পুনৰ ৰাফেল প্ৰসংগ

পুনৰ ৰাফেল প্ৰসংগ

ফ্ৰান্সৰ পৰা ৰাফেল যুদ্ধবিমান ক্ৰয় কৰি দুৰ্নীতিৰ অভিযোগত অভিযুক্ত হোৱা মোডী চৰকাৰৰ পৰা এইবাৰ সৰ্বোচ্চ ন্যায়ালয়ে সেই চুক্তি সম্পৰ্কীয় তথ্য-পাতি বিচাৰি নিৰ্দেশ জাৰি কৰা বিষয়টোৱে সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে। এই ক্ষেত্ৰত কংগ্ৰেছ তথা বিৰোধীৰ অভিযোগ পোনছাটেই অস্বীকাৰ কৰি অহা নৰেন্দ্ৰ মোডী চৰাৰক নিশ্চয়কৈ সৰ্বোচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশে অস্বস্তিত পেলাইছে। কাৰণ ৰাফেল চুক্তিৰ প্ৰসংগ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত বুলি কেন্দ্ৰীয় চৰকাৰে ইমান দিনে বিষয়টো এৰাই চলিছিল।

উল্লেখ্য যে নৱনিযুক্ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বৰ তিনিজনীয়া বিচাৰপীঠে সৰ্বোচ্চ ন্যায়ালয়ত দাখিল হোৱা এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ শুনানি প্ৰক্ৰিয়াত সদ্যহতে এই নিৰ্দেশ জাৰি কৰিছে। অহা ২৯ অক্টোবৰৰ ভিতৰত বন্ধ খামত ৰাফেল চুক্তিৰ তথ্য-পাতি জমা দিবলৈ কেন্দ্ৰক দিয়া নিৰ্দেশটোত মুখ্য ন্যায়াধীশ গগৈয়ে কৈছে যে ৰাফেল চুক্তিৰ প্ৰসংগত কিধৰণৰ পদক্ষেপ লোৱা হৈছিল সেয়া সৰ্বোচ্চ ন্যায়ালয়ে জানি ল'ব বিচাৰিছে। অৱশ্যে উক্ত ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনৰ জৰিয়তে ৰাফেল চুক্তিৰ কেলেংকাৰী সন্দৰ্ভত ন্যায়ালয়ৰ নিৰীক্ষণত তদন্তৰ অনুৰোধ জনোৱা হৈছিল যদিও উচ্চতম ন্যায়ালয়েস্পষ্ট কৰি দিয়ে যে সেই সম্পৰ্কে কেন্দ্ৰক জাননী দিয়া হোৱা নাই।

বৰং কেন্দ্ৰক দিয়া নিৰ্দেশটোত সৰ্বোচ্চ ন্যায়ালয়ে স্পষ্টভাৱে এই কথাহে উল্লেখ কৰিছে যে ৰাফেল চুক্তিত দুৰ্নীতি হোৱাৰ অভিযোগটো ন্যায়ালয়ে এতিয়াও গ্ৰহণ কৰা নাই। ইফালে, কেন্দ্ৰীয় চৰকাৰৰ হৈ এটৰ্নি জেনেৰেলে ন্যায়ালক জনাইছিল যে ৰাফেল চুক্তিৰ বিষয়টো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত জড়িত হোৱা হেতুকে তাক আইনীভাৱে পৰ্যালোচনা কৰিব পৰা নাযাব।কিন্তু চৰকাৰী পক্ষৰ যুক্তি খণ্ডন কৰি সৰ্বোচ্চ ন্যায়ালয়ে কেন্দ্ৰ ৰাফেল চুক্তি সম্পৰ্কীয় তথ্য বিচাৰি নিৰ্দেশ জাৰি কৰাই নহয়, গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিনো ধাৰ্য কৰে। অৰ্থাৎ সৰ্বোচ্চ ন্যায়ালয়ৰ এইধৰণৰ স্থিতিৰ দ্বাৰা মূলতঃ দুটা বিষয় স্পষ্ট হৈ পৰিছে।

