লোকসেৱাৰ দুৰ্নীতিৰ তদন্ত

লোকসেৱাৰ দুৰ্নীতিৰ তদন্ত

এই কথা এতিয়া ক্ৰমান্বয়ে স্পষ্ট হৈ পৰিছে যে অসম লোকসেৱা আয়োগ চমুকৈ এ পি এছ চিৰ  কেলেংকাৰীত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ শীৰ্ষ মহলৰ নামী-দামী ব্যক্তিসকলৰ নামো সাঙোৰ খাই আছে। দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ নীতি লোৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আপোচহীন স্থিতিয়েহে এই কেলেংকাৰীৰ সবিশেষ পোহৰলৈ আনিব। অন্যথা কেৱল দুৰ্নীতিপূৰ্ণভাৱে নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ বাহিৰে অন্যসকল সাৰি যাব।

আমি পূৰ্বৰে পৰা উনুকিয়াই আহিছো যে- ক্ষমতাশালী চক্ৰৰ হাত নাথাকিলে এনেধৰণৰ দুৰ্নীতি সংঘটিত হ'ব নোৱাৰে। লগতে এই কথাও দোহাৰিছো যে এ পি এছ চি কেলেংকাৰীৰ সমস্ত বিষয় পুলিয়ে-পোখাই উভালি নেপেলালে তাৰ নেতিবাচক প্ৰভাৱে সমাজ জীৱন কলুষিত কৰি তুলিব।

আমি ভাবো দীৰ্ঘকাল ধৰি চলি থকা এ পি এছ চিৰ দুৰ্নীতিপূৰ্ণ নিযুক্তিয়েই ৰাজ্যৰ প্ৰশাসন যন্ত্ৰটোৰ সৰ্বস্তৰত ভ্ৰষ্টাচাৰ বিয়পাই দিছে। এই অৰ্থতে ই এক সৰ্ববৃহৎ দুৰ্নীতি হিচাপে চিহ্নিত হৈছে। মধ্যপ্ৰদেশৰ ব্যাপম কেলেংকাৰীৰ দৰে এ পি এছ চিৰ দুৰ্নীতিৰ বিস্তৃত ৰূপটো অতি ভয়ংকৰ হৈ পৰিছে বাবেই ইয়াৰ সঠিক তদন্তৰ প্ৰয়োজন সৰ্বাধিক।

এইক্ষেত্ৰত তদন্তকাৰী বিষয়া আৰু অভিযুক্তসকলৰ জীৱনৰ নিৰাপত্তাৰ দিশটোও মুখ্যমন্ত্ৰীয়ে নিশ্চিত কৰিব লাগিব। ৰাজ্যখনৰ দায়িত্বশীল মহলৰ পৰা ৰাজহুৱাভাৱে যিধৰণৰ অভিযোগ উত্থাপন হৈছে তাৰ বৈশিষ্ট্যবোৰ চালি-জাৰি চালেই এই কথা ওলাই পৰে যে উক্ত কেলেংকাৰীত প্ৰভাৱশালী মন্ত্ৰীৰ পৰা জনপ্ৰিয় ছাত্ৰনেতা, জ্যেষ্ঠ সাংবাদিকলৈ সকলোকে তদন্তৰ আওতালৈ আনিব লাগিব। গতিকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান আহি পৰিছে।

তেওঁ যদি নিষ্ঠাসহকাৰে দুৰ্নীতিৰ বিৰুদ্ধে  অৱস্থান লৈছে, তেন্তে সেই প্ৰত্যাহ্বানবোৰ গ্ৰহণ কৰিব লাগিব। দুদিন আগতে এই কেলেংকাৰীৰ মূল অভিযুক্ত ৰাকেশ পালৰ কাৰ্যকালত দুৰ্নীতিপূৰ্ণভাৱে নিযুক্তি লাভ কৰা বুলি চৰ্চিত এজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৩০ লাখ টকাৰ উৎকোচ লোৱাৰ কথা সংবাদ মাধ্যমযোগে সদৰী কৰিছিল ৰাজ্যখনৰ এটা আগশাৰীৰ জাতীয় সংগঠনে।

