ধেমাজিৰ ৰাজসভা

ধেমাজিৰ ৰাজসভা

কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা কামবোৰ সম্পন্ন কৰাত বিশেষ অন্তৰায় নাথাকে। অন্যথা জনস্বাৰ্থজড়িত কোনো জৰুৰী কামো প্ৰশাসনীয় ৰঙাফিতাৰ মেৰপেঁচত মাহৰ পিচত মাহ ধৰি দিছপুৰত পৰি ৰোৱাটো সকলোৱে দেখি অহা কথা। সেইফালৰ পৰা ড০ হিমন্ত বিশ্ব শৰ্মাঅ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণৰ পিচতে প্ৰতি সপ্তাহত লএখনকৈ কেবিনেট বৈঠক অনুষ্ঠিত কৰি আদৰণীয় পদক্ষেপ লৈছে।

বিগত চাৰি মাহত অনুষ্ঠিত সপ্তাহিক কেবিনেট বৈঠকসমূহত ড০ শৰ্মা চৰকাৰে বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু প্ৰশাসন ব্যৱস্থাৰো তৎপৰতা বৃদ্ধি পাইছে। এই তৎপৰতা অধিক জনমুখী কৰাৰ লক্ষ্যৰেই বৃহস্পতিবাৰে ধেমাজিত কেবিনেট বৈঠকৰ আয়োজন কৰা হয়।

স্মৰ্তব্য. ড০ শৰ্মাৰ পূৰ্বসূৰী মুখ্যমন্ত্ৰী সোণোৱালে মাজুলীত অনুষ্ঠিত কৰিছিল বিজেপি চৰকাৰৰ এইধৰণৰ প্ৰথমখন কেবিনেট বৈঠক। ধেমাজিৰ বৈঠকৰ পূৰ্বে এই কথাও চৰ্চালৈ আহে যে ২০১৬ চনৰ ৮ ছেপ্টেম্বৰত মাজুলীত অনুষ্ঠিত বৈঠকৰ অধিকাংশ সিদ্ধান্তই বিগত পাঁচ বছৰে কাৰ্যকৰী নোহোৱাকৈ ৰৈ গৈছে। তথাপি এনে ৰাজসভাৰ সাক্ষী হ'বলৈ ধেমাজিবাসীৰ মাজত স্বাভাৱিকতেই উৎসাহ-উৎকণ্ঠা পৰিলক্ষিত হৈছিল।

প্ৰশাসনে এই কেইদিন ৰাজসভাখনৰ নামতে নগৰখন চাফ-চিকুণ কৰি সজাই-পৰাই তুলিছে। সকলো দেখি-শুনি ধেমাজিক লৈ কোনো ডাঙৰ ঘোষণাও হয়তো ৰাইজে আশা কৰিছিল। অৱশেষত দিছপুৰত অনুষ্ঠিত গতানুগতিক কেবিনেট বৈঠক এখনৰ দৰেই সামৰণি পৰিল বহুচৰ্চিত ধেমাজি কেবিনেটৰ। জনজাতি বেষ্টনী সম্পৰ্কীয় দুটামান সিদ্ধান্ত, মটকৰ প্ৰমাণপত্ৰ দিয়াৰ দায়িত্ব সদৌ অসম মটক সন্মিলনীৰ ওপৰত ন্যস্ত কৰা, ডিব্ৰুগড়-শিলচৰ পৌৰসভাক পৌৰ নিগমলৈ উন্নীত কৰা, কাগজ কলৰ সংকট আঁতৰাবলৈ ৭০০ কোটিৰ অনুমোদন, মাইক্ৰ'ফাইনেন্সৰ ঋণ পৰিশোধকাৰীৰ বাবে ১,৮০০ কোটি মুকলি আদি ভিন্ন বিষয়ক কেইটামান সিদ্ধান্তৰ লগতে ধেমাজিৰ বাবে মুঠ ৪৩৩ কোটিৰ প্ৰকল্প ঘোষণা কৰে এই কেবিনেটে।

ধেমাজিত ৫০ কোটিটকীয়া সংহত উপায়ুক্তৰ কাৰ্যালয়, ৫০ কোটিটকীয়া ষ্টেডিয়াম, বান-খহনীয়া শিতানৰ ১৫০ কোটি তথা জোনাইৰ পৰা মাজুলীলৈ মথাউৰিৰ ওপৰেৰে ১৮৩ কোটিৰে নিৰ্মাণ কৰিবলগীয়া পথ আদিয়ে বানজৰ্জৰ জিলাখন জনসকাধাৰণৰ প্ৰত্যাশা পূৰণ কৰিবলৈ সক্ষম হ'বনে নহয়, সেয়া সেইবোৰ সিদ্ধান্ত কাৰ্যকৰী হোৱাৰ পিচতহে ক'ব পৰা যাব। মুখ্যমন্ত্ৰীয়ে কোৱাধৰণেই কেবিনেটত উত্থাপন হ'বলগীয়া বিষয় বা সিদ্ধান্তসমূহ যিহেতু পূৰ্ব নিৰ্ধাৰিত হৈ থাকে, সেয়ে ধেমাজিৰ বৈঠকক লৈ ৰাইজে আশা কৰি থকা অথবা স্থানীয় দল-সংগঠনে চৰকাৰৰ দৃষ্টিগোচৰ কৰা বহু গুৰুত্বপূৰ্ণ কথাই হয়তো এই বৈঠকত উত্থাপিত নহ'ল।

তেন্তে কিয় এই মহাআয়োজন? আনে 'বহ্বাৰম্ভে লঘুক্ৰিয়া' বুলি সমালোচনা কৰাৰ পূৰ্বেই মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে অসমখন যে দুখীয়া প্ৰদেশ নহয় সেইটো শতাধিক ভি আই পিসহ গোটেই দিছপুৰখনকে একোখন ঠাইলৈ নি ৰাজকোষৰ ধনৰ শৰাধ কৰাটোৰ যুক্তিযুক্ততা কিমান?

চৰকাৰে প্ৰান্তীয় ঠাইত কেবিনেট অনুষ্ঠিত কৰা কামটোকো নিশ্চয় সুপৰকল্পিতভাৱে কিছু মিতব্যয়িতাৰে কৰিব পাৰে। অন্তঃ দিছপুৰৰ সকলো বিভাগৰ বিষয়াকে উক্ত বৈঠকৰ বাবে প্ৰেৰণৰ নিৰ্দেশ নিদি কেবিনেট বৈঠকত উত্থাপন হ'বলগীয়া বিষয়ৰ সৈতে জড়িত বিষয়া-কৰ্মচাৰীসকলেহে মন্ত্ৰীসভাৰ সৈতে থাকিবলৈ ক'ব পাৰিলেহেতেন।

ড০ শৰ্মা চৰকাৰে পৰৱৰ্তী প্ৰতি মাহতে এইদৰে জিলাই জিলাই কেবিনেট বৈঠক অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছে বাবে চৰকাৰী পুঁজিৰ মিতব্যয়ী ব্যৱহাৰো এইক্ষেত্ৰত অনুসৰণ কৰিবলগীয়া নীতি হোৱা উচিত। মুখ্যমন্ত্ৰীয়ে দিছপুৰৰ বাহিৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ এই ভ্ৰমণত মন্ত্ৰীসকলে দুই-তিনিখন জিলাৰ মানুহৰ সৈতে আলাপ-আলোচনাৰ লক্ষ্য ধাৰ্য কৰাটো আদৰণীয় যদিও সেই আলাপ-আলোচনাৰ 'ফিডবেক'ক লৈ কিদৰে খৰতকীয়া ব্যৱস্থা ল'ব পাৰে তাৰ ওপৰতে ইয়াৰ কাৰ্যকাৰিতা নিৰ্ভৰ কৰিব।


এই কথা ঠিক যে প্ৰশাসনক ৰাইজৰ ওচৰলৈ যোৱাটো এতিয়া সময়ৰ দাবী।আমাৰ ৰাজ্যত প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ চন্দ্ৰ সিংহই তাহানিতে দেখুৱাই থৈ যোৱা সেই আৰ্হি এতিয়া অসমতেই নহয়, চুবুৰীয়া কেইবাখনো ৰাজ্যতো পৰিলক্ষিত হৈ আহিছে। পশ্চিমবংগ, মেঘালয়, মণিপুৰ, নাগালেণ্ড আদি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে সংশ্লিষ্ট ৰাজ্যৰ ৰাজধানীৰ বাহিৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰিছে।
প্ৰশাসনৰ জটিলতা তথা দূৰত্ব লাঘৱতাই এইবোৰ পদক্ষেপৰ উদ্দেশ্য। পিচে ৰাজনৈতিক সদিচ্ছা আৰু প্ৰশাসনৰ দায়বদ্ধতাইহে এই ব্যৱস্থাবোৰ ফলপ্ৰসূ কৰিব পাৰে। অন্যথা ই কেৱল মন্ত্ৰী-আমোলাৰ বিলাস ভ্ৰমণ, ভোজ-ভাতৰ মেলা হৈহে ৰ'ব। সেয়ে অসম চৰকাৰে এই কেবিনেট বৈঠকক সাৰ্থক কৰি তোলাত অকণো ক্ৰটি কৰা উচিত নহয়।


ধেমাজিত লোৱা সিদ্ধান্তৰ ক্ষেত্ৰতেই নহয়, প্ৰত্যেকখন কেবিনেটৰ সিদ্ধান্ত কিমানদূৰ কাৰ্যকৰী হৈছে, সেই বিষয়ে নিয়মীয়াকৈ শ্বেতপত্ৰ প্ৰকাশৰো ব্যৱস্থা থাকিব লাগে। তেনে কৰিলে জনগণ প্ৰতাৰিত হোৱাৰ পৰা ৰক্ষা পৰাৰ লগতে চৰকাৰৰ পৰৱৰ্তী লক্ষ্য নিৰ্ধাৰণৰো সহায়ক হ'ব। অন্ততঃ বিষয়াবোৰ পুনৰীক্ষণ হ'ব। মাজুলীৰ দৰেই ধেমাজিৰ ৰাজসভাৰ পাঁচ বছৰ পিচতো 'অমুক অমুক সিদ্ধান্ত ক'ত কেনেকৈ ৰূপায়িত হ'ল' বুলি প্ৰশ্ন উঠাবলগীয়া হ'লে ৰাইজৰ বাবেই দুৰ্ভাগ্যৰ কথা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in