বঁটা বাহনৰ কথা

বঁটা বাহনৰ কথা

কোৰোনাৰ আতংক আঁতৰাই ৰাজ্যখনত প্ৰায় স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হোৱাৰ লগে লগে সাহিত্য-সংস্কৃতি তথা বৌদ্ধিক জগতখনৰ কাম-কাজসমূহেও পুনৰ প্ৰাণ পাই উঠিছে। ইয়াৰ অংশস্বৰূপেই যোৱা কিছুদিনত বিভিন্ন ক্ষেত্ৰৰ কৃতী ব্যক্তিক চৰকাৰী-বেচৰকাৰীভাৱে বঁটা সন্মান প্ৰদানৰো জোৱাৰ উঠিছে। বঁটা এক স্বীকৃতি আৰু ই মানুহক সৃষ্টি-সেৱা কৰ্মত অগ্ৰসৰ হ'বলৈ অনুপ্রাণিত কৰে। জাতীয় জীৱনলৈ বিশিষ্ট অৱদান যোগাই যোৱা শ্রদ্ধেয় ব্যক্তিৰ নামত প্ৰৱৰ্তন কৰা বঁটাই সেই ব্যক্তিসকলৰ স্মৃতি সজীৱ কৰি ৰখাতো সহায় কৰে। যোগ্য-উপযুক্ত অৰ্হতাসম্পন্ন ব্যক্তিলৈ বঁটা আগবঢ়ালেহে সেই বঁটাৰ মান অক্ষুণ্ণ থাকে আৰু বঁটা প্ৰদানকাৰী সংস্থাৰো মান্যতা বৃদ্ধি পায়।

যিদৰে প্ৰজ্ঞা আৰু জ্ঞানৰ সাধনাৰে জীৱন জিলিকোৱা অসমৰ কাব্যঋষি নীলমণি ফুকনলৈ দেশৰ সৰ্বোচ্চ সাহিত্য সন্মান আগবঢ়াই ভাৰতীয় জ্ঞানপীঠ নিজেই ধন্য হৈছে। পিচে সম্প্ৰতি অসমত বঁটা প্ৰদানকাৰী সংস্থা আৰু বঁটাপ্রাপকৰ ভিৰে এটা ধুঁৱলী কুঁৱলী পৰিস্থিতিৰ সৃষ্টি কৰিছে। তাৰ মাজতে যোগ্য ব্যক্তিক বাছনি কৰি তেওঁলোকৰ অৱদানক স্বীকৃতি দিয়াৰ বাবে নিষ্ঠাসহকাৰে কেইটামান সংস্থাই অহোপুৰুষাৰ্থ কৰি অহাটো আশাব্যঞ্জক কথা। কিন্তু কেতবোৰ সংস্থাই যোগ্যতাৰ মাপকাঠীতকৈ আন কাৰকৰ ওপৰত গুৰুত্ব দি জধে মধে বঁটা-সন্মান প্ৰদান কৰাও পৰিলক্ষিত হৈছে। সমাজৰ অন্যায়কাৰী, ভ্ৰষ্টাচাৰত লিপ্ত লোকেও বঁটা-বাহন লৈ নিজকে যহাই ফুৰাৰ সুযোগ পাইছে।

বঁটা প্ৰদান ইতিবাচক কাম যদিও স্বার্থজড়িত কোনো সংস্থাই নিষ্ঠাহীনভাৱে অযোগ্যজনক প্রদান কৰা বঁটাই সমাজলৈ কেতিয়াও শুভবার্তা কঢ়িয়াব নোৱাৰে। বঁটা প্ৰদানকাৰী সংস্থাসমূহে নিৰপেক্ষ বিচাৰ-বিবেচনাৰে যোগ্যজনক যথোচিত সন্মান প্ৰদান কৰিহে বঁটাৰ মান্যতা বা গ্রহণযোগ্যতা বৃদ্ধি কৰিব পাৰে। সেয়ে বঁটা প্ৰদান প্ৰক্ৰিয়াৰে যোগ্যজনক অনুপ্ৰেৰণা দিয়াৰ লগতে মহান ব্যক্তিৰ স্মৃতি জীয়াই ৰাখিব খোজা সংস্থা বা ন্যাসবোৰ এইক্ষেত্ৰত সদাসতর্ক হৈ থকা উচিত। একেদৰে চৰকাৰীভাৱে আগবঢ়োৱা বঁটা বাহনক লৈও বিতৰ্কৰ অৱকাশ থাকিব নালাগে।

যোগ্যজনক সন্মান যচাটো এক সুস্থ পৰম্পৰাৰ নিদর্শন। অসম চৰকাৰে শেহতীয়াভাৱে 'অসম বৈভৱ', 'অসম সৌৰভ' আৰু 'অসম গৌৰৱ আদি সন্মান প্ৰৱৰ্তনেৰে আদৰণীয় কাম কৰিছে। কিন্তু এই বঁটাপ্রাপকক নির্বাচন কৰোতে চৰকাৰে পূৰ্বে ঘোষণা কৰা অৰ্হতা সম্পৰ্কীয় নির্দেশনা নিজেই উলংঘা কৰাটো দৃষ্টিকটু হৈছে। চৰকাৰৰ নিৰ্দেশনাত কোনো চৰকাৰী পদবীত উপবিষ্ট ব্যক্তি এই বঁটাৰ বাবে যোগ্য বিবেচিত নহ'ব বুলি উল্লেখ থকা সত্ত্বেও 'অসম সৌৰভ', 'অসম গৌৰৱ' প্রাপকৰ তালিকাত দুজনকৈ উচ্চপদস্থ আমোলাৰ নাম অন্তর্ভুক্ত হোৱাত স্বাভাবিকতেই প্ৰশ্নৰ উদয় হৈছে।

বিশেষকৈ দুর্নীতিত অভিযুক্ত এজন অতি বিতর্কিত বিষয়াক এনে সম্মান যাচি চৰকাৰে বঁটা প্ৰদান প্ৰক্ৰিয়াটোকে সন্দেহৰ আৱৰ্তলৈ নিয়া বুলিও চৰ্চা হোৱাটো উদ্বেগজনক। আনহাতে দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটাক 'অসম বৈভৱ' বঁটাৰ বাবে মনোনীত কৰাত বিভিন্ন মহলে আদৰণি জনাইছে যদিও এই বঁটাক ৰাজ্যখনৰ সর্বোচ্চ অসামৰিক সম্মান বুলি ঘোষণা কৰাত কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছে। কিয়নো ইয়াৰ পূৰ্বে ২০০৯ চনৰ পৰা প্ৰদান কৰা 'অসম ৰত্ন' বঁটাক অসমৰ সৰ্বোচ্চ অসামৰিক সম্মানৰূপে অভিহিত কৰা হৈছিল। একেদৰে ১৯৮৬ চনৰ পৰা প্ৰদান কৰি অহা শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ মৰ্যাদা কি হ'ব, সেই লৈও প্রশ্ন উঠিছে।

চৰকাৰে প্ৰৱৰ্তন কৰা আন কিছু বঁটা অনিয়মীয়া বা বন্ধ হৈ পৰাটোও চিন্তনীয় কথা। সকলো বঁটাৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি ৰাজহুৱা কৰা উচিত। মন কৰিবলগীয়া যে চৰকাৰে গতানুগতিকভাৱে প্ৰদান কৰি অহা সাহিত্যিক পেন্সন এইবাৰ প্ৰয়াত কথাশিল্পী হোমেন বৰগোহাঞিৰ জন্মদিনত আনুষ্ঠানিকভাবে প্ৰদান কৰি ইয়াক এটা নতুন মাত্ৰা প্ৰদান কৰিছে। শিল্পী দিৱসত নির্বাচিত শিল্পীসকলকো নিশ্চয় এইদৰে আনুষ্ঠানিকভাৱে শিল্পী পেন্সন প্ৰদান কৰা হ'ব। একেদৰে চৰকাৰৰ অধীনস্থ সংস্থা অসম প্রকাশন পৰিষদে লেখক-প্রকাশকলৈ সাহিত্য বঁটা ঘোষণা কৰিছে। এনেবোৰ পদক্ষেপত চৰকাৰৰ সদিচ্ছা প্রকাশ পাইছে যদিও বঁটা সম্মান প্ৰাপকৰ উপযুক্ত বাছনিয়েহে ইয়াৰ গুৰুত্ব বৃদ্ধি কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in