বিষাক্ত 

বিষাক্ত 

কেঁচা বিলাহীবোৰ কেনেকৈ পকা তুলতুল কৰি পেলোৱা হয়, সেই দৃশ্য কেইদিনমান পূৰ্বে অসমবাসীৰ দেখাৰ সৌভাগ্য হ'ল। সেই দৃশ্য দেখি কেইজনমানে কৈছে যে পকা তুলতুল বিলাহী ঐ বুলি মানুহবোৰৰ মনত যি বিহুৱা-কাব্যিক অনুভৱ আছিল, সেয়া অন্ততঃ নোহোৱা হ'ব। ভুকুতে কলটো নপকে বুলি মানুহবোৰে কৈ আহিছিল। এতিয়া কিন্তু সকলো সম্ভৱ হৈছে। বজাৰৰ শাক-পাচলিবোৰৰ ভিতৰত কেঁচা অমিতাকেইটাহে ভাল বুলি শলাগি থকা হৈছিল।

সেই অমিতা কেইটাকো এতিয়া কেঁচা কৰি ৰাখিবলৈ বিষাক্ত দ্ৰব্য মিহলোৱা হয়। শাক-পাচলি , ফল-মূল সকলোবোৰতে যেতিয়া বিষাক্ত দ্ৰব্য সানি মানুহক খাবৰ বাবে বজাৰত মেলি দিয়া হৈছে, এতিয়া মানুহখিনিও বিষাক্ত নোহোৱাকৈ থাকে কেনেকৈ? বজাৰখনৰ দৰে সমাজখনো বিষাক্ত হ'বলৈ ধৰিছে। কেৰালাৰ সবৰীমালা মন্দিৰত মহিলাই প্ৰৱেশ কৰিব পাৰিব বুলি ছুপ্ৰিম ক'ৰ্টে নিৰ্দেশ দিছিল। সেই নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ ৰাজ্য চৰকাৰখন তৎপৰ। কিন্তু বিজেপি-কংগ্ৰেছ উভয়ে এইক্ষেত্ৰত বাধা দি আছে। নতুন বছৰৰ প্ৰথম মাহত অযোধ্যাত মন্দিৰ নে মছজিদ হ'ব লাগে, তাক লৈ ছুপ্ৰিম ক'ৰ্টে ৰায় দিয়াৰ সম্ভাৱনা আছে। যদি এই ৰায় হিন্দুত্ববাদীৰ অনুকূলে নাযায়, কিন্তু সমাজখনক বিষাক্ত কৰি যেতিয়া একাংশ মানুহ অবাধ্য হৈ পৰে, তেন্তে সংবিধান, ন্যায়পালিকাৰ অস্তিত্ব ক'ত? পকা তুলতু বিলাহীৰ পৰা সমাজখন বিষাক্ত হৈ পৰাৰ বহু কাহিনী পোহৰলৈ আনিব পাৰি।

পৰ্যটকৰ বাবে আকৰ্ষণৰ অন্যতম কেন্দ্ৰবিন্দু হ'ল হিমাচল প্ৰদেশৰ কুল্লু। জাৰকালি বৰফ চাবলৈ কুল্লুত পৰ্যটকে ভিৰ কৰে। কুল্লুৰ হিমচেঁচা সমাজখনত কিন্তু তাতকৈয়ো মৃত্যুশীতল কাহিনী লুকাই আছে। কুল্লু জিলাত জাত-পাতৰ ভেদ-ভাব অত্যন্ত বেছি। প্ৰতিখন গাঁৱতে উচ্চবৰ্ণৰ লোক বেছি। প্ৰতিখন গাঁৱৰে আকৌ নিজা উপাস্য দেৱতাও আছে। সেই দেৱতা অসন্তুষ্ট হ'ব পাৰে বুলি কুল্লু জিলাৰ উচ্চবৰ্ণৰ লোকে গাঁওবোৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে নিম্ন বৰ্ণৰ লোকক, যেনে দলিত বা মুছলমানক। আনকি এই প্ৰচণ্ড শীতত কুল্লুলৈ অহা ৰাজ্যিক পৰিবহণৰ বাছচালককো অধিকাংশই দলিত আৰু মুছলমান।

এয়া সামান্য উদাহৰণ। য'ত মানুহৰ মনবোৰ হীন-নীচ হিচাপে বিষাক্ত হৈ পৰিছে। কেঁচা বিলাহীক অসৎ উপায়েৰে পৰা কৰা মানুহবোৰতকৈও কুল্লুৰ এইখন সমাজ বিষাক্ত। হয়তো এনে বিষাক্ত সমাজত বাস কৰা বিষাক্ত মনৰ মানুহ কিছুমানে ভুকুতে কলটো পকায় অথবা কেঁচাটোকে পকা তুলতুল বিলাহীত পৰিণত কৰে। এনে বিষাক্ত সমাজত প্ৰতিজন মানুহকে নিচাসক্ত পৰি পেলোৱা হয়।

ঈশ্বৰ

ঈশ্বৰ কোনটো বাটেৰে নামি আহি ভক্তক দৰ্শন দিয়ে। লাখ লাখ মঠ মন্দিৰ, তেত্ৰিশ কোটি দেৱতাই বিচৰণ কৰা দেশত ঈশ্বৰ নামি অহা বাট কোনটো। হাজাৰটা ৰাম মন্দিৰ থকাৰ পাচতো অযোধ্যাতহে ৰামৰ মন্দিৰটো কিয় লাগে? নে সেইটো মন্দিৰৰ চিৰিৰে ভগৱান ৰাম মৰ্ত্যলৈ নামি আহি ভক্তক দৰ্শন দিব? প্ৰায় প্ৰতিটো কথাতে যুক্তি আৰু সংশয় থাকে। সেই যুক্তিৰে কোনোবা কেইজনমানে সিদিনা ক'লে- দেশত যিমানেই মঠ-মন্দিৰ নিৰ্মাণ নহওঁক কিয়, ঈশ্বৰ কিন্তু বাস কৰে সেই এন্টিলিয়াতহে।

সাতাইশ মহলীয়াই এন্টিলিয়াৰ পৰাই ঈশ্বৰ নামি আহে। ১৩৩.৯২ কোটি জনসংখ্যাৰ দেশ ভাৰতত ১৭.৬ কোটি লোক দৰিদ্ৰ। সেই দৰিদ্ৰৰ মাজৰ ৫,১০০ সৌভাগ্যৱানক চাৰিদিন ধৰি তিনি সাজ ৰাজভোগ খোৱাৰ সুবিধা কৰি দিয়াজন ঈশ্বৰেই হ'ব। এছিয়াৰ ভিতৰতে ধনৱান আৰু বিশ্বৰ ভিতৰতে ১৯সংখ্যক ধনকুৱেৰজনৰ একমাত্ৰ কন্যাৰ বিয়াৰ ব্যয়বহুলতাৰ কাহিনী শুনি থকা মানুহবোৰেই যুক্তিৰে ক'ব বিচাৰে যে ঈশ্বৰ বাস কৰে সেই এন্টিলিয়াতহে।

এফালে, ১৭.৬ কোটি দৰিদ্ৰৰ ভাগ্য আৰু আনফালে মাত্ৰ এজন ব্যক্তিৰ ভাগ্যই টনাটনি কৰে। জয়ী হয় কোন? সংশয়বিহীনভাৱে সকলোৱে উত্তৰটো দিব পাৰে। একমাত্ৰ কন্যাৰ বিয়াত ব্যয় হয় ৭৫০ কোটি টকা। বিয়াৰ পিচত সংসাৰ কৰিবলৈ সংসাৰ কৰিবলৈ বোৱাৰীক শাহু-শহুৰে উপহাৰ দিয়ে ৪৫০ কোটি টকীয়া ঘৰ। ভগৱান সদায় ওপৰতে থাকে। ২৭ মহলাত? নহ'লে ভক্তই মন্দিৰত সদায় ওপৰলৈ চাই প্ৰাৰ্থনা কৰে কিয়? আচল ঈশ্বৰক কোনেও দেখা নাপায়। নকল ঈশ্বৰৰ দৰ্শন হৈয়েই থাকে। কিন্তু প্ৰতাপ কৰা? নিশ্চয় নকল ঈশ্বৰৰ।

দৰিদ্ৰ ভক্তই সকলো প্ৰতাপীক ঈশ্বৰৰ আসনত থ'ব বিচাৰে। আচল ঈশ্বৰৰ সবাতোকৈ ওখ মূৰ্তি স্থাপন কৰিব বিচাৰে আৰু নকল ঈশ্বৰৰ সাতাইশ মহলীয়া ইমাৰতৰ তলত ওপৰলৈ মুখ কৰি দৰিদ্ৰই সন্ধান কৰে ঈশ্বৰৰ। ভক্ত নাথাকিলে ভগৱানৰ মূল্য নাই। দৰিদ্ৰ নাথাকিলেও ধনীৰ মূল্য নাই। যদি গোটেই পৃথিৱীখন ধনী মানুহেি ভৰি থাকিলহেঁতেন, তেন্তে ধনীৰ ঐশ্যৰ্যৰ অহংকাৰ থাকিলহেঁতেন জানো? দৰিদ্ৰজন ধনী হোৱাৰ কাহিনী সকলোৱে পঢ়ে। পিচে ধৱান দৰিদ্ৰ হোৱাৰ কাহিনী কোনেও পঢ়িব নোখোজে।

আমি ওপৰলৈ যোৱা বাট বিচাৰো যদিও তললৈ অহাৰ বাট নিবিচাৰো। আমি বলাৎকাৰৰ বাট বিচাৰো, কিন্তু সংস্কাৰৰ বাট নেদেখো। য'তেই জীৱ, ত'তেই শিৱ বুলি বিশ্বাস কৰা সমাজখনে কিন্তু দৰিদ্ৰৰ মাজত ঈশ্বৰৰ সন্ধান কৰে। নহ'লে এখন চৰকাৰক কোটি কোটি টকাৰ ঋণ দিব পৰা ধনী মন্দিৰ এইখন দেশতে গঢ়ি নুঠিলহেঁতেন। খাব পৰাখিনি পাই বাকীখিনি ডাষ্টবিনত দলিয়াই দিয়া মানুহবোৰে ঈশ্বৰকো একেই ৰূপত কল্পনা কৰি লৈছে। সেইবাবে ভগৱানো ধনী আৰু দুখীয়াৰ শেহতীয়াকৈ শ্ৰেণী বিভাজন হৈ পৰিছে। এণ্টিলিয়াৰ ঈশ্বৰ আৰু অটব্য অৰণ্যত জনজাতীয় লোকে গঢ়ি তোলা শিলৰ টুকুৰাৰ ঈশ্বৰৰ মাজত পাৰ্থক্য বিচাৰি থকালৈকে আমি নাজানিম ঈশ্বৰ কোনটো বাটেৰে নামি আহে?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in