কৃষকৰ বিলৈ

কৃষকৰ বিলৈ

আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব বুলি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই গাই যোৱা সেই উদাত্ত কালজয়ী গীতে অসমৰ প্ৰতিজন মানুহৰ হৃদয়ত অনিৰ্বাচনীয় স্পন্দন তোলে ঠিকেই, দেহ-মন উদ্বেলিত হয় ঠিকেই, কিন্তু সন্মুখতে জহি-খহি যাবলৈ ধৰা আমাৰ জাতীয় মণিক, সম্পদবোৰ ৰক্ষা কৰি জাতীয় জীৱনৰ, জাতীয় অৰ্থনীতিৰ মেৰুদণ্ডডাল সবল-সক্ষম কৰিবলৈ আমি কিমান সচেষ্ট হৈছো, সেইটো সাম্প্ৰতিক সময়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন।

প্ৰাথমিক কিম্বা মাধ্যমিক স্তৰৰ বিদ্যালয়ত অসমৰ বিষয়ে ৰচনা লিখিবলৈ হ'লে প্ৰায় প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে লিখা প্ৰথম বাক্যটোৱেই বোধহয় 'অসম এখন কৃষিপ্ৰধান ৰাজ্য।' আমি বছৰটোৰ ছমাহমান সময় উলহ-মালহ কৰো যিটো উৎসৱক লৈ, সেই বিহুৰো মূল ভিত্তিয়েই হৈছে কৃষি। কিন্তুসেই কৃষি, যি কৃষি আছিল বৰাক-ব্ৰহ্মপুত্ৰৰ পাৰৰ যুগমীয়া সভ্যতাৰ মূল উপজীব্য, সেই সম্পদৰ অসমৰ থলুৱা জীৱনত আজি নাই সাদৰ।

সভাই-সমিতিয়ে, কাকতে-আলোচনীয়ে আলোচনা-আস্ফালন ঠিকেই হয়, কিন্তু বাস্তৱক্ষেত্ৰত সাম্প্ৰতিক অসমৰ কৃষিক্ষেত্ৰৰ যি দুৰ্দশা, তাক দূৰ কৰি জাতীয় জীৱনৰ ঐতিহ্য ৰক্ষাৰে জাতীয় অৰ্থনীতিৰ মেৰুদণ্ডডাল পোন কৰাৰ সঠিক চিন্তা, ধ্যান-ধাৰমা কিম্বা পৰিকল্পনা যেনেকৈ চৰকাৰৰ নাই, তেনেকৈ জনসাধাৰণৰো হেৰাই গৈছে আগ্ৰহ।

ইয়াৰ মাজতো জনসাধাৰণৰ ক্ষুদ্ৰ অংশ এটাই কৃষিক্ষেত্ৰখনত জড়িত হৈ ইয়াৰ মাজেৰে এক অৰ্থনৈতিক বিপ্লৱৰ সপোন দেখিছে বা ক্ষেত্ৰখনত আন্তৰিকতাৰে আত্মনিয়োগ কৰি আছে ঠিকেই, কিন্তু সামগ্ৰিকভাৱে জনসাধাৰণৰ কৃষিৰ প্ৰতি মোহভংগ ঘটাৰো কিছুমান যুক্তিযুক্ত কাৰণ আছে।ৰাজ্যখনৰ চৌদিশৰ সাম্প্ৰতিক পৰিস্থিতিলৈ লক্ষ্য কৰিলে দেখা যায় যে প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুয়োধৰণৰ দুৰ্যোগৰ কৱলত পৰি কৃষকসকলৰ হাহাকাৰ অৱস্থা।

শালি খেতিৰ বাবে মাটি চহাবলৈ আৰম্ভ কৰোতেই ইটোৰ পিছত সিটোকৈ অহা বানে প্লাৱিত কৰি পেলাইছে হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি। উত্তৰ অসমৰ শোণিতপুৰ আৰু লখিমপুৰ জিলাৰ কিছুমান ঠাইততো বান কৃষকৰ বাবে হৈ পৰিছে স্থায়ী সমস্যা। বান আহি পলস পেলাই থৈ গ'লেতো ৰক্ষায়, কিন্তু দেখা গৈছে যে শেহতীয়া বান বিলাকে কঢ়িয়াই অনা বালিৰ স্তৰে বিশাল বিশাল কৃষিভূমি ঢাকি পেলাই মৰুময় এলেকাসদৃশ কৰি পেলাইছে।

নিমিষতে মষিমূৰ হৈ গৈছে বহু কৃষকৰ সোণালী সপোন। ঠিক তেনেদৰে প্ৰতিখন নৈ-উপনৈৰ অবিৰত খহনীয়াই বাৰী ভেটিৰ লগতে বহু কৃষিভূমি গ্ৰাস কৰি প্ৰতিনিয়ত সৰ্বস্বান্ত কৰিছে বহু কৃষক পৰিয়ালক। ইয়াৰ বিপৰীতে ৰাজ্যৰ বহু ঠাইত চলি আছে খৰাঙৰ দুৰ্যোগ। বতৰৰ বৰষুণ সময়মতে নাহিলে ৰাজ্যৰ অধিকাংশ কৃষকৰে পথাৰ সেউজীয়া কৰাৰ বিকল্প উপায় নাই, কাৰণ চৰকাৰৰ জলসিঞ্চন আঁচনিবিলাক একো একোটা বগাহাতীৰ বাদে আন একো নহয়, এইবোৰ এচাম বিষয়া-ঠিকাদাৰৰ লুণ্ঠনৰ খনি মাত্ৰ।

এনেবোৰ প্ৰতিকূলতাৰ মাজত ক'ৰবাত ক'ৰবাত যদি বতৰ আৰু পৰিৱেশ-পৰিস্থিতি অনুকূল হোৱাৰ সৌভাগ্যত কোনো কোনো কৃষকে গাৰ ঘাম মাটিত পেলাই, গাঁঠিৰ ধন ভাঙি মাটি চহাই কঠীয়াৰ গোঁজ পুতিবলৈ সক্ষম হৈছে, তাত আকৌ শুৰ পোক, মজাখোৱা, চৰহা পোকৰ সন্ত্ৰাস। এফালৰ পৰা পোকে খাই খাস্তাং কৰি পেলাইছে সঁজাল ধৰা লহপহীয়া ধান পথাৰ।

ইমানতেই শেষ নহয়, ইয়াৰ পিছত সোণালী ধানৰ পথাৰবোৰত চলিব বন্যহস্তীৰ জাকৰ উপদ্ৰৱ। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যত বছৰে বছৰে বাঢ়ি অহা বান্দৰৰ জাকে গাঁৱৰ বাৰীবোৰত শাকপুলি এটাও ৰুব নোৱৰা অৱস্থা কৰিছে। এসময়ৰ সুজলা-সুফলা লোমা লোমে ফল-মূল, শাক-পাচলিৰে ভৰা গাঁৱৰ বাৰীবোৰ এতিয়া প্ৰায় উদং। এনেদৰে সপ্তৰথীৰ কাঁড়ৰ দৰে ভিন্ন দিশৰ পৰা হোৱা সমস্যাৰ আক্ৰমণবোৰ গাঁৱৰ সাধাৰণ কৃষক এজনে কেনেকৈ প্ৰতিহত কৰি কৃষিকৰ্মত প্ৰবৃত্ত হ'ব, সেইটোৱেই গুৰুতৰ প্ৰশ্ন।

খেতিত এফালে নিৰাপত্তা নাই, আনফালে নাই মৰ্যাদা, গতিকে কিহৰ আশাত তৰুণ প্ৰজন্ম জড়িত হ'ব কৃষিকৰ্মত? এই প্ৰশ্নবোৰৰ উত্তৰ অকলে কোনেও দিব নোৱাৰে। ইয়াৰ বাবে প্ৰথমে লাগিব চৰকাৰৰ আন্তৰিকতা, সহযোগিতা, সঠিক পৰিকল্পনা আৰু আনফালে লাগিব জনসাধাৰণৰ সামূহিক দায়বদ্ধতা। মাজতে 'মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা' নামৰ এক আঁচনিৰে চৰকাৰৰ তৰফৰ পৰা ঢাক-ঢোল বজোৱা হৈছিল, বিতৰণ কৰা হৈছিল ট্ৰেক্টৰো। কিন্তু তাৰ পিছত সকলো চুপচাপ।

বহু সমস্যা-প্ৰত্যাহ্বানে বিধ্বস্ত কৰা অসমৰ কৃষিক্ষেত্ৰখনক সজীৱ-সুফলা কৰিবলৈ কিদৰেনো সমস্যাবোৰ প্ৰতিহত কৰিব পৰা যাব তাৰ পথ উলিয়াবলৈ আজিলৈকে চৰকাৰৰ উদ্যোগত কোনো আলোচনা-কৰ্মশালা বা অভিৱৰ্তন এখন পতাৰ উদ্যোগ লোৱাই পৰিলক্ষিত নহ'ল। ইয়াৰ পিছত শিপাহীন সম্পদ, প্ৰাচুৰ্যৰ আশাত নতুন প্ৰজন্মই অন্য কিহবাৰ পিছত দৌৰিলে তেওঁলোকক দোষ দিয়াৰ যুক্তিয়েই বা ক'ত!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in