শেহতীয়া খবৰ
ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...

নগ্ন

165

হিন্দু সমাজত মানুহ মৰিলে নঙঠা কৰিয়েই শেষকৃত্য কৰা হয়। যদি স্বৰ্গ আৰু নৰক বুলি কিবা ঠাই আছে, তেন্তে তালৈ মানুহ মৰাৰ পিচত নগ্ন হৈয়েই যাব লাগিব। জীয়াই থকা অৱস্থাত কাকো নাঙঠ ৰূপত চাওঁ বুলি চাব নোৱাৰি। বিশেষ সামাজিক ব্যৱস্থাৰ মাজেৰে গ’লে বেলেগ কথা। দক্ষিণ কামৰূপৰ আচলপাৰা এতিয়া জীয়া মানুহৰ নগ্ন ৰূপ চাব খোজা দানৱৰ বাসস্থান হিচাপে পৰিচিত হৈছে।

কাপোৰ খুলি নৃত্য পৰিৱেশন কৰিব নোখোজা বাবেই শিল্পী দলক প্ৰাণে মৰাৰ ভাবুকি দিয়া হৈছিল আচলপাৰাত। আজিও ইয়াক লৈ প্ৰতিবাদ অব্যাহত আছে। হয়তো তাত কাপোৰ পিন্ধিলে ভাল পোৱা কিছু মানুহ জিয়াই আছে বাবে কথাবোৰ ৰাষ্ট্ৰ হ’ল। সমাজত মানৱ আৰু দানৱ দুয়োটা শ্ৰেণীৰ মানুহ থাকে। আচলপাৰাত কোনটো শ্ৰেণীৰ লোক আছে, সেয়া মানুহে নিজৰ মতে বিশ্লেষণ কৰিব।

আচল কথা হ’ল মানৱীয় প্ৰমূল্যবোধ। এনে গুণেৰে চিন্তা-ধাৰা সলনি কৰিব পাৰি। হাতত এণ্ড্ৰয়ড ম’বাইল ফোন, ডাটা ফ্ৰী, আনলিমিটেড কলৰ সুবিধা, ফেচবুক, হোৱাটছএপ আদিয়ে কিছুমান লোকক নিচাখোৰ মানুহৰ দৰে বিকাৰগ্ৰস্ত কৰি পেলাইছে। নতুনকৈ গোঁফ গজা ল’ৰাই মাতৃ বয়সৰ গণিকাৰ সংগ সুখ বিচৰাৰ দৰেই এই আসক্তি। ডাটা ফ্ৰী মোবাইলত অতি সুলভ অশ্লীল ছবি। কিছুমান চৰাঞ্চলত ই অতি মাৰাত্মক ব্যাধি।

ভাঙৰ সমানে ডাটা খাই নিচাসক্ত চৰাঞ্চলৰ সৰহসংখ্যক লোক। তেওঁলোকেই কোনোবাই কাপোৰ পিন্ধা ভাল নাপায়। নগ্নতা তেওঁলোকৰ প্ৰথম প্ৰছন্দ। জনসংখ্যাৰ হিষ্টোগ্ৰাম আঁকি ভাল পোৱা এনে লোকে মাতৃৰ আঁচলখনকো সন্মান কৰিবলৈ টান পায়। তেনে মানুহ কিদৰে আচলপাৰাৰ বাসিন্দা হোৱাৰ যোগ্য? অলপ বেলেগ উদাহৰণ এটি দিয়া যাওঁক। পঞ্জাৱৰ পাটিয়ালা জিলাত গোবান্দপুৰ নামৰ এখন গাঁও আছে।

শিখৰ পুণ্যভূমি পঞ্জাৱৰ কোনো ধৰ্মগুৰুৱে জাত-পাতৰ ভেদাভেদৰ কথা শিকোৱা নাই। অথচ গোবিন্দপুৰৰ দৰে পাটিয়ালাৰ ১৪৪খন গাঁৱৰ দলিতৰ বাবে পৃথক শ্মশানৰ ব্যৱস্থা দীৰ্ঘদিন ধৰি চলি আহিছিল। কিন্তু চলিত মাহৰ পৰা এই ১৪৪ খন গাঁৱৰ ভিতৰত একমাত্ৰ গোবিন্দপুৰৰ পৰা প্ৰত্যাহাৰ কৰা হ’ল দলিতৰ বাবে সুকীয়া শ্মশানৰ ব্যৱস্থা।

গোবিন্দপুৰবাসীয়ে গাঁওখনৰ প্ৰৱেশদ্বাৰত লিখি থৈছে- ‘সকলো মানুহৰ এটাই জাত। জীয়াই থাকোতেই কাপোৰ জাপ জাপ, যাবৰ পৰত পিন্ধিব লাগিব একেই সাজ।’ আচলপাৰাৰ প্ৰৱেশদ্বাৰতো লিখা হওঁক ‘জীৱিতৰ বস্ত্ৰই অস্ত্ৰ, মৃতকৰ নিৰ্বস্ত্ৰই শেষ মন্ত্ৰ।’ এইষাৰ কথা জনা হ’লে আচলপাৰাত কোনেও জীৱিতৰ অস্ত্ৰৰূপী বস্ত্ৰত হাত দিবলৈ সাহস নকৰিলেহেঁতেন।

তুলী

জাৰকালিৰ শব্দবোৰ জহকালি হেৰাই যায়। এই যে শীতৰ আগমনৰ লগে লগে লেপ-তুলী চিলোৱা মানুহবোৰে টং টং শব্দ কৰি ঘৰৰ সন্মুখেৰে পাৰ হৈ যায়, তেওঁলোকক কিন্তু জহকালি সৌভাগ্যক্ৰমেহে দেখা যায়। প্ৰশ্ন এটা উদয় হয় এইবুলি যে মানুহক শীতকালতহে লেপ-তুলীৰ প্ৰয়োজন হয় নেকি? লেপৰ কথা বাদ, তুলীখনতো লাগেই। জাৰেই হওঁক বা জহেই হওঁক।

তুলীখনৰ প্ৰয়োজন কিমান, সেয়া আমাৰপ্ৰিয় মানুহবোৰে বুজে। বুজি পায় বাবেই তুলীত ধূলিৰ দৰে মিহলি লৈ থকা মানুহবোৰৰ চকুৰ সন্মুখতে আন কোনোবা ‘তুলী’য়ে পাহাৰৰ বনজ সম্পদ এফালৰ পৰা লুটি নিব ধৰিছে। আমি মাত্ৰ ডুলিৰ ভিতৰত সোমাই থকা তুলীৰ দৰে হৈ পৰিছে। তুলী বনোৱা মানুহে বজোৱা শব্দত আমি চকিত হৈ যাওঁ।

পিচে তুলিয়ে পাহাৰত চলোৱা জে চি বি, এক্সকেভেটৰৰ শব্দত আমি উচপ খোৱাৰ পৰিৱৰ্তে ডুলিৰ ভিতৰত সোমাই থাকো। আমি কিমানখিনি পৰ্যায় পোৱাৰ পিচত সজাগ হওঁ বা সম্বিৎ ঘূৰাই পাওঁ? যি জাতিয়ে নিজৰ অস্তিত্ব ৰক্ষাৰ নাগৰিকপঞ্জীখনকেই আজিলৈকে প্ৰকাশ কৰিব পৰা নাই, সেই জাতিয়ে কেনেকৈ জানিব জাতীয় চেতনাৰ কথা।

কিছুদিন পূৰ্বে বাংলাদেশী অভিনেত্ৰী এগৰাকীক গেৰুৱা বসন পিন্ধোৱা হ’ল। হিন্দু বাংলাদেশী সংস্থাপনৰ এয়া প্ৰথম পৰ্ব আছিল। কোনেও টু শব্দও উচ্চাৰণ নকৰিলে। অভিনেত্ৰীগৰাকীয়ে বজোৱা টং টং শব্দত চকিত নোহোৱা বাবেই তেওঁ মুকলি কৰা পথেৰে এদিন সোমাই আহিব জাক জাক হিন্দু বাংলাদেশী। তুলীৰ ওপৰত শুই ভাল পোৱা মানুহখিনিয়ে এদিন সঁচাকৈয়ে পাহৰি পেলাব কোনো পাহাৰ খান্দি বনজ সম্পদ লুটি নিছিল।

কোনে হিন্দু বাংলাদেশীক অহাৰ বাটটো উলিয়াই দিছিল। ৰাজনীতি য’ত আৰম্ভ হয়, তাৰ পৰা অধঃপতনৰ বাটো প্ৰশস্ত হয়। নগাঁও কাগজ কলটো পুনৰ মুকলি কৰাৰ বাবে বিগত সময়চোৱাত কিমান আৰাও, কিমান কাবৌ-কাকলি চলিল, তথাপি শাসকৰ হৃদয় বিগলিত নহ’ল। এটা কৰ্মত জীৱন-যৌবন সমৰ্পিত কৰাৰ পিচত হঠাতে সেই কৰ্মৰ পথ ৰুদ্ধ হ’লে কৰিব কি, খাব কি খুৱাব কি?

আদবয়সত কৰ্মৰ সন্ধান কৰাটো কিমান কষ্টকৰ, সেয়া ভুক্তভোগীয়ে জানে। কাগজ কলৰ কাহিনী তেনেকুৱাই। ৰাজনৈতিক কাৰচাজি নথকা হ’লে কাগজ কল কেতিয়াবাই খুলিলেহেঁতেন। আমি নিজেই নিজৰ ঘোৰ শত্ৰু। শিমলু তুলাৰ তুলীত শুৱাৰ আনন্দ আৰু ৰিফাইন তুলাৰে বনোৱা তুলীত নিদ্ৰাৰ আৰাম সুকীয়া।

আমি কোনটো সুখ ল’ম? নে বিপদ আহিলে তুলী এৰি ভিৰাই ল’ৰ দিম? অসমীয়া জাতিয়ে পলায়ন কৰিয়েই ভাল পায়। ইতিহাস সাক্ষী। মানৰ আক্ৰমণৰ পৰা বাচিবলৈ কৰা পলায়নৰ সেই ইতিহাস সাক্ষী। পিচে আমি তুলি এৰিম নে ধৰিম! পাহাৰৰ পৰা ভৈয়ামলৈ তাৰেই চিন্তা। কাৰণ ভৈয়ামত তুলীত বাগৰি আহি পাহাৰৰ তুলীক ধ্বংসৰ বাট মোকলাই দিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি