কল্যাণকামী অৰ্থনীতি

কল্যাণকামী অৰ্থনীতি

আমেৰিকাৰ অৰ্থনীতিবাদ উইলিয়াম নৰডাউছ আৰু পল ৰোমাৰলৈ ৰয়েল ছুইডিছ অকাডেমী অৱ ছায়েন্সেজে এই বছৰৰ অৰ্থনীতিৰ নোবেল বঁটা আগবঢ়াইছে।  নৰডাউছ আমেৰিকাৰ য়েল বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক আৰু ৰোমাৰ হৈছে নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক। দুয়ো মেক্ৰ'ইকন'মিকছৰ (সমষ্টিবাদী গুৰু অৰ্থনীতি) বিশেষজ্ঞ।

জলবায়ু পৰিৱৰ্তন তথা পৰিবেশৰ আন পৰিৱৰ্তিত কাৰকবোৰে বিশ্ব অৰ্থনীতিত পেলোৱা কু-প্ৰভাৱ আৰু তাৰ নিৰাময়ৰ বিষয়ে কৰা গৱেষণা উলিয়াম নৰডাউছৰ অধ্যয়নৰ বিশেষ ক্ষেত্ৰ। আনহাতে পল ৰোমাৰ 'এণ্ড'জেনাছ গ্ৰ'থ থিঅ'ৰী'ৰ বাবে বিখ্যাত। মূলগতঃ বৃদ্ধি সূত্ৰ হিচাপে জনাজাত এই তত্ত্বৰে তেওঁ এখন ৰাষ্ট্ৰৰ প্ৰগতিত প্ৰযুক্তিগত উদ্ভাৱন তথা সেই সম্পৰ্কীয় ধ্যান-ধাৰণাৰ গুৰুত্ব আৰু এইবোৰৰ সৈতে বিশ্ব পৰিবেশকেন্দ্ৰিক সমস্যাৰ সম্পৰ্ক তথা সেইবোৰৰ নিৰাময়ৰ বিষয়ে আলোচনা কৰিছে।

এই অৰ্থনীতিবাদ দুগৰাকীক ২০১৮চনৰ অৰ্থনীতিৰ নোবেল বঁটা প্ৰদান কৰি ৰয়েল ছুইডিছ অকাডেমীয়ে ঘোষণা কৰিছে- '… দুয়োজন অৰ্থনীতিবিদে সমকালীন অৰ্থনীতিৰ মুল প্ৰশ্ন, যেনে দীৰ্ঘম্যাদী বহন ক্ষমতা আৰু অৰ্থনীতিৰ বহনক্ষম উন্নয়নৰ নক্সা তেওঁলোকৰ গৱেষণাৰ জৰিয়তে উদ্ভাৱন কৰিছে।' অধ্যাপক নৰডাউছৰ বয়স হ'ল ৭৭ আৰু অধ্যাপক ৰোমাৰ বয়স হ'ল ৬২।

দুয়োজনৰ বয়সৰ প্ৰাৰ্থক্য যদিও ১৫ বছৰৰ কিন্তু বহলভাৱে ক'বলৈ গ'লে গৱেষণাৰ বিষয় একেটাই- অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ বিস্ময়কৰ বিকাশে প্ৰাকৃতিক সম্পদৰ লুণ্ঠন অভাৱনীয় ৰূপেৰে তীব্ৰ কৰি ভয়ংকৰ পৰিৱেশৰ বিশ্ব সংকটৰ সৃষ্টি কেনেকৈ কৰিছে আৰু লেকামহীন ভোগবাদে এই সংকটক অধিক মাৰাত্মক কেনেকৈ কৰি তুলিছে- এফালেদি সেই বিষয়ক গৱেষণা আৰু আনফালেদি প্ৰতিষ্ঠিত বিশ্ব ব্যৱস্থাৰ মাজতেই সেই সংকটৰ নিৰাময়ৰ বাবে উপায় সন্ধান কৰা।

লক্ষণীয় যে যোৱা শতিকাৰ সত্তৰৰ দশকৰ পৰা অধ্যাপক নৰডাউছে আৰু নব্বৈৰ দশকৰ পৰা অধ্যাপক ৰোমাৰে নিজ নিজ বিষয়ত গৱেষণা আৰম্ভ কৰিছিল। যোৱা শতিকাৰ সত্তৰ দশকতেই ছোভিয়েট ইউনিয়নে সমাজবাদৰ পথ বিসৰ্জন দি প্ৰযুক্তিৰ বিকাশনিৰ্ভৰ পুঁজিবাদী মুনাফাসৰ্বস্ব উৎপাদনৰ পথত ভৰি দিছিল। আনহাতে যোৱা শতিকাৰ নব্বৈৰ দশকত তদানীন্তন বিশ্ব সমাজবাদী শিবিৰৰ প্ৰাকৃতিক সম্পদৰাজিৰ লুণ্ঠন ভয়ানক পৰিমাণেৰে বঢ়াই অনা মুনাফাসৰ্বস্ব তথা বজাৰসৰ্বস্ব পুঁজিবাদী অৰ্থনীতি প্ৰতিষ্ঠিত হ'ল।

পুঁজিবাদী ৰাষ্ট্ৰবোৰত ই আগৰ পৰাই আছিল। একালৰ সমাজবাদী ৰাষ্ট্ৰবোৰতো পুঁজিবাদৰ পুনৰুত্থান ঘটাৰ পিছত আৰু সম্প্ৰতি চীনেও বজাৰ অৰ্থনীতিকেই গ্ৰহণ কৰাৰফলত এফালে প্ৰযুক্তিক উন্নত কৰাৰ আৰু বজাৰ দখলৰ ভয়ানক প্ৰতিযোগিতা বৃহৎ পুঁজিপতিৰ মহলত দেখা দিলে আৰু আনফালে প্ৰযুক্তি যিমানেই উন্নত হৈ আহিল সিমানেই প্ৰাকৃতিক সম্পদৰ আহৰণ আৰু সেই সম্পদৰ ওপৰত অত্যাচাৰ সিমানেই তীব্ৰ গতিত বাঢ়ি আহিল। প্ৰকৃতিৰ ওপৰত অত্যাচাৰ যিমান বাঢ়ি আহিছে সিমানেই পৰিৱেশৰ প্ৰদূষণ তথা জীৱকুলৰ অস্তিত্বৰ বাবে ভীষণ ক্ষতিকাৰক ৰূপেৰে জলবায়ুৰ অভাৱনীয় পৰিৱৰ্তন হ'বলৈ ধৰিছে।

পুঁজিবাদী লুণ্ঠন সৰ্বস্বতাই প্ৰকৃতিৰ ওপৰত চলোৱা এই নিৰ্মম অত্যাচাৰ ক্ৰমান্বয়ে দ্ৰুত গতিত মানৱ সভ্যতাকেই ধ্বংসৰ মুখলৈ ঠেলি দিবলৈ ধৰিছে, বসুন্ধৰাক বসবাসৰ অনুপযুক্ত কৰি অনাৰ জৰিয়তে। এই সমস্যাই গৈ এনে ভীষণ ৰূপ ধাৰণ কৰিছেগৈ যে প্ৰযুক্তিৰ বিস্ময়কৰ বিকাশৰ জৰিয়তে যি পুঁজিবাদী প্ৰগতি তড়িৎ গতিত ঘটিব ধৰিছে, যাৰ দ্বাৰা হোৱা লাভৰ সিংহভাগ সোমাইছেগৈ এমুঠি পুঁজিপতিৰ জেপত, সেই বিকাশ মানৱ সভ্যতাৰ বাবে কল্যাণকামী বিকাশ নে সভ্যতাক বিনাশৰহে পথ তাকেই প্ৰমাণ কৰিছে নৰডাউছ আৰু ৰোমাৰলৈ অৰ্থনীতিৰ নোবেল বঁটা প্ৰদানে।

কাৰণ তেওঁলোকৰ বঁটা প্ৰদানে স্পষ্টভাৱে প্ৰমাণ কৰিছে মুনাফা অৰ্জনৰ বাবে উন্নত প্ৰযুক্তিৰে প্ৰকৃতিৰ ওপৰত যি নিৰ্মম অত্যাচাৰ সুবিধাভোগী মহলে চলাইছে তাৰ ফলত যি পাৰিপাৰ্শ্বিকতাৰ বিশ্ব সমস্যাৰ সৃষ্টি হৈছে সেইটোৱে আন নালাগে উন্নত বিশ্বৰ বিবেকৱানসকলকেই ভীষণ চিন্তিত কৰি তুলিছে। তাৰ পৰিত্ৰাণৰ পথ নিৰ্দেশকাৰী হিচাপেই নৰডাউছ আৰু ৰোমাৰলৈ নোবেল বঁটা দিয়া হৈছে। কিন্তু প্ৰশ্ন হ'ল মুনাফাসৰ্বস্ব তথা বজাৰসৰ্বস্ব পুঁজিবাদী ব্যৱস্থাক সলনি নকৰাকৈ পৃথিৱীক এই মহাসমস্যাৰ পৰা ৰক্ষা কৰিব পৰা যাবনে? তেনে আশা নাই।

উদাহৰণস্বৰূপে নৰডাউছে যি কাৰ্বন নিৰ্গমণ নিয়ন্ত্ৰণৰ বিধিৰ কথা কৈছে সেইবোৰ বৃহৎ পুঁজিপতিসকলে মানি লোৱাৰ আশা নাই। কাৰণ তাক কৰিবলৈ তেওঁলোকে ফেক্টৰীবোৰ হয় বন্ধ, নহয় পৰিমাণ হ্ৰাস কৰিব লাগিব। তেনেকৈয়ে ৰোমাৰে যি বিশ্ব অৰ্থনৈতিক সহযোগিতাৰ কথা কৈছে সেইটো লাগামহীন মুক্ত বজাৰ অৰ্থনীতিত সম্ভৱ নহয়। সেয়ে সেই সভ্যতাক ধ্বংস কৰিব খোজা মহাসমস্যাক আঁতৰ কৰিবলৈ গণ কল্যাণকামী অৰ্থনীতিৰ প্ৰচলন কৰিবই লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in