অসম জ্বলিব!

অসম জ্বলিব!

নিৰ্বাচনী স্বাৰ্থতে সম্প্ৰতি ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ক্ষেত্ৰত বিজেপিৰ সদিচ্ছাহীনতা প্ৰতীয়মান হোৱাৰ লগতে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ পক্ষেও আনকি অসম চৰকাৰক স্থিতি ল'বলৈ বাধ্য কৰাইছে দলটোৰ শীৰ্ষ নেতৃত্বই। বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সিদ্ধান্তক ৰাজ্যিক বিজেপিয়ে পূৰ্ণ সমৰ্থন দিয়াৰ যোগেদি এই বিষয়বোৰ ইতিমধ্যে স্পষ্ট হৈ পৰিছে। যদিও মুখ্যমন্ত্ৰী সোণোৱালে এন আৰ চিৰ পক্ষত আনুষ্ঠানিক বিবৃতি দিছে তথাপি বিজেপিৰ একাংশ প্ৰভাৱশালী নেতাৰ মন্তব্যই তাৰ সম্পূৰ্ণ বিপৰীত ছবিহে প্ৰতিফলিত কৰিছে।

শেহতীয়াভাৱে নাগৰিকত্ব আইন সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি অসমত অসমীয়া-বাঙালীৰ মাজত এক সংঘাতময় পৰিস্থিতিৰ সৃষ্টি কৰিবলৈও তৎপৰ হৈ উঠিছে একাংশ অসমবিৰোধী শক্তি। ইয়াৰ আঁৰত যে শাসকীয় শক্তিৰ প্ৰৰোচনামূলক ৰাজনীতি জড়িত হৈ আছে, সেই কথা আৰু লুকাই থকা নাই। যোৱা দুই-তিনি দিনৰ ঘটনাক্ৰমে এই কথাও স্পষ্ট কৰিছে যে মুুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এতিয়া আৰু জাতীয় নায়কৰ ভূমিকা লোৱাৰ অৱকাশ নাইকিয়া হৈ পৰিছে।

এই ছেগতে চৰকাৰৰ লগতে অন্যান্য শাসকীয় শক্তিবোৰেও অসমৰ পৰিস্থিতিক নিজক স্বাৰ্থৰ হকে ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অতি আগ্ৰহী হৈ পৰিছে। প্ৰথম কথা- এন আৰ চি আৰু নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ প্ৰশ্নত গঠিত অসমৰ জাতীয় সহমতক সম্পূৰ্ণৰূপে উলাই কৰিবলৈ ওলাইছে বিজেপিৰ দলীয় সিদ্ধান্তবোৰে। জনসাধাৰণৰ জীৱন-জীৱিকাৰ মান উন্নত কৰি দেশলৈ সুদিন অনাৰ অসাৰ প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে এতিয়া উপলব্ধি কৰিছে যে বিকাশ-উন্নয়নৰ পৰিৱৰ্তে সাম্প্ৰদায়িক ইছ্যুবোৰেহে তেওঁলোকৰ ক্ষমতাকেন্দ্ৰিক স্বাৰ্থ সুৰক্ষিত কৰিব।

সেয়েহে অসমত ৰাজেন গোঁহাইৰ দৰে নেতাই মুকলিভাৱে ঘোষণা কৰিছে যে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব নোৱাৰিলে তেওঁৰ সমষ্টিতে বিজেপিয়ে বহু হাজাৰ ভোট হেৰুৱাবলগাত পৰিব। ইফালে মমতা বেনাৰ্জীৰ দৰে বিৰোধী নেত্ৰী, যিয়ে নিজকে প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী হিচাপে প্ৰক্ষেপ কৰিছে, তেৱোঁ আনকি নাগৰিকত্ব আই ন সংশোধনী বিধেয়কৰ পক্ষে স্থিতি লৈ পশ্চিমবংগৰ ভোটাৰক আকৃষ্ট কৰাৰ কৌশল ৰচনা কৰিছে। তাৰ সমান্তৰালকৈ অমিত শ্বাহ বাহিনীয়ে বাঙালী জাতীয়তাবাদক হিন্দুত্ববাদৰ লগত একাকাৰ কৰি নিৰ্বাচনী ৰণ জিকাৰ পণ লৈছে।

