প্ৰত্যাশাৰ নৱবৰ্ষ

প্ৰত্যাশাৰ নৱবৰ্ষ

অসমবাসীৰ বাবে ভয়, শংকা আৰু আশা-নিৰাসাৰ আলিদোমোজাতে পাৰ হ'ল আৰু এটা ইংৰাজী বৰ্ষ। নিবনুৱাৰ হতাশা, নিম্নবিত্তৰ দুৰ্দৰ্শা আৰু গৰিব-দুখীয়াৰ আলাই-আথানিৰ মাজেদি মেলানি মাগিলে ২০১৮ বৰ্ষটোৱে। বাকী যিসকলে শাসকৰ অনুগ্ৰহ লাভ কৰিলে, সম্পদৰ ভাগ-বাটোৱাৰাৰ অংশীদাৰ হ'ল তেওঁলোকৰ কথা সুকীয়া। তেওঁলোকৰ বাবে দিন-বাৰ-বঠছৰ বুলি একো নাই। শাসন-শোষণৰ এক নিৰৱচ্ছিন্ন প্ৰক্ৰিয়াৰ তেওঁলোক ধাৰক আৰু বাহক।

মৰণ সেইসকলৰহে, সিসকলৰ জীনৱটো টনা-আঁজোৰা কৰোতেই পাৰ হয়। দিনৰ দিনটো হাড়ভগা পৰিশ্ৰম কৰিও যাৰ মৌলিক প্ৰয়োজনখিনি পূৰোৱাৰ ক্ষমতা নাথাকে, তেওঁলোকৰ বাবে আশা-প্ৰত্যাশাৰ অৰ্থই বা কি? আমাৰ ৰাজ্যতো বৃহৎসংখ্যক লোকে আৰ্থ-সামাজিক নিৰাপত্তাহীন জীৱন যাপন কৰিছে। সেয়া লাগিলে চাহ বাগিচাৰ বস্তি এলেকাৰ শ্ৰমিক বা চৰ-চাপৰিৰ বুভুক্ষু নৰ-নাৰীয়েই হওঁক অথবা দুৰ্গম অঞ্চলৰ জনজাতীয় সমাজেই হওঁক, তেওঁলোকৰ কঠিন জীৱন সংগ্ৰামৰ কোনোকালেই যেন অন্ত নপৰে।

দিল্লী-দিছপুৰত বহি শাসনতন্ত্ৰ চলোৱা বৰমূৰীয়াসকলে এনে জীৱনৰ কথা কল্পনাই কৰিব নোৱাৰে। আচৰিত কথাটো হ'ল- এইসকল বঞ্চিত, শোষিত লোকেও নৱবৰ্ষক আদৰি ল'ব লাগিব। ৰাজ্যবাসীক আশাৰ বতৰা দিব লাগিব। কিন্তু ছন্দহীন তথা নিৰলভাৱেই ঘূৰিছে তেওঁলোকৰ জীৱনৰ ৰথৰ চকা। নৱবৰ্ষক আদৰি লোৱাৰ আনন্দ-উল্লাস তেওঁলোকৰ বাবে অৰ্থহীন যদিও শাসকগোষ্ঠীয়ে  পৰিকল্পিতভাৱে তৰা ৰঙীন মায়াৰ জালত তেওঁলোকে বন্দী হৈ পৰিছে। ৰং-বিৰঙৰ পণ্য সামগ্ৰীৰ বজাৰত সাময়িকভাৱে হ'লেও তেওঁলোকেউ উটি-ভাঙি যাবলৈ বাধ্য।

প্ৰশ্ন হৈছে- কৰ্প'ৰেটৰ নিয়ন্ত্ৰণাধীন এক মহাসাগৰসদৃশ এই বিশাল আয়োজনত নিঠৰুৱা গৰিব জনতাই সাঁতুৰি থাউনি পাব কিদৰে? বিশ্বায়নকেন্দ্ৰিক মুনাফাখোৰ কৰ্প'ৰেট সাম্ৰাজ্যৰ ওচৰত বিক্ৰী যাবলৈ ধৰা আমাৰ ভাষা-সংস্কৃতি  আৰু ,সম্পদৰ অধিকাৰ আজি কিদৰে খৰ্ব হ'বলৈ ধৰিছে, তাক ভাবি চোৱাৰ বাবেও আনকি বহুতৰ আহৰি নাই। এনে হেজাৰ-বিজাৰ নিৰাশাজনক বাৰ্তাৰ মাজতো কিন্তু জনগণৰ ঐক্য আৰু সংগ্ৰামী চেতনাই নতুন বছৰটোত গভীৰ প্ৰত্যাশাৰ সৃষ্টি কৰিছে। জাতীয় অস্তিত্ব ৰক্ষাৰ বিষয়টোক লৈ শাসকগোষ্ঠীয়ে ৰচনা কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে বিগত বৰ্ষটোত অসমৰ সৰ্বস্তৰৰ ৰাইজে যিদৰে ঐক্যবদ্ধভাৱে প্ৰতিবাদ সাব্যস্ত কৰিলে, তাৰ আঁত ধৰিয়েই আমি নতুন বছৰটোত আগুৱাব লাগিব।

লগতে নাগৰিকত্বৰ প্ৰশ্নত যিসকলে নানা যাতনা ভুগিব লগাত পৰিল, যাৰ জীৱনলৈ আত্মপৰিচিতিৰ সংশয় নামি আহিল, তেওঁলোককো আমি গভীৰ আস্থাৰ সৈতে আঁকোৱালি ল'ব লাগিব। এনে সকলোবোৰ প্ৰশ্নৰ মীমাংসাৰ বাবে ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকে গণতান্ত্ৰিক সংগ্ৰামৰ পণ ল'ব লাগিব এই নতুন বছৰটোত। মুঠতে শত-সহস্ৰ প্ৰত্যাহ্বান নেওচি হ'লেও জাতি-ধৰ্ম-ভাষা নিৰ্বিশেষে আজি অসমবাসী ঐক্যবদ্ধ হোৱাৰ সময় আহি পৰিছে। আমি শাসা কৰিব পাৰো যে নতুন বছৰটোতে অসমৰ জনসাধৰণে এখন নিৰ্ভুল তথা সম্পূৰ্ণ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী লাভ কৰিবলৈ সক্ষম হ'ব।

কেন্দ্ৰই নাগৰিকত্ব আইনৰ সংশোধনীৰে যি জাতিধ্বংসী ব্যৱস্থা কৰিবলৈ তৎপৰ হৈ পৰিছে তাকো সকলোৱে মিলি ওফৰাব লাগিব। অসমীয়া জাতিয়ে বিগত বৰ্ষটোত আহৰণ কৰা অফুৰন্দ শক্তিৰে নতুন বছৰটোক আদৰি ল'ব লাগিব। সমাজত বিভেদৰ বীজ সিঁচি জাতিটোক থানবান কৰিব বিচৰা অপশক্তিবোৰৰ বিৰুদ্ধে থিয় দিয়াৰ সাহস দেখুৱাব পাৰিলেহে কাম সিজিব। জাতি ৰক্ষা পৰিব। এই আশা বুকুত বান্ধিয়েই 'অসমীয়া প্ৰতিদিন'ৰ তৰফৰ পৰা সমূহ ৰাইজক নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in