কৃষক বিৰোধী চৰকাৰ

কৃষক বিৰোধী চৰকাৰ


কিছুদিন আগতে প্ৰকাশ পোৱা দুটাকৈ কেন্দ্ৰীয় চৰকাৰী সংস্থাৰ প্ৰতিবেদনে দেশৰ কৃষক ৰাইজৰ আৰ্থ-সামাজিক দুৰ্দৰ্শাৰ ছবি প্ৰকট কৰি তুলিছে। এই বিষয়বোৰক লৈ সাধাৰণতে মূলসুঁতিৰ প্ৰচাৰ মাধ্যমত বৰ বিশেষ চৰ্চা নহয়। অথচ প্ৰায় ১০ মাহজোৰা কৃষকৰ ধাৰাবাহিক আন্দোলন ৰাজধানী দিল্লীৰ সীমান্ত অঞ্চলকে ধৰি দেশৰ অন্য প্ৰান্তলৈকে বিয়পি পৰিছে। তিনিখনকৈ কৃষি আইন প্ৰত্যাহাৰৰ দাবীত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ কৃষকৰ ইচ্ছ্যুটোৰ পৰা জনসাধাৰণৰ দৃষ্টি অন্যফালে ঢাল খুৱাবলৈকে ইতিমধ্যে শাসক পক্ষৰ প্ৰত্যক্ষ তথা পৰোক্ষ উদ্যোগত আন কিছুমান বিষয়ক প্ৰসাংগিকতা অনাৰ চেষ্টা চলোৱাৰ হৈছে বুলিও বহুতে অভিযোগ উত্থাপন কৰিছে। তাৰ পাছতো কিন্তু কৃষকৰ প্ৰতিবাদ স্তব্ধ হৈ পৰা নাই। বৰং নতুন ৰূপত তাৰ বিস্তৃতি ঘটাহে পৰিলক্ষিত হৈছে। কেন্দ্ৰীয় চৰকাৰে প্ৰতিবাদী কৃষকক সন্তুষ্ট কৰিবলৈ নানা আঁচনিৰ কথা ঘোষণা কৰিছে যদিও কাৰ্যক্ষেত্ৰত ইয়াৰ সুফল লাভ কৰা নাই কৃষক ৰাইজে। নেচনেল ছেম্পল ছাৰ্ভে অফিচ চমুকৈ এন এছ এছ অ' আৰু দি কমিছন ফৰ এগ্ৰিকালছাৰেল কষ্ট এণ্ড প্ৰাইচেজ চমুকৈ চি এ চি পি নামৰ সংস্থা দুটাৰ শেহতীয়া প্ৰতিবেদনেও এই কথাই স্পষ্ট কৰিছে। এন এছ এছ অ' আৰু দি কমিছন ফৰ এগ্ৰিকালচাৰেল কষ্ট এণ্ড প্ৰাইচেজ চমুকৈ চিএচিপিৰ নামৰ সংস্থা দুটাৰ শেহতীয়া প্ৰতিবেদনেও এই কথাই স্পষ্ট কৰিছে। এন এছ এছ অ'ৰ উক্ত প্ৰতিবেদনত উল্লিখিত কৃষক পৰিয়ালৰ আয় সম্পৰ্কীয় তথ্য অনুসৰি দেশৰ প্ৰতিটো কৃষক পৰিয়ালে প্ৰায় ১০২০০ টকা মাহিলি আয় কৰে। ২০১৩ চনত ইয়াৰ পৰিমান আছিল প্ৰায় ৬৪০০ টকা। সাধাৰণতে এন এছ এছ অ'ৰ প্ৰতিবেদন প্ৰতি ৫ বছৰৰ মূৰে মূৰে প্ৰকাশ পায় যদিও এইবাৰ ছবছৰৰ মূৰত কৃষকৰ আয়-ব্যয় সম্পৰ্কীয় প্ৰতিবেদন ওলাইছিল। সেই হিচাপত ২০১৩চনৰ পৰা কৃষক পৰিয়ালৰ আয় প্ৰায় ৪০০০ টকা বৃদ্ধি পাইছে। কিন্তু বাস্তৱ সত্যটো সেয়া নহয়। কৃষক পৰিয়ালৰ মাহিলি আয় ১০২০০ টকাৰ ভিতৰত খেতি বাৰীৰ পৰা হোৱা আয়ৰ পৰিমান হৈছে মাত্ৰ ৩৭৯৮ টকা। সেইদৰে ২০১৩চনৰ প্ৰতিবেদন মতে কৃষকে খেতি বাৰীৰ পৰা লাভ কৰা আয়ৰ পৰিমান আছিল ৬৪০০ টকাৰ মুঠ আয়ৰ ভিতৰত মাত্ৰ ৩০৮১ টকা। অৰ্থাৎ বিগত ৫ বছৰত দেশৰ কৃষকৰ খেতি বাৰীৰ পৰা লাভ কৰা আয় দৰাচলতে ৩০৮১ টকাৰ পৰা ৩৭৯৮ টকালৈকেহে বৃদ্ধি পাইছে। আমি মূল্যবৃদ্ধিৰ প্ৰকোপ বা অন্য কাৰকবোৰৰ পৰা নকলোৱেইবা! প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু তেওঁৰ চৰকাৰে কৃষকৰ আয় দুগুণ কৰাৰ যি প্ৰতিশ্ৰুতি দি আহিছিল, সেয়া যে, কোনোপধ্যে কাৰ্যকৰী নহ'ল তাক এন এছ এছ অ'ৰ প্ৰতিবেদনেও এক প্ৰকাৰ উদঙাই দিছে। অথচ সেই প্ৰতিবেদনক কেন্দ্ৰ কৰি কৃষকৰ আয় লক্ষণীয় ৰূপত বৃদ্ধি পাইছে বুলি চৰকাৰী মহলত ব্যাপক প্ৰচাৰ চলোৱা হৈছে। এতিয়া আহো, কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ আয়োগ দি কমিছন ফৰ এগ্ৰিকালচাৰেল কষ্ট এণ্ড প্ৰাইচেজ চমুকৈ চি এ চি পিয়ে প্ৰকাশ কৰা এম এছ পি অৰ্থাৎ কৃষিজাত সামগ্ৰীৰ ন্যূনতম সমৰ্থন মূল্য সম্পৰ্কীয় শেহতীয়া প্ৰতিবেদনৰ বিষয়টোলৈ। আজি বহু বছৰ ধৰি কৃষক সংগঠনবোৰে ন্যূনতম মূল্যৰ আইনী গেৰান্টিৰ দাবী কৰি আহিছে। চৰকাৰে উচিত মূল্যৰ বিনিময়ত কৃষকৰ পৰা বিভিন্ন প্ৰকাৰৰ খাদ্য শস্য ক্ৰয় কৰাৰ ক্ষেত্ৰত আজি কিছু বছৰ আগতে কেন্দ্ৰৰ দ্বাৰা গঠিত স্বামীনাথন আয়োগৰ প্ৰতিবেদনতো কোৱা হৈছিল যে প্ৰতিবিধ শস্যৰ খেতিৰ বাবদ ব্যয় হোৱা সমগ্ৰ ধনৰ ডেৰ গুণৰ হিচাপত ন্যূনতম সমৰ্থন মূল্য নিৰ্ধাৰণ হোৱা উচিত। কিন্তু এই ক্ষেত্ৰত কেন্দ্ৰই শস্য ক্ৰয় কৰে আৰু তাৰ বিনিময়ত কিমান পৰিমানৰ ন্যূনতম সমৰ্থন মূল্য কৃষকক আদায় দিয়ে, তাৰ শেহতীয়া সমীক্ষাই প্ৰকৃত সত্য পোহৰলৈ আনিছে। চি এ চি পিৰ সেই সমীক্ষাত কোৱা হৈছে যে এইবাৰ সমগ্ৰ দেশত চৰকাৰে মুঠ উৎপাদনৰ মাত্ৰ ৪০ শতাংশ ঘেঁহু, ৩৯ শতাংশ ধান, ৫ শতাংশ বুটমাহ ক্ৰয় কৰিছে। সেই হিচাপে চৰকাৰে ক্ৰয় কৰা মগুমাহৰ পৰিমান মাত্ৰ ৫ শতাংশ আৰু মচুৰ আৰু চয়াবিনৰ ০ শতাংশ। গতিকে ভাৰতৰ প্ৰধান খাদ্য হিচাপে চিহ্নিত ধান আৰু ঘেহুঁত বাহিৰে কেন্দ্ৰই কৰ্য় কৰা কৃষিজাত সামগ্ৰীৰ পৰিমান অতি নগণ্য। তেনেক্ষেত্ৰত চৰকাৰে এম এছ পিক লৈ নিজৰ সাফল্যৰ জয়জয়কাৰ ঘোষণা কৰাটো দৰাচলতে এক অপপ্ৰচাৰৰ বাহিৰে আন একো নহয়। সেইদৰে চি এ চি পিয়ে চলোৱা আন এক সমীক্ষাত দেখা গৈছে যে দেশৰ মাত্ৰ ৩৬ শতাংশ কৃষকেহে ন্যূনতম সমৰ্থন মূল্যৰ বিষয়ে জানে আৰু মাত্ৰ ২৭ শতাংশ কৃষক কৃষিজাত সামগ্ৰী ক্ৰয় কৰি ন্যূনতম সমৰ্থন মূল্য আদায় কৰা প্ৰক্ৰিয়াৰ বিষয়ে জ্ঞাত। ইয়াৰ অৰ্থ হ'ল- দেশৰ অধিকাংশ কৃষকেই ন্যূনতম সমৰ্থন মূল্য সন্দৰ্ভত অজ্ঞ আৰু তেওঁলোক সেয়া লাভ কৰাৰ পৰা বঞ্চিত। আমি ক'ব খোজা নাই যে কেন্দ্ৰীয় চৰকাৰে দেশৰ কৃষকৰ দ্বাৰা উৎপাদিত খাদ্য শস্যৰ বেছি ভাগেই ক্ৰয় কৰিব লাগিব। কিন্তু কেন্দ্ৰ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু খাদ্য সুৰক্ষা আইনৰ অধীনত যি ২৩ বিধ খাদ্য শস্যৰ ন্যূনতম সমৰ্থন মূল্য নিৰ্ধাৰণ কৰাৰ দায়িত্ব চিএচিপিৰ দৰে সংস্থাক দিছে, তাৰ কাম-কাজ সুচাৰুৰূপে কাৰ্যকৰী হোৱাটো নিশ্চিত হ'ব লাগে। ইয়াৰ লগতে যিবোৰ মুনাফাখোৰ ব্যৱসায়িক সংস্থাই খেতিয়কৰ পৰা অতি কম দামত খাদ্য শস্য ক্ৰয় কৰিছে, তেওঁলোকক আইনগতভাৱে নিয়ন্ত্ৰণো কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰই খাদ্য শস্যৰ আমদানি ৰপ্তানি নীতিৰ ক্ষেত্ৰতো কৃষকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লক্ষ্যৰে ব্যাপক সালসলনি ঘটাব লাগিব। দুই তিনি বছৰ আগতে কেন্দ্ৰীয় চৰকাৰে কৈছিল যে ভাৰতে জিম্বাব'ৱে আৰু কানাডাৰ দৰে দেশৰ পৰা বিভিন্ন ৰকমৰ দাইল আমদানি কৰিব লাগে, অথচ আমাৰ কৃষকৰ দৰে দেশৰ পৰা চৰকাৰে দাইল শস্য ক্ৰয় কৰিব নোৱাৰে। ই কেনে কথা! দৰাচলতে বৃহৎ পুঁজিপতি গোষ্ঠী আৰু দেশ-বিদেশৰ বহুজাতিক কোম্পানীক লাভান্বিত কৰাৰ নীতিহে কেন্দ্ৰই কাৰ্যকৰী কৰি আহিছে। আমাৰ দেশৰ কৃষি ক্ষেত্ৰখনক দেশীয় অৰ্থনীতিত উজলাই তোলাৰ কোনো পৰিকল্পনা নথকা এই চৰকাৰৰ কৃষক বিৰোধী নীতি নিশ্চয়কৈ গৰিহণাযোগ্য।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in