বিড়ম্বনাৰ কথাটো হ'ল- এনে শাসকীয় স্বাৰ্থবোৰৰ মাজতে দেখা দিয়া সংঘাতে অসমৰ জনসাধাৰণৰ আশা-আকাংক্ষা আৰু জাতীয় অস্তিত্বৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে। এইক্ষেত্ৰত আমাৰ কথা হ'ল- নাগৰিকত্ব আইন সংশোধনী বিধেয়কক সমৰ্থন কৰা মানেই দেশৰ সাংবিধানিক ঐতিহ্য মষিমূৰ কৰা আৰু ধৰ্মনিৰপেক্ষতাক অস্বীকাৰ কৰা। অসমত এই বিধেয়কৰ প্ৰতি সমৰ্থন দিয়া বাঙালী জাতীয় সংগঠনবোৰে বুজা উচিত যে আজিৰ পৰিস্থিতিত বিজেপিৰ দৰে শক্তি অসমৰ বাঙালী সমাজৰ বন্ধু হ'ব নোৱাৰে।

তেওঁলোক যিদৰে নাগিৰকৰ বহু অধিকাৰৰ পৰা বঞ্চিত, সেইদৰে অসমৰ খিলঞ্জীয়াসকলৰো সাংবিধানিক অধিকাৰ খৰ্ব কৰিছে দেশৰ শাসক গোষ্ঠীৰ বিভাজনমুখী ৰাজনীতিয়ে। আচলতে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰা এইখন বিধেয়কৰ বিৰোধিতা কৰিলেহে দেশৰ জনসাধাৰণৰ গণতান্ত্ৰিক চেতনা প্ৰকাশ পাব। শাসক গোষ্ঠীয়ে অসমৰ বাঙালী সমাজক এনে এক পৰিস্থিতিলৈ ঠেলি দিব বিচাৰিছে য'ত তেওঁলোক ভাৰতীয় হৈ নহয়, কেৱল বাঙালী হিচাপেহে জীয়াই থাকিব পাৰিব। অসমৰ প্ৰতিটো জাতীয় সংগঠনে বাৰে বাৰে এই কথা দোহাৰি আছে যে বাঙালী হিন্দুসকল অসম বা অসমীয়াৰ শত্ৰু নহয়।

১৯৭১ চনৰ ২৫ মাৰ্চৰ আগতে আহি অসমত বসবাস কৰা বাঙালীসকল বৃহত্তৰ অসমীয়া জাতিৰে অবিচ্ছেদ্য অংগ। তেনেস্থলত শাসকীয় শক্তিৰ সাম্প্ৰদায়িক জালত ভৰি দি একাংশ প্ৰতিক্ৰিয়াশীল বাঙালী মধ্যবিত্তই অসমত ভাতৃঘাতী সংঘাতৰ পৰিৱেশ সৃষ্টিত সহায়-সহযোগিতা কৰিবলৈ ওলাইছে কিয়? এই প্ৰশ্নই অসমীয়া-বাঙালীৰ মাজত থকা সচেতন মহলকো জোকাৰি গৈছে। বাঙালী জাতীয় সংগঠনবোৰৰ নেতৃত্বই ইয়াকো ভালদৰে উপলব্ধি কৰা উচিত যে অসমীয়া জাতিয়ে এন আৰ চিৰ সপক্ষে মাত মাতি অথবা নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি নতুনকৈ কোনো 'আইডেণ্টিটি' বিচৰা নাই।

দেশৰ সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰ বৰ্তাই ৰখাৰ লগতে অসমীয়াৰ ভাষা-সংস্কৃতিক বচোৱাৰ বাবেহে তেওঁলোকে বিধেয়কখনৰ বিৰোধিতা কৰিছে। আমি ভাবো, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অলক্ষিতে অসমত এনে কৰ্মকাণ্ড বিজেপিয়ে সংঘটিত কৰা নাই। কিন্তু অসমীয়াৰ জাতীয় সহমতক অস্বীকাৰ কৰি মুখ্যমন্ত্ৰীয়ে কিদৰে অসম আৰু অসমবাসীৰ স্বাভিমান ৰক্ষা কৰিব, সেই প্ৰশ্নৰ উত্তৰ তেওঁ নিদিলে অসম যে আকৌ এবাৰ জ্বলি উঠিব সেয়া এক কৰুণ বাস্তৱিকতাত পৰিণত হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in