‘বিকাশ-উন্নয়ন’ অচল মুদ্ৰা

‘বিকাশ-উন্নয়ন’ অচল মুদ্ৰা

মোডী চৰকাৰৰ কাৰ্যকাল শেষ হ'বলৈ মাজত আৰু মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত দেশত পুনৰ হিন্দুত্ববাদী ৰাজনীতিৰ আগ্ৰাসী ৰূপ পৰিলক্ষিত হৈছে। বিকাশ আৰু উন্নয়নৰ প্ৰশ্নত সম্পূৰ্ণৰূপে বিফল প্ৰতিপন্ন হোৱা মোডী চৰকাৰৰ কাম-কাজক তীব্ৰ সমালোচনা কৰা বিৰোধী শক্তিক এই হিন্দুত্ববাদী ৰাজনীতিৰ প্ৰতিহত কৰাৰ নতুন কৌশল ৰচনা হৈছে।

শেহতীয়াভাৱে ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত অনুষ্ঠিত হ'বলগীয়া বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ শীৰ্ষ নেতৃবৃন্দই মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, কৃষিখণ্ডৰ দুৰৱুস্থাকে ধৰি জ্বলন্ত ইছ্যুবোৰৰ পৰিৱৰ্তে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, অবৈধ বাংলাদেশী আৰু ৰাম মন্দিৰ  নিৰ্মাণৰ দৰে বিষয়বোৰকহে সন্মুখত দাঙি ধৰিছে। অসমত চলি থকা এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়া দেশৰ আন আন ৰাজ্যতো আৰম্ভ কৰাৰ কথা ঘোষণা কৰি দলৰ অধ্যক্ষ অমিত শ্বাহে কৈছে যে এজনো অবৈধ বাংলাদেশীক দেশত থাকিবলৈ দিয়া নহ'ব।

অৰ্থাৎ চৰকাৰ তথা শাসক দলটোৱে এই কথা ভালদৰে উপলব্ধি কৰিছে ২০১১চনৰ লোকসভা নিৰ্বাচনত বিকাশ উন্নয়নৰ কথাৰে তেওঁলোকে পুনৰবাৰ ক্ষমতা দশক কৰাটো সহজসাধ্য নহ'ব। ৰাজস্থান, মধ্যপ্ৰদেশৰ দৰে নিৰ্বাচনী পৰিৱেশ শাসক দলটোৰ অনুকূলে নাই বুলি ইতিমধ্যে সৰ্বত্ৰ চৰ্চা হৈছে। সেইবোৰ ৰাজ্যত প্ৰতিষ্ঠানবিৰোধী ঢৌ প্ৰৱল হৈছে। দুমাহমান আগতে ৰাজস্থান আৰু মধ্য প্ৰদেশৰ উপ-নিৰ্বাচনৰ ফলাফলেও তাৰেই ইংগিত দিছে।

অইন নালাগে উত্তৰপ্ৰদেশৰ দৰে ৰাজ্যৰ উপ-নিৰ্বাচনতো শাসক দলটোক বিপৰ্যস্ত হৈছিল। মুখ্যমন্ত্ৰী আদিত্য নাথ আৰু উপ-মুখ্যমন্ত্ৰী কেশৱ মৌৰ্যই প্ৰতিনিধিত্ব কৰা লোকসভা সমষ্টি দুটা বিজেপিয়ে হেৰুৱাবলগাত পৰিছিল। কিছুদিন আগতে কৈৰাণাৰ দৰে অতি গুৰুত্বপূৰ্ণ সমষ্টিতো বিজেপিৰ প্ৰাৰ্থীজনে পৰাজয় স্বীকাৰ কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে। মুঠতে বিজেপিৰ হিন্দুত্ববাদী ৰাজনীতিৰ মূল দুৰ্গস্বৰূপ উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ পৰাই দলটোৰ বিপৰ্যয় আৰম্ভ হৈছে।

