প্ৰতিশোধৰ অগনি!

প্ৰতিশোধৰ অগনি!

বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ হিচাপে ভাৰতৰ জনসাধাৰণৰ মত প্ৰকাশৰ স্বাধীনতা সদায় অক্ষুণ্ণ থকা উচিত। যিকোনো অজুহাততে এই স্বাধীনতা খৰ্ব হ'ব নোৱাৰে। শাসকগোষ্ঠীয়ে জনসাধাৰণৰ ওপৰত দেশপ্ৰেম আৰু ৰাষ্ট্ৰবাদৰ নতুন সংজ্ঞা আৰোপ কৰিব নোৱাৰে। ভাৰতবৰ্ষ কেৱল এখন বহু পুৰণি ঐতিহ্যসম্পন্ন দেশেই নহয়, ইয়াৰ সভ্যতা-সংস্কৃতি আৰু বেছি প্ৰাচীন। শাসকৰ তুচ্ছ ৰাজনৈতিক স্বাৰ্থই এই সমাজ-সংস্কৃতিক স্থায়ী ৰূপত প্ৰভাৱিত কৰিব নোৱাৰে। এই কথা অনস্বীকাৰ্য যে সন্ত্ৰাসবাদীৰ নৃশংস আক্ৰমণত জম্মু-কাশ্মীৰৰ পুলৱামাত নিহত বীৰ জোৱানসকলৰ মৃত্যুক দেশবাসীয়ে সহজতে পাহৰি নাযায়।

কিন্তু ইয়াৰ অচিলা লৈ শাসকপক্ষৰ একাংশ নেতাই ভাৰতীয় লোকৰ মাজত বিভাজনৰ ৰাজনীতি কৰাৰ বিষয়টোও কোনোপধ্যে গ্ৰহণযোগ্য হ'ব নোৱাৰে। দেখা গৈছে যে পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে পুলৱামাত ভাৰতীয় জোৱানৰ ওপৰত চলোৱা ভয়াৱহ আক্ৰমণৰ পিচতে দেশত সৰ্বস্তৰত যিদৰে ৰাজনৈতিক-সামাজিক ঐক্য গঢ়ি উঠিছিল, সেয়া যেন ক্ৰমান্বয়ে নিস্তেজ হৈ পৰিছে। এই নৃশংস ঘটাই প্ৰথমতে দেশব্যাপী পাকিস্তানবিৰোধী সৰ্বাত্মক প্ৰতিবাদ সৃষ্টি কৰাৰ পিচত এতিয়া শাসক পক্ষই পৰ্যায়ক্ৰমে অতি কৌশলেৰে ইয়াক জম্মু-কাশ্মীৰৰ সাধাৰণ জনতাবিৰোধী বিক্ষোভ আৰু দেশৰ সাম্প্ৰদায়িক মেৰু বিভাজনলৈ অৱনমিত কৰাৰ অপচেষ্টাত ব্ৰতী হৈছে।

অথচ ঘটনাৰ পিচমুহূৰ্ততে শাসক-বিৰোধী উভয় পক্ষই মিলিত হৈ সন্ত্ৰাসবাদী শক্তিৰ বিপক্ষে ঐক্যবদ্ধ হোৱাৰ কথা ঘোষণা কৰিছিল আৰু সেইক্ষেত্ৰত এক বিৰল দৃষ্টান্তও দাঙি ধৰা হৈছিল। কিন্তু ছহিদ বীৰ জোৱানসকলৰ চিতাৰ জুই নুনুমাওঁতেই ইয়াৰ নেতিবাচক ক্ৰিয়া-প্ৰতিক্ৰিয়াবোৰ ওলাই পৰিল। সৰ্বপ্ৰথম শাসক পক্ষৰ তৰফৰ পৰাই একাংশ নেতাই পুলৱামাৰ ঘটনাক লৈ দলীয় ৰাজনৈতিক বক্তব্য দিয়া দেখা গ'ল। দুদিন আগতে শাসক দলটোৰে গুজৰাটৰ এজন মুখপাত্ৰই মুকলিভাৱেই ঘোষণা কৰিলে যে পাকিস্তানবিৰোধী জনসাধাৰণৰ দেশপ্ৰেমৰ উত্তাল প্ৰতিবাদক ভোটলৈ ৰূপান্তৰ কৰা হওঁক।

খোদ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সৰ্বদলীয় সভা আহ্বান কৰি তাত উপস্থিত থকাৰ পৰিৱৰ্তে দলীয় নিৰ্বাচনী সভাত অংশ লোৱাৰ দৰে অধ্যক্ষ অমিত শ্বাহেও অসমলৈ আহি জনসাধাৰণৰ সন্মুখত নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ ফুলজাৰি মৰাৰ পিচতে সম্প্ৰতি শাসকপক্ষৰ বহু কেইগৰাকী নেতাই মুকলিমূৰীয়াকৈ পুলৱামাৰ ঘটনাটোক লৈ সাম্প্ৰদায়িক মন্তব্য দিয়া আৰম্ভ কৰিছে। সংবাদ মাধ্যমযোগে প্ৰকাশিত খবৰ অনুসৰি মেঘালয় ৰাজ্যপাল তথাগত ৰায়ে কাশ্মীৰৰ ব্যৱসায় আৰু তাত উৎপাদিত সা-সামগ্ৰী বৰ্জন কৰাৰ বাবে দেশবাসীক একপ্ৰকাৰ আহ্বান দিছে।

ৰাজ্যপালৰ দৰে সাংবিধানিক পদত অধিষ্ঠিত এজন ব্যক্তিয়ে এইধৰণৰ মন্তব্য দিয়ে কেনেকৈ? তেওঁ ক'ব খুজিছে নেকি যে জম্মু-কাশ্মীৰ ভাৰতৰ অংগ নহয়। মেঘালয়ৰ ৰাজ্যপালজন মোডী-অমিত শ্বাহৰ একেবাৰে ওচৰৰ মানুহ হিচাপে জনাজাত হ'ল বুলিয়েই তেওঁৰ দেশৰ অখণ্ডতাক অস্বীকাৰ কৰিব নোৱাৰে। আমাৰ কথা হ'ল- পুলৱামাৰ ঘটনাৰ সঠিক প্ৰতিশোধ ল'বলৈ হ'লে সেয়া পাকিস্তানৰ মাটিত হ'ব লাগিব। তাৰ পৰিৱৰ্তে দেশৰ ভূমিত জনসাধাৰণক আৱেগিক কৰি তুলি কেৱল প্ৰতিবাদ কৰি থাকিলেই পাক-সমৰ্থিত সন্ত্ৰাসবাদীৰ গা নলৰে।

এইক্ষেত্ৰত আমি পাহৰি যাব নালাগিব যে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ লক্ষ্য ৰাখি এই মুহূৰ্তত পাকিস্তানৰ বিৰুদ্ধে সৰ্বাত্মক যুদ্ধ ঘোষণা কৰিব নোৱাৰিলেও চৰকাৰে কাৰ্গিল যুদ্ধৰ বাবে 'লিমিটেড কনভেনচনেল ৱাৰ'ৰ কথাও চিন্তা কৰিব পাৰে। তাতোকৈও গুৰুত্বপূৰ্ণ কথাটো হ'ল- এই সময়ত আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানক দোষী সাব্যস্ত কৰি তেওঁলোকক সম্পূৰ্ণৰূপে অকলশৰীয়া কৰাৰ সুযোগ লাভ কৰিছে। আগত লোকসভা নিৰ্বাচনৰ লাভ-লোকচানৰ কথা পাহৰি শাসক পক্ষই এইক্ষেত্ৰত বিৰোধী জনসাধাৰণক সম্পূৰ্ণ আস্থাত লৈহে আগবাঢ়িব লাগিব। পুলৱামাৰ নৃশংস ঘটনাৰ পিচত আয়োজিত এখন সভাত প্ৰধানমন্ত্ৰী মোডীয়ে কৈছিল যে দেশবাসীৰ দৰে তেওঁৰ হৃদয়তো প্ৰতিশোধৰ অগনি জ্বলিছে। প্ৰতিশোধৰ সেই অগনি যাতে লোকসভা নিৰ্বাচনৰ ক্ষমতাসৰ্বস্ব ৰাজনীতিলৈ পৰ্যবসিত নহয়, তাৰ প্ৰতি সচেতন মহলে তীক্ষ্ণ দৃষ্টি ৰাখিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in