শেহতীয়া খবৰ
জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  জৈৱিক পদ্ধতিৰে নাৰায়ণপুৰত কৃষি বিপ্লৱৰ সূচনা বে-চৰকাৰী সংস্থা সালোক্য সেৱা কাননৰ  •  নগাঁৱত ৰহস্যজনক ঘটনা, চিকিৎসালয়ৰ পৰাই সন্ধানহীন হ’ল ৰোগী  •  লাহৰীঘাটত চোৰাং গঁড় চিকাৰীক আটক  •  কালাতলীত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত বাইক আৰোহী  •  জম্মু-কাশ্মীৰত নিৰাপত্তাবাহিনী-সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত ৭ নাগৰিক  •  মানিকগঞ্জত চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় নৰ্থ ইষ্ট নেচনেল একাডেমী শুভ উদ্ধোধন  •  মানিকগঞ্জত চিবিএছই পাঠ্যক্ৰমৰ বিদ্যালয় নৰ্থ ইষ্ট নেচনেল একাডেমী শুভ উদ্ধোধন  •  হাইলাকান্দিত অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা, কোনে পালে কিমান আসন?  •  অৰুণাচলত ভূপেন হাজৰিকাৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি অনাবৰণ

শংকৰদেৱৰ প্ৰাসংগিকতা

71

শংকৰদেৱৰ পাঁচশ বছৰ পূৰ্বেই অসমৰ জাতীয় জীৱনৰ বুনিয়াদ নিৰ্মাণ কৰা গৈছিল। অসমীয়া ভাষা-সংস্কৃতিৰ পথাৰখনক মহাপুৰুষজনে নৱ-বৈষ্ণৱ আন্দোলনৰ জৰিয়তে যি ঐক্যসংহতি আৰু কৃষ্টিৰ বীজ সিঁচি গৈছিল, তাৰে গঢ়া শস্যময় ভঁৰালটো আজিও আটোমটোকাৰি হৈ আছে। ফলত বিশ্বায়নৰ প্ৰবল সোঁতত উটি-ভাহি গৈও অসমীয়াৰ মানৰক্ষা পৰিছে। অপ-সংস্কৃতিয়ে সৃষ্টি কৰা সাংস্কৃতিক-বৌদ্ধিক দুৰ্ভিক্ষৰ দিনতো সেই ভঁৰালটোৱেই জাতিৰ ভোক-পিয়াহ নিবাৰণ কৰিছে। অসমৰ বৌদ্ধিক চিন্তানায়কসকলে বিভিন্ন দিশত শংকৰদেৱৰ কৰ্মৰাজিৰ মূল্যায়ন কৰিছে।

তেওঁ প্ৰৱৰ্তন কৰা ‘একশৰণ নামধৰ্ম,’ বৈষ্ণৱ সাহিত্য-সংস্কৃতিক লৈ ইতিমধ্যে বহু গৱেষণা সম্পন্ন হৈছে। সকলোৱে এটা কথাত অন্ততঃ একমত হৈছে যে অসমীয়া জাতিক একতাৰ ডোলেৰে বান্ধি বিশ্ববাসীৰ আগত চিনাকি কৰাই দিয়া প্ৰথম ব্যক্তজনেই হ’ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। পৰৱৰ্তী কালত তেওঁৰ প্ৰধান শিষ্য মাধৱদেৱ আৰু অন্য বৈষ্ণৱ পণ্ডিতসকলৰ মহত্ত্ব তথা গুণ-গৰিমায়ো জাতিৰ জাতীয় চেতনা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত প্ৰধান চালিকাশক্তিৰ দৰে কাম কৰিছে। মুঠতে শংকৰদেৱে গঢ়ি যোৱা সংস্কৃতিৰ মূল সৌধৰ ওপৰত থিয় হৈয়েই অসমীয়া জাতিয়ে আজি জগত জিনিব পাৰিছে।

