শাৰদীয় শুভ কামনা

শাৰদীয় শুভ কামনা

বৰ্তমানে এই বছৰৰ দুৰ্গোৎসৱ চলি আছে। চৌদিশ শাৰদীয় বতৰৰ শেৱালিৰ সুগন্ধৰে আমোলমোল। গা পুলি নিয়া জহো গ'ল, আনফালে ঠেঁটুৱৈ কঁপোৱা জাৰো আহিবৰ নৌ এথোন। গা জুৰ পেলোৱা বতৰৰ ঋতুৱে বোকোচাত আনিছে শাৰদীয় উৎসৱক। তাৰে শ্ৰেষ্ঠ প্ৰতিনিধি হ'ল দুৰ্গোৎসৱ। দোহৰাৰ প্ৰয়োজন নাই যে দুৰ্গোৎসৱ দেৱী পূজাৰ এটা বিখ্যাত তথা বহুল প্ৰচলিত ৰূপ, যিটোৱে প্ৰতিনিধিত্ব কৰে মাতৃ শক্তিৰ পূজাক। ই হিন্দু ধৰ্মৰ শাক্ত পন্থাৰ প্ৰখ্যাত প্ৰতিনিধি।

মাতৃ শক্তিৰ বন্দনা-অৰ্চনা এটা মাথোন ভাৰতীয় লোক-পৰম্পৰাৰ ই অতি গুৰুত্বপূৰ্ণ অংশ হোৱাৰ লগতে প্ৰাচীনতম অংগও। যি আৰ্য সভ্যতাৰ ধৰ্ম হিচাপে হিন্দু ধৰ্মৰ উৎপত্তি হৈছিল, সিন্ধু উপত্যতাৰ সভ্যতা সেই আৰ্য সভ্যতাতকৈও প্ৰাচীন আছিল।হৰপ্পা-মহেঞ্জোদাৰো আদি স্থানত আৱিষ্কৃত লিপিৰ পাঠোদ্ধাৰ যদিও এতিয়াও কৰিব পৰা হোৱা নাই, কিন্তু এটা কথা নিশ্চিত হৈছে যে সেই সভ্যতাতো ব্যাপকতম ৰূপেৰে পূজা অৰ্চনা কৰা হৈছিল মাতৃ শক্তিকেই।

হিন্দু ধৰ্মত যি দুৰ্গা পূজাই প্ৰচলন লাভ কৰিলে, সেই পূজাৰ উৎপত্তিও বিশ্ব ইতিহাসৰ আন সকলো মাতৃ পূজাৰ দৰে হৈছিল প্ৰজনন উৎসৱ হিচাপেই। সকলো প্ৰজনন উৎসৱৰ গুৰি হ'ল- প্ৰকৃতিৰ উৰ্বৰা শক্তিৰ বন্দনা। প্ৰকৃতি মাতৃৰূপী। শ্ৰমজীৱীৰ বাবে আশা আৰু সম্ভাৱনাৰ ঋতু। বিশেষকৈ কৃষিভিত্তিক সমাজত। সভ্যতাৰ প্ৰথমটো উন্নত সোপান আছিল কৃষিভিত্তিক সমাজৰ উৎপত্তি। কৃষক ৰাইজৰ বাবে শৰৎ এটা বিশেষ বৈশিষ্ট্যপূৰ্ণ ঋতু। বিশেষকৈ ধানখেতি প্ৰধান কৃষক সমাজত। বছৰটোৰ মূল কৃষি কৰ্মখিনি শেষ হ'ল।

শৰতত চৌদিশৰ ধাননি গেঁৰ লৈ ৰৈ থকা সেউজীয়া  ধানগছেৰে ভৰা। এটা আশাভৰা মনেৰে জহ-জাৰৰ প্ৰকোপ নথকা বতৰত খেতিয়কৰ বাবে ভাগৰ মৰাৰ সময়। লগতে এই আজৰিৰ বতৰতেই খেতিৰ ধান ভাল হওক, পৰিয়াল তথা ৰাইজৰ মংগল হওক-সেই কামনাৰে সৃষ্টিশক্তিলৈ কৃতজ্ঞতাৰ সেৱা জনোৱাৰ সময়ো। জন্ম দিয়াৰ ক্ষমতাৰ গৰাকী যিহেতু আইশক্তি, সেয়ে স্বাভাৱিকতেই আইশক্তিলৈকে এই সেৱা আগবঢ়োৱাৰ পৰম্পৰাৰ সৃষ্টি হ'ল। ইয়েই আছিল মাতৃ পূজাৰ পৰম্পৰাৰ আৰম্ভণি।

এই আৰম্ভণি যে প্ৰজনন শক্তিৰ উপাসনা হিচাপে হৈছিল, মাতৃ পূজাৰ সৈতে জড়িত আন জাকজমকতাবোৰ যে উপৰুৱা সাজো-কাচোনহে, যিবোৰ, আনকি প্ৰতিমাও পিচৰ কালৰ সৌন্দৰ্যবৰ্ধক সংযোজনহে তাক দুৰ্গা পূজাৰ বিধিবোৰেই প্ৰমাণ কৰে। দৃষ্টিনন্দন দেৱী প্ৰতিমা যদিও প্ৰতিষ্ঠা কৰা হয়, কিন্তু পূজাভাগ আগবঢ়োৱা হয়, প্ৰতিমাৰ সমুখৰ এফালে থকা নাৰী বস্ত্ৰ পৰিহিতা কলগছৰ 'নৱপত্ৰিকা'কহে। এতিয়াও কোনো প্ৰতিমা নোহোৱাকৈয়ে মাথোন 'নৱপত্ৰিকা'ৰে পতা অনেক দুৰ্গা পূজা আছে।

সৃষ্টিশক্তিক পূজা কৰা পৰম্পৰাৰ আৰম্ভ হৈছিল নিজৰ পৰিয়ালৰ তথা সমাজৰ মংগলৰ সাত্ত্বিক চিন্তা অন্তৰত লৈ। সেয়ে ই শুভ কামনাৰ উৎসৱো। সেই পৰম্পৰালৈ প্ৰণাম জনাই 'অসমীয়া প্ৰতিদিন'ৰ তৰফৰ পৰা সমূহ ৰাইজলৈ শুভ কামনা যাচিছো আৰু ৰাইজৰ আশীবাৰ্দ ভিক্ষা কৰিছো। আনহাতে ধৰ্মৰ উৎপত্তি যদিও মাংগলিকতাৰেই হৈছিল, কিন্তু শ্ৰেণী সমাজৰ উৎপত্তিৰ পিচত ধৰ্ম আৰু শাসক-শোষকৰ ৰাজনীতিৰ মাজত গণকল্যাণৰ বাবে অশুভ জোঁটবন্ধন গঢ়ি উঠিল আৰু ধৰ্মই তাৰ পূৰ্বৰ সাত্ত্বিকতা ক্ৰমান্বয়ে হেৰুৱাবলৈ ধৰিলে।

ধৰ্ম ৰাজনীতিৰ পাকচক্ৰত পৰি হৈ পৰিল শোষণৰ এপাট অস্ত্ৰ। ফলত গণস্বাৰ্থৰ বাবে কেনে মাৰাত্মক পৰিস্থিতিৰ সৃষ্টি হ'বগৈ তাক বৰ্তমানে দেখা দিয়া ধৰ্মীয় সন্ত্ৰাসবাদেই প্ৰমাণ কৰিছে। ধৰ্মবাদী ৰাজনীতিয়ে জাতীয় জীৱনৰ প্ৰাণ পুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শংকৰী সংস্কৃতিৰ পীঠস্থান মাজুলীত অসমৰ চৰকাৰী পক্ষৰ শাসক শ্ৰেণীয়ে হিন্দু বাংলাদেশীৰ স্বাৰ্থৰ সপক্ষে লোৱা জাতিধ্বংসী অৱস্থানেই প্ৰমাণ কৰিছে। শাৰদীয় উৎসৱৰ বতৰত এই বিপদবোৰৰ কথাও মনত ৰাখিব লাগিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in