দিনকণা

দিনকণা

স্বাধীনতা শব্দটো দিন আৰু ৰাতিৰ সমাৰ্থক বা একত্ৰ ৰূপক হিচাপে ব্যৱহাৰ কৰিব পাৰি। প্ৰাক্ স্বাধীনতাৰ কালছোৱাক ৰাতি আৰু স্বাধীনতাৰ পৰৱৰ্তী সময়খিনিক দিনৰ সৈতে ৰিজাব পাৰি। পোন্ধৰ আগষ্টৰ দিনা লালকিল্লাৰ বাণী আৰু ৰাজপথৰ বীৰ-বিক্ৰম শুনিলে-দেখিলে এনে লাগে যেন দেশখন কেতিয়াও পৰাধীন নাছিল। দেশত কেতিয়াও স্বাধীনতাৰ আগৰ দুঃসহ যন্ত্ৰণাভৰা নিশাবোৰ নাছিল বুলিয়েই মনে ধৰে।

পিছে পোন্ধৰ আগষ্টৰ স্বাধীনতাৰ উৎসৱ পাৰ হৈ যোৱাৰ পিছত ৰাতিবোৰ আকৌ নামি আহে। উৎসৱমুখী মানুহৰ মুখবোৰ দিনৰ পোহৰৰ দৰে উজ্জ্বল হৈ থকাৰ পিছত আকৌ তেওঁলোক হেৰাই যায় নিশাৰ আন্ধকাৰত। স্বাধীনতাৰ শেষত কি থাকে? দিল্লীৰ ৰাজপথত অথবা ময়দানত পৰি ৰয় প্লাষ্টিকৰ আৱৰ্জনা, পেকেট লান্স, তিৰংগা অথবা ত্ৰিৰংগাৰ অৱশেষ। এয়াই ৰাতি।

স্বাধীনতা দিৱস যদি দিন হয় তেন্তে দিৱসৰ পৰৱৰ্তী অধ্যায় হৈ পৰে ৰাতি। সৰ্বহাৰা আৰু ক্ষুধাৰ্তৰ স্বাধীনতাও ৰাজপথ বা কোনো ময়দানত পৰি ৰোৱা অৱৰ্জনাৰ দৰে হৈ যায়। স্বাধীনতাৰ দিনা উচ্চস্তৰত কথা কোৱা মানুহবোৰ কণ্ঠ হেৰায় স্বাধীনতাৰ পিছত। ফুলশয্যাৰ নিশাটো সকলোৱে ভাল পায়। কিন্তু ৰাতি পুৱালেই ন-কইনাই যেতিয়া স্বামীৰ হাতত বজাৰ মোনাখন তুলি দিয়ে তেতিয়াই ফুলশয্যাৰ আমেজ কৰ্পুৰৰ দৰে উৰি যায়। প্ৰতি বছৰে পোন্ধৰ আগষ্ট আহে। তাৰ পিছত কি হয়? নাইবা স্বাধীনতাৰ পিছত কোনবোৰ খবৰ মানুহে নজনাকৈ থাকে? দিনৰ খবৰ পোৱা মানুহে ৰাতিৰ খবৰ নোপোৱাকৈ থকা উচিত জানো?

উদাহৰণ দিব পাৰি এটা প্ৰশ্নৰে- দেশৰ স্বাধীনতা কাৰ হাতত ধৰি অৰ্জন কৰাটো সম্ভৱপৰ হৈছিল? উত্তৰটো নিশ্চয় মহাত্মা গান্ধী। স্বাধীনতাৰ সপোন দেখিছিল মহাত্মাই। তাৰ পিছত দেশবাসীকো সেই সপোনৰ পিছ ল'বলৈ শিকাইছিল। পিছে সেইজন জাতিৰ পিতাৰ সমাধিস্থল ৰাজঘাটৰ খবৰবোৰ স্বাধীনতাৰ ৰাতিৰ অধ্যায়ৰ দৰে।

যোৱা ৬ আগষ্টৰ দিনা অৰ্থাৎ দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱসৰ এঘাৰ দিন পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ে ৰাজঘাটৰ পৰিচালনাত থকা ৰাজঘাট সমাধি কমিটিক কটু সমালোচনা কৰি কৈছিল- এই স্মৃতিসৌধটো মন্দিৰৰ দৰে বিবেচনা কৰা হয়। পিছে এনে এটা মন্দিৰসদৃশ স্মাৰকৰ অৱস্থা কিয় শোচনীয় হৈ আছে সেইটোহে গৰিহণাযোগ্য। ১৯৪৮ চনৰ ৩০ জানুৱাৰীত মহাত্মাক হত্যাৰ পিছদিনাই ৰাজঘাটত শেষকৃত্য সম্পন্ন কৰা হৈছিল।

