ঘোচখোৰ দেশ

ঘোচখোৰ দেশ

ঘোচ বা উৎকোচৰ এটা সার্বজনীন সংজ্ঞা নাই, কিন্তু সকলো সংজ্ঞাৰ মাজৰ উমৈহতীয়া কথাটো হৈছে কোনো দায়িত্ববাহী ব্যক্তিয়ে স্বেচ্ছাই কোনো ব্যক্তিগত লাভৰ বিনিময়ত বিশ্বাস ভংগ কৰা। এই লাভ কেৱল ধনেই নহ'ব পাৰে; বিলাসী উপহাৰ, আতিথ্য আৰু ব্যয়, সম্পত্তিৰ প্ৰৱেশাধিকাৰ অথবা কোনো আত্মীয়, বন্ধুৰ প্ৰতি অনুগ্ৰহৰ ৰূপতো হ'ব পাৰে এই লাভ। যি ৰূপতেই নহওক ই অবৈধ, অনৈতিক আৰু বিশ্বাস ভংগৰ বিষয়। উৎকোচ ব্যক্তিগত হ'লেও ইয়াৰ কুফল সুদুৰপ্ৰসাৰী। চৰকাৰী কৰ্ম-আঁচনিত সংঘটিত হোৱা বৃহৎ উৎকোচৰ ঘটনাই দেশৰ সুৰক্ষা-প্ৰতিৰক্ষাৰ প্ৰতিও ভাবুকি কঢ়িয়ায়। এইধৰণৰ উৎকোচ কাণ্ডক লৈ সময়ে সময়ে ভাৰতৰ ৰাজনীতি উত্তপ্ত হৈ অহা কথা সর্বজনবিদিত। উৎকোচ প্ৰতিৰোধ কৰিব নোৱাৰিলে সুশাসন সম্ভৱ নহয়। উৎকোচৰ অনুশীলন বৃদ্ধি মানেই দুৰ্নীতিৰ পয়োভৰ।

'দুর্নীতিত লিপ্ত ব্যক্তিজন যিমানেই প্রভাবশালী নহওক, তেওঁক কোনোপধ্যে সাৰি যাবলৈ দিয়া নহব বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে অংগীকাৰ কৰি অহাৰ সময়তে 'ট্ৰেচ'ৰ ঘোচখোৰ দেশৰ তালিকাত ভাৰতৰ স্থান ৮২ সংখ্যকলৈ অৱনমিত হোৱাটো নিশ্চয়কৈ উদ্বেগৰ বিষয়। বিগত বৰ্ষত ভাৰত আছিল ৭৭ সংখ্যক স্থানত। আন এটা আন্তর্জাতিক সংস্থা ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেচনেলে শেহতীয়াকৈ প্ৰকাশ কৰা দুৰ্নীতিৰ সূচকাংকতো ভাৰতৰ স্থান ৮৬ লৈ অৱনমিত হৈছে। এই অৱনমনে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিৰ শিথিলতাকে উদঙাই দিছে।

চৰকাৰৰ বিয়াগোম কামবোৰৰ কথা বাদেই, প্রধানমন্ত্রী আবাস যোজনাৰ ঘৰ এটা বা কিষাণ সন্মান নিধিৰ ধন পাবলৈও দীন-দৰিদ্ৰ লোকে উৎকোচ দিবলগীয়া হোৱা কথাই তাৰ প্ৰমাণ। উল্লেখযোগ্য যে 'ট্ৰেচ' নামৰ উৎকোচবিৰোধী মান স্থাপন সংস্থাটোৱে বিশ্বৰ ১৯৪ খন দেশ আৰু স্বায়ত্তশাসিত অঞ্চলক সামৰি ঘাইকৈ চাৰিটা কাৰকৰ ওপৰত ভিত্তি কৰি উৎকোচ শংকাপূর্ণ দেশৰ এই বাৰ্ষিক তালিকা যুগুত কৰি আহিছে। সেই চাৰিটা কাৰক হৈছে– চৰকাৰৰ সৈতে ব্যৱসায়িক আদান-প্রদান, উৎকোচ প্ৰতিৰোধী ব্যৱস্থা আৰু প্ৰয়োগ, চৰকাৰ তথা অসামৰিক সেৱাৰ স্বচ্ছতা আৰু সংবাদ মাধ্যমৰ ভূমিকাকে ধৰি নাগৰিক সমাজৰ নিৰীক্ষণৰ সামর্থ্য।

এই মাপকাঠীৰে চলোৱা সমীক্ষাত দেখা গৈছে যে গণতন্ত্র স্খলিত হোৱা দেশসমূহতে উৎকোচ বিপত্তিও বৃদ্ধি পাইছে। অর্থাৎ সংশ্লিষ্ট দেশত গণতন্ত্র বিপন্ন হোৱাৰ সমান্তৰালকৈ দুৰ্নীতি-ভ্ৰষ্টাচাৰেও ছানি ধৰিছে। সেয়ে 'ট্ৰেচ'ৰ তালিকাত একনায়কত্ববাদী শাসিত ৰাষ্ট্ৰ উত্তৰ কোৰিয়া বিশ্বৰ আটাইতকৈ ঘোচখোৰ দেশৰূপে পৰিগণিত হোৱা দেখা গৈছে। সাংবিধানিক ৰাজতন্ত্ৰৰ মাজতে সংসদীয় প্রতিনিধিত্বমূলক গণতন্ত্রই জেউতি চৰোৱা ডেনমার্কে সবাতোকৈ নিকা ৰাষ্ট্ৰৰ মৰ্যাদা লাভ কৰিছে। ইয়াৰ বিপৰীতে যোৱা দশকটোত গণতন্ত্র স্খলিত হোৱা ইজিপ্ত, ভেনিজুৱেলা, তুৰস্ক, পোলেণ্ড, হাংগেৰী আদি দেশত দুর্নীতি বৃদ্ধি পোৱাটো তাৎপর্যপূর্ণ। আনহাতে বিশ্বৰ বৃহত্তম গণতন্ত্ৰ হিচাপে পৰিচিত ভাৰতত দুৰ্নীতি বা উৎকোচ বৃদ্ধি পোৱা ঘটনাই আমাৰ গণতান্ত্ৰিক পৰিকাঠামো বিপন্ন হোৱাটোকে সূচাইছে।

ভাৰততকৈ নিম্ন স্থানত আছে চুবুৰীয়া পাকিস্তান, চীন, নেপাল, বাংলাদেশ আদি। 'ট্রেচ'ৰ প্রতিবেদন অনুসৰি বিগত পাঁচ বছৰত মার্কিন যুক্তৰাষ্ট্ৰতো ব্যৱসায়িক উৎকোচৰ প্ৰৱণতা বৃদ্ধি পাইছে। গণতন্ত্রৰ বাবে ই মুঠেই শুভলক্ষণ নহয়। বৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে ভাৰতে দুৰ্নীতিৰাজক প্রশ্রয় নিদিয়াটোৱেই সকলোৰে কাম্য। সেয়ে পাকিস্তান, চীন, নেপাল, বাংলাদেশত উৎকোচ কাণ্ড ভাৰততকৈ অধিক বুলি সান্ত্বনা লভাৰ সলনি ভাৰতে এইক্ষেত্ৰত ক্ষুদ্ৰ ৰাষ্ট্ৰ ভূটানৰ পৰাই শিক্ষা লোৱা উচিত। কিয়নো 'ট্রেচ'ৰ তালিকাত ভূটান ভাৰততকৈ কুৰিটা স্থানৰ ওপৰত আছে। উৎকোচ প্ৰতিৰোধৰ বাবে চৰকাৰী কাম-কাজত স্বচ্ছতা, সততা আৰু দায়বদ্ধতা অতীৱ জৰুৰী। ৰাজহুৱা খণ্ডৰ কর্মকর্তাসকলে ৰাজহুৱা স্বাৰ্থতহে কাম কৰাটো নিশ্চিত হোৱা উচিত।

মাছ মূৰৰ পৰাই গেলাৰ দৰে দুৰ্নীতি উৎকোচেও ওপৰ মহলাৰ পৰাই আসৈ পায়। গতিকে প্রথমে চৰকাৰৰ নীতি নিৰ্ধাৰক বা শীর্ষ আমোলা-বিষয়াই ঘোচবিৰোধী ভূমিকাৰে উদাহৰণ দেখুৱাব পাৰিব লাগিব। অশুভ উপায়ে ধন আহৰণ কৰাসকলৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থাৰ লগতে তেওঁলোকৰ অবৈধ সম্পত্তি বাজেয়াপ্ত কৰাৰ বাবে কঠোৰ নিয়ম প্ৰৱৰ্তন হোৱা উচিত। আইন বলবৎকাৰী সংস্থা আৰু দুৰ্নীতি নিবাৰক সংস্থাসমূহে স্বতন্ত্রভাৱে কাৰ্য পৰিচালনা কৰাৰ সুযোগ পাব লাগিব।

সম্প্রতি চলি থকা পুঠি-খলিহনাকে ধৰি ৰৌ-বৰালিৰ ওচৰ চাপিব নোৱৰা ব্যৱস্থাৰ অৱসান ঘটিলেহে স্বৰূপাৰ্থত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা প্রকাশ পাব। তদুপৰি নাগৰিক সমাজক আস্থাত লোৱাৰ পৰিবেশ সৃষ্টি হ'ব লাগিব। উৎকোচ দিয়া আৰু লোৱাটো সামাজিকভাৱেও গুৰুতৰ অপৰাধ বুলি স্বীকৃত হোৱা উচিত। এইক্ষেত্ৰত উৎকোচবিৰোধী সজাগতামূলক কাৰ্যসূচীও ফলপ্ৰসূ হ'ব পাৰে। ক্ষমতা পালেই উৎকোচ আহৰণত মত্ত হোৱাসকলৰ প্ৰতি আঙুলি টোঁৱাব পাৰিব লাগিব। এটা কথা মনত ৰখাটো উচিত হ'ব যে ক্ষমতাই মানুহক কলুষিত নকৰে, মানুহেহে ক্ষমতাক কলুষিত কৰে। আমাৰ ক্ষমতাত থকাসকলে এই কথা হৃদয়েৰে অনুভৱ কৰিব পাৰিলে এদিন ভাৰতেও নিশ্চয় 'ট্ৰেচ'ৰ তালিকাৰ ঊর্ধ্বমুখী স্থানত উপনীত হৈ উৎকোচৰ শংকা হ্রাস পোৱা দেশৰূপে পৰিগণিত হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in