পঞ্চায়ত নিৰ্বাচনৰ ব্যস্ততা

পঞ্চায়ত নিৰ্বাচনৰ ব্যস্ততা

পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণাৰ লগে লগে ৰাজ্যজুৰি ৰাজনৈতিক দলবোৰৰ ব্যস্ততা লক্ষণীয় ৰূপত বৃদ্ধি পাইছে। তাৎপৰ্যপূৰ্ণভাৱে এই নিৰ্বাচনত গ্ৰামাঞ্চলক তৃণমূলৰ জনসাধাৰণৰ আৰ্থ-সামাজিক সমস্যাবোৰ গুৰুত্ব লাভ কৰাৰ পৰিৱৰ্তে অসমৰ জনসাধাৰণৰ নাগৰিকত্ব আইন সংশোধনী বিধেয়কবিৰোধী সংগ্ৰাম, শাসক পক্ষৰ জাতিবিদ্বেষী ভূমিকা, অগপৰ দোদুল্যমান স্থিতি আদি বিষয়বোৰহে বিশেষভাৱে ভোটাৰ ৰাইজক প্ৰভাৱিত কৰিব যেন ধাৰণা হৈছে। য

আমি নাভাবো যে পঞ্চায়তৰ জৰিয়তে গাঁৱৰ বিকাশ-উন্নয়নৰ প্ৰশ্নত বৰ্তমানৰ চৰকাৰখনে বিশেষ কিবা নতুন পদক্ষেপ হাতত লৈছে বা লোৱাৰ পৰিকল্পনা কৰিছে। দুবছৰীয়া কাৰ্যকাল পূৰ্ণ কৰা ৰাজ্যৰ সৰ্বানন্দ সোণোৱাল চৰকাৰে যোৱা বাজেটকেইখনত গ্ৰামোন্নয়নৰ যিবোৰ আঁচনি ঘোষণা কৰিছিল, সেইবোৰো দৰাচলতে কেন্দ্ৰৰ মোডী চৰকাৰৰ কৰ্মসূচীৰ আধাৰতে প্ৰস্তুত কৰা হৈছে। দলীয় ৰাজনীতিৰ স্বাৰ্থতে পূৰ্বৰ কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰে যিদৰে কংগ্ৰেছ শাসিত ৰাজ্যবোৰত দলৰ কৰ্মসূচীকেই কৌশলপূৰ্ণভাৱে কাৰ্যকৰী কৰিবলৈ লৈছে।

একো একোখন গাঁৱত বিভিন্ন আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত দলীয় কৰ্মীসকলকে মধ্যভোগী কৰা হৈছে। অসমৰ ক্ষেত্ৰত বিগত পোন্ধৰ বছৰীয়া কংগ্ৰেছী শাসনত সৰ্বাধিক দুৰ্নীতি-ভ্ৰষ্টাচাৰ সংঘটিত হৈছিল পঞ্চায়তবোৰৰ জৰিয়তেই। ক'বলৈ গ'লে ৰাজ্যৰ গাঁওবোৰত পঞ্চায়তৰ আঁচনিৰ কমিছন খোৱা একাংশ কংগ্ৰেছী নেতা-পালিনেতাৰ অতপালিত সৰ্বসাধাৰণ লোকৰ অৱস্থা হাত-ভৰি পেটত লুকুৱাৰ দৰে হৈছিলগৈ। জনসাধাৰণে সেইবোৰ কথা পাহৰা নাই, কিন্তু আশ্চৰ্যকৰভাৱে গাঁৱৰ সেই কমিছনভোগী সংগ্ৰেছীসকল এতিয়া ৰাতিটোৰ ভিতৰতে বিজেপি অথবা অগপৰ শিবিৰত চামিল হৈ পৰিল।

বিগত দুবছৰতে ৰাজ্য চৰকাৰখনে গ্ৰামোন্নয়নৰ নামত সংঘটিত দুৰ্নীতি-ভ্ৰষ্টাচাৰক দলীয় স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে। যিজন স্থানীয় নেতাই কংগ্ৰেছৰ আমোলত দুৰ্নীতি কৰিছিল তেওঁ এতিয়া বিজেপিৰ হৈ একেখিনি কামহে কৰিছে। এইখন ৰাজ্যত কংগ্ৰেছী আমোলত সংঘটিত পঞ্চায়ত পৰ্যায়ৰ দুৰ্নীতিবোৰৰ সঠিক তদন্ত প্ৰক্ৰিয়া চলিছে বা দোষীৰ শাস্তি হৈছে বুলি কোনেও নিশ্চিত হ'ব পৰা নাই। হোৱাৰ উপায়ো নাই। পঞ্চায়তৰ জৰিয়তে গাঁৱৰ সৰ্বাংগীণ উন্নয়নৰ প্ৰকৃত কৰ্মসূচী এই চৰকাৰৰ হাততো নাই। বিড়ম্বনাৰ কথাটো হ'ল- অসমত আজিলৈকে গাঁও পঞ্চায়তবোৰত চৰকাৰীভাৱে নিযুক্তি প্ৰক্ৰিয়াও সম্পন্ন হোৱা নাই।

