বিপদসংকুল যাত্ৰ

বিপদসংকুল যাত্ৰ

ৰাজ্যৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ফেৰী সেৱাৰ নামত একাংশ ঠিকাদাৰ-দালালৰ হাতত সমগ্ৰ ব্যৱস্থাটো এৰিয় দিয়াৰ পৰিণতিতে যে নিমাতীঘাটৰ সমীপত বুধবাৰে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'বলৈ পালে, সেই কথা ইতিমধ্যে স্পষ্টভাৱে ওলাই পৰিছে। ঘটনাস্থলী পৰিদৰ্শন কৰি স্বয়ং মুখ্যমন্ত্ৰীয়ে ফেৰী চালনা ব্যৱস্থাত ত্ৰুিট থকাৰ কথা স্বীকাৰ কৰিছে। পৰিবহন মন্ত্ৰীয়েও বুধবাৰে সন্ধিয়াই কৰ্তব্যত গাফিলতিৰ অভিযোগত জ পৰিবহণৰ সংশ্লিষ্ট কাৰ্যবাহী অভিযন্তাকে ধৰি তিনিজন বিষয়াক নিলম্বিত কৰিছে। কিন্তু এই নিলম্বন বা মুখ্যমন্ত্ৰীয়ে ব্যক্তিগত নাওসমূবত দ্বৈত ইঞ্জিন সংযুক্ত কৰা নাও চলাচলৰ সময় কঠোৰভাৱে মানি চলা সম্পৰ্কে দাণ্ডাধীশৰ হতুৱাই তদাৰক কৰোৱা আদিৰ বাবে দিয়া আশ্বাসে ৰাইজক সংশয়মুক্ত কৰাৰ আশা ক্ষীণ।

কিয়নো একোটা দুৰ্ঘটনা হৈ যোৱাৰ পিচতকিছুদিনৰ বাবে প্ৰশাসন যন্ত্ৰ তৎপৰ হৈ পৰে যদিও লাহে লাহে সকলো আগৰ দৰেই চলি থকাটো একপ্ৰকাৰ নিয়মত পৰিণত হোৱাটো ৰাইজে প্ৰত্যক্ষ কৰি আহিছে। চৰাকৰৰ সোপাঢিলা ব্যৱস্থাৰ বাবেই ২০১৮ চনৰ ৫ ছেপ্টেম্বৰত উত্তৰ গুৱাহাটীৰ নাও দুৰ্ঘটনাৰ পৰিপ্ৰেক্ষিতত নিলম্বিত হোৱা কাৰ্যবাহী অভিযন্তা জনেই পুনৰ নিযু্ক্তি লভি এইবাৰ ডিব্ৰুড় মণ্ডলৰ ভাৰপ্ৰাপ্ত কাৰ্যাবাহী অভিযন্তা হৈ আকৌ কৰ্তব্যত গাফিলতিৰ অভিযোগত নিলম্বিত হ'ব লগা হৈছে।

নিলম্বিত বিষয়া এজন বাৰম্বাৰ গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হ'ব পৰাটো চাৰকাৰী নীতি-নিয়মৰ দুৰ্বলতা আৰু বিভাগীয় তদন্তৰ অন্তঃসাৰশূন্যতাৰে উদাহৰণ নহয়নে? আওপুৰণি নাও এখনে লাইফ জেকেটবা সুৰক্ষাৰ কোনো নূন্যতম ব্যৱস্থা নথকাকৈ অৰ্হনিশে অত্যাধিক যাত্ৰী-বাহন-বয়বস্তু কঢ়িয়াই চলাচল কৰি থাকিব পৰাটোৱেই জল পৰিবহণ বিভাগৰ দুৰ্নীতিৰ জ্বলন্ত প্ৰমাণ। মানুহৰ জীৱনক লৈ হেতালি খেলা দুৰ্নীতিগ্ৰস্থ বিষয়াৰ নিলম্বনতে চাৰকাৰৰ দায়িত্ব শেষ বুলি বাবৰ বাবেই তৰুণ অধ্যাপিকা পৰিমিতাৰ দৰে কত দুৰ্ভগীয়া প্ৰাণ হৰি নিয়া এনে ঘটনাৰ পুনৰাবৃত্তি হৈ আহিছে।

বুধবাৰে দুৰ্ঘটনাগ্ৰস্ত ফেৰীখনত প্ৰকৃততে কিমান গৰাকী যাত্ৰী আছিল, তাৰ কোনো প্ৰামাণিক তথ্য নোহোৱাটোও অতি পৰিতাপৰ বিষয়। নাও বা ফেৰীৰ বহনক্ষমতা অনুসৰি নিৰ্ধাৰিতসংখ্যক যাত্ৰীক টিকট দিয়াটো বাধ্যতামূলক যদিও সেইবোৰৰ প্ৰতি কোনো ক্ৰণপাত নকৰাকৈয়ে চলে প্ৰভাৱশালী দালালৰ নাও। ঘৰত বহিয়েই জৰাজীৰ্ণ নাৱৰো উপযুক্ততাৰ প্ৰামাণপত্ৰ গোটোৱাটো তেওঁলোকৰ বাবে তেনেই সৰু কথা। গতিকে চৰকাৰী বৰমূৰীয়া বা বিষয়া -ক্ৰমচাৰীসকলৰ মানসিকতা সলনি নহ'লে নাও-ফেৰী চলাচলৰ এই অৰাজক ব্যৱস্থাৰ ওৰ নপৰে। মাজুলীয়ে জিলাৰ মৰ্যাদা লাভ কৰাৰ পাঁচ বছৰ পূৰ্ণ হোৱাৰ দিনটোতে ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত এই শোকাৱহ ফেৰী দুৰ্ঘটনাই জল পৰিবহণ বিভাগৰ দায়িত্বজ্ঞানহীনতা উদঙাই দিয়াৰ লগতে নদীদ্বীপটোৰ ৰাইজৰ প্ৰতি চৰাকৰৰ দীৰ্ঘদিনীয়া অৱহেলা-বঞ্চনাৰ ৰূপটোও পুনৰ চৰ্চালৈ আনিছে।

মাজুলীক প্ৰতিনিধিত্ব কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আমোলত সাংসকৃতিক বিশ্বিদ্যালয় স্থাপন, মিনি সচিবালয়সদৃশউপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণকে ধৰি বিভিন্ন উন্নয়নমূলক কাম কৰা হৈছে যদিও নদীদ্বীপটোৰ মূল গৰাখহনীয়া সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে কোনো ফলপ্ৰসূ ব্যৱস্থা লোৱা ন'ল। জিলা গঠনৰ পাঁচ বছৰ উকলাৰ পাচতো বহু গুৰুত্বপূৰ্ণ বিভাগৰ কাম-কাজ যোৰহাট জিলাৰ সৈতেই সংযুক্ত হৈ আছে। তদুপৰি শিক্ষা ব্যৱস্থাৰ বাবে মাজুলীবাসী এতিয়াও যোৰহাট-ডিব্ৰুগড় আদিৰ ওপৰত নিৰ্ভৰশীল। সেয়েদৈনিক শ শ লোকে নাও-ফেৰীৰেই ইপাৰ-সিপাৰ হ'ব লগাত পৰে।

চৰকাৰে ঢাক-ঢোল বজাই শুভাৰম্ভ কৰা ৰ' ৰ', ৰ'পেক্স আদি জাহাজ সেৱা ৰহস্যজনক কাৰণত কেইদিনমানৰ পিচতে স্তব্ধ হৈ পৰা বাবে দীৰ্ঘদিনৰ পৰা ব্যক্তিগত নাওৰেই মাজুলী-নিমাতীত আধিপত্য চলি আহিছে। ভৰ বাৰিষাতো নাৱত পাণ জপা দি মানুহ উঠাই লেচীয়ে ব্যৱসায় চলাই গৈছে, য'ত যাত্ৰীৰ নিৰাপত্তৰ প্ৰশ্ন গৌণ কৰি পেলোৱ হৈছে। প্ৰস্তাৱিত দংলখনেহে এই ব্যৱস্থাৰ পৰিবৰ্তন সাধিব বুলি ভবা হৈছিল; কিন্তু দুাবৰকৈ আধাৰশিলা স্থাপন কৰাৰ পিচতো যোৱা পাঁচ বছৰে বেজেপি চৰকাৰে যোৰহাট-মাজুলী সংযোগী দংলখনৰ নিৰ্মাণ কাৰ্য আৰম্বই কৰা নাই। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দলংখন চাৰি বছৰত সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিছে যদিও সেয়াকিমানদূৰ সঁচা হ'ব, সেয়া কামৰ অগ্ৰগতি দেখিলেহে ক'ব পৰা যাব।

যিহেতু দলং সম্পূৰ্ণ নোহোৱালৈকে মাজুলী-যোৰহাটৰ যাতায়ত নাও-ফেৰীৰেই চলি থাকিব লাগিব, সেয়ে সুৰক্ষিত যাত্ৰাৰে ৰাইজক সকাহ দিয়াটো জল পৰিবহণ বিভাগৰ দায়িত্ব। দুৰ্ভাগ্যজনকভাৱে কেৱল মাজুলী-নিমাতীয়েই নহয়, ৰাজ্যৰ প্ৰায়বোৰ ঘাটতে জল পৰিবহণ সেৱাৰ কোৰোনাৰ সুযোগ লৈ ব্যক্তিগত নাও-ফেৰীৰ নিয়ন্ত্ৰণ হীন প্ৰতাপ চলি আহিছে।

মেদৰটাৰী , উত্তৰ গুৱাহাটী, নিমাতীৰ দৰে ঘটনা পুনৰ হোৱাৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰে যাত্ৰীৰ সুৰক্ষাৰ দিশটোত কোনোপধ্যেই আপোচ কৰিবলৈ দিয়া উচিত নহয়। অত্যধিক যাত্ৰী কঢ়িওৱা , পৰ্যাপ্ত সংখ্যক লাইফ জেকেট, আপদকালীন টায়াৰ (লাইব'য়) আদি অবিহনে নাও বা ফেৰীক যাত্ৰাৰ অনুমতি দিয়াটো বন্ধ হ'বই লাগিব। অন্যথা এনে বিপদসংকুল যাত্ৰাই নমোৱা বিভীষিকাৰপৰা মুক্তি পোৱাটো কঠিন হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in