কেন্দ্রীয় বাজেট

কেন্দ্রীয় বাজেট

কোৰোনা মহাব্যাধীয়ে সৃষ্টি কৰা অভূতপূর্ব সংকট আৰু ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক পৰিস্থিতিয়ে জনজীৱনলৈ কঢ়িয়াই অনা অনিশ্চয়তাৰ বাতাৱৰণৰ মাজত আজি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদৰ মজিয়াত দাখিল কৰিলে ২০২২-২৩ বৰ্ষৰ কেন্দ্ৰীয় আৰু ৰে'ল বাজেট। দেশৰ গৰিষ্ঠসংখ্যক লোক আর্থিক সংকটত জুৰুলা হোৱা তথা কৰ্মচ্যুত কিম্বা সংস্থাপনহীনতাৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ বাজেটখনলৈ জনসাধাৰণে অতি আশাৰে বাট চাই আছিল— চৰকাৰে কেনেকৈ এই অৱস্থাৰ পৰা দেশবাসীক উদ্ধাৰ কৰি বিকাশৰ দিশেৰে আগবঢ়াই নি নিৰাপত্তাৰ ভাব জাগ্রত কৰিব।

বিশেষকৈ বিগত সময়ছোৱাত অসংগঠিত খণ্ডই সন্মুখীন হোৱা ভয়ানক সমস্যাৰ সমাধানৰ কি পথ নির্দেশনা দিব তাক লৈ উৎসুক-উদগ্ৰীৱ হৈ আছিল জনসাধাৰণ। এনে প্রেক্ষাপটত আজি দাখিল কৰা বাজেটখনত জনসাধাৰণক উচ্ছ্বসিত কৰি তুলিব পৰা বিশেষ দিশ নাথাকিলেও দেখা গ'ল চৰকাৰে কিছু পৰিমাণে গুৰুত্ব আৰোপ কৰিছে আন্তঃগাঁথনিৰ উন্নয়নত। এইক্ষেত্ৰত সাতটা দিশক প্রাধান্য দি ঘোষণা কৰা 'প্রধানমন্ত্রী গতিশক্তি' মূলমন্ত্ৰই নৰেন্দ্ৰ মোডীৰ চৰকাৰখনৰ লক্ষ্যক স্পষ্ট কৰি দিছে।

এই সাতটা দিশ হ'ল— ইনকুচিভ ডেভেলপমেন্ট অর্থাৎ সকলোকে সামৰি ল'ব পৰা বিকাশ, প্রডাক্টিভিটি ডেভেলপমেন্ট অৰ্থাৎ উৎপাদন বৃদ্ধি, ছানৰাইজ অপৰচুনিটিজ অর্থাৎ দ্রুত বিকাশৰ অবকাশ থকা সুযোগবিলাকৰ ব্যৱহাৰ, এনার্জি ট্ৰেন্সমিছন (শক্তিৰ ৰূপান্তৰ), ক্লাইমেট একচন (জলবায়ু সম্পৰ্কীয় ব্যৱস্থা) আৰু ফাইনেন্সিং অব্ ইনভেষ্টমেন্ট অর্থাৎ বিনিয়োগৰ ক্ষেত্ৰখনক প্রশস্ত কৰি তোলা। বিত্ত মন্ত্ৰীগৰাকীয়ে বাজেট ভাষণত কৈছে যে চৰকাৰে অহা ২৫ বছৰলৈ লক্ষ্য ৰাখি অর্থনৈতিক পৰিকল্পনা যুগুত কৰিছে।

তদুপৰি দেশৰ বিকাশৰ হাৰ ৯.২ শতাংশ ধার্য কৰি তেওঁ কৈছে যে এই হাৰ বিশ্বৰ উন্নত অৰ্থনীতিৰ দেশবোৰতকৈও ঊর্ধ্বত আৰু এতিয়া যিকোনো প্রত্যাহ্বানৰ সন্মুখীন হ'ব পৰাকৈ দেশ শক্তিশালী অৱস্থাত আছে। বাজেটখনৰ এটা উল্লেখযোগ্য দিশ হ'ল কৃষি খণ্ডক চৰকাৰে বিশেষ গুৰুত্ব দিব খুজিছে। ৰসায়নিক সাৰবিহীন কৃষি উৎপাদন ক্ষেত্ৰ এখন চৰকাৰে গঢ়িব বিচাৰিছে যাৰ বাবে কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষাৰ ধাৰাটোকে সলনি কৰি নতুন পাঠ্যক্ৰম প্ৰৱৰ্তনৰ চৰকাৰে সিদ্ধান্ত লৈছে। দেশত ৫ জি যুগৰ সূচনা কৰিবলৈ চলিত বৰ্ষতে ৫ জি স্পেকট্রামৰ নিলাম আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ জৰিয়তে ডিজিটেল মুদ্ৰাৰ প্ৰচলন, ক্রিপ্ট কাৰেন্সিৰ ক্ষেত্ৰত ৩০ শতাশ কৰ আৰোপৰ সিদ্ধান্ত চৰকাৰে আজি দাখিল কৰা বাজেটৰ গুৰুত্বপূৰ্ণ ঘোষণা।

তদুপৰি কৃষক আন্দোলনে বিতত কৰা চৰকাৰে দেশৰ ১৬৩ লাখ কৃষকৰ পৰা ১২০৮ লাখ মেট্রিক টন ঘেঁহু আৰু ধান ন্যূনতম সমৰ্থন ম্যুলত ক্ৰয়ৰ বাবে ২.৩৭ লাখ কোটি টকা বাজেটত ধার্য কৰিছে। আনহাতে কৃষিক্ষেত্ৰত ড্রোনৰ ব্যৱহাৰৰ বাবে বাজেটত লোৱা সিদ্ধান্তই এইক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিব। অর্থনৈতিক সমস্যাত ভাৰাক্ৰান্ত হৈ থকা দেশবাসীয়ে এইবাৰৰ বাজেটত আয়কৰৰ ক্ষেত্ৰত সকাহ পাব বুলি আশা পালি আছিল যদিও বৰ্তমানৰ কৰ গাঁথনিৰ কোনো সাল-সলনি নঘটালে বিত্ত মন্ত্রীয়ে। কিন্তু লক্ষণীয়ভাৱে কৰ্প'ৰেট কৰ পুনৰ ১৮ শতাংশৰ পৰা ১৫ শতাংশলৈ হ্ৰাস কৰা হয়।

বাজেটখনত উত্তৰ-পূবৰ বিকাশমূলক কামৰ বাবে অতিৰিক্তভাৱে ১,৫০০ কোটি টকা ধার্য কৰা হৈছে। এই সিদ্ধান্ত ঘোষণা কৰি বিত্ত মন্ত্ৰীগৰাকীয়ে কৈছে যে এই ধনৰাশিৰে সাধন কৰিব খোজা নতুন সংস্কাৰমূলক কাৰ্যই যুৱ প্ৰজন্ম আৰু মহিলাসকলৰ জীৱন যাপনত সহায় কৰিব। সামগ্রিকভাৱে বাজেটখনে বিভিন্ন দিশৰ আন্তঃগাঁথনিৰ বিকাশ তথা অন্যান্য কিছু উন্নয়নৰ দিশ আলোকপাত কৰিলেও যোৱা দুটা বছৰে অৰ্থনৈতিক সংকটত জুৰুলা হৈ থকাসকলৰ বাবে পোনপটীয়াকৈ উপকৃত হ'ব পৰা কোনো আঁচনি ঘোষণা কৰা পৰিলক্ষিত নহ'ল।

বছৰত দুই কোটি নিবনুৱাক সংস্থাপন দিব বুলি ঘোষণা কৰা চৰকাৰখনে এইবাৰৰ বাজেটত অহা ৫ বছৰত ষাঠি লাখ নিবনুৱাক 'আত্মনিৰ্ভৰ ভাৰত আঁচনি'ৰ অধীনত সংস্থাপন দিয়াৰ ব্যৱস্থা ল'ব বুলিহে ঘোষণা কৰিছে। ফলত প্ৰত্যাশিতভাৱে প্রধানমন্ত্রীকে ধৰি শাসকীয় পক্ষ বাজেটখনৰ প্ৰশংসাত পঞ্চমুখ হ'লেও বিৰোধী পক্ষৰ নেতাই কৈছে— বাজেটখন দেশৰ ধনী মানুহৰ বাবেহে, দুখীয়াৰ বাবে একো নাই। এখোপ আগুৱাই গৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে কৈছে সাধাৰণ মানুহৰ বাবে বাজেটখন জিৰ'।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in