বিজেপিৰ নতুন ৰণনীতি

বিজেপিৰ নতুন ৰণনীতি

কেন্দ্ৰীয় আৰু অধিকাংশ ৰাজ্যতে চৰকাৰ চলোৱা বিজেপিৰ শীৰ্ষ নেতৃত্বৰ মাজত সম্প্ৰতি একধৰণৰ বেপৰোৱা মনোভাব ক্ৰিয়া কৰা পৰিলক্ষিত হৈছে। মোডী চৰকাৰৰ চাৰি বছৰীয়া কাৰ্যকাল সমাপ্ত হোৱাৰ পাছত আৰু ২০১৯চনৰ লোকসভা নিৰ্বাচনলৈ মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত দলটোৰ শীৰ্ষ নেতৃত্বই বুজি উঠিছে যে তেওঁলোকে জনসাধাৰণৰ আগত দিয়া প্ৰতিশ্ৰুতিবোৰ কাৰ্যতঃ বাস্তৱত ৰূপায়ণ কৰিব নোৱাৰিলে।

যিহেতু এতিয়া তেওঁলোক জবাবদিহি হোৱাৰ পাল সেইবাবেই অন্য ইছ্যুবোৰ একাষৰীয়া কৰি থৈ বিজেপিৰ শীৰ্ষ নেতৃত্বই দেশত পুনৰ এক সাম্প্ৰদায়িক মেৰু বিভাজন ঘটোৱাৰ বাবে উঠি-পৰি লাগিছে। এইবাৰ অসমৰ এন আৰ চি উন্নীতকৰণৰ বিষয়টোক লৈ বিজেপি নেতৃত্বই দেশব্যাপী প্ৰচাৰ চলাইছে যে দেশত এজনো অবৈধ বাংলাদেশীক থাকিবলৈ দিয়া নহ'ব আৰু সমগ্ৰ দেশতে অসমৰ নিচিনাকৈ এন আৰ চি প্ৰস্তুত কৰা হ'ব।

অবৈধ বাংলাদেশী মানে বিজেপিয়ে কেৱল বাংলাদেশৰ পৰা অহা অবৈধ ইছলামধৰ্মী লোকখিনিকহে যে বুজাইছে, সেই কথা বুজাত কাৰো অসুবিধা নহয়। ইতিমধ্যে দলৰ সদ্যসমাপ্ত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক গৃহীত কৰি প্ৰতিবেশী ৰাষ্ট্ৰবোৰৰ পৰা অহা হিন্দুক নাগৰকিত্ব আৰু সংস্থাপন দিয়াৰ ক্ষেত্ৰত দলটো বদ্ধপৰিকৰ। দলৰ অধ্যক্ষ অমিত শ্বাহে দেশৰ বিভিন্ন প্ৰান্তলৈ গৈ হিন্দু বাংলাদেশীক নাগৰিকত্ব দিয়া আৰু এন আৰ চিৰ জৰিয়তে মুছলমান বাংলাদেশীক খেদাৰ দম্ভালি মাৰিছে।

নিশ্চিতভাৱে এই বিষয়টোৱে দেশৰ গৰিষ্ঠসংখ্যক হিন্দু ধৰ্মাৱলম্বী লোকক আকৰ্ষিত কৰিব। বিজেপিৰ শীৰ্ষ নেতৃত্বই ভাবে যে মূল্যবৃদ্ধি, বিমুদ্ৰাকৰণ, জি এছ টিৰ মাধমাৰত বিপৰ্যস্ত নিম্ন মধ্যবিত্ত দৰিদ্ৰ ভাৰতীয়ক এন আৰ চি ইছ্যুৱে নতুন সপোন দেখুৱাবলৈ সক্ষম হ'ব। অনুপ্ৰৱেশকাৰী মুছলমানৰ বিৰুদ্ধে শাসক দলটোৰ হুংকাৰ সংখ্যাগৰিষ্ট হিন্দুৰ মনত আকৌ সাম্প্ৰদায়িক সুৰসুৰণিৰ সৃষ্টি কৰিব।

