ভাৰতীয়ৰ হাহাকাৰ

ভাৰতীয়ৰ হাহাকাৰ

ৰাছিয়াৰ অপ্রত্যাশিত আক্রমণে ইউক্রেইনত আবদ্ধ হৈ থকা হেজাৰ হেজাৰ ভাৰতীয় শিক্ষার্থী, নাগৰিকক এনে এক দুর্যোগত পেলাইছে, যিটো তেওঁলোকে দহ দিনৰ আগলৈকে কল্পনাই কৰিব পৰা নাছিল। ৰাজধানী কিয়েভ আৰু অন্যান্য চহৰত বসবাস কৰা এই ভাৰতীয়সকলৰ অধিকাংশই চিকিৎসা বিজ্ঞানৰ শিক্ষার্থী। কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত গ্রহণত হোৱা বিলম্বৰ বাবেই মূলতঃ তাত থকা এই ভাৰতীয়সকলে যুদ্ধৰ বিভীষিকাময় পৰিস্থিতিৰ মাজত অনিশ্চয়তা আৰু উদ্বেগেৰে দিন কটাবলগা হৈছে আৰু ভাৰতত থকা পৰিয়ালবিলাকে কটাবলগা হৈছে দুশ্চিন্তাৰ বিনিদ্ৰ ৰজনী।

এইসকলৰ মাজত অসমৰো ভালেসংখ্যক ল'ৰা-ছোৱালী আছে। ৰাছিয়াই ইউক্রেইন সীমান্তত যেতিয়া বিপুলসংখ্যক সৈন্যৰ সমাবেশ ঘটাইছিল, তেতিয়াই কেন্দ্ৰীয় চৰকাৰৰ বিদেশ মন্ত্রালয়ে পৰিস্থিতিৰ গভীৰতা অনুধাৱন কৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হলে হয়তো যুদ্ধজৰ্জৰ দেশখনত ভাৰতীয়সকলৰ নাজল-নাথল অৱস্থা নহ'লহেঁতেন। কিন্তু কেন্দ্ৰীয় চৰকাৰে ভাৰতীয়সকলক অস্থায়ীভাৱে ইউক্রেইন ত্যাগৰ নিৰ্দেশনাটো জাৰি কৰাত বহু পলম কৰিলে আৰু তেতিয়ালৈ ৰকেট, গোলা-বাৰুদ, ক্ষেপণাস্তুৰ গুমগুমনিয়ে দেশখনৰ জীৱন যাত্ৰা বাধাগ্রস্ত কৰি পেলালেই।

শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে ইউক্ৰেইনত আবদ্ধ হৈ পৰা ভাৰতীয়সকলক উদ্ধাৰ কৰি দেশলৈ ঘূৰাই আনিবলৈ বিশেষ তৎপৰতা অবলম্বন কৰা পৰিলক্ষিত হৈছে। কিন্তু ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতক লৈ ভাৰতে গ্ৰহণ কৰা বৰ্তমানৰ স্থিতি এই লোকসকল তাৰ পৰা ওলাই অহাৰ ক্ষেত্ৰত হৈ পৰিছে এক অনাকাংক্ষিত প্রতিবন্ধকতা। বৰ্তমানৰ ব্যবস্থামতে ভাৰতীয়সকলক পশ্চিম ইউক্রেইন সীমান্তলৈ আহি সীমান্ত পাৰ হৈ পোলেণ্ড, হাংগেৰী আৰু ৰোমানিয়াত প্ৰৱেশ কৰিবলৈ কোৱা হৈছে আৰু তাৰ পৰাই তেওঁলোকক ভাৰতীয় বিমানেৰে দেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা লোৱা হৈছে।

সেইমতে প্রথমাৱস্থাত কিছুসংখ্যক ভাৰতীয় সীমান্তৰে পাৰ হৈ পোলেণ্ডত উপস্থিত হৈ ভাৰতলৈ ঘূৰি আহিল। কিন্তু যোৱা দুই-তিনি দিনত ইউক্রেইনৰ সীমান্তৰক্ষীসকলে ভাৰতীয়সকলক সীমান্ত পাৰ হ'বলৈ নিদিয়াৰ অভিযোগ উঠিছে। বহু ভাৰতীয়ক ইউক্ৰেইনৰ সৈন্যই লাঠিৰে প্ৰহাৰ কৰি, গুৰিয়াই, জলকীয়া-জালুকৰ গুড়ি ছটিয়াই ইউক্রেইনলৈ ওভতাই পঠিয়াইছে। একাংশ ছাত্রী-যুৱতীক চুলিত ধৰি টানি সীমান্তৰ পৰা খেদি পঠোৱাৰো অভিযোগ উঠিছে, যাৰ বাবে সীমান্ততে ভাৰতীয় শিক্ষাৰ্থীসকলে এই অত্যাচাৰৰ প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে।

