সুযোগৰ সন্ধান…

সুযোগৰ সন্ধান…

আস্থা ভোটৰ পূৰ্বেই মহাবিকাশ আঘাড়ী নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই পদত্যাগ কৰাৰ লগে লগে মহাৰাষ্ট্ৰৰ দহ দিনজোৰা বিসম্বাদৰ নাটকখনৰ প্ৰায় যৱনিকা পৰিল। এই নাটকৰ উপসংহাৰ হিচাপে দেৱেন্দ্ৰ ফাড়নবিছৰ সমীকৰণ অনুসৰিয়েই বিজেপি আৰু বিসম্বাদী শিৱ সৈনিকৰ মিত্ৰজোঁটৰ চৰকাৰৰ মুখ্যমন্ত্ৰীৰূপে একনাথ সিন্দেই শপত গ্ৰহণ কৰিলে।

সুযোগৰ সদ্ব্যৱহাৰেই এতিয়াৰ ৰাজনীতিত মুখ্য কথা হৈ পৰিছে। শিৱসেনাৰ বিসম্বাদৰ লগত কোনো সম্পৰ্ক নাই বুলি দাবী কৰি আহিলেও উদ্ধৱ থাকৰে চৰকাৰৰ পতনত গেৰুৱা বাহিনীয়ে বুধবাৰে নিশাই মুম্বাইৰ পঞ্চতাৰকা হোটেলত মুকলিকৈ বিজয় উল্লাস প্ৰকাশ কৰি তেওঁলোকৰ 'অভিযান'ৰ সাফল্য উদযাপন কৰিছে। এই 'অভিযান'ত বিজেপিয়ে শ শ কোটি টকা বিনিয়োগ কৰাৰ অভিযোগৰ সত্যতাও নিশ্চয় পৰৱৰ্তী সময়ত ওলাই পৰিব।

ৰাইজে নিৰ্বাচন কৰা প্ৰতিনিধিয়ে শক্তি প্ৰৰ্দশন কৰা অথবা অনাস্থা প্ৰস্তাৱ উত্থাপন কৰাৰ বাবে হোটেল বা ৰিৰ্জট কোনো সাংবিধানিক মঞ্চ নহয় যদিও সম্প্ৰতি এই কৰ্ম-কাণ্ডবোৰ ৰাজনৈতিক সংস্কৃতিৰ অংগ হৈ পৰিছে। শেহতীয়া ৰেডিছন ব্লু কাণ্ড তাৰ উদাহৰণ।

লক্ষণীয়ভাৱে ২১ জুনত ছুৰাটৰ পঞ্চতাৰকা হোটেলৰ পৰা গুৱাহাটীলৈ অহা মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ দলটো বুধবাৰে মুম্বাইলৈ উভতি নগৈ গোৱাৰ পঞ্চতাৰকা হোটেলতহে উঠিছিল। অৰ্থাৎ নতুন চৰকাৰৰ ৰূপৰেখা প্ৰস্তুত নোহোৱালৈকে হোটলৰ ৰাজনীতি চলি আছিল।

যোৱা কেইদিনমান ধৰি বিসম্বাদীক লৈ অসম চৰকাৰৰ তৎপৰতাও চৰ্চাৰ বিষয় হৈছে। ৯ দিনীয়া আতিথ্যৰ অন্তত অসমৰ বিয়াগোম মন্ত্ৰী, সাংসদ, আৰক্ষী বিষয়াই বৰযাত্ৰীক সংগ দিয়াৰ দৰে বিসম্বাদীৰ দলটোক বিমান বন্দৰলৈ ঢোলে-ডগৰে লৈ যোৱা দৃশ্য ৰাজনৈতিক প্ৰহসনৰে নামান্তৰ।

অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা স্বস্তিদায়ক কথাটো হ'ল মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কৰ দলটোৱে হোটেলৰ বিল নিজে পৰিশোধ কৰিছে আৰু বান সাহায্য হিচাপে মুখ্যমন্ত্ৰীৰ পুঁজিলৈ ৫১ লাখ টকা আগবঢ়াই গৈছে। সম্ভৱতঃ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কেইদিনমানৰ পূৰ্বে এনে 'লক্ষ্মী' অহাৰ কথাকে সদৰী কৰিছিল।

সি যি কি নহওক মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা-পতা ৰাজনীিতৰ অভিকেন্দ্ৰ হৈ গুৱাহাটীয়ে পোৱা গুৰুত্ব হয়টো আৰু এদিন বা দুদিনৰ বাবে গোৱাই পাব। কিন্তু মূল প্ৰশ্নটো হ'ল- দেশবাসী এনে ৰাজনৈতিক নাটকবোৰৰ আৰু কিমান দিনলৈ সাক্ষী হৈ থাকিব লাগিব?

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক কুচকাৱাজত ৰাজ্যৰ সাংবিধানিক মুৰব্বী ৰাজ্যপাল ভগত সিং কোশিয়াৰীয়ে বিজেপিৰ দেৱেন্দ্ৰ ফাড়নাবিছৰ সাক্ষাতৰ পিচতে দেখুওৱা তৎপৰতাও প্ৰশ্নাতীত নহয়। আনহাতে থাকৰে নেতৃত্বাধীন শিৱসেনাৰ অধিবক্তাই উচ্চতম ন্যায়ালয়ত ১৬ বিসম্বাদী বিধায়কৰ অৰ্হতাহীন ঘোষণাৰ দাবী নিষ্পত্তি নোহোৱাৰ সবল যুক্তি দৰ্শায়ো উদ্ধৱ চৰকাৰক শক্তি পৰীক্ষাৰ পৰা ৰেহাই দিয়াবলৈ সক্ষম নহ'ল।

অধিবক্তাগৰাকীয়ে শিৱসেনাৰ বিসম্বাদী বিধায়কসকলে 'সাংবিধানিক পাপ' কৰা বুলি আগবঢ়োৱা যুক্তিও মন কৰিবলগীয়া। তাৎপৰ্যপূৰ্ণভাৱে উচ্চতম ন্যায়ালেও স্বীকাৰ কৰিছে যে সংবিধানৰ দশম অনুসূচীত থকা দল ত্যাগবিৰোধী আইনৰ ব্যৱস্থাবোৰ অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আছে। অৰ্থাৎ প্ৰচলিত ব্যৱস্থাত এই আইন উলংঘাকাৰীয়ে সুৰুঙা উলিয়াই ল'ব পৰাৰ সুবিধা থকাৰ বাবেই আমি দেশৰ ৰাজনীতিত একেধৰণৰ নাটকবোৰ প্ৰত্যক্ষ কৰিবলগা হৈছে।

এই আইনৰ শিথিলতাৰ বাবেই একোখন নিৰ্বাচিত চৰকাৰক মইমতালিপূৰ্ণ জনপ্ৰতিনিধিয়ে নিৰ্বিঘ্নে ওফৰাই পেলাবলৈ সক্ষম হৈছে। জনসাধাৰণক দিয়া প্ৰতিশ্ৰুতি, নীতি-আদৰ্শৰ প্ৰশ্ন গৌণ। মহাৰাষ্ট্ৰতো তাৰেই প্ৰতিফলন ঘটিল।

এতিয়া ৰাজ্যখনত বিজেপি-শিৱসেনা (সিন্দে গোট)ৰ চৰকাৰ গঠন হোৱাৰ লগে লগে ৰাষ্ট্ৰীয় দলৰ ওচৰত আৰু এটা জাতীয়তাবাদী, আঞ্চিলক দলৰ আত্মসমৰ্পণ নিশ্চিত হ'ল। একনাথ চৰকাৰ এতিয়া বিজেপিৰ অক্সিজেন লৈহে বৰ্তি থাকিব পাৰিব।

ইয়াৰ পূৰ্বে গেৰুৱা দলৰ সুযোগৰ সন্ধান আৰু আঞ্চলিক দলৰ বশ্যতা স্বীকাৰৰ জ্বলন্ত সাক্ষী হৈ ৰৈছে অসমৰ মূল আঞ্চলিক দল অসম গণ পৰিষদ। মহাৰাষ্ট্ৰৰ বিদায়ী মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই অংগীকাৰ কৰি কৈছে যে তেওঁৰ পৰা শিৱসেনাক কোনেওঁ আঁতৰাই নিব নোৱাৰে। তেওঁ পুনৰ শিৱসেনা ভৱনলৈ উভতি আহিব।

মাৰাঠী জাতীয়তাবাদ আৰু হিন্দুত্ব ৰক্ষাৰ শ্ল'গানেৰে সিন্দে বাহিনীৰ ৰাজনৈতিক উচ্চাকাংক্ষাৰ তুলাচনীৰ কোনটো ফাল গধুৰ হ'ব, সেয়া সময়তহে পৰিস্ফুট হ'ব। দেশত বিজেপিৰ সুযোগ সন্ধানী ৰাজনীতি পিচে চলিয়েই থাকিব। দেশৰ প্ৰতিটো সৰু-বৰ আঞ্চলিক শক্তিক বিজেপিৰ সৰ্বভাৰতীয় আগ্ৰাসী ৰাজনীতিয়ে ইতিমধ্যে গিলিবলৈ লৈছে।

বহুতেই ভাবিছিল যে শিৱসেনাৰ মাৰাঠী জাতীয়তাবাদে বিজেপিৰ ওচৰত সহজে নতি স্বীকাৰ নকৰিব। কিন্তু সেইসকলে এই কথাও বুজা দৰকাৰ যে কুৰি শতিকাৰ ষাঠিৰ দশকতে গঠন হোৱা শিৱসেনাৰ ঐতিহাসিক পটভূমিও আছিল মূলতঃ হিন্দুত্ববাদী ৰাজনীতিয়েই। তথাপি বিগত দশকবোৰত প্ৰয়াত বালা চাহেব থাকৰেৰ নেতৃত্বত শিৱসেনাই মহাৰাষ্ট্ৰৰ মাৰাঠী জাতীয়তাবাদৰ উন্মেষ ঘটাবলৈ সক্ষম হৈছিল।

মাৰাঠী জাতীয়তাবাদে দেশৰ ভিতৰতে শক্তিশালী ৰূপত আঞ্চলিকতাবাদী ৰাজনীতিৰ ভেটি তৈয়াৰ কৰিছিল যদিও ই তামিল, তলেগু বা বাঙালী জাতীয়তাবাদৰ দৰে ভাষাভিত্তিক কিম্বা ধৰ্মনিৰপেক্ষ চিন্তা-চৰ্চাৰ ওপৰত প্ৰতিষ্ঠিত হোৱা নাছিল। সেয়ে বিজেপিৰ ক্ষমতাসৰ্বস্ব ৰাজনীতিৰ পাকচক্ৰত পৰি শিৱসেনা দলটোৱে আঞ্চলিকতাবাদক স্বতন্ত্ৰ ৰূপত বৰ্তাই ৰাখিবলৈ সক্ষম হোৱা নাই।

বালা চাহেব থাকৰেৰ অবৰ্তমানত শিৱসেনাৰ নতুন নেতৃত্বই দলটোক ধৰি ৰাৰ ক্ষেত্ৰতো ইতিবাচক ভূমিকাত অৱতীৰ্ণ হ'ব পৰা নাই। তদুপৰি মহাৰাষ্ট্ৰৰ ৰাজনীতিত শিৱসেনাই অকলে বিজেপিৰ আগ্ৰাসী ৰাজনীতিক প্ৰতিহত কৰিব পৰাৰ পৰিবেশ-পৰিস্থিত এতিয়া নাই। সেয়ে শাৰদ পাৱাৰৰ দৰে অভিজ্ঞ তথা ৰাষ্ট্ৰীয় নেতাৰ লগ লাগিহে ২০১৯ চনত শিৱসেনাই ক্ষমতাত অধিষ্ঠিত হ'ব পাৰিছিল।

দেশৰ প্ৰধান ব্যৱসায়িক চহৰ হিচাপে খ্যাত মুম্বাইকেন্দ্ৰিক পৰিবৰ্তনমুখী জনবিন্যাসেও মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ভৱিষৎ নিৰ্ণয়ৰ দিশত এক বিশেষ ভূমিকা লৈছে। বিহাৰ, উত্তৰ প্ৰদেশ আৰু গুজৰাটৰ পৰা আহি মুম্বাইত থিতাপি লোৱা লোকসকলেও মহাৰাষ্ট্ৰৰ সক্ৰিয় ৰাজনীতিত প্ৰত্যক্ষভাৱে অংশ ল'ব ধৰিছে।

এইদৰে যোৱা দশকবোৰত মহাৰাষ্ট্ৰৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ ক্ষেত্ৰখনত বহু উল্লেখনীয় পৰিবৰ্তন ঘটিছে; যাৰ ফলত বিজেপিৰ দৰে ৰাষ্ট্ৰীয় দলৰ সুযোগসন্ধানী ৰাজনীতিৰ বাবে ই এক উৰ্বৰা ক্ষেত্ৰ হৈ পৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in