ইফালে নাগৰিকত্ব আইন সংশোধনী বিধেয়কে দেশৰ আঞ্চলিক-জাতীয়তাবাদী শক্তিবোৰক অসন্তুষ্ট কৰি তুলিছে বুলি জানিও বিজেপিয়ে নিজৰ দৃঢ় স্থিতি প্ৰকাশ কৰিছে। কাৰণ তেওঁলোকে গোষ্ঠী-ভাষাভিত্তিক জাতীয়তাবাদৰ সলনি দেশত হিন্দুত্ববাদ প্ৰতিষ্ঠা কৰিব বিচাৰে। এই হিন্দুত্ববাদৰ আঁৰত কৃষকৰ সমস্যা, নিবনুৱা সংস্থাপন দিয়াৰ দৰে জ্বলন্ত সমস্যাবোৰ দীৰ্ঘকাললৈ লুকুৱাই ৰাখিব ৰা যায় বুলি তেওঁলোকে বিশ্বাস কৰে।

বিদেশত জমা ক'লাধন দেশলৈ ওভতাই অনা বা দুৰ্নীতিগ্ৰস্ত বৃহৎ কৰ্প'ৰেট গোষ্ঠীৰ বিৰুদ্ধে ব্যবস্থা গ্ৰহণ কৰা আদি বিষয়বোৰো হিন্দুত্ববাদৰ প্ৰকোপত তুচ্ছ হৈ পৰে। দৰিদ্ৰ শ্ৰমিক-কৃষকক হিন্দু-মুছলমানৰ নামত বিভাজিত কৰি ৰাখিব পাৰিলে দেশত শাসন ক্ষমতা বৰ্তাই ৰখাটো যিকোনো ৰাজনৈতিক দলৰ বাবে সহজসাধ্য হৈ পৰে। এইকথা উপলব্ধি কৰিয়েই অধ্যক্ষ অমিত শ্বাহে ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ এদিন পিছত ৰাজস্থানৰ জয়পুৰলৈ গৈ ২০১৫চনৰ ছেপ্টেম্বৰ মাহতে উত্তৰপ্ৰদেশৰ দাদৰিত তথাকথিত গো-ৰক্ষকৰ নৃশংস আক্ৰমণৰ বলি হোৱা মহম্মদ আখলাকৰ প্ৰসংগ উত্থাপন কৰিছে।

উল্লেখ্য যে, যোৱা সময়চোৱাত বিজেপিশাসিত ৰাজস্থানতে গো-ৰক্ষকৰ হাতত ধৰ্মীয় সংখ্যালঘু নিপীড়নৰ সৰ্বাধিক ঘটনা ঘটিছে। অমিত শ্বাহে কোনোদিনে গো-ৰক্ষকৰ হাতত নিহত দেশৰ প্ৰথমজন ব্যক্তি মহম্মদ আখলাকৰ হত্যাৰ কথা ৰাজহুৱাভাৱে অনা নাছিল। এইবাৰ আনিছে। কাৰণ কিছুদিন পিছতে ৰাজস্থানত বিধানসভা নিৰ্বাচন। সেয়ে অমিত শ্বাহে কৈছে- 'যেতিয়া মহম্মদ আখলাকৰ ঘটনা সংঘটিত হৈছিল তেতিয়াও বেজিপ নিৰ্বাচনত জয়ী হৈছিল, আখলাক হত্যাৰ প্ৰতিবাদত পুৰস্কাৰ-বঁটা ওভতাই দিয়াৰ সময়তো বিজেপিয়েই জয়ী হৈছিল। এতিয়া বিৰোধীয়ে অন্য ইছ্যুবোৰ আনিছে যদিও এইবাৰো আমিয়েই নিৰ্বাচনত জয়ী হ'ম।'

অমিত শ্বাহৰ মতে, বিৰোধীয়েহে গো-ৰক্ষা, অসহিষ্ণুতা আদি বিষয়বোৰক লৈ ভ্ৰান্ত ধাৰণাৰ দেশব্যাপী প্ৰচাৰ কৰিছে। অমিত শ্বাহকে ধৰি বিজেপিৰ শীৰ্ষ নেতৃত্বৰ এইধৰণৰ বক্তব্যৰ দ্বাৰা এইকথাই প্ৰতীয়মান হৈছে যে ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ বিধানসভা নিৰ্বাচনৰ লগতে আগত লোকসভা নিৰ্বাচনত জয়ী হ'বলৈ তেওঁলোকে যিকোনো পৰ্যায়লৈ গৈ হ'লেও জনসাধাৰণক বিভাজন কৰাৰ কৌশল অৱলম্বন কৰিব। কথা হ'ল- দেশবাসীয়ে তাক মানি ল'বনে নলয় সেয়াহে বিচাৰ্যৰ বিষয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in