ভাৰতে ইউক্রেইনৰ হৈ মাত নমতাৰ বাবে আৰু নিৰপেক্ষতা'ৰ নামত প্ৰকাৰান্তৰে ৰাছিয়াৰ পক্ষ লোৱাৰ বাবেই ইউক্রেইনৰ সৈন্যই ভাৰতীয় উদ্বাস্তুসকলক এনে দুৰ্ব্যৱহাৰ কৰা বুলি সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পাইছে। যদি এই কথা সঁচা হয়, তেনেহ'লে তাত আবদ্ধ ভাৰতীয়সকল পৰৱৰ্তী দিনবোৰত অধিক গুৰুতৰ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ আশংকা থাকিব।

কেন্দ্ৰীয় চৰকাৰে কূটনৈতিক তৎপৰতাৰে বিষয়টো মীমাংসা কৰাটো জৰুৰী। অৱশ্যে কেন্দ্ৰই যোৱা দুদিনত এইক্ষেত্ৰত কিছু তৎপৰতা অৱলম্বন নকৰা নহয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে দেওবাৰ আৰু সোমবাৰে ২৪ ঘণ্টাত তিনিখন উচ্চস্তৰীয় বৈঠকত যুদ্ধ পৰিস্থিতিৰ পৰ্যালোচনা কৰি ইউক্রেইনলৈ ঔষধকে ধৰি অন্যান্য মানৱীয় সাহায্য প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে আবদ্ধ ভাৰতীয়সকলক দেশলৈ ঘূৰাই অনাৰ ব্যৱস্থাৰ তদাৰক কৰাৰ বাবে চাৰিগৰাকী মন্ত্ৰী ক্ৰমে জ্যোতিৰাদিত্য সিন্ধিয়াক ৰোমানিয়া আৰু ম'লড'ভা, কিৰেন ৰিজিজুক শ্ল'ভাকিয়া, হৰদীপসিং পুৰীক হাংগেৰী আৰু ভি কে সিঙক পোলেণ্ডলৈ প্ৰেৰণ কৰিছে।

ইফালে ৰাছিয়ান টেংকৰ এক বিশাল কনভয় মোক্ষম আঘাত হনাৰ লক্ষ্যৰে কিয়েভলৈ অগ্ৰসৰ হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে মঙলবাৰে জাৰি কৰা এক নতুন নির্দেশনাৰ জৰিয়তে যেনেকৈ পাৰে ভাৰতীয়সকলক অনতিপলমে কিয়েভ ত্যাগৰ নিৰ্দেশ দিছে। আতংকিত ভাৰতীয়সকলৰ কোনোৱে বাংকাৰত, আন কোনোৱে অন্য সুৰক্ষিত স্থানত থাকি কেনেকৈ ভাৰতলৈ উভতিব পাৰে তাৰ প্রতীক্ষা কৰি আছে। বজাৰ বন্ধ, খাবলৈ বস্তু নোহোৱা হৈ আহিছে।

ইফালে কিয়েভ ত্যাগ কৰাটোও সহজসাধ্য নহয়। মেট্ৰ' আৰু অন্য ৰে'ল ষ্টেচনত বিশাল মানুহ, অন্য গাড়ী যোগাৰ কৰাটোও সহজ হৈ থকা নাই। ইফালে সীমান্তত ইউক্রেইনৰ ৰক্ষীৰ অত্যাচাৰ, দীঘলীয়া শাৰী, নিশাৰ ভাগত প্রবল শীতৰ প্ৰকোপ। অগ্ৰসৰ হোৱা ৰুছ বাহিনীয়ে আক্ৰমণ কৰি কিয়েভ ক্ষত-বিক্ষত কৰাৰ পূৰ্বে ভাৰতীয়সকল তাৰ পৰা ওলাই নিৰাপদ স্থানলৈ যাব পাৰিবনে, এই মুহূৰ্তত সেইটোৱেই গুৰুত্বপূৰ্ণ প্রশ্ন।

এইসকলৰ মাজত নতুনকৈ পঢ়িবলৈ যোৱা কম বয়সীয়া ছোৱালীও আছে, যি ভালদৰে বাট-পথ চিনিও নাপায়, পদে পদে জড়িত হৈ আছে নিৰাপত্তাৰ প্রশ্ন। এইসকলক কেনেকৈ উদ্ধাৰ কৰি দেশলৈ ঘূৰাই আনিব পাৰে, কি কূটনীতিৰে সন্মুখীন হোৱা সংকটৰ মীমাংসা কৰিব পাৰে, কেন্দ্ৰীয় চৰকাৰৰ সন্মুখত এই মুহূৰ্তত ইয়েই আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in