শাসক-বিৰোধীৰ ৰাজনীতি

শাসক-বিৰোধীৰ ৰাজনীতি

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধীৰ ৰাজনৈতিক সক্ৰিয়তা লক্ষণীয় ৰূপত বৃদ্ধি পাইছে। এই সক্ৰিয়তাই ক্ৰমান্বয়ে নিৰ্বাচনী ৰাজনীতিৰ ৰূপ লৈছে।জনসাধাৰণক মোহাৱিষ্ট কৰিবলৈ নানা কৌশল ৰচনাত ব্যস্ত হৈ পৰিছে কংগ্ৰেছ, বিজেপি উভয় শিবিৰৰ নেতৃত্ব। শাসকীয় শিবিৰত ক্ষমতা হেৰুওৱাৰ শংকা যিমানেই প্ৰবল হৈছে সিমানেই বিৰোধীৰ মাজতো ক্ষমতা দখলৰ বাবে উথপথপ আৰম্ভ হৈছে।

চাৰি বছৰীয়া কাৰ্যকাল সমাপ্ত কৰাৰ পিছত এন ডি এ চৰকাৰৰ কাম-কাজৰ খতিয়ান দাঙি ধৰা হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত। দলিত তথা অনুসূচিত জাতি-জনজাতি আৰু অন্যান্য সম্প্ৰদায়ৰ বিৰুদ্ধে অৱস্থান লোৱা বুলি বিৰোধীয়ে মোডী চৰকাৰক সমালোচনা কৰাৰ বাবেই হয়তো দলটোৰ দুদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক সম্পন্ন কৰা হ'ল নতুন দিল্লীস্থিত ড০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অধ্যক্ষ অমিত শ্বাহকে ধৰি অন্যান্য শীৰ্ষ নেতৃত্বই আম্বেদকাৰৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনেৰে জনসাধাৰণক এই বাৰ্তাই দিব বিচাৰিলে যে বিজেপি উচ্চ বৰ্ণহিন্দু দল নহয়। বিগত সময়ছোৱাত দলিত নিপীড়নৰ ঘটনাত বিজেপিশাসিত ৰাজ্যবোৰত চৰকাৰক দোষাৰোপ কৰা হৈছিল যদিও সম্প্ৰতি ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত অমিত শ্বাহে ঘোষণা কৰিছে যে কেন্দ্ৰীয় চৰকাৰে অনুসূচিত জাতি-জনজাতিৰ বিৰুদ্ধে কাম কৰা বুলি কংগ্ৰেছেহে জনসাধাৰণক ভুল বাখ্যা দিয়ে।

হয়তো কিছুদিন পাছত অমিত শ্বাকে ধৰি শাসকপক্ষৰ শীৰ্ষ নেতাসকলে ধৰ্মীয় সংখ্যালঘুৰ সামাজিক ন্যায়ৰ কথাও ক'ব। নিপীড়িত জনগোষ্ঠীৰ পক্ষত থিয় দি গো-ৰক্ষাৰ নামত হোৱা হিংসাৰ বিৰুদ্ধে মাত মাতিব। কাৰণ সন্মুখত লোকসভা নিৰ্বাচনকে ধৰি ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু তেলেংগানাৰ বিধানসভা নিৰ্বাচনো আহি আছে।

যিহেতু কংগ্ৰেছকে ধৰি বিৰোধীশিবিৰে ইমানদিনে মোডী চৰকাৰক ধৰ্মীয় সংখ্যালঘু, দলিত আৰু অন্যান্য পিচপৰা শ্ৰেণীৰ লোকৰ সামাজিক সুৰক্ষাৰ প্ৰশ্নটোক লৈ কাঠগৰাত থিয় কৰোৱাৰ প্ৰচেষ্টা চলাই আহিছে, সেয়ে নিৰ্বাচনকেন্দ্ৰিক ৰাজনৈতিক স্বাৰ্থতে শাসক দলটোৱে জনসাধাৰণক পুনৰ 'সব কা সাথ, সব কা বিকাশ'ৰ কথাৰে আশ্বস্ত কৰাৰ চেষ্টা চলাব। তাৎপৰ্যপূৰ্ণভাৱে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক চলি থকাৰ সময়তে পেট্ৰ'ল-ডিজেলৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে দেশজোৰা ধৰ্মঘটৰ আহ্বান জনাইছে।

কিন্তু বিজেপি নেতৃত্বই সেই বিষয়বোৰ দলৰ মজিয়াত আলোচনা কৰা নাই। কংগ্ৰেছে ৰাফেল বিমান ক্ৰয় কেলেংকাৰীক লৈ কেন্দ্ৰক শ'লঠেকত পেলাবলৈ যত্নপৰ হৈছে, বিৰোধীয়ে বুদ্ধিজীৱীৰ গ্ৰেপ্তাৰক লৈ প্ৰতিবাদ কৰিছে। কিন্তু বিজেপিয়ে পোনপটীয়াভাৱে কংগ্ৰেছ অথবা বিৰোধীয়ে উত্থাপন কৰা কোনো এটা নিৰ্দিষ্ট ইছ্যুক লৈয়েই দলৰ মজিয়াত আনুষ্ঠানিক মতামত প্ৰকাশ কৰা নাই। বৰং পুনৰ পৰম্পৰাগতভাৱে কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিকে আক্ৰমণ কৰিছে বিজেপিৰ শীৰ্ষ নেতৃত্বই।

শনিবাৰে দলৰ অধ্যক্ষ অমিত শ্বাহে মোডী চৰকাৰৰ 'মেক ইন ইণ্ডিয়া' কৰ্মসূচীৰ কথা উত্থাপন কৰি কংগ্ৰেছক 'ব্ৰেকিং ইণ্ডিয়া' অৰ্থাৎ দেশত ভাঙোন অনা দল বুলি অভিহিত কৰিছে। আনকি দেওবাৰে প্ৰধানমন্ত্ৰী মোডীয়েও তেওঁৰ ভাষণত কংগ্ৰেছকে উভতি ধৰিছে। প্ৰধানমন্ত্ৰীয়ে 'অজেয় ভাৰত, অটল ভাজপা' শ্ল'গান আওৰাই এহাতে অটল বিহাৰী বাজপেয়ীৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ কথা কৈছে, আনহাতে কংগ্ৰেছৰ আঠচল্লিশ বছৰীয়া শাসনক তেওঁৰ চৰকাৰৰ আঠচল্লিশ মাহৰ কাম-কাজৰ সৈতে তুলনা কৰিবলৈ মুকলি প্ৰত্যাহ্বান জনাইছে- তাৰ অৰ্থ হ'ল- বিজেপিয়ে বিৰোধীয়ে উত্থাপন কৰা গুৰুত্বপূৰ্ণ বিষয়বোৰৰ পৰা ফালৰি কাটি আহি পুনৰ কংগ্ৰেছ দলটোকে আক্ৰমণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে।

কাৰণ তেওঁলোকে আজিও এই কথা ভালদৰে উপলব্ধি কৰে যে কংগ্ৰেছক গালি পাৰিলেই বিকল্প হিচাপে বিজেপিৰ প্ৰাসংগিকতা জনসাধাৰণৰ ওচৰত বৃদ্ধি পাব। কিন্তু প্ৰশ্ন হৈছে- বিজেপি অথবা মোডী চৰকাৰে কংগ্ৰেছক আক্ৰমণ কৰিলেই নিজৰ চাৰি বছৰীয়া কাৰ্যকালৰ ব্যৰ্থতা ঢাকি ৰাখিবলৈ সক্ষম হ'বনে? যোৱা শুকুৰবাৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কপিল ছিবালৰ এক গ্ৰন্থ উন্মোচনী সভাত চি পি আই (এম)ৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে কৈছে যে এইবাৰৰ লোকসভা নিৰ্বাচন ব্যক্তিত্বৰ মাজৰ যুঁজ নহয়।

তেওঁৰ মতে এই নিৰ্বাচন হ'ব প্ৰধানমন্ত্ৰী মোডী আৰু দেশবাসীৰ মাজৰ যুঁজ। অৰ্থাৎ তেওঁ ক'ব বিচাৰিছে যে দেশৰ সাম্প্ৰতিক পৰিস্থিতিত কংগ্ৰেছৰ ৰাহুল গান্ধী আৰু প্ৰধানমন্ত্ৰী মোডীৰ ব্যক্তিত্বতকৈও শাসক-বিৰোধীৰ মাজৰ আদৰ্শগত প্ৰশ্নবোৰহে মুখ্য হৈ পৰিছে। কিন্তু ক্ষমতাসৰ্বস্ব ৰাজনীতিত আদৰ্শতকৈও চমক সৃষ্টিকাৰী বিষয়বোৰহে গুৰুত্বপূৰ্ণ হৈ পৰে। কথা হৈছে- জনসাধাৰণে এইবোৰ বিষয় তলকিব নোৱাৰে বাবেই শাসকীয় দলবোৰে প্ৰচাৰৰ ধুমুহা সৃষ্টি কৰি ভোটাৰক বিভ্ৰান্ত কৰিব পাৰে। এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণৰ উজু পথ সদ্যহতে নাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in