মিথ্যাচাৰৰ জালত ৰাফেল!

মিথ্যাচাৰৰ জালত ৰাফেল!

ফ্ৰান্সৰ পৰা ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰি মোডী চৰকাৰ বিপদত পৰিছিল যদিও যোৱা শুকুৰবাৰে সৰ্বোচ্চ ন্যায়ালয়ে প্ৰদান কৰা ঐতিহাসিক ৰায়ে কেন্দ্ৰক বিপদমুক্ত কৰাৰ এক পৰিবেশ ৰচনা হৈছিল। কিন্তু এইবাৰ সৰ্বোচ্চ ন্যায়ালয়কে ভুল তথ্যৰে বিপথে পৰিচালিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে। দৰাচলতে সৰ্বোচ্চ ন্যায়ালয়ৰ উক্ত ৰায়টোত কোৱা হৈছিল যে কেন্দ্ৰই সঠিক নীতি-নিয়মৰ মাজেদিয়েই ফ্ৰান্সৰ পৰা ৰাফেল যুদ্ধ বিমান ক্ৰয় কৰিছিল।

ইয়াত মূল্য নিৰ্ধাৰণ, পদ্ধতিগত বিধি-ব্যৱস্থা আৰু অন্যান্য দিশত কোনো পক্ষই দুৰ্নীতি কৰাৰ একো তথ্য-প্ৰমাণ নাই বুলিও সৰ্বোচ্চ ন্যায়ালয়ে ঘোষণা কৰিছিল। কিন্তু ৰায়টোত ৰাফেল চুক্তিৰ বিত্তীয় সকলো বিষয় সামৰি দেশৰ মহানিয়ন্ত্ৰক আৰু হিচাপ পৰীক্ষক চমুকৈ 'কেগ'ৰ প্ৰতিবেদন প্ৰস্তুত হোৱাৰ পিচত সংসদৰ দ্বাৰা গঠিত ৰাজহুৱা হিচাপ পৰীক্ষক সমিতি চমুকৈ পি এ চিয়ে তাৰ পৰীক্ষা চলাইছিল বুলি উল্লেখ কৰাৰ পিছতহে সকলোফালেই হুৱাদুৱা লাগে।

প্ৰকৃততে কেগৰ প্ৰতিবেদন এতিয়ালৈকে সংসদত দাখিল হোৱাই নাই, তাক পি এ চিয়ে পৰীক্ষা কৰাতো দূৰৈৰ কথা! এতিয়া কংগ্ৰেছ নেতৃত্বই মুকলিভাৱে অভিযোগ আনিছে যে কেন্দ্ৰই সৰ্বোচ্চ ন্যায়ালয়ক বন্ধ খামৰ জৰিয়তে দাখিল কৰা ৰাফেল চুক্তি বিষয়ক সকলোধৰণৰ বিত্তীয় তথ্য মিথ্যাচাৰৰ বাহিৰে আন একো নহয়। যোৱা শনিবাৰে পি এ চিৰ অধ্যক্ষ তথা কংগ্ৰেছৰ বৰ্ষীয়ান নেতা মল্লিকাৰ্জুন খাৰ্গেই ঘোষণা কৰে যে 'মই পি এ চিৰ সকলো সদস্যৰ সৈতে এই বিষয়ে কথা পাতিম। যিহেতু কেগৰ কোনো প্ৰতিবেদনেই দাখিল হোৱা নাই আৰু পি এ চিয়ে তাৰ পৰীক্ষা কৰাৰ প্ৰশ্নই অবান্তৰ। আমি এই কথা কেনেকৈ মানি ল'ম।'

এই বিষয়টোক লৈ অচিৰেই সংসদত যুটীয়া সমিতি গঠন কৰাৰ দাবীও উত্থাপন কৰিছে কংগ্ৰেছ নেতৃত্বই। অৱশ্যে তেওঁলোকে স্পষ্ট কৰি দিয়ে যে কংগ্ৰেছে সৰ্বোচ্চ ন্যায়ালয়ক দোষাৰোপ কৰিব বিচৰা নাই। বৰং সকলো দোষক কেন্দ্ৰীয় চৰকাৰৰ বুলিহে তেওঁলোক ন দি কয়। ইফলাে ৰায়টোত উল্লেখিত ভুলৰ সংশোধনী বিচৰা কেন্দ্ৰই ইতিমধ্যে সৰ্বোচ্চ ন্যায়ালয়ৰ ওচৰত আবেদন দাখিল কৰিছে। সেই আবেদনত কোৱা হৈছে যে ব্যাকৰণগত ভুলৰ বাবেহে বিষয়টোক লৈ খেলিমেলিৰ সৃষ্টি হৈছে। কিন্তু কেন্দ্ৰৰ এই আবেদনক লৈ সৰ্বোচ্চ ন্যায়ালয়ে সদ্যহতে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ অৱকাশ নাই। কাৰণ ইতিমধ্যে বৰদিনৰ ছুটী উপলক্ষে সৰ্বোচ্চ ন্যায়ালয় বন্ধ আছে।

এই বন্ধৰ সময়চোৱাত ন্যায়ালয়ৰ কোনো বিচাৰপীঠে মুখ্য ন্যায়াধীশৰ দ্বাৰা গঠিত তিনিজনীয়া খণ্ডপীঠে দিয়া ৰায়ৰ সংশোধনী কৰিব নোৱাৰে। সম্প্ৰতি মুখ্য ন্যায়াধীশ দেশৰ বাহিত আছে। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি তেওঁ ১৯ ডিচেম্বৰতহে নতুন দিল্লী আহি পাবহি। কিন্তু ৰাফেল চুক্তি বিষয়ক গোচৰক লৈ তেওঁৰ নেতৃত্বত গঠিত বিচাৰপীঠৰ আন দুজন ন্যায়াধীশ ক্ৰমে সঞ্জয় কিষাণ কৌল আৰু কে এম যোছেফো সম্প্ৰতি নতুন দিল্লীৰ বাহিৰত আছে। তেওঁলোক দুজনো হেনো ইংৰাজী নৱবৰ্ষৰ সময়তহে আহি কামত যোগদান কৰিব। অৰ্থাৎ সমগ্ৰ বিষয়টো কিছুদিন অন্ততঃ অমীমাংসিত হৈ ৰ'ব।

সি যি কি নহওঁক, আমাৰ কথা হ'ল- কেন্দ্ৰীয় চৰকাৰৰ দৰে দেশৰ কাৰ্যপালিকাৰ মূল সংস্থাটোৱে সৰ্বোচ্চ ন্যায়ালয়ক দাখিল কৰা বন্ধ খামত যদিহে সঁচাকৈ মিথ্যাচাৰমূলক বা বিভ্ৰান্তিকৰ তথ্য-পাতি সন্নিৱিষ্ট কৰিছে, তেন্তে সেয়া নিশ্চয়কৈ কাৰো বাবে বাঞ্ছনীয় হ'ব নোৱাৰে। ই দেশৰ গণতন্ত্ৰৰ বাবেও অশনি সংকেত হিচাপেই প্ৰতিপন্ন হ'ব। সেইদৰে সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়ৰ পুনৰ লিখন বা সংশোধনীৰ বিষয়টোও সেই অৰ্থতেই অভাৱনীয় তথা বিস্ময়কৰ হ'ব। মুঠতে কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা তথ্য-পাতিৰ আধাৰতে সৰ্বোচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায়ক লৈ সৃষ্টি হোৱা বিতৰ্কই সচেতন মহলক জোকাৰি গৈছে। এইক্ষেত্ৰত অচিৰেই সকলো বিষয় পৰিষ্কাৰ ৰূপত ওলাই পৰিলেহে জনসাধাৰণৰ আশংকা দূৰ হ'ব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in