শাৰদীয় আৱাহন

শাৰদীয় আৱাহন

যুগ যুগান্তৰৰ আধ্যাত্মিক পৰম্পৰাৰ বাট বুলি আহি আজি পুনৰ এবাৰ ষষ্ঠীৰ বেদীত প্ৰাণ প্ৰতিষ্ঠা হ'ব দেৱীৰ। একাংশ ভক্তৰ গভীৰ বিশ্বাসৰ আধাৰ, সকলো শক্তিৰ মাহাত্ম্যৰ সমুজ্জ্বল বুলি বিশ্বাস কৰা দেৱী দুৰ্গাৰ শৰণাপন্ন হৈ আজি শৰতৰ সন্ধিয়া সম্পন্ন কৰিব দেৱীৰ বোধন পৰ্ব আৰু তৎপৰৱৰ্তী চাৰিদিন ধৰি দেৱী বন্দনাৰ মন্ত্ৰোচ্চাৰণৰ মংগলময় ধ্বনিৰে ভক্তৰ প্ৰত্যাশিত আৱেগোচ্ছল পৰিৱেশ সৃষ্টি হ'ব চৌদিশৰ মণ্ডপে মণ্ডপে। শৰতৰ এই দিন কেইটাৰ এনে মধুৰ পৰিৱেশত আৱগাহন কৰি কালাতিপাত হৈছে প্ৰজন্মৰ পিচত প্ৰজন্মৰ। জীয়াই থকা প্ৰবীণ চামটোৱে আশৈশৱ হৃদয়ত ধাৰণ কৰি থকা এই দিন কেইটাৰ বৰ্ণময় স্মৃতি পাগুলি আকৌ এবাৰ উদ্বেলিত কৰিব মনোজগত।

শিশু-কিশোৰ-যুবাৱস্থা গৰকাসকলে প্ৰস্তুতি চলাইছে আকৌ এবাৰ উৎসৱৰ মাদকতাৰ বিধৌত হৈ উলাহৰ সমদলত নিজকে বিলীন কৰি দিয়াৰ। আধ্যাত্মিকেই হওঁক বা সাংস্কৃতিকেই হওঁক, যেতিয়া একো একোটা পৰ্বৰ উৎসৱৰ পৰ্যায়লৈ উত্তৰণ হয়, তেতিয়া ইয়াৰ ৰূপ আৰু চৰিত্ৰ এনেকুৱা হয়। প্ৰাণ ঢালি নিজক বিলীন কৰি দিয়াটোৱেইতো উৎসৱ! এয়া শাৰদোৎসৱ। ভাৰতৰ পূৰ্বাঞ্চলত এই উৎসৱে কেতিয়াৰ পৰা পোখা মেলিলে ভিন্ন স্থানত তাক লৈ ভিন্ন চৰ্চা হ'লেও এই উৎসৱৰ সৈতে যে এই ভূখণ্ডৰ জনসাধাৰণৰ আত্মাৰ সম্পৰ্ক স্থাপিত হৈ গৈছে সেয়া প্ৰতিপন্ন কৰে ইয়াৰ ব্যাপকতাই।

বিশ্ব মানৱে 'ডিজিটেল ৱৰ্ল্ড'ত প্ৰৱেশ কৰাৰ পিচতো, বৈজ্ঞানিক চিন্তাৰ বিকাশে আশাতীত উচ্চতাত আৰোহন কৰা স্বত্বেও ধৰ্মীয় বিশ্বাস আধাৰিত এই প্ৰসাৰৰ পৰিধি দিনে দিনে বৃদ্ধি পাই গৈ আছে। আনকি পাশ্চাত্যৰ দেশলৈও ভাৰতীয়ই সম্প্ৰসাৰণ ঘটাইছে দেৱী দুৰ্গাক আৱাহনৰ পৰিসৰ। ধৰ্ম চৰ্চা-বিশ্বাসৰ পৰিধিৰ পৰা ঊৰ্ধ্বলৈ গৈ ভিন্ন ভাষা-ধৰ্ম-বৰ্ণ-বৰ্গৰ লোক চামিল হৈ পৰিছে শাৰদীয় উৎসৱৰ সুবিশাল পৰিমণ্ডলত। ধৰ্মীয় বৈচিত্ৰ্য থাকিলেও সংঘাত নাই। সমষ্টিৰ পৰ্যায়ত পৰস্পৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি প্ৰত্যেকেই পালন কৰি আছে নিজৰ নিজৰ অধ্যাত্ম পৰমেশ্বৰক উপাসনাৰ পৰ্ববোৰ। পাৰ্যমানে সকলোৱে সকলোলৈকে আগবঢ়াই আহিছে সমমৰ্মিতাৰ অৱদান আৰু তাৰ মাজেদিয়েই উজ্জ্বল হৈ উঠিছে শাৰদীয় উৎসৱৰো প্ৰাণ।

আচলতে নিৰ্দিষ্ট মতাৱলম্বী-ধৰ্মাৱলম্বীৰ চিন্তা উপাসনাক এনেদৰে মহা উৎসৱৰ পৰিসৰলৈ লৈ যোৱাটোও উদাৰ বিশ্বাসৰে পৰিচায়ক। এক ত্ৰিশ কোটি ভাৰতীয়ৰ সমস্যাজৰ্জৰ বেদনাবিহ্বল জীৱন যাত্ৰাত এই উৎসৱবোৰ এক শান্তি দিয়ে, জীৱন যাত্ৰাত প্ৰেৰণা দিয়ে। যুক্তি তৰ্কৰ পৰা আঁতৰি নিজক কোনো এক মহাশক্তিৰ ওচৰত সমৰ্পণ কৰি পৰমাৰ্থিক শান্তি প্ৰাপ্তিৰ এক পৰিৱেশ দিয়ে এনেধৰণৰ ধৰ্মীয় উৎসৱে। সেইবাবেই যুগ যুগ ধৰি চলি আহিছে শাৰদীয় উৎসৱৰ মহাআয়োজন। অদৃশ্য বিষাণুৰ বিশ্বব্যাপি সংক্ৰমণে দুটাকৈ বছৰ জনজীৱন বিপৰ্যস্ত কৰি পেলোৱাত অৱধাৰিতভাৱে এই উৎসৱো প্ৰভাৱিত হৈছে।

যোৱা বছৰ অতি সীমিত পৰিসৰত উদযাপন হ'ল দেৱী দুৰ্গাৰ পাঁচদিনীয়া আৰাধনাৰ এই পৰ্ব। এইবাৰো চৰকাৰে কিছু শিথিলতা দিলেও মুকলিকৈ মহাউৎসৱত উটি যাবলৈ অনুমতি দিয়া নাই। ফলত স্বাভাৱিকভাৱে অহা পাঁচটা দিনত উৎসৱৰ আয়োজনৰ কিছু সীমাবদ্ধতা থাকিব। কিন্তু মানুহৰ প্ৰাণৰ উচাহৰতো পৰিধি নাথাকে। কায়িকভাৱে নোৱাৰিলেও শাৰদীয় আনন্দৰ মনৰ লহৰে অসীমলৈ ঢাপলি মেলিবই। ঠায়ে ঠায়ে তাৰ কায়িক বহিপ্ৰকাশ ঘটিলেও আচৰিত হ'ব লগা নাই। বজাৰবিলাকত সেই উচাহৰ ঢল পৰিদৃশ্যমান। মহাব্যাধিৰ যন্ত্ৰণাত দগ্ধ চৌদিশৰ পৰিৱেশ। লকডাউন, সান্ধ্য আইন, এন্টিজেন, আৰ টি পিচি আৰৰ জ্বালা যন্ত্ৰণাই লগ এৰা দিয়া নাই। সংক্ৰমণো চলি আছে, বন্ধ হোৱা নাই। বেছিভাগ মানুহেই অৰ্থনৈতিকভাৱে বিধ্বস্ত। তাৰ মাজতে দুৰ্মূল্যৰ অসহনীয় বোজা।

বজাৰত জুই নহয়, যেন দাৱানল। অত্যাৱশ্যকীয়ই হওঁক বা অনত্যাৱশ্যকীয়ই হওঁক, প্ৰতিটো সামগ্ৰীৰে নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধি। পেট্ৰ'ল ডিজেলৰ এশ টকাৰ ডেওনা পাৰ কৰিলে। এনে অৱস্থাত অলপীয়া আয়ৰ পৰিয়ালবোৰ কেনেদৰে জীয়াই থাকিব, সেইটো ভাবিলেই পেটতো হাত ভৰি লুকোৱা অৱস্থা। নিবনুৱাৰ সংখ্যাই হিমালয়সদৃশ উৰ্ধ্বলৈ গতি কৰিছে। এই পৰিস্থিয়ে যুৱ প্ৰজন্মটোক কিহলৈ লৈ যাব ঠিকনা নাই। চৰম উদ্বেগৰ বিষয়।শিক্ষা দীক্ষাৰ ক্ষেত্ৰখনো স্বাভাৱিক হোৱা নাই। এনে এক দুঃসময়তে পৰম্পৰাৰ বাট বুলি আকৌ আহিছে শাৰদীয় উৎসৱ।

জীৱনৰ জ্বালা যন্ত্ৰণাৰ পৰা উদ্ধাৰ পাবলৈকে সৰ্বসাধাৰণ মানুহ পৰম ঐশ্বৰিক শক্তিৰ শৰণাপন্ন হয়। যুগে যুগে চলি আহিছে এই ধাৰা। এইবাৰো শাৰদীয় দেৱী পূজাৰ বেদীৰ সন্মুখত প্ৰণিপাত কৰি ভক্তই আৰাধনা কৰিব- 'যা দেৱী সৰ্বভূতেষু শক্তিৰূপেন সংস্থিতা, নমঃস্তস্যৈ নমঃস্তস্যৈ নমঃস্তস্যৈ নমো নমঃ।' সকলোৱে সাৱধানে শাৰদীয় উৎসৱত ভাগ লওঁক। সুখ-শান্তি ঘূৰি আহক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in