মিত্ৰতাৰ ৰাজনীতি

মিত্ৰতাৰ ৰাজনীতি

বিধানসভা নিৰ্বাচনৰ পিচৰ পাঁচটা মাহ উকলিবৰ নৌহওঁতেই ৰাজ্যত কেইবাটাও সমষ্টিৰ উপ-নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ হৈছে। ক'ভিডজনিত পৰিস্থিতি স্বাভাৱিক হ'লেই হয়তো কিছুদিনৰ ভিতৰতে সেই সমষ্টিকেইটাৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা হ'ব। এই উপ-নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনত সম্প্ৰতি উথপথপ লাগিছে।

দুগৰাকী নিৰ্বাচিত বিধায়কৰ মৃত্যুৰ পিচত খালী হোৱা সমষ্টি দুটাকে ধৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিনিধিত্ব কৰা বিধানসভা সমষ্টিটো আৰু বাকী দুটা সমষ্টিৰ বিধায়কদ্বয়ে নিজ দল এৰি শাসক দলত চামিল হোৱাৰ বাবেই এই উপ-নিৰ্বাচন অৱধাৰিত হৈ পৰিছে। স্বাভাৱিকতে শাসক-বিৰোধী উভয় পক্ষৰ মাজত এতিয়া চলিছে নিৰ্বাচনী অংক- কোনে কেইটা সমষ্টি দখল কৰিবলৈ সক্ষম হ'ব?

এনে প্ৰেক্ষাপটতে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটৰ অংশীদাৰী দলসমূহৰ নিৰ্বাচনী হিচাপ-নিকাচ আৰম্ভ হৈছে। তাৰ সমান্তৰাকৈ ক্ষমতা অবিহনে অস্থিৰ হৈ পৰা একাংশ বিধায়ক, নেতা-পালিনেতাৰ দল বাগৰা ৰাজনীতিও তুংগত উঠিছে। বুধবাৰে বিৰোধী পক্ষৰ দখলত থকা আৰু এটা সমষ্টিৰ বিধায়কগৰাকীয়ে গৈ শাসক দলত যোগদান কৰিছে।গতিকে দিন যোৱাৰ লগে লগে উপ-নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিৰ সংখ্যাও ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ সম্ভাৱনাই দেখা দিছে।

তাৎপৰ্যপূৰ্ণভাৱে বিৰোধী দলৰ যিজন বিধায়কে নিজ দল ত্যাগ কৰি শাসকীয় বিজেপিত যোগদান কৰিছে, তেওঁৰ দলটোকে বিৰোধী মহাজোঁটৰ পৰা বাদ দিয়াৰ আনুষ্ঠানিক সিদ্ধান্ত লোৱা হৈছে। দেখা গৈছে যে কেৱল জনপ্ৰতিনিধিসকলে বিৰোধী দলৰ পৰা গৈ শাসক দলত চামিল হোৱাই নহয়; বৰং বিৰোধীৰ মহাজোঁটৰ মাজতো ভাঙোন প্ৰক্ৰিয়া ত্বৰান্বিত হৈছে।

এইধৰে প্ৰচলিত নীতি-আদৰ্শহীন এক ৰাজনৈতিক বাতাৱৰণত কোনে কাৰ সৈতে মিত্ৰতাত আবদ্ধ হৈ পৰিছে অথবা মিত্ৰতা ভংগ কৰিছে, সেয়া আজিকালি বিশেষভাৱে চৰ্চাৰ বিষয় হৈ থকা নাই। সেইদৰে একো একোজন জনপ্ৰতিনিধিয়ে নিৰ্বাচনৰ পিচত একমাত্ৰ ব্যক্তিগত স্বাৰ্থক সুৰক্ষিত ৰখাৰ তাগিদাতে মুহূৰ্তৰ ভিতৰত বিৰোধী পক্ষৰ পৰা গৈ শাসক পক্ষৰ দলত চামিল হৈ পৰা বিষয়টোকো ৰাইজে সাধাৰণভাৱে গ্ৰহণ কৰিবলৈ লৈছে।

অৱশ্যে নিজৰ ক্ষমতালোভী চৰিত্ৰৰ স্বৰূপটো ঢাকি ৰাখিবলৈকে দল বাগৰা নেতাসকলে আনুষ্ঠানিকভাৱে নীতিগত প্ৰশ্ন বুলি একো নাই। ভোটাৰ ৰাইজৰ প্ৰতি থকা দায়বদ্ধতাৰ ক্ষত্ৰতো একেই কথা খাটে। কিন্তু ৰাইজো এইক্ষেত্ৰত আজিকালি বিভান্ত্ৰ নহয়।কাৰণ নেতাসকলে গঢ় দিয়া এনে ৰাজনৈতিক সংস্কৃতিক লৈ সকলো অভ্যস্ত হৈ পৰিছে।

আইনগতভাৱে দলত্যাগবিৰোধী আইনৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে ল'বলগীয়া ব্যৱস্থাৰ কথা সুকীয়া। এইদৰে আমাৰ দেশৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে কেইবাখনো চৰকাৰ ভাগিছে, আকৌ পিচত নতুন চৰকাৰ গঠনো হৈছে। এইক্ষেত্ৰত উপ-নিৰ্বাচনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমাৰ ৰাজ্যখনত অনুষ্ঠিত হ'বলগীয়া এইবাৰৰ উপ-নিৰ্বাচনে বৰ্তমানৰ মিত্ৰজোঁটৰ চৰকাৰখনৰ অস্তিত্বক কোনোধৰণে প্ৰভাৱিত কৰিব নোৱাৰে।

যিহেতু আসনৰ হিচাপত তেওঁলোকৰ প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা অটুট আছে। আনকি আটাইকেইটা সমষ্টি বিৰোধীয়ে দখল কৰিলেও শাসক পক্ষৰ বাবে চিন্তাৰ কাৰণ নাই। তথাপি উপ-নিৰ্বাচনটো তেওঁলোকৰ বাবে হৈ পৰিছে সন্মান ৰক্ষাৰ যুঁজ। এতিয়া দেখা গৈছে যে অসমত কাৰ্যতঃ কংগ্ৰেছ-বিজেপি অথবা শাসক-বিৰোধী বুলি কোনা কথা নাই। অধিকাংশ নেতাই কংগ্ৰেছৰ পৰা গৈয়েই বিজেপিত চামিল হৈছে।

আকৌ যিটো দলৰ লগ লাগি যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ বিৰোধী মহাজোঁট গঠনৰ প্ৰথমটো ঢাপ আগবাঢ়িছিল, সেই দলটোৰ লগতে এতিয়া আনুষ্ঠানিকভাৱে মিত্ৰতা ভংগ কৰা হৈছে। তাৰ বিপৰীতে বিৰোধী মহাজোঁটত নতুন আঞ্চলিক দল দুটাক লগ লগোৱাৰ প্ৰক্ৰিয়া চলিছে। বহুতৰ মতে উপ-নিৰ্বাচনক লক্ষ্য কৰিয়েই অসমত নতুন ৰাজনৈতিক প্ৰেক্ষাপট তৈয়াৰ হৈছে।

অৱশ্যে সৰ্বভাৰতীয় পৰ্যায়ত ২০২৪ চনৰ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিৰোধী ঐক্য গঢ়ি তোলাৰ ক্ষেত্ৰত আঞ্চলিক শক্তিসমূহৰ উদ্যোগত যিধৰণৰ ৰাজনৈতিক সক্ৰিয়তা দেখা গৈছে, তাৰ আলমতে অসমতো বিজেপিবিৰোধী দলবোৰ তৎপৰ হৈ পৰিছে বুলি ধাৰণা কৰা হৈছে। মুঠতে বিৰোধীয়ে ক্ষমতা দখল কৰা আৰু শাসকক ক্ষমতাৰ পৰা আঁতৰোৱাৰ নামত অসমতো মিত্ৰতাৰ নতুন ৰাজনীতি আৰম্ভ হৈছে। এই ৰাজনীতিয়ে যে অহা দিনবোৰত এক বিশেষ পৰ্যায়ত উপনীত হ'বগৈ, তাৰ আবাস ইতিমধ্যে পোৱা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in