অৱশ্যে প্ৰথমবাৰলৈ ক্ষমতাত অধিষ্ঠিত হোৱা ৰাজ্যবোৰৰ কথা সুকীয়া। সেইবোৰ ৰাজ্যৰ  জনসাধাৰণে হিন্দুত্ববাদী ৰাজনীতিৰ সোৱাদ পাইছেহে মাথোঁ! তাৰ প্ৰতি মোহভংগ হ'বলৈ তেওঁলোকৰৰ আৰু কিছু সময় লাগিব। কিন্তু বাকী বিজেপিশাসিত অন্য ৰাজ্যবোৰ জনসাধাৰণে দেখিছে যে নিবনুৱাৰ সংস্থাপন নহ'লে, খেতিয়কৰ ঋণৰ বোজা নাতৰিলে হিন্দু-মুছলমান সকলোৰেই দুৰ্দৰ্শা আৰম্ভ  হয়। উত্তৰ প্ৰদেশৰ কৈৰাণা নামৰ সমষ্টিটোত ঋণগ্ৰস্ত কুঁহিয়াৰ খেতিয়কে এইবাৰ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিয়েই বিজেপিৰ বিপক্ষে ভোট দিছিল।

দলৰ এনে বিপৰ্যয়ক লৈ নিশ্চয় শীৰ্ষ নেতৃত্বৰ মাজত আলোচনা-বিলোচনা নোহোৱাকৈও থকা নাই। বিশেষকৈ মোডী চৰকাৰৰ কাম-কাজক লৈ অসন্তুষ্টসকলে দলৰ মজিয়াত বিষয়টো উত্থাপন কৰিছে যদিও নীতি-নিৰ্ধাৰণকাৰীসকলে তাক গুৰুত্ব দিয়া নাই। স্বদেশী জাগৰণ মঞ্চৰ দৰে সংঘ পৰিয়ালৰ সংগঠনেও আনকি কেন্দ্ৰৰ আৰ্থিক নীতিৰ বিৰুদ্ধে মাত মাতি একো কৰিব পৰা নাই। ইফালে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে অলপতে ৰাজহুৱা মঞ্চত ঘোষণা কৰিছে যে যিকোনো উপায়ে হ'লেও ৰাম মন্দিৰৰ নিৰ্মাণকাৰ্য সম্পন্ন হ'ব লাগে।

ৰাম মন্দিৰ নিৰ্মাণৰ বিষয়টো সৰ্বোচ্চ ন্যায়ালয়ৰ বিচাৰাধীন যদিও আৰ এছ এছ নেতাজনে সেই কথা টলকিবই পৰা নাই। অথবা তেওঁলোকে নিজকে আইন-সংবিধান সকলোৰে উৰ্ধ্বত বুলিও গণ্য কৰিব পাৰে।ভাগৱতে কৈছে যে আৰ এছ এছে মুছলমানক বাদ দি হিন্দু ৰাষ্ট্ৰ বিচৰা নাই বাবেই মুছলমানসকলে আৰ এছ এছৰ প্ৰতি শংকাৰ ভাৱ পৰিহাৰ কৰা উচিত। মুঠতে মোহন ভগৱতে ভাবিছে যে নিৰ্বাচনৰ আগমুহূৰ্তত বিজেপিক ৰাম মন্দিৰ, হিন্দু-মুছলমানৰ ইছ্যুৱেহে ৰক্ষা কৰিব।

সেয়েহে পুনৰ 'হিন্দুৰ জনসংখ্যা কমিছে, মুছলমানৰ বাঢ়িছে'- এইবোৰ কথাৰ চৰ্চা হ'ব ধৰিছে। আমি ভাবো- ইয়াৰ জৰিয়তে লোকসভা নিৰ্বাচনৰ সময়লৈকে দেশত পুনৰ এক সাম্প্ৰদায়িক মেৰু বিভাজনৰ পথ প্ৰশস্ত কৰি তোলাৰ চেষ্টা চলোৱা হৈছে, যাতে মুল সমস্যাবোৰ পাহৰাই ৰাখি শাসক পক্ষই নিজৰ ব্যৰ্থতা ঢাকি ৰাখিব পাৰে। অৱশ্যে দেশৰ জনসাধাৰণে তাক গ্ৰহণ কৰা-নকৰাৰ ওপৰতে নিৰ্ভৰ কৰিব শাসকীয় ৰাজনীতিৰ ভৱিষ্যৎ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in