সম্প্ৰতি দুৰ্নীতিৰ অভিযোগত নিলম্বিত সেই আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে থকা তথ্য-প্ৰমাণ আদিও সংবাদমেলত ৰাজহুৱা কৰা হৈছিল। আনকি অভিযুক্ত বিষয়াজনক ৰাজ্যৰ আৰক্ষী-প্ৰশাসনৰ শীৰ্ষতম মহলৰ দ্বাৰা সুৰক্ষা প্ৰদান কৰা হৈছে বুলিও গুৰুতৰ অভিযোগ অনা হৈছিল। স্বাভাৱিকতে এইধৰণৰ বিষয়বোৰে জনসাধাৰণৰ মনত আৰক্ষী-প্ৰশাসনৰ প্ৰতি অনাস্থা সৃষ্টি কৰাৰ আশংকাই দেখা দিছে।

প্ৰশ্ন হয়- এ পি এছ চি কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া সঠিক গতিৰে আগবাঢ়িছনে নাই? নে কেৱল ৰাইজক দেখুৱাই কেইজনমান বিষয়াক গ্ৰেপ্তাৰ কৰি সমগ্ৰ বিষয়টো গাপ দি ৰখাৰ অপচেষ্টাহে চলোৱা হৈছে? অৱশ্যে কেৱল এ পি এছ চি কেলেংকাৰীয়েই নহয়, বিগত সময়ছোৱাত ৰাজ্যত সংঘটিত আন বহুকেইটা দুৰ্নীতিৰ তদন্ত প্ৰক্ৰিয়া লেহেমীয়া গতিৰে আগবাঢ়িছে, নহয় কোনোবাখিনিত স্তব্ধ হৈ ৰৈছে।

পূৰ্বৰ কংগ্ৰেছী আমোলৰ কেইবাটাও বিয়াগোম কেলেংকাৰীত অভিযুক্ত ব্যক্তিসকলৰ বিৰুদ্ধে আজিলৈকে কোনোধৰণৰ শাস্তিমূলক ব্যৱস্থা লোৱা হোৱা নাই। আনকি বিচাৰ প্ৰক্ৰিয়াও সম্পন্ন হোৱা নাই। সমাজ কল্যাণ, কৃষি, জলসিঞ্চন, আবকাৰী, জনসংযোগ আদি বিভাগবোৰত হোৱা দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ তদন্ত কি পৰ্যায়ত আছে নিশ্চিতভাৱে সেয়া অসমৰ ৰাইজে জানিবলৈ বিচাৰে।

বহুতৰ মতে, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈকে ধৰি তেওঁৰ একাংশ সতীৰ্থৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগবোৰো আজিলৈকে খণ্ডন হোৱা নাই। আনকি বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ দিনটো বিভিন্ন বিভাগত হোৱা দুৰ্নীতিৰ সবিশেষ তদন্ত হোৱা নাই বুলি সৰ্বত্ৰ চৰ্চা হৈছে।

তেনেস্থলত মুখ্যমন্ত্ৰী সোণোৱালৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন হৈছে বা হ'ব। কাৰণ এখন স্বচ্ছ-দুৰ্নীতিমুক্ত চৰকাৰ তথা প্ৰশাসনৰ মুৰব্বী হিচাপে সোণোৱালক চাব বিচৰা অসমৰ জনসাধাৰণৰ বাবে তেৱেঁই শেষ আশা-ভৰসাৰ থলী হৈ পৰিছে। মুখ্যমন্ত্ৰীয়ে সেই আশা-প্ৰত্যাশা পূৰণ কৰিবলৈ সক্ষম হয়নে নহয় সেয়াহে এতিয়া বিচাৰ্যৰ বিষয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in