প্ৰত্যাহ্বান

133

স্বৰাজোত্তৰ ভাৰতবৰ্ষত পূৰ্বোত্তৰৰ অংগৰাজ্য হৈ অসমে লাভ কৰি আহিছে কেৱল উপেক্ষা, অৱহেলা, বঞ্চনাৰ অভিজ্ঞতা। প্ৰতিটো প্ৰাপ্য আদায়ৰ বাবে এই ভূ-খণ্ডৰ বাসিন্দাই একো একোটা আন্দোলনত নামিবলগা হোৱাটোৱেই ইয়াৰ বাস্তৱ তথা নিৰ্মম সত্য। তথাপি ইয়াৰ জনসাধাৰণৰ আৱেগ-অনুভূতিক ইমান অহংকাৰীভাৱে দিল্লীয়ে পদাঘাত কৰাৰ অভিজ্ঞতা হয়তো এয়েই প্ৰথম, যিটো অসম তথা উত্তৰ-পূবক অতি আপোন, পৰম নমস্য বুলি কৈ অহা নৰেন্দ্ৰ মোডীৰ চৰকাৰখনে সম্পূৰ্ণ স্বেচ্ছাচাৰীভাৱে লোকসভাৰ মজিয়াত গৃহীত কৰি মোডীৰ চৰকাৰখনে অসম তথা উঃ পূববাসীক এটা কথাই বুজাই দিলে যে বিজেপিৰ ন্যস্ত দলীয় স্বাৰ্থতকৈ এই অঞ্চলৰ মানুহৰ আৱেগ-অনুভূতি ডাঙৰ নহয়।

উঃ পূবলৈ বিদেশী অনুপ্ৰৱেশৰ ভয়ংকৰ সমস্যাটো কংগ্ৰেছৰে অৱদান যদিও ’৭৯ত অসম আন্দোলনৰ সূচনা হোৱাৰ পিচত ১৯৮০ চনত তদানীন্তন সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গক মৰ্যাদাসহকাৰে দিল্লীলৈ আলোচনাৰ বাবে নিমন্ত্ৰণ কৰি সেই সময়ৰ প্ৰবল প্ৰতাপী প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে অসমবাসীৰ আৱেগক সন্মান জনাইছিল। অনুৰূপ সন্মান প্ৰদৰ্শন কৰি ৰাজীৱ গান্ধীয়েও আন্দোলনকাৰী নেতৃবৰ্গৰ সৈতে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰি সম্পাদন কৰিছিল ঐতিহাসিক অসম চুক্তি।

অটলবিহাৰী বাজপেয়ী বা এইচ ডি দেৱেগৌড়াৰ দৰে ৰাষ্ট্ৰনেতাৰো অসমৰ প্ৰতি যে অকৃত্ৰিম আন্তৰিকতা আছিল, তাক তেওঁলোকৰ কাৰ্যকালত বিভিন্ন অৱদানেৰে প্ৰমাণ কৰি থৈ গৈছে। কিন্তু নৰেন্দ্ৰ মোডীৰ চৰকাৰখনে মুখত উঃ পূবৰ প্ৰতি প্ৰেম দেখুৱালেও এই অঞ্চলৰ ক্ষেত্ৰত হৃদয়হীন চৰিত্ৰক প্ৰকট কৰি দিলে জাতিধ্বংসী বিধেয়কখনলৈ সদম্ভ অনুমোদনৰ জৰিয়তে। সুদীৰ্ঘ দিনৰ ৰাজনৈতিক পৰিচিতিৰ পৰা মোডীয়ে এই ভূ-খণ্ডৰ সমস্যা, ইয়াৰ ইতিহাস, ইয়াৰ সাংস্কৃতিক তথা জনগাঁথনিগত বৈশিষ্ট্য তথা ইয়াৰ সংকটৰ বিষয়ে নজনাকৈ থকা নাই।

এই বিতৰ্কিত বিধেয়কখনে এই অঞ্চলৰ ওপৰত কেনে বিৰূপ প্ৰভাৱ পেলাব, সেইটোও হয়তো প্ৰধানমন্ত্ৰীগৰাকী ভালদৰেই অৱগত। তথাপি তেওঁ দলীয় এজেণ্ডা ৰূপায়ণ কৰিবলৈ গৈ এই অঞ্চলৰ ভাবাৱেগৰ প্ৰতি স্পৰ্ধা দেখুৱাবলৈ কুণ্ঠাবোধ নকৰিলে। ফলত ধৰ্মৰ নামত নাগৰিকত্বৰ মাৰাত্মক ধাৰণাটোৰ বিষবাষ্পত আক্ৰান্ত হৈ এই স্পৰ্শকাতৰ ভূ-খণ্ডৰ থলুৱা মানুহখিনিয়ে কেনে এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব, তাৰ প্ৰতি চৰকাৰখনে তিলমাত্ৰও গুৰুত্ব প্ৰদান নকৰিলে। তাৰ পৰিৱৰ্তে হিন্দু বাংলাদেশীক আন অসমত মুছলমানৰ আগ্ৰাসন প্ৰতিৰোধ কৰি অসমৰ ভাষা-সংস্কৃতি ৰক্ষাৰ হাস্যাস্পদ, কিন্তু অতি ভয়াৱহ সূত্ৰহে উদ্ভাৱন কৰিছে গেৰুৱা দলৰ দীক্ষা লোৱা অসমৰ একাংশ ক্ষমতালিপ্সু নেতাই।

ইয়াৰ অৰ্থ একেবাৰে স্পষ্ট যে সংঘাতৰ ৰাজনীতিৰে অসমক স্থিৰ কৰি ৰাজনৈতিক লাভ অৰ্জনেই বিজেপিৰ লক্ষ্য আৰু সেইবাবেই নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমবাসীৰ জাতীয় মতক তেওঁলোকে সদম্ভে নস্যাৎ কৰিলে। এয়া নিশ্চিতভাৱে জাতিটোক কৰা অপমান আৰু দৰাচলতে ই এক প্ৰত্যাহ্বানো। এই প্ৰত্যাহ্বান জাতিটোৱে কেনেকৈ গ্ৰহণ কৰে, সেইটোৱেই আজিৰ তাৰিখত গুৰুত্বপূৰ্ণ কথা।

সংখ্যাৰ জোৰত বিজেপিয়ে বিতৰ্কিত বিধেয়কখনক আইনত পৰিণত কৰিবলৈ আগবঢ়াৰ সমান্তৰালকৈ অসমৰ জনসাধাৰণৰ মাজত এই স্পৰ্শকাতৰ বিষয়টোক লৈ বিভাজনৰ বীজ সিঁচিবলৈ চেষ্টা কৰিছে আন একাংশ মানুহে। ইয়াৰ বাবে তেওঁলোকে ততাতৈয়াকৈ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ভিত্তিহীন আশ্বাস সংসদৰ মজিয়াত ঘোষণা কৰি চমক সৃষ্টি কৰিব খুজিছে। নিৰ্বাচনৰ আগমুহূৰ্তত দিয়া এনে আশ্বাসৰ বাস্তৱ মূল্য কিমান, তাক অন্ততঃ জনগোষ্ঠী ছটাই  নুবুজাকৈ থকা নাই।

গতিকে এই অপমান, ষড়যন্ত্ৰ প্ৰতিহত কৰি অসমবাসীৰ অমূল্য সত্তাটোক অহংকাৰী দম্ভালিপূৰ্ণ ৰাজনীতিৰ সন্মুখত প্ৰতিষ্ঠা কেনেকৈ জাতিটোৱেে কৰিব, তাৰহে ৰূপৰেখা নতুনকৈ অকন কৰাৰ আহ্বান সাম্প্ৰতিক সময়ে দিছে। ২০১৬ নচত সংসদত বিধেয়কখন উত্থাপন হোৱাৰ দিনাৰ পৰাই অসমবাসীয়ে ইয়াৰ প্ৰতিবাদ কৰিছে আৰু প্ৰতিবাদৰ জুইকুৰা অসম আন্দোলনৰ সময়ৰ দৰেই উত্তপ্ত হৈ জাতীয় ক্ষোভৰ ৰূপটোক প্ৰতিফলিত কৰিছে।

কিন্তু অসম আন্দোলনৰ সৈতে ইয়াৰ পাৰ্থক্যটো হ’ল- ছবছৰীয়া অসম আন্দোলনটো আছিল আছুৰ একক নেতৃত্বৰে পৰিচালিত এটা গণ আন্দোলন আৰু বৰ্তমানৰ জাতিধ্বংসী বিধেয়কৰ প্ৰতিবাদৰ সংগ্ৰামখনৰ নেতৃত্ব ভিন্নমুখীষ। গতিকে এনে ভিন্নমুখী নেতৃত্ৰ সংগ্ৰাম এখনৰ দুৰ্বলতাবোৰ সহজেই প্ৰতিপক্ষৰ চকুত ধৰা পৰে। গতিকে জাতিধ্বংসী বিধেয়কখনক লৈ কেন্দ্ৰীয় চৰকাৰখনে অসমবাসীক কৰা অপমানৰ বিৰুদ্ধে যিখন সংগ্ৰাম হ’ব বা কৰিব লাগিব, তাত কিন্তু ভিন্নতা থাকিলে নহ’ব। ইয়াক জাতীয় অপমান হিচাপে গণ্য কৰি বিজেপিৰ স্পৰ্ধাক ৰাজনৈতিকভাৱে প্ৰত্যুত্তৰ দিয়াৰ বাবে অসমবাসী ঐক্যবদ্ধ হৈ থিয় দিব লাগিব।

মনত ৰাখিব লাগিব যে, এতিয়া চৰকাৰৰ বিভাজনৰ ৰাজনীতি আৰু অধিক সক্ৰিয় হ’ব। ইয়াৰ জাতি-জনজাতি, ধৰ্ম-সম্প্ৰদায়ৰ মাজত মনান্তৰ ঘটোৱাৰো ষড়যন্ত্ৰৰ ৰেঙনি ইতিমধ্যে দেখা পোৱা গৈছে। এনে এক সময়ত জাতিটোৱে ঐক্যৱদ্ধ হৈ কেনেকৈ দিল্লীৰ পৰিকল্পিত জাতিধ্বংসী অভিযান প্ৰতিহত কৰাৰ যুদ্ধত অৱতীৰ্ণ হয়, তাৰে ওপৰত নিৰ্ভৰ কৰিছে অসম তথা উত্তৰ পূবৰ থলুৱা জাতিসত্তাৰ ভৱিষ্যৎ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি