কৃষক শক্তি

কৃষক শক্তি

কৃষক বিদ্ৰোহক লৈ হোৱা নিজৰ বিব্ৰত অৱস্থাটো মোডী চৰকাৰে ঢাকি ৰাখিব পৰা নাছিল ঠিকেই, পিচে আচম্বিতে এনেদৰে যে তিনিওখন বিতর্কিত আইনে বাতিল কৰাৰ সিদ্ধান্ত ল'বলগাত পৰিব তাৰ পূৰ্বাভাস ক'তো নাছিল। সম্ভৱতঃ ক্ষমতাৰ পৰা খহি পৰাৰ ভয়। এই মুহূৰ্তত ৰাজনৈতিক টিপ্পনীকাৰসকলে এনেদৰেই ভাবিবলৈ লৈছে। শুকুৰবাৰে পুৱাতেই দেশবাসীলৈ দিয়া ভাষণত প্রধানমন্ত্রী মোডীয়ে আশ্বাস দিছে যে অহা শীতকালীন অধিৱেশনতে এই আইন তিনিখন পুনর্বিচাৰৰ বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব। তেওঁ আন্দোলনৰত কৃষকক বিনয়েৰে অনুৰোধ কৰি কৈছে— এতিয়া ঘৰৰ মানুহ ঘৰলৈ উভতি যাওক। খেতি-বাতিত মনোযোগ দিয়ক।

মোডীৰ ভাষণত আশ্বাস-প্রতিশ্রুতি থাকিলেও তেওঁৰ কণ্ঠত আছিল এক প্ৰচ্ছন্ন উদ্বিগ্নতাও। সুদীর্ঘ এটা বছৰে আঁকোৰগোজ হৈ থাকি প্রতিবাদী কৃষকক বৰ্বৰভাৱে নিৰস্ত কৰাৰ চেষ্টা অব্যাহত ৰাখি শেষত হঠাতে এনেদৰে চৰকাৰৰ বোধোদয় হোৱাত কৃষক সমাজ আশ্বস্ত হ'ব পৰা নাই। চৰকাৰৰ এই বোধোদয়ক লৈ সন্দেহ প্রকাশ কৰি ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা ৰাকেশ টিকাইটে কৈছে— চৰকাৰৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী নোহোৱালৈকে কৃষকৰ প্ৰতিবাদ চলি থাকিব। স্মর্তব্য যে নেতাগৰাকীয়ে কিছুদিন আগতে চৰকাৰক হুমকি দিছিল যে যদি ২৬ নৱেম্বৰৰ ভিতৰত আইন তিনিখন বাতিলৰ ব্যৱস্থা কৰা নহয়, তেনেহ'লে ট্রেক্টৰেৰে সংসদ ভৱনত অভিযান চলাব বিদ্রোহী কৃষকসকলে।

বিগত এটা বছৰে অবিচলিত হৈ থকা কৃষকসকলৰ এনে হুমকি মোডী চৰকাৰৰ বাবে অৱশ্যেই আছিল উদ্বেগৰ কাৰণ। কিয়নো যদি পঞ্জাব তথা উত্তৰ ভাৰতৰ কৃষকসকলে এনে হঠকাৰী কাণ্ড ঘটায়, তাৰ পৰিণতি হয়তো সমগ্ৰ দেশৰ বাবেই হ'ব ক্ষতিকাৰক। সবাতোকৈ অধিক ভৰণি হ'ব কেন্দ্ৰৰ বিজেপি চৰকাৰৰ, কিয়নো অহা বছৰৰ প্রথম ভাগতে অনুষ্ঠিত হ'ব পাঁচখন ৰাজ্যৰ নিৰ্বাচন। মণিপুৰ আৰু গোৱাক বাদ দি পঞ্জাব, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড— এই তিনিওখন ৰাজ্যই হ'ল উত্তৰ ভাৰতৰ অংশ, য'ত কৃষক আন্দোলনৰ ঘটনাক্রমে পোনপটীয়াকৈ প্ৰভাৱিত কৰি ৰাখিছে।

দেশত বিজেপি আৰু তেওঁলোকৰ মিত্রবাহিনীৰ দিনকাল যে বৰ ভাল চলা নাই, সেয়া এই বছৰতে হৈ যোৱা ৰাজ্যৰ নিৰ্বাচনসমূহৰ জৰিয়তে আভাস ফুটি উঠিছে। উপ-নির্বাচনতো (অসমক বাদ দি) বিজেপিৰ কু-দশা স্পষ্ট। বিজেপিয়ে ঠিকেই বুজি পাইছে যে পঞ্জাব, উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ডৰ আগত নিৰ্বাচনৰ ফলাফলে বিজেপিৰ ভৱিষ্যৎ নির্ণয় কৰি দিব। এনে অৱস্থাত নিশ্চয় দলটোৱে বিপদ চপাই ল'ব খোজা নাই, স্বাভাৱিকতে ৰাজনৈতিক বিশ্লেষকসকলৰ ধাৰণা যে দল আৰু চৰকাৰক সুৰক্ষিত কৰি ৰখাৰ পৰিকল্পনাৰে নিশ্চয় লোৱা হৈছে তিনিওখন কৃষি আইন বাতিলকৰণৰ সিদ্ধান্ত।

পিচে প্ৰশ্নটো হৈছে যদি পাঁচ ৰাজ্যৰ নির্বাচন সন্মুখত নাথাকিলহেঁতেন, তেনেহ'লে চৰকাৰৰ বোধোদয় সম্ভৱ নহ'লহেঁতেননে? উল্লেখ্য, কৃষক আন্দোলনৰ ৪৪ টা দিন পাৰ হৈ যোৱাৰ পিচত প্ৰায় দুকুৰি কৃষক সংগঠনৰ স'তে আলোচনাত বহি কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে ঘোষণা কৰিছিল যে কোনো কাৰণতে কৃষি আইন তিনিখন বাতিল কৰা নহ'ব। কিন্তু আজি প্ৰায় এঘাৰ মাহৰ পিচত সেই সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ'ল চৰকাৰ। কৃষি আইন সন্দৰ্ভত এই আপোচে বিজেপিক নিৰ্বাচনত কি সহায় কৰিব সেয়া এতিয়াই স্পষ্ট নহ'লেও মোডী চৰকাৰক যে কেইখোজমান পিচলৈ ঠেলি দিলে সেয়া নিশ্চিত।

কোৱা বাহুল্য যে কৃষক আন্দোলনৰ ফলত ইতিমধ্যে দেশৰ অৰ্থনীতিৰ বিস্তৰ ক্ষতি হ'ল। চৰকাৰৰ আঁকোৰগোজ স্থিতি আৰু অদূৰদৰ্শিতাৰ বাবে বহু কৃষকে প্রাণ হেৰুৱালে। চৰকাৰে উক্ত আইন তিনিখনেৰে দেশৰ কৃষক সমাজৰ উপকাৰ সাধিব বুলি যিমানে নকওক কিয়, পথাৰত হাতে কামে কৰি জীৱন নিৰ্বাহ কৰা কৃষক সমাজে ঠিকেই বুজিছিল যে উক্ত কৃষি আইন তিনিখনে যদি কাৰোবাৰ উপকাৰ সাধিব, তেনেহ'লে পুঁজিপতিৰেহে সাধিব আৰু কৃষিপণ্যৰ ব্যৱসায় কৰা পুঁজিপতিৰ গোলামত পৰিণত হ'ব লাগিব দেশৰ কৃষক সমাজ। বিতর্কিত কৃষি আইন বাতিল কৰিব বুলি চৰকাৰে লোৱা এই সিদ্ধান্তই যে কেৱল দেশৰ কৃষক সমাজক উৎফুল্লিত কৰিব তেনে নহয়, মনোবল বঢ়াব সকলো গণতান্ত্রিক প্রতিবাদী শক্তিকো। কাৰণ সুদীৰ্ঘ এবছৰীয়া এই কৃষক সংগ্রামে ইয়াকো প্ৰমাণ কৰি দেখুৱালে যে সংগঠিত প্রতিবাদী গণতান্ত্রিক আন্দোলনৰ ফল অথলে নাযায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in