‘কা’বিৰোধী গর্জন

‘কা’বিৰোধী গর্জন

'কা' অর্থাৎ নাগৰিকত্ব (সংশোধনী) আইনখন প্রণয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে সংসদত দাখিল কৰা বিধেয়ক (কেব)খন ৰাজ্যসভাত গৃহীত হোৱাৰ দুবছৰ পূৰ্তিৰ দিনটোত যোৱা শনিবাৰে ৰাজ্যত পুনৰ নিনাদিত হোৱা শুনা গ'ল প্ৰতিবাদৰ চিনাকি গর্জন। অবৈধ বিদেশীক বহিষ্কাৰৰ দাবীত ১৯৭৯ৰ পৰা ৮৫লৈ হোৱা ছবছৰীয়া আন্দোলনত গণ প্রতিবাদৰ যি ৰূপ আছিল, প্রতিবাদী ধ্বনিৰ যি লহৰ আছিল, তাৰেই পুনৰাবৃত্তি ঘটিছিল ২০১৯ চনৰ ১১ ডিচেম্বৰৰ পৰা ৰাজ্যত সূচনা হোৱা 'কেব' (পৰৱৰ্তী সময়ৰ 'কা") বিৰোধী অন্তিমটো বিশাল আন্দোলনত।

আবাল-বৃদ্ধ-বনিতাই ৰাজপথলৈ ওলাই আহি বিতর্কিত বিধেয়ক (পিচত আইন) খনৰ বিৰুদ্ধে যি উৎসাহেৰে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল, সান্ধ্য আইন নেওচি প্রতিবাদী জনতাই ৰাজপথলৈ ওলাই আহি যি সাহসিকতা প্ৰদৰ্শন কৰিছিল, গণতান্ত্রিক প্ৰতিবাদৰ সমান্তৰালকৈ একাংশ উগ্র প্রতিবাদীয়ে হিংসাত্মক পন্থাৰে ৰাজপথত দাবানল জ্বলাই যিদৰে স্তব্ধ কৰি দিছিল জনজীবন যাত্রা, সেই দৃশ্যবোৰে এনে এক পৰিবেশ ৰচনা কৰিছিল, যাৰ পৰা ধাৰণা হৈছিল এই প্রতিবাদৰ সন্মুখত ছাৰখাৰ হৈ যাব চৰকাৰৰ দম্ভ। বাধ্য হৈ চৰকাৰে বাতিল কৰিব জাতিধ্বংসী ক'লা আইন।

কিন্তু সেই দাবানল ধানখেৰৰ জুইৰ দৰে হঠাৎ নুমাই থাকিল। জুইতো নুমালেই, তাৰ কিঞ্চিৎ উত্তাপো জীয়াই নাথাকিল। সেই নুমাই যোৱা জুইকুৰাকে ফুঁৱাই পুনৰ জ্বলোৱা হ'ল যোৱা শনিবাৰৰ পৰা '১৯ৰ একেই হুংকাৰ, একেই নিনাদেৰে। আছু আৰু নেছই 'ক'লা দিন'ৰূপে পালন কৰি, অসম জাতীয় পৰিষদে মহানগৰীৰ ৰাজপথত শক্তিশালী সমদল উলিয়াই কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰক সকীয়াই দিলে যে 'কা' বাতিল হ'বই লাগিব, 'কা' বাতিল নোহোৱাপর্যন্ত জাতিয়ে অব্যাহত ৰাখিব শক্তিশালী সংগ্ৰামৰ ধাৰা। নিষ্পত্তি নোহোৱাকৈ অকালতে নির্বাপিত হোৱা সংগ্রাম এখন পুনৰ জীয়াই তুলিবলৈ একাংশ নেতৃত্বই ঘোষণা কৰা এনে সংকল্পই প্রতিবাদী পক্ষসমূহক নিশ্চিতভাৱে উৎসাহিত কৰিছে।

কিন্তু লগে লগে এই প্রশ্নও উদ্ভৱ হ'বলৈ ধৰিছে যে পাৰিবনে এই নেতৃত্বই '১৯ অনুৰূপ সংগ্ৰাম এখনৰ পাতনি মেলিব? আইৰ মুখৰ ভাষাটোক ৰক্ষা কৰিবলৈ, জাতিক সংকটৰ গৰাহৰ পৰা উদ্ধাৰ কৰিবলৈ গাঁও-জুঁই, নগৰ-চহৰৰ জাক জাক সাধাৰণ মানুহ '১৯ৰ অগ্নিগর্ভ পৰিবেশত ৰাজপথলৈ ওলাই আহিছিল। মণপণ কৰি ৰাজপথলৈ ওলাই অহা সেই সৰ্বসাধাৰণ জনতাৰ জাতীয় স্বার্থক বাদ দি অন্য কোনো স্বার্থ নাছিল। নাছিল কোনো ৰাজনৈতিক অভীপ্সা চৰিতাৰ্থ কৰাৰ উদ্দেশ্য। কিন্তু প্রতিবাদী জনতাই আন্দোলনৰ মাজতে একাংশ নেতাৰ বিচিত্ৰ ৰূপ দেখিবলৈ পালে। গণ সংগ্ৰামৰমাজতে আৰম্ভ হ'ল ৰাজনৈতিক কচৰৎ। ফলত অৱধাৰিতভাৱে সৃষ্টি হ'ল বিশ্বাসৰ সংকট।

ইপিনে সেই সংগ্ৰামৰ ঠিক পিচতে হোৱা লোকসভা নিৰ্বাচনত ৰাজ্যৰ খিলঞ্জীয়া প্রধান সমষ্টিবোৰত বিজেপি মিত্রজোটে সাব্যস্ত কৰিলে বিশাল বিজয়। তৎপৰৱৰ্তী বিধানসভা নির্বাচনতো বিজেপি মিত্ৰজোঁটৰে হ'ল জয়জয় ময়ময়। 'কা' আন্দোলন মঞ্চত দপদপাই থকা একাংশ নেতাই পৰৱৰ্তী সময়ত মূৰপোলোকা মাৰিলে। একাংশই ৰাজনৈতিক দল গঠন কৰি বিধানসভা নিৰ্বাচনত শোচনীয়ভাৱে পৰাজিত হোৱাতো দুৰ্বল হৈ গ'ল সংগ্ৰামখনৰ নেতৃত্বৰ ভেটি। এচাম নেতাই পিন্ধিলে গেৰুৱা শিবিৰৰ টুপী। এনেদৰে জাতীয় সংগ্ৰামৰ শিবিৰৰ সংঘাত-আপোচ আৰু হঠকাৰিতাৰ বাবে সেই সংগ্ৰামৰ জুইত চেঁচাপানী পৰিল, ২০২০ত অহা ক'ভিডে সংগ্ৰামখন একেবাৰে নিৰ্বাপিতই কৰি পেলালে।

'কা' প্রণয়নৰ দুবছৰ পূৰ্তিত একাংশ নেতৃত্বই সেইখন সংগ্ৰামক পুনৰুজ্জীৱিত কৰাৰ হুংকাৰ দিছে যদিও সামগ্রিক পৰিস্থিতিৰ বিচাৰ-বিশ্লেষণ কৰি ক'ব পৰা যায় যে ইয়াক বাস্তবায়িত কৰাটো কম প্ৰত্যাহ্বান নহ'ব। ছেম ষ্টেফ'ৰ্ডকে ধৰি পাঁচগৰাকী ছহিদৰ ৰক্তৰঞ্জিত 'কা 'বিৰোধী সংগ্ৰামখনৰ প্রাসংগিকতা যে অটুট আছে সেয়া বেছিভাগ খিলঞ্জীয়া মানুহেই উপলব্ধি কৰে। কাৰণ এই ক'লা আইনখনৰ ৰূপায়ণ আৰম্ভ হ'লেই উত্তৰ-পূবৰ খিলঞ্জীয়াৰ অস্তিত্বলৈ সংকট নামি অহাৰ আশংকা প্ৰৱল। চৰকাৰৰ পৃষ্ঠপোষকতাত চলা ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিয়ে অনুপ্ৰৱেশৰ সমস্যাটোৰ ধৰ্মভিত্তিক বিভাজন আনিবলৈ কৰা চেষ্টাই এক সংঘাতৰ সূচনা কৰিলেও সময় বাগৰাৰ লগে লগে মোহাৱিষ্ট বহু মানুহৰ চকু মেল খাবলৈ ধৰিছে। সেয়েহে জাতিধ্বংসী আইনখন বাতিলৰ দাবীত নতুন সংগ্ৰামৰ সূচনা হ'লে আৰু নেতৃত্বই সংগ্ৰামখনৰ প্ৰতি প্ৰকৃত দায়বদ্ধতা প্ৰদৰ্শন কৰিব পাৰিলে, ই জনসমর্থন নোপোৱাৰ প্রশ্ন নুঠে। প্রশ্ন হ'ল এতিয়া একাংশ নেতাই সংগ্ৰামখন স্থবিৰ হৈ পৰা বাবে ক'ভিড পৰিস্থিতিৰ কথা কৈছে। কিন্তু জনসাধাৰণে দেখিছে যে আপোচহীন সংগ্ৰামক কোনো পৰিস্থিতিয়ে স্তব্ধ কৰিব নোৱাৰে।

৩ খন কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ সংগ্রামে তাক প্ৰমাণে কৰি দিছে। ছয় শতাধিক সতীৰ্থৰ মৃত্যু, ক'ভিড, শীত-গ্ৰীষ্ম, ৰ'দ-বৰষুণ কোনো পৰিস্থিতিতে শিৰ নত নকৰা বাবেই অৱশেষত সংগ্রামী কৃষকৰ ওচৰত মূৰ দোঁৱাই ৩ খন আইন প্রত্যাহাৰ কৰিবলৈ বাধ্য হ'ল প্রবল প্রতাপী বিজেপি চৰকাৰ। গতিকে 'কা' বাতিলৰ বাবে কেন্দ্ৰক সৈমান কৰিবলৈ হ'লেও এনেকুৱা এখন আপোচহীন ঐক্যবদ্ধ সংগ্রাম কৰিব লাগিব সমগ্ৰ উত্তৰ-পূবৰ জনসাধাৰণে। 'কা'ৰ বিৰুদ্ধে গণ সংগ্ৰামৰ হুংকাৰ দিয়া নেতাসকল এইক্ষেত্ৰত কিমানদূৰ সফল হয়, সেয়া সময়ত প্ৰতিপন্ন হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in