কিন্তু বিড়ম্বনাৰ কথাটো হ’ল- কালৰ কুটিল গতিত তেওঁৰ চিন্তা-চৰ্চাৰ মৰ্ম উপলব্ধি কৰাত ব্যৰ্থ আজিৰ অসমীয়াই আওবাটে বাট বুলিবলৈ লৈছে। ধৰ্ম বুলি অধৰ্মৰ শৰণাপন্ন হৈছে। বিজতৰীয়া সংস্কৃতিত নিজকে বিলীন কৰি দি একাংশ অসমীয়াই নিজকে ধন্য মানিবলৈও কুণ্ঠাবোধ নকৰা হৈছে। শংকৰদেৱে যিখন বৰ অসমৰ সপোন ৰচিছিল সেয়া আজি খণ্ড বিখণ্ড হৈ পৰিছে। জাত-পাত,গোষ্ঠী-ধৰ্মৰ নামত সৃষ্টি বিভাজনে মানুহক বিপথে পৰিচালিত কৰিছে।

শংকৰদেৱে জাতি-জনজাতি, হিন্দু-মুছলমানৰ পৰিধি অতিক্ৰম কৰি অসমক মহামিলনৰ তীৰ্থভূমি হিচাপে গঢ়িব বিচাৰিছিল। তেওঁ নামঘৰৰ সংস্কৃতিৰে যিদৰে ৰাইজক সংঘবদ্ধ কৰিব বিচাৰিছিল, সেইদৰে তামোল-পাণৰ বাৰীৰে গ্ৰাম্য জীৱনক জীপাল কৰি ৰখাৰ চানেকীও নিৰ্মাণ কৰি গৈছিল. অসমৰ বহু চিন্তাবিদে সেয়েহে শংকৰদেৱক সাম্যবাদী সমাজৰ খনিকৰ আখ্যা দি গৈছে। কিন্তু আজি শংকৰদেৱৰ যুগৰ পাঁচশ বছৰ পিছত সেই সংস্কৃতি, সেই চানেকী লুপ্ত হোৱাৰ উপক্ৰম ঘটিছে।

আজি শংকৰদেৱক এচামে ‘ভগৱান’ কৰিলে, আকৌ আন এচামে কৌশলপূৰ্ণভাৱে তেওঁৰ চিন্তা-চেতনাৰ প্ৰাসংগিকতা নাইকিয়া কৰাৰ অপচেষ্টাও চলালে। তেওঁৰ লক্ষ লক্ষ অনুগামীৰ মাজতে ভিন্নমুখী সোঁতৰ সৃষ্টি হ’ল। নৱ-বৈষ্ণৱ আন্দোলন বহু পৰিমাণে পথভ্ৰষ্টও হ’ল। ইফালে নৱ-ভাৰত নিৰ্মাণৰ শ্ল’গানেৰে হিন্দুত্ববাদী সাংস্কৃতিক ৰাষ্ট্ৰবাদ প্ৰতিষ্ঠা কৰিব বিচৰা সোঁপন্থী নতুন শাসকগোষ্ঠীয়ে শংকৰদেৱক উত্তৰ-পশ্চিম ভাৰতৰ ধৰ্মীয় উপাসকৰ ৰূপত প্ৰক্ষেপ কৰাৰ কামত ব্ৰতী হৈ পৰিল।

অৱশ্যে এনে হাজাৰ দুৰ্যোগৰ সময়তো তেওঁৰ প্ৰকৃত অনুগামী অসমীয়াই মহাপুৰুষজনাৰ গৰিমা অক্ষুণ্ণ ৰখাৰ কামত নিৰৱচ্ছিন্নভাৱে অগ্ৰসৰ হোৱাটোৱে জাতিৰ সৌভাগ্য। এই ধাৰাক উজ্জীৱিত কৰি ৰখাৰ দায়িত্ব প্ৰতিজন সচেতন অসমীয়াই নিষ্ঠাসহকাৰে পালন কৰিব লাগিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি