ৰণক্ষেত্ৰত আছু

ৰণক্ষেত্ৰত আছু

অসমৰ সাম্প্ৰতিক ৰাজনীতি এক অতি গুৰুত্বপূৰ্ণ সন্ধিক্ষণত উপনীত হৈছেহি। জাতীয় শিবিৰৰ মূল শক্তি হিচাপে পৰিগণিত সদৌ অসম ছাত্ৰ সন্থা অৱশেষত চৰকাৰৰ সাম্প্ৰদায়িক তথা জাতিধ্বংসী পদক্ষেপৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে। কেৱল ওলাই অহাই নহয়, এসমৰ সতীৰ্থ আৰু 'জাতীয় নায়ক' তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মুকলিভাৱেই জবাবদিহি কৰিছে আছুৰ নেতৃত্বই। যিটো কথা সঁচাকৈয়ে অপ্ৰত্যাশিত আৰু অভাৱনীয়।

যি ছাত্ৰ সন্থাই এসময়ৰ জাতীয়তবাদী নেতা সৰ্বানন্দ সোণোৱালক 'জাতীয় নায়ক'ৰ অভিধাৰে বিভূষিত কৰিছিল, তেওঁলোকেই আজি মুখ্যমন্ত্ৰী তথা ৰাজ্যিক বিজেপিৰ শীৰ্ষতম নেতাৰ দায়িত্বত থকা সোণোৱালক নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ প্ৰশ্নত স্থিতি স্পষ্ট কৰিবলৈ চৰম সকীয়নি দিবলগাত পৰিছে। এই কথা অনস্বীকাৰ্য যে আছুকে ধৰি ৰাজ্যৰ জাতীয়তাবাদী শিবিৰৰ নেতৃত্বত থকা বুজনসংখ্যকে বিগত বিধানসভা নিৰ্বাচনৰ সময়ত সৰ্বভাৰতীয় ৰাজনৈতিক দলত যোগদান কৰি আঞ্চলিকতাবাদী ৰাজনীতিৰ দুৰ্দশা মাতি আনিছিল।

অৱশ্যে আছু নেতৃত্বই সক্ৰিয়ভাৱে ৰাষ্ট্ৰীয় ৰাজনীতিত যোগ দিয়াৰ প্ৰক্ৰিয়া অসম আন্দোলনৰ অন্তিম পৰ্যায়ৰ পৰাই ত্বৰান্বিত হৈছিল। যিসকল জাতীয় নেতাই নতুন দিল্লীৰ কেন্দ্ৰীভূত শাসন-শোষণ ব্যৱস্থাৰ বিৰুদ্ধে উদাত্ত কণ্ঠৰে বিষোদগাৰ কৰি অসমীয়াৰ জাতীয় আৱেগ জিনিছিল তেওঁলোকেই পৰৱৰ্তী সময়ত সেই ব্যৱস্থাটোৰ অংশীদাৰ হৈ পৰিছিল। জাতীয়তাবাদী চিন্তা-চেতনাৰ ওপৰত কুঠাৰাঘাত কৰি অসম আন্দোলনৰ নেতৃত্বদায়ী অভিজ্ঞ নেতাই অসম গণ পৰিষদ চৰকাৰ গঠন হোৱাৰ পিচতে কংগ্ৰেছত যোগ দিছিল। তাৰ ধাৰাবাহিকতা আজিও অব্যাহত আছে।

ভাবিলে আচৰিত লাগে যে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰে জাতীয় সত্তাক প্ৰতিনিধিত্ব কৰা দল-সংগঠনৰ মুৰব্বী নেতাই নিৰ্বাচনৰ আগমুহূৰ্তত কংগ্ৰেছ অথবা বিজেপিত যোগদান কৰি মুহূৰ্তৰ ভিতৰতে ৰাষ্ট্ৰীয় ৰাজনীতিৰ মূল প্ৰবক্তা হৈ পৰিছিল। ইয়াৰ প্ৰধান কাৰণ হৈছে অসমৰ আঞ্চলিকতাবাদৰ সামাজিক ভিত্তিটোৱেই ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছে। অসমৰ জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ ভিত্তিত যিধৰণৰ জাতীয় মঞ্চ গঢ়ি উঠিব লাগিছিল, সেয়া নেতৃত্বৰ আপোচকামিতাৰ বাবেই কাহানিও সম্ভৱপৰ হৈ উঠা নাই। যাৰ ফলত ভুৱা জাতীয়তাবাদী নেতাৰেই ভৰি পৰিছে আঞ্চলিক ৰাজনীতিৰ বিভিন্ন মঞ্চবোৰ। নিজৰ ব্যক্তিগত অভিলাষ পূৰণৰ তাগিদাতে আমাৰ একো একোজন নেতাই আঞ্চলিকতাবাদৰ আঁৰ লৈ ৰাষ্ট্ৰীয় ৰাজনীতিৰ পৃষ্ঠপোষকতা কৰিছে।

তাতোকৈ বিড়ম্বনাৰ কথাটো হ'ল- আছুৰ মঞ্চৰ পৰা গৈয়েই সৰ্বভাৰতীয় ৰাজনীতিৰ মূল প্ৰবক্তা হৈ পৰা নেতাই এতিয়া অসমৰ বৈচিত্ৰ্যময় ভূ-ৰাজনৈতিক এতিহ্যকো মষিমূৰ কৰিছে। তেনে নেতাই হিন্দুত্ববাদৰ ওচৰত অসমীয়াৰ জাতীয় অস্তিত্ব বন্ধকত থ'বলৈও কুণ্ঠাবোধ কৰা নাই। সেইসকল নেতাই বাংলাদেশৰ পৰা আনি হিন্দু বাঙালীক অসমত সংস্থাপিত কৰি অসমীয়াৰ প্ৰভুত্ব স্থাপনৰ নতুন সংজ্ঞা নিৰূপণ কৰিছে। এয়া সম্ভৱপৰ হৈছে অসমীয়া জাতীয়তাবদৰ থৰক-বৰক স্থিতিৰ বাবেই। কিন্তু তাৰ পিচতো সদৌ অসম ছাত্ৰ সন্থাই অসমত ধৰ্মনিৰপেক্ষ-গণতান্ত্ৰিকভাৱে জাতি গঠন প্ৰক্ৰিয়াৰ হৈ নিৰৱচ্ছিন্নভাৱে মাত মাতি আহিছে।

নেতৃত্বৰ বিপথগামিতাৰ মাজতো আছুৱে নীতিগতভাৱে জাতীয় দৃঢ়তা অটুট ৰাখিবলