মুখ্যমন্ত্ৰীৰ সাল-সলনি

মুখ্যমন্ত্ৰীৰ সাল-সলনি

ছমাহত দেশৰ চাৰিগৰাকী মুখ্যমন্ত্ৰী সলনি কৰিলে বিজেপিে। দেশৰ মহাপ্ৰতাপী শাসকীয় দলটোৰ এই মুখ্যমন্ত্ৰী সকলি ৰাজনীতিৰ অন্তিমগৰাকী বলি হ'ল নৰেন্দ্ৰ মোডী-অমিত শ্বাহৰ গৃহ ৰাজ্য গুজাৰাটৰ বিজয় ৰূপানী। ইয়াৰ পূৰ্বে আশ্চৰ্যজনকভাৱে উত্তৰাখণ্ডত ছমাহত দুজনকৈ মুখ্যমন্ত্ৰী সলনি কৰা হ'ল। ১০ মাৰ্চত ৰাজ্যখনত তীৰ্থসিং ৰাৱটে মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ কৰিছিল। চকীখনত ভাকৈ বহিবলৈ নৌপাওঁতেই তেওঁক আঁতৰাই স্থলাভিষিক্ত কৰা হ'ল ত্ৰিবেন্দ্ৰসিং ৰাৱাটক।

কেইদিনমানৰ পিচত আঁতৰিব লগা হ'ল ত্ৰিবেন্দ্ৰসিঙো। তেওঁৰ স্থানত মুখ্যমন্ত্ৰীৰূপে ৪ জুলাইত শপত গ্ৰহণ কৰিলে পুষ্কৰসিং ধামিয়ে। যোৱা ২৬ জুলাইত মুখ্যমন্ত্ৰীৰ চকী হেৰুৱালে কৰ্ণাটকৰ বৰ্ষীয়ান বিজেপি নেতা বি এছ য়েডিয়ুৰাপ্পাি। এইবাৰ গুজৰাটৰ বিজয় ৰূপানী।

এওঁলোকৰ সৈতে অপসাৰণৰ ধৰণটো নিমিলিলেও অসমৰ পূৰ্বসূৰী মুখ্যমন্ত্ৰীগৰাকীয়ে চকী হৰৱাবলগা হোৱাটোও বিজেপিৰ একে ৰাজনীতিৰেই পৰিণাম বুলি ধাৰণা কৰিব পাৰি। 'কা' আন্দেলন -ক'ভিড পৰিস্থিতিৰ মাজতো ভাবমুৰ্তি ম্ান নোহোৱাকৈ কাৰ্যকাল সমাপ্ত কৰি বিজেপি পুনৰ ৰাজ্যৰ ক্ষমতালৈ অহাৰ ভেটিটো মজুত কৰি ৰাখিবলৈ সক্,ম হোৱা সত্ত্বেও সৰ্বানন্দ সোণোৱালে দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হোৱাৰ সুবিধা নাপালে।

এনেকৈ দায়িত্ব হেৰুৱাবলগা হোৱা প্ৰায় কেউজন অপসাৰিত মুখ্যমন্ত্ৰীৰ পিঠিত ব্যৰ্থতাৰ এটা লেবেল বহুৱাই দিব খোজা হৈছে। সৰ্বশেষ অপসাৰিত গুজৰাটৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অঘোষিত অভিযোগটো হ'ল গুজাৰাটত ক'ভিডৰ দ্বিতীয় ঢৌৰ প্ৰকোপ বৃদ্ধি মুখ্যমন্ত্ৰীদৰাাকীয়ে সময়মতে যোথপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰা বাবেই হ'ল! কিন্তু বাহিৰত বিয়পাই গিয়া বাতৰি, উৰা-বাতৰি আৰু ভিতৰৰ প্ৰকৃত পৰিস্থিতি একেই জানো!

মনত ৰখা উচিত হ'ব যে ব্যৰ্থতাৰ অভিযোগ মূৰত লৈ চকী হেৰুৱাবলগা হ'লেও বিজয় ৰূপানী কিন্তু ৰাজ্যখনৰ চতুৰ্থগৰাকী দীৰ্ঘসময়ৰ বাবে আসনত থকা মুখ্যমন্ত্ৰী। ৰাজ্যখনত সৰ্বাধিক সময়ৰ মুখ্যমন্ত্ৰী (৪,৬১০ দিন) ৰূপে অভিলেখ গঢ়ি থৈছে নৰেন্দ্ৰ মোডীয়ে। তেওঁৰ পিচতে হিতেন্দ্ৰ দেশাই (২,০৬২ দিন), মাধৱসিং ছোলাংকি (২,০৪৯ দিন) আৰু তাৰ পিচতে বিজয় ৰূপানী (১,৮২৫ দিন)। গতিকে এনে এজন নেতাক হঠাত মুখ্যমন্ত্ৰীৰ পদৰ পৰা আঁতৰাই দিয়াৰ আঁৰত ব্যৰ্থতাতকৈও নিশ্চয় অন্য কোনো বিশেষ ৰাজনীতিয়ে কাম কৰিছে।

ৰূপানীৰ স্থানত যিজন ভূপেন্দ্ৰ পেটেলক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে, তেওঁৰ ৰাজনৈতিক অভিজ্ঞতা হ'ল প্ৰথমবাৰৰ বিধায়ক। ইয়াৰ পূৰ্বে পৌৰ নিগমৰ সভাপতি হোৱাই তেওঁৰ সৰ্বোচ্চ অভিজ্ঞতা।তেওঁৰ একমাত্ৰ গুৰুত্বটো হ'ল গুজৰাটৰ আটাইতকৈ প্ৰতাপী পেটেল-পাটিদাৰ গোষ্ঠীৰ তেওঁ এজন প্ৰভাৱশালী নেতা, পূৰ্বৰ মুখ্যমন্ত্ৰী আনন্দিবেন পেটলৰ একান্ত অনুগত আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ আশীৰ্বাদধন্য।

এনে এজন স্বল্পখ্যাত ব্যক্তিক ৰবপানীৰ স্থলাভিষিক্ত কৰাৰ কাৰণ হিচাপে অন্য কিছুমান কথাহে চৰ্চা হোৱা দেখা গৈছে। এই চৰ্চামতে, নৰেন্দ্ৰ মোডী-অমিত শ্বাহৰ আমোলত দেশত সৃষ্টি হোৱা অপ্ৰত্যাশিত পৰিস্থিতি কিছুমানৰ কুফল ভূগিবলগীয়া হৈছে বিজেপি শাসিত ৰাজ্যবিলাকে। কেন্দ্ৰত অতি প্ৰভাৱশালী ৰূপত বিজেপি ক্ষমতাসীন হৈ থকা অৱস্থাত বিজেপি শাসিত ৰাজ্যবোৰত জনসাধাৰণে কিয় পদে পদে দুৰ্ভোগ ভূগিবলগা হৈছে, তাক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ সমান্তৰালকৈ এটা প্ৰতিষ্টানবিৰোধী চেতনাই ক্ৰমাত অধিক প্ৰবল ৰূপ ধাৰণ কৰিবলৈ ধৰিছে।

ইফালে ৩ খনকৈ স্বৈৰাচাৰী কৃষি আইনৰ বিৰুদ্ধে কষক আন্দোলনৰ পৰিধি ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে। সৌসিদিনা উত্তৰ প্ৰদেশৰ মুজাফফৰনগৰত যি সুবিশাল প্ৰতিবাদী কৃষক মহা পঞ্চায়ত হৈ গ'ল , সেয়া বিজেপিৰ বাবে অশনি সংকেত হৈ পৰিছে। বিজেপি শাসনৰ কুফলবিলাকক লৈ গণৰোষ যিমানে বৃদ্ধি পাই আহিছে , সিমানেই ৰাজনৈতিক ক্ষতি হ'বলৈ ধৰিছে গেৰুৱা দলটোৰ।

ইখনৰ পিচত সিখন ৰাজ্যৰ নিয়ন্ত্ৰণ বিজেপিৰ হাতৰ পৰা হেৰাই যাবলৈ ধৰা পৰিলক্ষিত হৈছে। এনে প্ৰেক্ষাপটত আগত পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল কি হ'ব, উত্তৰ প্ৰদেশত কট্টৰ হিন্দুত্ববাদীৰ নেতৃ্ত্বত চলা শাসন কায়েম থাকিবনে- এনেকুৱা কিছুমান প্ৰশ্ন উত্থাপন হ'বলৈ ধৰিছে।

যদি উত্তৰ প্ৰদেশত কেনেবাকৈ বিজেপিয়ে শাসন হেৰুৱাবলগা হয়, তেনেহ'লে বিজেপিৰ মেৰুদণ্ডডালেই ভাগি পৰাৰ লেখীয়া হ'ব আৰু নিশ্চিতভাৱে তাৰ পোনপটীয়া প্ৰবাৱ পৰিব দুবছৰৰ পিচত হ'বলগা গুজৰাটৰ নিৰ্বাচনত। গতিকে গুজৰাটৰ ৰাজনীতিত নৰেন্দ্ৰ মোডী-অমিত শ্বাহৰ শিবিৰৰ ভাবমূৰ্তি ঊৰ্ধ্বত ৰাখিবলৈ হ'লে তাত হোৱা ব্যৰ্থতাবোৰৰ দায়িত্ব কাৰোবাৰ মূৰত জাপি দিবই লাগিব।

ফলত স্বাভাৱিকভাৱেই সকলো ব্যৰ্থতাৰ ভাৰ জাপি দিয়া হ'ল বিজয় ৰূপানীৰ মূৰত। এতিয়া সম্পূৰ্ণ অপৰীক্ষিত নতুন নেতা এজনক সন্মুখত লৈ গুজৰাটত বিজেপিৰ হেৰুৱাবলৈ উপক্ৰম ঘটা প্ৰভাৱ পুনৰুদ্ধাৰ কৰাৰ প্ৰয়াস চলিব। চাবি থাকিব মোডী-অমিত শ্বাহৰ হাতত। কিন্তু এনে টাপলি মৰা ৰাজনীতিৰে জনসাধাৰণক মোহান্ধ কৰি ৰখাটো কিমানদূৰ সম্ভৱ, সেয়া প্ৰতিপন্ন হ'ব আগত সময়ৰ ৰাজনীতিত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in