কৃষক

কৃষক

চকীত বহি কাম কৰা প্ৰায় সকলো মানুহ সোনকালে বুঢ়া হৈ যায়। পিচে পথাৰৰ বোকা-পানী গচকি থকা মানুহবোৰ সহজে বুঢ়া নহয়। বোকাপানী গচকি পথাৰ শস্য-শ্যামলা কৰা মানুহবোৰেই কৃষক। শস্য উৎপাদনেৰে আনৰ ভোক গুচোৱা কৃষকসকলেই কিন্তু ভোকত থাকিবলগীয়া হয়। কৃষকক লৈ কিমান ৰাজনীতি হৈছে তাৰ সীমা-সংখ্যা নাই। 'অচ্ছে দিন' আনিব বুলি যিজনৰ মুখলৈ কৃষকে বাট চাইছিল, তেৱেই নোটবন্দী কৰি কৃষক সমাজক আধামৰা কৰিলে। কৃষ ঋণ ৰেহাইৰ প্ৰতিশ্ৰুতি দূৰৈৰ কথা, অহা বছৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বে কৃষকক লৈ ৰাজনীতিয়ে আকৰ্ষণীয় ৰূপ লৈছে।

মধ্যপ্ৰদেশত চৰকাৰ গঠন কৰিয়েই কমল নাথে প্ৰথমটো চহী মাৰিলে কৃষকৰ ঋণ ৰেহাইৰ ফাইলত। সেইখন মধ্যপ্ৰদেশৰ মান্দচৌৰত বিদ্ৰোহী কৃষকৰ ওপৰত পূৰ্বৰ চৰকাৰৰ আৰক্ষীয়ে গুলীচালনা কৰিছিল। শ শ মাইল খোজকাঢ়ি, ফটা ভৰিৰ পৰা নিগৰা তেজেৰে ৰাজপথ ৰাঙলী কৰি কৃষকে দিল্লী কঁপোৱা ঘটনা সৌ সিদিনাৰ। মধ্যপ্ৰদেশ , ৰাজস্থানত চৰকাৰ গঠন কৰিয়েই কংগ্ৰেছে কৃষি ঋণ মাফ কৰিলে। লগে লগে অসম আৰু গুজৰাট চৰকাৰেও কৃষি ঋণ ৰেহাইৰ কথা ঘোষণা কৰিলে। পিচে মজাৰ কথাটো হ'ল অসমত কৃষক আছে কেইজন, খেতিপথাৰ আছে কেইখন? অসমত হিচাপ কৰিলে তুলনামূলকভাৱে কৃষকতকৈ কৃষি বিভাগত বেতনভোগী কৰ্মচাৰীৰ সংখ্যাহে বেছি। খেতিপথাৰত ইটাভাতা বা পথাৰ কিনি বিল্ডাৰে বজা অট্টালিকাহে বেছি দেখাৰ উপক্ৰম হৈছে।

গতিকে এনে এখন ৰাজ্যত কৃষি ঋণ ৰেহাইক লৈ চৰকাৰে আঁচনি ঘোষণা কৰাৰ প্ৰয়োজন আছে জানো? হয়তো নিৰ্বাচনী ৰাজনীতিৰ স্বাৰ্থত আছে। আমি দেশৰ প্ৰসংগলৈ নগৈ ৰাজ্যৰ কৃষকৰ কথাহে ভবা উচিত। শস্য চপাই পতা নখোৱা উৎসৱতো ভোটৰ হিচাপ কৰে একাংশ নেতাই। মানগৰীতে সৰহভাগ সময় কটোৱা একাংশই ধান চপোৱাৰ সময়ত গাঁৱলৈ গৈ কান্ধত ধানৰ ভাৰ লৈ ফটো উঠি ছ'চিয়েল মিডিয়াত আপলোড কৰে। তেনেদৰে কৃষকক চেলিব্ৰিটিৰ ৰূপত তুলি ধৰি নানানটা গহীন মন্তব্যৰ আদান-প্ৰদান ঘটে। কিন্তু নগৰ এৰি কোনেও গাঁৱত খেতি-বাতি কৰি জীৱন পাৰ কৰাৰ কথা নাভাবে। খেতি এৰি নগৰীয়া সকলোৱে হ'ব খোজে।

পুডুচেৰীৰ কৃষ্ণ মেকেনঞ্জি নামৰ এনে এজন কৃষক আছে, যিজনে ব্ৰিটেইনত উচ্চ শিক্ষা গ্ৰহণ কৰি পিছত আৰামী জীৱন কটোৱাৰ পৰিৱৰ্তে নিজ ঠাইত আৰম্ভ কৰিছে কৃষিকৰ্ম। পুডুচেৰীৰ অ'ৰোভিলত কৃষ্ণৰ পৰিচয় এতিয়া এজন শিক্ষিত কৃষক হিচাপে। কৃষক হিচাপে ৪০ বছৰ বয়সত নিজগাঁৱত চেলিব্ৰিটি বৈছে কৃষ্ণ। ৰাজনৈতিক প্ৰভুত্বৰে কৃষিক মৰ্যাদা দিব খোজা মানুহবোৰে কিন্তু সুযোগ পালে কৃষ্ণৰ দৰে লোককো লেং মাৰি বগৰাব। কাৰণ, ৰাজনৈতিক উচ্চাকাংক্ষা পূৰণ কৰিব খোজা মানুহৰ সংখ্যা বাঢ়ি গৈ আছে। সহজতে বুঢ়া নোহোৱা কৃষকৰ কাহিনী যিসকলে জানে তেওঁলোকেহে বুজি পাব, কি কাৰণত এতিয়া কৃষকৰ কথাবোৰ ডাঙৰ হ'বলৈ ধৰিছে।

ননছেন্স

ৰাজনৈতিক মহলত ঠাট্টা বা বিদ্ৰূপৰ সুৰতেই হওঁক, তেওঁকে সকলোৱে যুৱৰাজ বুলিয়েই জানে। দেশৰ অন্যতম 'ইলিজিবল বেচ্চেলৰ' হিচাপেও তেওঁক একাংশই জানে। কিন্তু কোনেও তেওঁক 'ননছেন্স' বুলি জনা নাছিল। ননছেন্স অভিধাটো দিলে আকৌ আমাৰ অসমীয়া এজনে। খবৰটো পায়েই অসমীয়াসকলৰ গাবোৰ ৰঞ্জিত ৰঞ্জিত লাগি গৈছে। এজন ৰাজ্যিক পৰ্যায়ৰ অসমীয়া নেতাই এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ লোকক বিশেষ নামেৰে সন্মানিত কৰিব পৰাটো ডাঙৰ কথা! চলিত বৰ্ষটোৱে বিদায় লোৱেৰ ক্ষণ যিহেতু সমাগত, সেয়ে অসমৰ ৰাজনৈতিক এনচাইক্ল'পেডিয়াত এই বিশেষণটো সন্নিবিষ্ট কৰা দৰকাৰ।

পিচে কিহৰ ববাে এই 'ননছেন্স' সন্মান! ৰাজনীতি এটা গেলা নৰ্দমাৰ দৰে। তাত পৰস্পৰে পৰস্পৰক বোকাহে ছটিয়াব পাৰিব, ফুল-চন্দন নহয়। এনেদৰে বোকা ছটিওৱা খেলখন যদি আদালতৰ মজিয়া পায় আৰু আদালতে এটা পক্ষক নিৰ্দোষী বুলি কয় তেন্তে সেই নিৰ্দোষিতাৰ প্ৰমাণপত্ৰখন লৈয়েই অন্য এক বোকা ছটিওৱাৰ খেল আৰম্ভ হয়। ঊনৈশ ডিচেম্বৰৰ দিনা এইখন খেল প্ৰত্যক্ষ কৰিলে গুৱাহাটীবাসীয়ে। প্ৰজাক পণবন্দী কৰি ৰজাঘৰীয়াৰ এই বিক্ষোভৰ জৰিয়তে শাসকে এই কথা প্ৰমাণ কৰিব খুজিলে যে তেওঁলোক নিৰ্দোষী। আদালতে যদি নিৰ্দোষিতাৰ প্ৰমাণপত্ৰ দিছেই তেন্তে তাকেই ৰাজপথত প্ৰদৰ্শন কৰাৰ যুক্তি ক'ত?

অভিযোগকাৰীক অৰ্থাৎ সকলোৱে জনা যুৱৰাজজনক ননছেন্স বুলি অভিহিত কৰি ৰাজপথত সমদল উলিওৱাৰ যুক্তি ক'ত? হাজাৰ হাজাৰ সাধাৰণ ৰাইজক আৱদ্ধ কৰি সমদল উলিয়াই ৰাজনৈতিক শক্তি প্ৰদৰ্শনৰ অৰ্থ কি? যাৰ ভোটেৰে ৰজা হোৱা সুযোগ পাইছে তেওঁলোকক দুখ-কষ্ট দিছা কিয়? নিজৰ ৰাজনৈতিক স্বাৰ্থপূৰণৰ বাবে সৰ্বসাধাৰণক বলিশালত তুলিছে কিয়? এইবোৰৰ উত্তৰ বিচাৰি গ'লে প্ৰশ্ন এটা উঠিব যে দৰাচলতে ননছেন্স কোন? বিৰোধীৰ অভিযোগৰ ওচৰত শাসক ইমান অসহায়নে? সতী আছিল বাবেই সীতাই অগ্নিপৰীক্ষালৈ ভয় কৰা নাছিল। শাসক যদি সৎ-নিকা তেন্তে হাতীৰ গালৈ তৰাৰ ফৰ্মুটি লৈ ভয় কিয়? ননছেন্স মানেই হ'ল নিৰ্বোধ।

বিৰোধীৰ নেতৃবৃন্দ যদি নিৰ্বোধ, তেন্তে ৰাজপথত ৰাইজক দীৰ্ঘ সময় আৱদ্ধ কৰি শাসক পক্ষই কিহৰ সুবুদ্ধিৰ পৰিচয় দিলে? ৰাজনীতি চয়তানৰ শেষ আশ্ৰয়তো হয়েই, ননছেন্সৰো একমাত্ৰ আশ্ৰয়। দুখৰ কথা যে সেই ননছেন্সবোৰেই গণতন্ত্ৰ ৰক্ষাৰ যুঁজত জয়ী হয়।যিজন অসমীয়াই যুৱৰাজক ননছেন্স বুলি সন্মান কৰিছিল, সেইজন অসমীয়াৰ ৰাজনীতিৰ এনচাইক্ল'পেডিয়াত পঢ়িবলৈ পাব। ক্ষমতাৰ দম্ভ কিমান সেই কথা বুজি পোৱালৈ এনচাইক্ল'পেডিয়াৰ পৃষ্ঠাবোৰ বৃদ্ধি পাব। তেতিয়ালৈকে এইসকল শাসকৰ মন-মগজু পক্ষাঘাতগ্ৰস্ত ৰোগীৰ দৰে হ'বগৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in