱসায় আম্বানি আদানিৰ হাতত তুলি দিয়াৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা হৈছিল কৃষি আইন তিনিখন। সমগ্র ব্যৱস্থাটো যিহেতুকে এটা শক্তিশালী বান্ধোনৰ মাজত আবদ্ধ, তেনেস্থলত চৰকাৰে ইয়াৰ পৰিবৰ্তন সাধিব বিচাৰিলে প্রথমতে এক জনমত গঠনৰ চেষ্টা কৰা উচিত আছিল।

কৃষক সংগঠনবিলাকৰ লগত চৰকাৰ বহিব লাগিছিল, কৃষকক লৈ অনুষ্ঠিত হ'ব লাগিছিল অভিবর্তন, কর্মশালা। উদ্দেশ্যৰ স্বচ্ছতা প্ৰদৰ্শন কৰি, কৃষকৰ সৈতে বুজাবুজিত উপনীত হৈ যদি চৰকাৰে এনে আইনৰ কথা চিন্তা কৰিলেহেঁতেন, তেনেহ'লে হয়তো ঘটনাক্রম এনেদৰে আগ নাবাঢ়িলহেঁতেন। চৰকাৰে সেই দিশটোক উপেক্ষা কৰি সংসদত থকা সংখ্যাৰ জোৰত বেছি গুৰুত্ব দি বিষয়টো আগবঢ়া বাবেই মূৰকত উজুটি খাব লগা হ'ল। এই ঘটনাই এটাই শিক্ষা দিলে যে গণতান্ত্রিক দেশ এখনত সংখ্যাগৰিষ্ঠতা অর্জনেই শেষ কথা নহয়। জনসাধাৰণৰ চিন্তা-চেতনাক সঠিকভাৱে অনুধাৱন কৰাত ব্যর্থ হলে সংখ্যাগৰিষ্ঠৰ চৰকাৰো কেতিয়াবা অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হ'বলগা হ'ব পাৰে।

কৃষি আইনৰ একেই পন্থা বা মানসিকতাৰে চৰকাৰে ইটোৰ পিচত সিটো ৰাজহুৱা খণ্ডৰ উদ্যোগ নিৰ্বিনিয়োজন ঘটাই পুঁজিপতিৰ হাতত তুলি দিছে। অথচ এই উদ্যোগ-প্রতিষ্ঠানবিলাক আছিল স্বৰাজোত্তৰ দেশ নিৰ্মাণৰ সংগ্ৰামৰ একো একোটা অধ্যায়, গৌৰৱৰ স্তম্ভ। এইবিলাকক পুঁজিপতিৰ হাতত গতাই দিয়াটোৱেই একমাত্র পথ হোৱা উচিতনে? ইয়াক লৈও প্ৰতিক্ৰিয়া হৈছে, প্রতিবাদৰো উন্মুকনি ঘটিছে। সংখ্যাৰ জোৰ থকা চৰকাৰে নিজৰ চিন্তা তথা নিজৰ ব্যাখ্যাকে শুদ্ধ বুলি ধৰি লৈ তথা নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা পোৱা বাবে যি মন যায় তাকে কৰিব পাৰিব ধৰণৰ মানসিকতাৰ বশৱৰ্তী হৈ একপক্ষীয়ভাৱে গ্ৰহণ কৰা সিদ্ধান্তবোৰে যি জনক্ষোভৰ পুঞ্জী তৈয়াৰ কৰে, তাৰ প্ৰভাৱ কিন্তু বৰ ভয়ংকৰ হয়।

বিজেপি চৰকাৰে যিবোৰ 'পৰিবৰ্তন'ৰ কথা ভাবিছে বা ইতিমধ্যে ৰূপায়ণৰ উদ্যোগ লৈছে, তাৰ গ্রহণযোগ্যতাৰ মতামত জনসাধাৰণৰ পৰা লোৱা উচিত। অসমৰ দুটাকৈ কাগজ কল হঠাৎ বন্ধ কৰি দিলে, অসমবাসীৰ মতামত লোৱাৰ প্ৰয়োজনীয়তা উপলব্ধি নকৰাকৈ। এনে সিদ্ধান্তবোৰে দেশবাসীক কিদৰে লাভান্বিত কৰিব, তাৰো নাই কোনো স্পষ্টতা। ইয়াৰ বিপৰীতে এচাম পুঁজিপতিৰ ভাগ্যৰ দুৱাৰ যে খোল খাইছে, সেয়া জলজল-পটপট। কৃষি আইনক লৈ চৰকাৰে উজুটি খাইছেই, বাকী সিদ্ধান্তবোৰৰ পৰিণতি কি হ'ব, সেয়া সময়ে কৈ যাব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in