দিশাৰ দিশ

দিশাৰ দিশ

যি বয়সত ৰাজ্যখনৰ অগন্তি তৰুণে হেৰুৱাই পেলাইছে জীৱাৰ দিশ, সেই একে বয়সত মানব জাতিৰ ভবিষ্যতৰ স্বাৰ্থত পৰিবেশ ৰক্ষাৰ হকে জনমত গঠন কৰি ফুৰিছে দিশা সৰকাৰে। বানপানীৰ কোবাল সোঁতত খহি পৰা গৰাৰ দৰে খহিছে সমাজৰ ভেটি। কেউনিশে মর্মন্তন পৰিস্থিতি। সমাজৰ এই ক্ষয়িষ্ণুতাই নৱপ্ৰজন্মক লক্ষ্যচ্যুত আৰু দিগভ্রষ্ট কৰি তুলিছে। আমাৰ মাজত এনে এক বৈষম্যৰে ভৰা সমাজ ধীৰে ধীৰে গঢ় ল'ব ধৰিছে, য'ত আছে কেবল প্রত্যাহ্বান, প্রতিদ্বন্দ্বিতা আৰু অনিশ্চয়তা। যত সততে মেধাবো মূল্য পাবলৈ টান, শ্রমৰো যেন ফচল নাই। ভবাতকৈও বহু কঠিন এই আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামে নৱপ্ৰজন্মৰ বহুতকে হতাশ-বিমৰ্য কৰি তুলিছে।

এই হতাশ-বিষাদে বহুতকে বিপথলৈ ঠেলি দিছে। কোনোবাই হয়তো অপৰাধ জগতত চামিল হৈছে আন কোনোবাই হয়তো আশ্রয় লৈছে আত্মধ্বংসী নিচাৰ মাজত। বিত্তবান পৰিয়ালৰ সন্তানৰ এচামে আকৌ স্বেচ্ছাই নিজকে উটুৱাই দিছে ভোগবাদৰ দিশাহীন সোঁতত। এনে এক অবাজক আৰু নিঃকৰণ পৰিস্থিতিৰ মাজত দিশা সৰকাৰৰ জীৱন-দর্শনে আমাক স্বস্তি দিছে, তৃপ্তি দিছে। গুৱাহাটী মহানগৰীৰ তৰুণী দিশাই ৰাষ্ট্ৰসংঘৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া জলবায়ু পৰিবর্তন বিষয়ক এক গুৰুত্বপূর্ণ আন্তর্জাতিক সম্মিলনত অংশ লৈ ভাষণ শুনাব বিশ্বৰ নেতৃবৰ্গক। সেই ভাষণেৰে দিশাই প্রয়াস কৰিব বিশ্ববাসীক প্রকৃতি সুৰক্ষাৰ হকে সচেতনতা গঢ়ি তুলিবলৈ।

এয়া কোনো ব্যক্তিবিশেষ ব্যক্তিগত কৃতিত্বৰ কথা নহয়, এটা এভাৰেৰে আচ্ছন্ন হ'বলৈ ধৰা এখন সমাজত জ্বলি উঠা এক আশাদীপ্ত আলোক শিখা। দিশাৰ কৃতিত্ব আত্মপ্ৰতিষ্ঠাৰ কৃতিত্ব নহয়, তেওঁৰ কৰ্ম আৰু চিন্তাৰ মাজত আছে দহৰ মংগলৰ কামনা। মানুহৰ ভাল হওক, জগতৰ শুভ হওক, এনে এক আদৰ্শৰে ব্ৰতী হ'ব নোৱাৰিলে প্ৰকৃতিক ভাল পাব নোৱাৰি। দিশাই সেই আদৰ্শৰে অনুপ্ৰাণিত। আত্মসুখ, আত্মসফলতাৰ বাবে এন্দুৰ দৌৰত ব্যতিব্যস্ত এই সমাজে যদি দিশাৰ চিন্তাৰে সামান্যও প্রভাবিত হয়, সেয়াও বহু ভাল। বিশেষকৈ নৱপ্ৰজন্মই দিশাৰ দিশ বুজি উঠক। সম্প্রতি সমগ্ৰ বিশ্বতে জলবায়ুৰ পৰিবর্তনে এনে এক অভাৱনীয় সংকটৰ সৃষ্টি কৰিছে, যিয়ে কেবল মানৱ প্ৰজাতিৰে নহয়, ধৰিত্ৰীৰ সমস্ত জীৱকূলকে তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিবলৈ আৰম্ভ কৰিছে।

মানুহে নিজেই সৃষ্টি কৰা এই ভয়াবহ বিপদৰ মোল মানুহে নিজেই বুজিব পৰা নাই, বুজিব পৰাসকলেও নুবুজাৰ ভাও ধৰিছে। ঔদ্যোগিক প্ৰগতিৰ প্ৰবক্তাসকলে নিজৰ আজিৰ দিনটোৰ সুখৰ বাবে নতুন প্ৰজন্মৰ কাইলৈৰ দিনটো বলিশালত তুলি দিছে। লাহে লাহে বাঢ়ি অহা গোলকীয় উত্তাপ বা সলনি হৈ অহা জলবায়ুৰ বাবে বিশ্বৰ অন্য বহু প্ৰান্তৰ মানুহৰ দৰে আমি অসমবাসীয়েও জীয়াতু ভুগিবলৈ আৰম্ভ কৰিছো। পিচে বহুতে মানুহৰ নিজৰ এই দুৰ্যোগ নিয়তিৰ পৰিহাস বা প্ৰকৃতিৰ খেয়াল বুলি মানি ল'বলৈ চেষ্টা কৰিছে। তথাপি আত্মসংশোধনৰ বাবে ৰাজী নহয়। কাইলৈৰ পৃথিৱীখনত কি হ'ব, সেই সামাজিক চিন্তা পৰিত্যাগ কৰি এচাম স্বাৰ্থপৰে এফালৰ পৰা তচনচ কৰি আহিছে প্ৰকৃতি। খেদ আৰু দুখৰ কথা, এইবোৰ ঘটিছে মূলতঃ বিশ্বৰ শক্তিশালী শাসকবর্গ আৰু পুঁজিপতিৰ নেতৃত্বতে।

প্রকৃতি ধ্বংসকাৰী এইসকল গোৱাৰ ক্ষমতাৱানৰ বিৰুদ্ধে দিয়া যুঁজখন সহজ নহয়। হালেও যুঁজ চলিছে। যুঁজ চলিব। বিশ্বৰ প্রান্তে প্রাপ্ত নতুন প্রজন্মই নিজেই নিজৰ ভৱিষ্যৎ সুৰক্ষাৰ হকে ওলাই আহিছে। ছুইডেনৰ ১৮ বছৰীয়া কিশোৰী গ্রেটা থুনবাৰ্গ, ভাৰতৰ উত্তৰাখণ্ডৰ ১৪ বছৰীয়া বিধিমা পাণ্ডে বা মণিপুৰৰ ১০ বছৰীয়া লিচিপ্ৰিয়া ইয়াৰ উজ্জ্বল উদাহৰণ। আঠ বছৰ বয়সতে স্পেইনৰ মাদ্রিদত অনুষ্ঠিত জলবায়ু পৰিবর্তন বিষয়ক অনুষ্ঠানত অংশ লৈ পৰিবেশ ৰক্ষাৰ আন্দোলনত চামিল হৈছিল মণিপুৰৰ কন্যা লিচিপ্রিয়াই। শেহতীয়াভাৱে অসমৰ দিশাই ৰাষ্ট্ৰসংঘত এই আন্দোলনৰে অংশরূপে দিবলগীয়া ভাষণৰ খবৰে আমাক গৌৰৱান্বিত কৰিছে। যি সময়ত ৰাজ্যৰ অভিভাৱক সমাজৰ নৈতিক স্খলন ঘটিছে, পৰিণতিত চৰিত্ৰ পাঠৰ পৰা বঞ্চিত হৈ শিশু আৰু কিশোৰৰ মনোবিকৃতি ঘটিছে, যুৱচাম হ'বলগা হৈছে বিপথগামী, তাৰ মাজত দিশাৰ খবৰ অৱশ্যেই ইতিবাচক। দিশাই নতুন প্ৰজন্মক দিশ দেখুৱাওক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in