প্ৰথম কথা- ৰাফেল চুক্তিৰ দৰ-দাম সম্পৰ্কীয় অন্য কাৰিকৰীগত বিষয়বোৰ জানিব নিবিচাৰিলেও তাৰ পদ্ধতি আৰু বিভিন্ন কাৰ্যপন্থা সম্পৰ্কীয় তথ্য ন্যায়ালয়ে জানি ল'ব বিচাৰিছে। দ্বিতীয়তে, কেন্দ্ৰই ইমান দিনে যি অজুহাতত ৰাফেল চুক্তিৰ সবিশেষ বিৰোধীক জনোৱাৰ পৰা বিৰত আছিল, সেই একেই অজুহাত সৰ্বোচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰত নৰজিল। গতিকে প্ৰতিৰক্ষা ক্ষেত্ৰৰ লগত জড়িত এনে এক বৃহৎ চুক্তিক লৈ উত্থাপিত অভিযোগবোৰৰ সত্যাসত্য নিৰূপণ কাৰ আইনগত পথ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশে প্ৰশস্ত কৰিলে বুলিও ক'ব পাৰি।

আমি ভাবো, ৰাফেল চুক্তিক কেন্দ্ৰ কৰি যিবোৰ বিষয় ইতিমধ্যে দেশত চৰ্চা হৈছে তাৰ ভিতৰত গুৰুত্বপূৰ্ণ দিশটো হৈছে- 'ৰিলায়েন্স ডিফেন্স' নামৰ অমিল আম্বানিৰ ব্যক্তিগত কোম্পানীটোৱে লাভ কৰা ঠিকাৰ বিষয়টো। পূৰ্বৰ ইউ পি এ আমোলৰ তুলনাত মোডী চৰকাৰে কিমান বেছি বা কম দামত ফ্ৰান্সৰ ৰা ৰাফেল বিমান ক্ৰয় কৰাৰ চুক্তি সম্পাদন কৰিলে, সেয়া বিচাৰ্যৰ বিষয় নহয়। বৰং হিন্দুস্তান এৰ'নেটিকছ লিমিটেড নামৰ চৰকাৰী খণ্ডৰ দক্ষ প্ৰতিষ্টানটোক ৰাফেল যুদ্ধবিমান চোৱা-চিতা কৰাৰ দায়িত্ব সলনি নতুনকৈ স্থাপন হোৱা 'ৰিলায়েন্স ডিফেন্স'ক কি পৰিস্তিতিত সেই দায়িত্ব দিবলগা হ'ল, এই কথা অন্ততঃ মোডী চৰকাৰে স্পষ্ট কৰা উচিত বুলি সচেতন মহলে ভাৱে।

যিহেতু বিষয়টো দেশৰ প্ৰতিৰক্ষাৰ সৈতে জড়িত, সেয়েহে তাৰ মীমাংসাও সৰ্বোচ্চ ন্যায়ালয়ৰ মজিয়াত হোৱাটোৱেই বাঞ্ছনীয়। কিন্তু এটা কথা ঠিক যে ৰাফেল চুক্তিক লৈ ইতিমধ্যে মোডী চৰকাৰক বিৰোধীয়ে শ'লঠেকত পেলাবলৈ সক্ষম হৈছে। ২০১৯চনৰ লোকসভা নিৰ্বাচনলৈ মাজতে মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাত প্ৰধানমন্ত্ৰী মোডীয়ে ৰিলায়েন্সৰ দৰে বহুজাতিক গোষ্ঠীক লাভান্বিত কৰিবলৈ গৈ ফ্ৰান্সৰ সৈতে ৰাফেল চুক্তি সম্পন্ন কৰাৰ যি গুুৰুতৰ অভিযোগ উত্থাপন হৈছে, তাৰ দ্বাৰা দেশৰ ৰাজনীতিত তুমুল বিতৰ্কৰ সৃষ্টি হৈছে। এই বিতৰ্কৰ উচিত সমাধান সৰ্বোচ্চ ন্যায়ালয়ৰ পৰ্যবেক্ষণৰ বিচাৰাধীন হৈ আছে, সেয়েহে শাসক-বিৰোধীয়ে ইয়াক লৈ সস্তীয়া ৰাজনীতি কৰিবলৈ সুযোগ নাপাব বুলিও বহুতে তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in