এন আৰ চিৰ ৰাজনীতি

এন আৰ চিৰ ৰাজনীতি

অসমৰ এন আৰ চি উন্নীতকৰণৰ প্ৰক্ৰিয়াক লৈ নতুন দিল্লীৰ শাসকসকল অকণো দায়িত্বশীল নহয়। বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে এন আৰ চিৰ সম্পূৰ্ণ খচৰাৰ পৰা বাদ পৰা ৪০ লাখ লোকক বাংলাদেশী অনুপ্ৰৱেশকাৰী আখ্যা দিয়াৰ পিছত এইবাৰ খোদ প্ৰধানমন্ত্ৰী মোডীয়ে মুখ খুলিছে। তেওঁ কৈছে যে, এন আৰ চিত নাম নথকা কোনো অনুপ্ৰৱেশকাৰীকে দেশৰ পৰা ওভতাই পঠোৱা নহয়।

প্ৰধানমন্ত্ৰীৰ এই ধৰণৰ মন্তব্যই এহাতেদি এন আৰ চিৰ সমগ্ৰ প্ৰক্ৰিয়াটোক অৰ্থহীন কৰি তুলিছে, আনহাতেদি তাৰ আঁৰৰ সাম্প্ৰদায়িক ৰাজনীতিও ওলাই পৰিছে। প্ৰধানমন্ত্ৰীয়ে নিশ্চয়কৈ অনুপ্ৰেৱশকাৰী মানে বাংলাদেশৰ পৰা অহা হিন্দুসকলৰ কথাই বুজাব বিচাৰিছে। যিহেতু তেওঁৰ চৰকাৰে ইতিমধ্যে সেই সম্পৰ্কীয় অধিসূচনা জাৰি কৰি থৈছেই। এন আৰ চি সন্দৰ্ভত পোনপ্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে মুখ খুলিছে বুলি অসমৰ সংবাদমাধ্যমত শিৰোনামত ওলাইছে। কোনো ভাৰতীয়ই দেশ এৰি যাব নালাগে বুলি তেওঁ নিশ্চয়তা দিছে।

আচলতে প্ৰধানমন্ত্ৰীৰ এই বক্তব্যৰ অৰ্থই বা কি? কোনো ভাৰতীয়ই দেশ এৰাৰ প্ৰশ্ন আহে কেনেকৈ? সেই বিষয়টোক লৈ প্ৰধানমন্ত্ৰীয়ে নিশ্চয়তা প্ৰদান কৰাটোও নিশ্চয়কৈ অপ্ৰয়োজনীয় কথা। ইফালে অসমত এটা মহলে এনে এক ধাৰণাৰ সৃষ্টি কৰিব বিচাৰিছে যে এন আৰি চিৰ উন্নীতকৰণ প্ৰক্ৰিয়া যেনিবা বংগীয় মূলৰ মুছলমান অনুপ্ৰৱেশকাৰীসকলক লক্ষ্য কৰিহে চলিছে।

অৱশ্যে শাসকগোষ্ঠী সাম্প্ৰদায়িক ৰাজনীতিয়ে কৌশলপূৰ্ণভাৱে সাধাৰণ মানুহৰ মনত তেনে এক বিষবাষ্পই বিয়পাই দিছে। অথচ বিভিন্ন পৰিসংখ্যা আৰু ভূ-ৰাজনৈতিক ঘটনাপ্ৰবাহে এই কথা প্ৰমাণ কৰিছে যে, ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত বংগীয় মূলৰ মুছলমান লোকৰ অনুপ্ৰৱেশ সাংঘাতিক ধৰণে হোৱা নাই। বৰং এই সময়ছোৱাত বাংলাদেশৰ পৰা হিন্দুসকলৰহে অধিক হাৰত প্ৰব্ৰজন ঘটিছে। তথাপি এন আৰ চিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতহে বিষয়টো অধিক স্পষ্ট হৈ পৰিব।

মুঠতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টিভংগীৰ জৰিয়তে এটা কথা অন্ততঃ স্পষ্ট হৈ পৰিছে অসমৰ এন আৰ চিৰ ইছ্যুটোক লৈ শাসক দলটোৱে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ব্যাপক প্ৰচাৰ চলোৱাৰ বাবে তৎপৰ হৈ পৰিছে। ২০১৯চনৰ লোকসভাৰ নিৰ্বাচনলৈ এন আৰ চিৰ বিষয়টো ঠেলি নিব পাৰিলেতো বিজেপিৰ কথাই নাই। বিজেপিৰ হাতত সদ্যহতে অন্য ইছ্যু নাই। গতিকে তেওঁলোকে এন আৰ চিৰ প্ৰসংগটো উত্থাপন কৰি দেশৰ জনসাধাৰণক দেশপ্ৰেমত উদ্বাউল কৰাৰ চেষ্টা চলাব।

দলটোৱে ইতিমধ্যে সমগ্ৰ দেশত এন আৰ চি প্ৰস্তুত কৰাৰ দাবী উত্থাপন কৰিছে। উল্লেখ্য যে, নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ দ্বাৰা বাংলাদেশ, পাকিস্তান আৰু আফগানিস্থানৰ হিন্দু প্ৰব্ৰজনকাৰীক নাগৰকিত্ব দিয়া, এন আৰি চিৰ দ্বাৰা মুছলমান অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰাৰ কৃতিত্ব ল'ব বিচাৰিছে বিজেপিয়ে। এন আৰ চিৰ প্ৰসংগত অসমত দল-মত নিৰ্বিশেষ গঠন হোৱা জাতীয় সহমত আৰু বিদেশীৰ প্ৰশ্নটোত অসমৰ জাতীয় সংগঠনে লোৱা ধৰ্মনিৰপেক্ষ স্থিতি শাসক দলটোৰ বাবে বিচাৰ্যৰ বিষয় নহয়।

বহুতে আশংকা প্ৰকাশ কৰিছে যে অসমত এন আৰ চিৰ সম্পূৰ্ণ তালিকাৰ পৰা বাদ পৰা মুছলমান অনুপ্ৰৱেশকাৰীক কেন্দ্ৰই বিধিগতভাৱে বহিষ্কাৰ কৰাৰ সলনি ৱৰ্ক পাৰ্মিট প্ৰদান কৰি ইয়াতে সংস্থাপিত কৰিব। অৰ্থাৎ অসমৰ বিদেশীৰ সমস্যাটোক লৈ সাম্প্ৰদায়িক মেৰুকৰণৰ পথ উন্মুক্ত কৰি ৰাখিব বিচৰা হৈছে যাতে সংঘাত-বিদ্বেষে ৰাজ্যখনত স্থায়ী ৰূপত থিতাপি লয়। এই আশংকা ভিত্তিহীন বুলি ক'ব নোৱাৰি।

বিজেপিয়ে ভালদৰে উপলব্ধি কৰিছে যে অসমৰ জনসাধাৰণৰ জাতীয় সত্তা ধ্বংস কৰিবলৈ হ'লে ইয়াত ধৰ্মীয় মেৰুকৰণ হ'ব লাগিব। তেতিয়াহে তেওঁলোকৰ বাবে ভৱিষ্যতলৈও নিৰ্বাচনী ৰণ জিকাটো সহজসাধ্য হৈ পৰিব। অসমীয়া ভাষা-সংস্কৃতি আৰু জাতীয় চেতনাক হিন্দুত্ববাদী ৰাষ্ট্ৰবাদত বিলীন কৰি দিয়া এই অপচেষ্টাৰ বিৰুদ্ধে সৰ্বস্তৰৰ ৰাইক ঐক্যবদ্ধ হ'ব লাগিব। এইক্ষেত্ৰত নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে সংগঠিত জনমতক মূল ভিত্তি হিচাপে লৈ জাতীয় দল-সংগঠনবোৰ সক্ৰিয় হোৱাৰ বাহিৰে গত্যন্তৰ নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in