লালকিল্লাৰ পিছফালেই আছে ৰাজঘাট। কুৰি মিনিটৰ বাট। তাতেই ৰাজপথ। পোন্ধৰ আগষ্টত সেনাৰ দপদপনিত কঁপি উঠে ৰাজপথ। লালকিল্লাৰ পৰা দিল্লীশ্বৰে ডিঙিৰ সিৰ ফুলাই স্বাধীনতাৰ কথা কয়। তাৰ মাজতো নিটালে থাকে ৰাজঘাট। এফালে দিন আৰু আনফালে ৰাতি। যাৰ বাবে আমি  স্বাধীনতা পালো তেওঁক প্ৰতিটো স্বাধীনতা দিৱসত হত্যা কৰি অহা হৈছে।

দিল্লী হাইক'ৰ্টে যেতিয়া ৰাজঘাটৰ শোচনীয় অৱস্থাৰ বাবে মাত মাতিব লগা হৈছে, তাতেই প্ৰমাণ হয়- স্বাধীনতাৰ শেষত কি আছে বা কি পোৱা যায়? ৭২ বছৰ আগতে যিবোৰ ৰাতি আছিল সেয়া ৭২ বছৰ পিছতো ৰাতি হৈয়েই আছে। মহাত্মাক অন্ধকাৰত থৈ দীনদয়াল ছাভাড়কাৰক মহান আত্মাৰূপে স্বীকৃতি দিব খোজা শাসকৰ বাবে ৰাজঘাট স্বাধীনতাৰ কোনো ৰূপক নহয়। দিন-ৰাতিৰ ৰূপান্তৰৰ কাষ চাপিব নোখোজা বাবেই স্বাধীনতাৰ পিছৰ কথাবোৰ কোনেও পাতিব নোখোজে। কাৰণ সকলো মানুহ এতিয়া দিন-ৰাতিৰ ছেদ-ভেদ নোহোৱাকৈ স্বাধীনতাৰ পোহৰ বিচাৰি ফুৰা একোটা দিনকণা।

ভিক্ষাৰী

ডন হেৰল্ডৰ মৃত্যুৰ প্ৰায় ৫৩ বছৰ পাৰ হ'ল। আমেৰিকান সাহিত্যত হাস্য-ব্যংগৰ অপূৰ্ব সংমিশ্ৰণ ঘটাইছিল হেৰল্ডে। ১৯৬৬চনত হেৰল্ডৰ মৃত্যু হৈছিল। তেওঁ এবাৰ পদপথেৰে খোজকাঢ়ি গৈ আছিল। হঠাতে তেওঁৰ সন্মুখত আৱিৰ্ভাৱ হৈছিল এজন ভিক্ষাৰীৰ। নানানটা ভংগিমাৰে ভিক্ষাৰীজনে হেৰল্ডৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছিল। তৎসত্ত্বেও ভীষণ নিৰুদ্বেগেৰে খোজকাঢ়ি গৈ আছিল হেৰল্ড।

দৰাচলে সিদিনা হেৰল্ডে এখন গ্ৰন্থ বিপণী উদ্বোধনৰ বাবে গৈ আছিল। উদ্বোধনী ভাষণত তেওঁ কি ক'ব তাকেই মনতে ভাবি ভাবি গৈ আছিল। তেনে সময়তে ভিক্ষাৰীজনৰ আৱিৰ্ভাৱ হৈছিল। কিন্তু হেৰল্ডৰ পৰা কোনো সঁহাৰি নোপোৱাত ভিক্ষাৰীজনে গাৰ সকলো কাপোৰ খুলি হেৰল্ডৰ ভৰি এখনত খামোচ মাৰি ধৰিলে। সিদিনা গ্ৰন্থ বিপণীত উদ্বোধনী ভাষণত ডন হেৰল্ডে কৈছিল- এইখন পৃথিৱীত ভিক্ষাৰীয়ে এনে এজন ব্যক্তি, যিয়ে নেকি নিজক প্ৰদৰ্শন কৰিবলৈ কোনো ধৰণৰ বাধ্যবাধকতা মানি চলিব নালাগে।

চলিত মাহৰ আদিতে দিল্লী উচ্চ ন্যায়ালয়ে ভিক্ষা খোজাটো অপৰাধ নহয় বুলি ৰায় দিছিল। ব্ৰিটিছ ঔপনিবেশিক যুগত ভিক্ষাৰীসকলক 'অপৰাধী জনজাতি' হিচাপে অভিহিত কৰা হৈছিল। উচ্চ ন্যায়ালয়ৰ ৰায়টোত এটা কথা স্পষ্ট হৈছিল যে দৰিদ্ৰ হোৱাটো কোনো অপৰাধ নহয়। দৰিদ্ৰতাক সমাজৰ বাবে অভিশাপ গণ্য কৰা হয়। সেই দাৰিদ্ৰ্যৰ পৰা মুক্ত হ'বলৈ আনৰ ওচৰত হাত পতাসকলো অভিশাপ নেকি?

আচলতে প্ৰায় প্ৰতিজন ব্যক্তিয়েই ভিক্ষাৰী। ওৰেটো জীৱন আনৰ ওচৰত হাত পাতি কটায় প্ৰতিজন লোকে। যেনে- সৰুতে পিতৃ-মাতৃৰ ওচৰত, পঢ়ি থাকোতে শিক্ষাগুৰুৰ ওচৰত, চাকৰি কৰাতো ওপৰৱালাৰ ওচৰত আৰু মৃত্যুৰ সময়ত চাৰিজনৰ কান্ধৰ ওপৰত। পৰনিৰ্ভৰশীলতাকে কয় ভিক্ষা। মন্ত্ৰী হৈ গুৰু-গোহাঁই নমনাসকলেও ভোটৰ সময়ত কিদৰে ভিক্ষাৰী হৈ পৰে সেয়া সকলোৱে জানে।

কিন্তু ৰাস্তাই-ঘাটে ভিক্ষা খোজাসকলে কেৱল পেটৰ ভোকৰ বাবেহে আনৰ ওচৰত হাত পাতে। তেওঁলোকৰ মনত ধনী-দুখীয়াৰ পাংক্তেয় চিন্তা নাই। হাইক'ৰ্টে সেই কথা চিন্তা কৰিহে ভিক্ষাবৃত্তিক অপৰাধ নহয় বুলি ঘোষণা কৰিছে। অৱশ্যে একোটা 'কাম'ক অপৰাধ নহয় বুলি ঘোষণা কৰিলে লাভৰ মুখেই দেখা যায়। যেনে-পৰ্টুগাল। ২০০১চনত পৰ্টুগালে ড্ৰাগছ ব্যৱহাৰ আৰু অপহৰণ কৰাটো অপৰাধ নহয় বুলি ঘোষণা কৰে। ইয়াৰ পিছতে ড্ৰাগছজনিত অপৰাধ, হত্যা, আত্মহত্যা আদিৰ ঘটনা হ্ৰাস পাবলৈ ধৰিলে পৰ্টুগালত। এতিয়া ইউৰোপিয়ান ইউনিয়নৰ 'সৎ' ৰাষ্ট্ৰ পৰ্টুগাল।

ৰাইজৰ ওচৰত চৰকাৰো ভিক্ষাৰীসদৃশ। কিন্তু চৰকাৰৰ হাতত ক্ষমতা থকাৰ বাবে ৰাইজকহে ভিক্ষাৰী যেন লাগে। পেটৰ তাগিদাত ভিক্ষাৰী হয় প্ৰজা। ৰজাই কিন্তু প্ৰতাপ অৰ্জনৰ বাবেহে ভিক্ষাৰীৰ বেশ ধৰে। প্ৰজাঘৰৰ ভিক্ষাৰী অভিশাপ। ৰজাঘৰৰ ভিক্ষাৰী মৰিলে ফুলৰ মালা পিন্ধায়। দুয়োটাৰ মাজত মাথোন এটাই সাদৃশ্য- বিবস্ত্ৰ হৈ শুৱাই দিয়ে চাৰিখুঁটিত। কাপোৰ-কানি খুলি দিয়াৰ পিছত সকলো মানুহেই হৈ পৰে একোজন ভিক্ষাৰী। সেই যুক্তিত ডন হেৰল্ডে জানো মিছা কৈছিল? ভোগবাদী পৃথিৱীত প্ৰদৰ্শনেই সৰ্বস্ব। ডন হেৰল্ডৰ সন্মুখৰ ভিক্ষাৰীজন আৰু আজিৰ সমাজৰ ৰজাঘৰ-প্ৰজাঘৰৰ সকলো ভিক্ষাৰীয়েই একে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in