বিহাৰত শিশু মৃত্যু

বিহাৰত শিশু মৃত্যু

বিহাৰৰ মুজাফ্ফৰপুৰত 'একিউট এনকেফেলাইটিছ ছিণ্ড্ৰম' সদৃশ ৰোগ তথা বহুচৰ্চিত মগজুৰ জ্বৰত শতাধিক শিশুৰ মৃত্যুৱে দেশবাসীক জোকাৰি গৈছে। এনে এক দুৰ্বিষহ ঘটনাৰ বলি হোৱা প্ৰায়ভাগেই দহ বছৰ বয়সৰ তলৰ শিশু। আমাৰ দেশক একৈশ শতিকাত 'বিশ্বগুৰু'ত পৰিণত কৰাৰ কথা সদম্ভে ঘোষণা কৰা শাসকৰ 'নতুন ভাৰত' নিৰ্মাণৰ সপোনকো যেন থান-বাহন কৰি দিছে শিশুৰ এই কৰুণ মৃত্যুৱে। বিড়ম্বনাৰ কথাটো হ'ল- বিগত প্ৰায় এসপ্তাহৰো অধিক কাল ধৰি বিহাৰ স্বাস্থ্য প্ৰশাসন আৰু কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে মিলি ইয়াত প্ৰতিকাৰৰ সুবন্দৱস্ত কৰিব পৰা নাই।

সোমবাৰলৈকে বিহাৰৰ মুখ্যমন্ত্ৰী অথবা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীও মুজাফ্ফৰপুৰত উপস্থিত হোৱাগৈ নাছিল। কালি মুখ্যমন্ত্ৰী নীতিশ কুমাৰে তাত গৈ ৰোগীৰ আত্মীয় আৰু ৰাইজৰ ৰোষৰ সন্মুখীন হ'বলগাত পৰিছিল। স্থানীয় চৰকাৰী চিকিৎসালয়ৰ স্বাস্থ্যকৰ্মীসকলে দিনে-নিশাই ৰোগাক্ৰান্ত শিশুসকলৰ জীৱন ৰক্ষাৰ কামত নিয়োজিত হৈ থাকিও একো কৰিব পৰা নাই। ৰোগৰ চিনাক্তকৰণৰ হৈছে, চিকিৎসাও চলিছে। কিন্তু মৃত্যুৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি পাইছে।

চিকিৎসকসকলৰ মতে অতি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি হোৱা শিশুসকলৰ জীৱন বচোৱাটো কঠিন হৈ পৰিছে। ইফালে পৰ্যাপ্ত চিকিৎসক, দৰৱ-পাতি আৰু আই চি ইউযুক্ত বিচনাৰ অভাৱৰ কথাও পোহৰলৈ আহিছে। অৰ্থাৎ দেশৰ অন্য প্ৰান্তৰ সৰু চহৰ-নগৰ বা গ্ৰামাঞ্চলৰ দৰেকৈ বিহাৰ মুজাফ্ফৰপুৰৰ স্বাস্থ্য খম্ডৰ আন্তঃগাঁথনিও যে অতি দুৰ্বল, সেয়া ইতিমধ্যে প্ৰতীয়মান হৈছে। তাৎপৰ্যপূৰ্ণভাৱে এই মুজাফ্ফৰপুৰতে ২০১২চনত তেনেজাতীয় ৰোগতে ১৭৮ জন আৰু ২০১৪ চনত ১৩৯জন শিশুৱে মৃত্যুক সাবটিলগা হৈছিল।

জানিব পৰা মতে, যোৱা কেইবছৰমান ধৰি এনে এটা বছৰ নাই, এপ্ৰিলৰ পৰা জুন মাহৰ সময়চোৱাত মুজাফ্ফৰপুৰত শিশুৰ মৃত্যু হোৱা নাই। ২০১৪চনতো বৰ্তমানৰ আৰু তেতিয়াৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধন মুজাফ্ফৰপুৰলৈ গৈ ঘটনাৰ বুজ লৈছিল। তেওঁ তেতিয়া ঘোষণা কৰিছিল যে উক্ত অঞ্চলত শিশুৰ বাবে নতুনকৈ এখখন বিচনাযুক্ত চিকিৎসালয়, বীজাণু পৰীক্ষণ কেন্দ্ৰ আদি নিৰ্মাণ কৰা হ'ব। তাৰ লগতে মুজাফ্ফৰপুৰৰ শিশুসকলৰ মাজত এনকেফেলাইটিছ ৰোগৰ টিকাকৰণ প্ৰক্ৰিয়া ১০০ শতাংশ সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতিও দিছিল কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে।

কিন্তু সেইবোৰ ঘোষণা আজিলৈকে কাৰ্যকৰী নহ'ল। প্ৰশ্ন হয়- যদিহে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ক্ষেত্ৰত কেন্দ্ৰৰ কৰিবলগীয়া একোৱেই নাথাকে, তেন্তে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে মুজাফ্ফৰপুৰলৈ আহি বৰ বৰ ঘোষণা কৰিছিল কিয়? ইফালে দেশৰ আগশাৰীৰ স্বাস্থ্য সম্পৰ্কীয় এক গৱেষণামূলক সংস্থাই ২০১৭চনতে প্ৰকাশ কৰা প্ৰতিবেদনত কৈছিল যে মুজাফ্ফৰতপুৰৰ 'একিউট এনকেফেলাইটিছ ছিণ্ড্ৰম' ৰোগত ভোগা শিশুসকলৰ মৃত্যুৰ মূল কাৰণ আছিল দৰাচলতে দাৰিদ্ৰ্য আৰু পুষ্টিহীনতা।

সেই অঞ্চলৰ লিচু বাগানবোৰত শ্ৰমিক পিতৃ-মাতৃৰ সৈতে লিচু ছিঙিবলৈ যোৱা শিশুৱে খালী পেটত লিচু খোৱাৰ বাবে তেওঁলোকৰ দুৰ্বল শৰীৰত হোৱা বিষক্ৰিয়াৰ ফলতে উক্ত ৰোগত আক্ৰান্ত হৈ পৰিছিল। এইবাৰো মুজাফ্ফৰপুৰৰ পৰা বেছিভাগ শিশুৱেই পুষ্টিহীনতা আৰু দৰিদ্ৰতাৰ বলি। নেচনেল ফেমিলী হেল্থ ছাৰ্ভে নামৰ ৰাষ্ট্ৰীয় সংস্থাটোৱে ২০১৫-১৬ বৰ্ষত প্ৰকাশ কৰা ৰিপ'ৰ্টমতে বিহাৰৰ পাঁচ বছৰৰ বয়সৰ শিশুৰ ৪৪ শতাংশই পু্ষ্টিহীনতাত ভোগে।

উল্লেখ্য যে, বিশ্বৰ অধিক পুষ্টিহীনতাত ভোগা শিশুও ভাৰততে বাস কৰে। এইক্ষেত্ৰত ১১৭খন দেশৰ ভিতৰত ভাৰতৰ স্থান ১০৩ নম্বৰত আছে। আমাৰ দেশৰ পুষ্টিহীনতাত ভোগা শিশুৰ হাৰ হ'ল ৩৬ শতাংশ। এই কথা আমাৰ শাসকসকলে বিশ্ববাসীৰ পৰা লুকুৱাই ৰাখিবলৈ যন্ত কৰে যদিও সত্যক বেছি দিনলৈ ঢাকি ৰাখিব পৰা নাযায়। আমি বিচাৰো মুজাফ্ফৰপুৰৰ এই অবৰ্ণনীয় ততা দুখদায়ক ঘটনাৰ পৰা শিক্ষা লৈ তেওঁলোকৰ কৰণীয়খিনি নিৰ্ধাৰণ কৰক আৰু দেশক প্ৰকৃত অৰ্থত বিকাশৰ পথত অগ্ৰসৰ কৰাৰ বাবে অধিক যত্নপৰ হওঁক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in