আইৰ মুখৰ ভাষা

আইৰ মুখৰ ভাষা

'স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মংগল মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা'- সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই দি থৈ গৈছে এই অমৃতময় বাণী, যাৰ মাজেদি ব্যাপ্ত হয় মানৱীয় অনুভৱৰ এক চিৰশ্বাশ্বত সংজ্ঞা। মাতৃভাষা মানে আইৰ ভাষা, মাতৃৰ গৰ্ভত স্থিতি লোৱাৰে পৰা শুনা আৰু অনুভৱ কৰা শব্দৰ সমষ্টিবোৰ, যিবোৰ শব্দ-সমষ্টিয়ে আইৰ সৈতে তথা আইৰ জগতখনৰ সৈতে 'মোৰ' বাঙ্ময় সম্পৰ্কৰ সুঁতিটোৰ সৃষ্টি কৰে। সেয়ে মাতৃভাষাণ হৈছে অনুভৱ বিনিময়ৰ প্ৰথম আৰু একমাত্ৰ মাধ্যম, যাক ব্যক্ত কৰিবলৈ অভিধান নালাগে, নালাগে ব্যাকৰণ।

সেইবাবেই কিতাপৰ বৰ্ণমালাৰ 'অ'টোও চিনি নোপোৱাকৈয়ে হাজাৰ-লক্ষজনে নিজৰ অমিয়া ভাষাটোৰে পৰস্পৰৰ লগত বিনিময় কৰিব পাৰে হৃদয়ৰ অনুভৱ, সমাজত দ্বিধাহীনভাৱে ফুটাব পাৰে কথাৰ আখৈ। মানুহৰ সৃষ্টিৰ পৰাই চলি আছে এই নিৰৱধি ধাৰা। কিন্তু যেতিয়া ভাষাটো মাতৃভূমিৰ সৈতে সম্পৰ্কিত হৈ পৰে, তেতিয়া ইয়াৰ লগতে সম্পৃক্ত হৈ পৰে বহু প্ৰাসংগিক বিষয়বস্তু। তেতিয়া কেৱল অনুভৱ বিনিময়ৰ মাধ্যম হৈ নাথাকি ই হৈ পৰে জাতীয় চেতনাৰ প্ৰতীক। মাতৃভাষা উজ্জীৱিত হৈ থাকিলেই এটা জাতিৰ স্পন্দন বিশ্বৰ বুকুত অনুভূত হৈ থাকে।

মাতৃভাষাটো মূল্যৱান উপকৰণেৰে চহকী হ'লে ই জিলিকি উটি আনৰ দৃষ্টি তথা ঘ্ৰাণ আকৰ্ষণ কৰিবলৈ সক্ষম হয়। মাতৃভাষাটো হীৰা বা প্লেটিনামৰ টুকুৰাৰ দৰে মূল্যৱান হ'লে ইয়াৰ আদৰ বহল পৰিসৰলৈ বৃদ্ধি হয়। আনহাতে, বহু মূল্যৱান ভাষাও আদৰ-যত্নৰ অভাৱত কালৰ বুকুত জাহ যায়। মানৱ সভ্যতাৰ বিৱৰ্তনৰ পাকচক্ৰত পৰি হোৱা ভাষাৰ উত্থান-পতনৰ ইতিহাসলৈ লক্ষ্য ৰাখিয়েই সম্প্ৰতি মাতৃভাষাকেন্দ্ৰিক চিন্তা-চৰ্চা ব্যাপক হ'বলৈ ধৰিছে। কাৰণ জাতি এটাৰ জীৱনীশক্তি হৈছে ভাষা। মাতৃভাষা অবিহনে কোনো জাতিয়েই প্ৰতিষ্ঠাৰ সংগ্ৰামত আগবাঢ়িব নোৱাৰে।

কুৰি শতিকাৰ শেষৰ দুটা দশকৰ পৰা তথ্য-প্ৰযুক্তিৰ উত্থান আৰু গোলকীকৰণৰ প্ৰভাৱত জনজীৱনৰ আকস্মিক আৰু অভাৱনীয় ৰূপান্তৰ তথা বিশ্বৰ জাতিসত্তামসূহৰ অৱস্থান আৰু সম্পৰ্কৰ অতি দ্ৰুগতিত হোৱা পৰিৱৰ্তনৰ ফলত বহু ভাষা আৰু সংস্কৃতিৰ ওপৰত ইয়াৰ পোনপটীয়া প্ৰভাৱ পৰিছে। ক্ষুদ্ৰ ক্ষুদ্ৰ ভাষা কিছুমানলৈ নামি আহিছে অস্তিত্বৰ সংকট। এনে অৱস্থা অব্যাহত থাকিলে বিশ্বখন বৈচিত্ৰহীন হৈ পৰিব পাৰে বুলি সৃষ্টি হোৱা আশংকাৰ ভিত্তিতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ জাতিসত্তাসমূহৰ মাতৃভাষা ৰক্ষা আৰু বিকাশৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা হৈছে।

সেই লক্ষ্যৰেই আজি অৰ্থাৎ ২১ ফেব্ৰুৱাৰীৰ দিনটো ১৯৯৯ চনৰ পৰা সমগ্ৰ বিশ্বই মাতৃভাষা দিৱস হিচাপে উদযাপন কৰিছে। অসমতো আজি এই দিৱস উদযাপনৰ বাবে আয়োজন চলিছে। এই পৰিপ্ৰেক্ষিতত আমি আৱেগবৰ্জিত আৰু শুদ্ধ তথা বিজ্ঞানসন্মতভাৱে চিন্তা কৰিব লাগিব, কেনেকৈ জাতীয় বিকাশৰ ধাৰা অক্ষুণ্ণ ৰাখি আমাৰ প্ৰাণৰো অসমীয়াৰ লগতে খিলঞ্জীয়া ভাষাসমূহ নজহা-নপমা কৰি অনাদি-অনন্ত কাললৈ জীয়াই ৰাখিব পৰা যায়।

ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ প্ৰসাৰণেই মাতৃভাষাৰ চৰ্চালৈ যে সংকট নমাইছে সেইটো এশ শতাংশই সত্য। কিন্তু তাকেই আওৰাই থাকি যদি আমি মাতৃভাষা ৰক্ষা তথা বিকাশৰ বিকল্প পথৰ সন্ধান নচলাওঁ, তেন্তে সকলো কথা 'গালো বাৰো খোলাকটিৰ তাল' হোৱাৰ আশংকাই অধিক। ৰাজ্যখনৰ বুজন অংশৰ মেধাৱী শিক্ষাৰ্থী ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ে যদিও ৰাজ্যিক মাধ্যমিক শিক্ষা পৰিষদৰেই অন্তৰ্গত হওঁক কিম্বা কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰে হওঁক, অসমৰ এই বিদ্যালয়বোৰৰ শিক্ষাৰ্থীয়েও অষ্টম শ্ৰেণীলৈকে অসমীয়া-বড়োৰ দৰে থলুৱা ভাষা পঢ়াটো বাধ্যতামূলক। ইংৰাজী মাধ্যমত পঢ়িলেও মাতৃভাষা লিখিব বা পঢ়িব জনা এই শিক্ষাৰ্থীসকলক মাতৃভাষাত সাহিত্য চৰ্চাৰ প্ৰতি আগ্ৰহী কৰাটোও অসম সাহিত্য সভাৰ দৰে অনুষ্ঠানে জাতীয় দায়িত্ব হিচাপে গ্ৰহণ কৰিলে মাতৃভাষাৰ চৰ্চাৰ এখন বহল পৰিক্ষেত্ৰত মুকলি হৈ পৰাৰ সম্ভাৱনা থাকিব।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বঙলাৰ পৰা মুক্ত হোৱা অসমৰ পঢ়াশালিবোৰত পঢ়াবলৈ ১৮৭৩ চনত অসমীয়া কিতাপেই নাছিল। তদানীন্তন অসমৰ কমিছনাৰ হপকিনছনে অসমীয়া পুথি ৰচনাৰ বাবে এটা প্ৰতিযোগিতা পাতিছিল। সেই প্ৰতিযোগিতাত ৫৩খন পুথি জমা হৈছিল আৰু তাৰ ভিতৰত শ্ৰেষ্ঠ বিবেচিত হৈছিল হেমচন্দ্ৰ বৰুৱাৰ 'অসমীয়া ল'ৰাৰ আদিপাঠ' পুথিখন আৰু সেইজনা হেমচন্দ্ৰয়েই অসমীয়া ভাষাৰ দেউলসদৃশ হেমকোষ ৰচনা কৰি আধুনিক অসমীয়া ভাষাৰ ৰাজহাড় প্ৰতিষ্ঠা কৰি থৈ গ'ল। লগতে এটা দিশলৈ লক্ষ্য ৰাখিব লাগিব যে জধে-মধে কিতাপ লিখিলেই ভাষা এটাৰ উন্নতি নহয়।

মহাপুৰুষ শংকৰদেৱৰ 'কীৰ্তন-দশম', মাধৱদেৱৰ 'নামঘোষা' কালজয়ী হোৱাৰ কাৰণ হ'ল এই গ্ৰন্থ কেইখনে সমকালীন ভাৰতৰ আধ্যাত্মিক পৰিমণ্ডলক প্ৰতিনিধিত্ব কৰি এক উচ্চমানৰ দৰ্শন প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। ইউৰোপৰ নৱন্যাস আন্দোলন আৰু বংগৰ পুনৰ জাগৰণৰ বতাহছাটি পাইহে ঊনবিংশ শতিকাৰ শেষত বংগত গঢ় লৈছিল 'অসমীয়া ভাষা উন্নতি সাধিনী' আন্দোলন। গতিকে এতিয়াৰ অসমীয়া তথা ইয়াৰ থলুৱা ভাষাক দীৰ্ঘায়ু দিবলৈ হ২লে এই মাতৃভাষাৰ সৃষ্টিৰাজিত থাকিব লাগিব সাম্প্ৰতিক বিশ্বৰ চিন্তন-কৰ্ষণৰ প্ৰতিফলন, যিটো অতি উচ্চ পৰ্যায়ৰ অধ্যয়ন তথা পৰ্যবেক্ষণৰ দ্বাৰাহে সম্ভৱ হ'ব পাৰে।

মাধ্যম নিৰ্বিশেষে ৰাজ্যৰ সকলো বিদ্যালয়ত শুদ্ধ আৰু আকৰ্ষণীয় ৰূপত মাতৃভাষাৰ শিক্ষা তথা চৰ্চাত গুৰুত্ব দিব লাগিব, উচ্চমানৰ মাতৃভাষাৰ গ্ৰন্থৰে জাতীয় ভাষা-সাহিত্যৰ ভঁৰাল টনকিয়াল হ'ব লাগিব। গতিকে মাতৃভাষা ৰক্ষাৰ বিষয়টো কেৱল শ্ল'গানতে সীমাৱদ্ধ নাৰাখি ইয়াক সমন্বিত ৰূপত এক আন্দোলনলৈ কেনেকৈ ৰূপান্তৰ কৰিব পাৰি, তাৰ পথ উদ্ভাৱন কৰিব পাৰিলেহে 'মাতৃভাষা দিৱস' পালন সাৰ্থক হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in