বহু পঞ্চায়ত কাৰ্যালয় নোহোৱাকৈয়ে চলি আছে। হাজাৰ হাজাৰ কৰ্মচাৰীয়ে বিনা বেতনে অথবা সামান্য পাৰিশ্ৰমিকৰ বিনিময়ত কাম কৰি আহিছে। পঞ্চায়তৰ অধীনত বিযোবৰ বিভাগ কাম চলিব লাগে সেইবোৰো হোৱা নাই। বাকী চক্ৰ বিষয়া, পঞ্চায়ত সচিবকে ধৰি স্থায়ী নিযুক্তিৰ বিষয়া-কৰ্মচাৰীসকলে কোনোমতেহে পঞ্চায়তবোৰ চলাই আহিছে। তেওঁলোককো আনকি বছৰটোৰ বেছিভাগ দিনতেই এন আৰ চি কামত খটুওৱা হৈছে। তেনেস্থলত নিৰ্বাচনৰ জৰিয়তে তৃণমূল পৰ্যায়ৰ জনপ্ৰতিনিধি নিৰ্বাচিত কৰি অসমত  পঞ্চায়তীৰাজ স্থাপন হ'ব বুলি ভবাটোও আকাশত চাং পতাৰ লেখীয়া হৈ পৰিছে।

সম্প্ৰতি পঞ্চায়ত নিৰ্বাচনক লৈ গাওঁবোৰত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ মাজত দেখা দিয়া সক্ৰিয়তাই এই কথা প্ৰতীয়মান নকৰে যে সকলোৱে গণতন্ত্ৰৰ প্ৰতি গভীৰ আস্থা পোষণ কৰি তৃণমূলৰ জনসাধাৰণৰ সমস্যা সমাধান কৰিবলৈ আগ্ৰহী হৈ পৰিছে। বেছিভাগ ক্ষেত্ৰত শাসক-বিৰোধীৰ সংকীৰ্ণ দলীয় স্বাৰ্থ পূৰণৰ বাবেহে প্ৰাৰ্থী হোৱাৰ হেতা-ওপৰা লগোৱা হৈছে। নিৰ্বাচনত টিকটৰ পৰা বঞ্চিত কৰ্মীয়ে দলীয় কাৰ্যালয় লণ্ড ভণ্ড কৰা, মাৰপিট কৰা আদি কাৰ্যবোৰে তেওঁলোকৰ অগণতান্ত্ৰিক চৰিত্ৰকেই প্ৰকট কৰিছে।

তদুপৰি আজিকালি ধনৰ বিনিময়ত দলীয় টিকট বিক্ৰী কৰাৰ দৰে ঘটনাবোৰকো জনসাধাৰণে সহজভাৱে লোৱা আৰম্ভ কৰিছে। ভাবিলে আচৰিত লাগে যে নিৰ্বাচনত অংশ নলওঁতেই এইদৰে দলীয় টিকট ক্ৰয়-বিক্ৰয়ৰ দৰে গুৰুতৰ দুৰ্নীতি কৰি তেওঁলোকে কেনেধৰণৰ বিকাশ-উন্নয়নৰ বাবে নিজকে সমৰ্পিত কৰিব? সম্প্ৰতি পঞ্চায়ত নিৰ্বাচনক লৈ যিবোৰ বা-বাতৰি ওলাই আছে, তাৰ দ্বাৰা ধাৰণা হয়- জনসেৱা কৰাৰ যেন অঘোষিত প্ৰতিযোগিতাহে চলিছে।

কিন্তু দৰাচলতে এয়া দেশ সেৱাৰ 'ৰাজনীতি' নহয়, ক্ষমতাসৰ্বস্ব অৰিয়াঅৰিহে। প্ৰশাসন আৰু নিৰ্বাচনী আয়োগৰ দৰে সংস্থাবোৰে এইবোৰ বিষয় গভীৰভাৱে পৰ্যবেক্ষণ কৰা উচিত। অসমত পঞ্চায়ত আইন সঠিকভাৱে কাৰ্যকৰী কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰে নিষ্ঠাসহকাৰে পালন কৰিব লাগিব। সাধাৰণ ভোটাৰেও স্থানীয় ইছ্যুবোৰক এই নিৰ্বাচনৰ জৰিয়তে সবলৰূপে উপস্থাপন কৰিবলৈ উদ্যোগী হ'ব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in