সন্ত্ৰাসবাদ মানৱতাৰ শত্ৰু

45

অসমৰ কেতবোৰ বিশেষ অঞ্চলত ধৰ্মীয় মৌলবাদী-জেহাদী-সন্ত্ৰাসবাদী সংগঠনৰ কাম-কাজ সক্ৰিয় ৰূপত চলি থকা বুলি এক নিৰ্দিষ্ট বিৰতিৰ মূৰত বা-বাতৰি ওলায়। কিন্তু তেনে খবৰবোৰে কিছুদিন সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰাৰ পিছত সেইবোৰ তলৰ পৰি ৰয়। আৰক্ষী তথা নিৰাপত্তা বাহিনী আৰু চোৰাংচোৱা সংস্থাবোৰেও বেছিভাগ সময় নিটাল মাৰি থাকি আকৌ সাৰ পায়।

প্ৰশ্ন হয়- বিষয়টোক লৈ প্ৰশাসন কিমান দূৰ ছিৰিয়াছ? মৌলবাদী-সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্ৰণালীৱদ্ধ তথা ধাৰাবাহিকভাৱে অভিযান চলাই সেইবোৰক আৰম্ভণিতে পুলিয়ে-পোখাই উভালি নেপেলায় কিয়? ২০১৪চনত পশ্চিমবংগৰ বৰ্ধমানত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনা এটাক কেন্দ্ৰ কৰি শ্বাহনুৰ নামৰ এজন যুৱকক বাংলাদেশী মৌলবাদী সন্ত্ৰাসবাদী গোটৰ লগত সম্পৰ্ক থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰা হৈছিল। তেতিয়া সন্মুখত লোকসভা নিৰ্বাচন আছিল আৰু জনসাধাৰণে শ্বাহনুৰৰ ঘটনাটোক লৈ প্ৰায় এপষেক কাল তীব্ৰ উৎকন্ঠাত আছিল।

অসমত বাংলাদেশী ‘হুজি’, কাশ্মীৰৰ ‘হিজবুল মুজাহিদীন’ আদিৰ দৰে সন্ত্ৰাসবাদী গোটবোৰে এক বিশাল নেটৱৰ্ক গঢ়ি তুলিছে বুলি কেইদিনমান ধৰি সৰ্বত্ৰ ব্যাপক প্ৰচাৰ চলাৰ পিছত সকলোবোৰ যেন ‘বহ্বাৰম্ভে লঘুক্ৰিয়া’ত পৰিণত হৈছে। আজি চাৰি বছৰৰ মূৰত শ্বাহনুৰ নামৰ যুৱকজনৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযোগনামা দাখিল কৰিলে নে নকৰিলে অথবা তেওঁৰ বিৰুদ্ধে নিৰাপত্তা সংস্থাবোৰে কি ধৰণৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিলে, তাক সৰ্বসাধাৰণ ৰাইজে জনাৰ উপায় নাই।

আমাৰ কথা হ’ল- যদিহে মৌলবাদী গোটৰ সংযোগ এটা সেই সময়ৰ পৰা অসমত আছিলেই, তেন্তে তাৰ জৰিয়তে নিশ্চয় এক শক্তিশালী নেটৱৰ্ক গঢ়ি উঠিছে। আজি চাৰি বছৰৰ মূৰত যমুনামুখ অঞ্চলত আৰক্ষীয়ে হিজবুল মুজাহিদীনৰ সন্দেহযুক্ত সন্ত্ৰাসবাদী বিচাৰি অভিযান চলাইছে।এইবাৰ পশ্চিমবংগ নহয়, উত্তৰ প্ৰদেশৰ কানপুৰৰ ঘটনাৰ সংযোগ বিচাৰি যমুনামুখত মৌলবাদী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰক্ষী নামি পৰিছে। এই সমগ্ৰ ঘটনাৰাজিৰ যথাযথ পৰ্যবেক্ষণৰ পিছত আমাৰ ধাৰণা হৈছে- হয় অসম আৰক্ষী, ৰাজ্যিক নিৰাপত্তা সংস্থা আৰু কেন্দ্ৰীয় চোৰাংচোৱা বাহিনীৰ বিশাল নেটৱৰ্কক অংগুষ্ঠ প্ৰদৰ্শন কৰি কেইজনমান যুৱকে অসমত সন্ত্ৰাসবাদৰ বৃহৎ পৰিকল্পনা কৰিছে, নহয় এইধৰণৰ প্ৰচাৰ চলাই জনসাধাৰণক কোনোবাই বিপথে পৰিচালিত কৰাৰ ষড়যন্ত্ৰ ৰচিছে।

এই দুয়োটা ধাৰণাই বিপজ্জনক আৰু ৰাষ্ট্ৰদ্ৰোহিতাৰ সমাৰ্থক। ২০০৮চনৰ ৩০ অক্টোবৰত গুৱাহাটী মহানগৰীকে ধৰি নামনি অসমৰ বিভিন্ন অঞ্চলত সংঘটিত ধাৰাবাহিক বোমা বিস্ফোৰণৰ ঘটনাত বাংলাদেশী সন্ত্ৰাসবাদী জড়িত থকা বুলি প্ৰচাৰ চলাই ন্যস্তস্বাৰ্থজড়িত মহলে ৰাজ্যখনত মুহূৰ্তৰ ভিতৰতে এটা বিশেষ সম্প্ৰদায়ৰ লোকৰ বিৰুদ্ধে বিদ্বেষ বিয়পাই দিছিল। সেই কথা কোনে পাহৰিব? মূল সুঁতিৰ অসমীয়াৰ আৱেগক উচটাই, তেওঁলোকৰ মনত সাম্প্ৰদায়িক সুৰ-সুৰণিৰ সৃষ্টি কৰি ক্ষমতাৰ জোল খোৱা ৰাজনৈতিক শক্তিৰ উদ্দেশ্য সম্পৰ্কে আমি অকণো সন্দিহান নহয়। বৰং আমি নিশ্চিত যে সম্প্ৰতি সৰ্বভাৰতীয় পৰ্যায়ত চলি থকা সাম্প্ৰদায়িক ৰাজনীতি অসমলৈও আমদানি কৰিব বিচৰা হৈছে।

কংগ্ৰেছ-বিজেপি বুলি কথা নাই, সৰ্বভাৰতীয় শাসক গোষ্ঠীয়েও প্ৰকৃত সমস্যাৰ কথা পাহৰাই ৰাখিবলৈও জনসাধাৰণৰ মাজত কেতবোৰ চমক সৃষ্টিকাৰী ইছ্যু প্ৰক্ষেপ কৰি আহিছে। কৰ্ণাটক, মহাৰাষ্ট্ৰৰ দৰে ৰাজ্যত সক্ৰিয় হৈ পৰা সনাতন সংস্থা, হিন্দু জনজাগৃতি মঞ্চৰ দৰে একাংশ মৌলবাদী সংগঠনৰ দুৰ্ধৰ্ষ কেডাৰৰ হাতত গৌৰী লংকেশ, নৰেন্দ্ৰ ডাভোলকাৰ, গোবিন্দ পানচাৰ, এম এম কালবৰ্গীৰ দৰে প্ৰগতিশীল চিন্তাবিদ, সাংবাদিক, লেখক বলি হৈছে। শাসক গোষ্ঠীয়ে তাত মানৱাধিকাৰ কৰ্মীক মাওবাদী সজাই গৃহন্দী কৰি ৰাখিছে।

অসমতো ন্যায়ালয়ে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে অন্য সন্ত্ৰাসবাদী গোটৰ কেডাৰক। অথচ ইছলামিক সন্ত্ৰাসবাদীয়ে অসমখন ছানি ধৰিছে বুলিহে প্ৰচাৰ চলোৱা হৈছে। অৱশ্যে আমি ক’ব খোজা নাই যে বাংলাদেশ, পাকিস্তানৰ মৌলবাদী শক্তিয়ে অসমত সন্ত্ৰাসবাদী কাম-কাজ চলাব নোৱাৰে। বৰং এনে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে অসমক এক সংবেদনশীল স্থান বুলিহে ভাবো। সেয়ে নিৰাপত্তা সংস্থাবোৰে প্ৰচাৰ মাধ্যমক হৈ-চৈ কৰাৰ সলনি তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লওক।

আমি ভাবো ধৰ্মৰ নামত, গোষ্ঠী-জাতিৰ অধিকাৰ সাব্যস্ত কৰাৰ নামত সন্ত্ৰাস বিয়পোৱাসকল মানৱতাৰ ঘোৰ শত্ৰু। তেওঁঁলোকক ৰাইজে প্ৰশ্ৰয় দিয়া অনুচিত। অসমৰ মুছলমান সমাজেও ধৰ্মীয় চিন্তা-চেতনাৰ আঁৰ লৈ সন্ত্ৰাসবাদৰ প্ৰচাৰ চলোৱাসকলক সমাজচ্যুত কৰিব লাগিব। কথা হ’ল- সমগ্ৰ দেশজুৰি সাম্প্ৰদায়িক বিদ্বেষ-হিংসাৰ পৰিৱেশ সৃষ্টি কৰাসকলে শাসক গোষ্ঠীৰ ছত্ৰছায়াত অসমৰ দৰে ক্ষেত্ৰখনক শেষত গৈ ব্যৱহাৰ কৰিবলৈ সমৰ্থ নহয়তো? আমাৰ মনত সংশয়ৰ সৃষ্টি হৈছে এই বিষয়টোক লৈহে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি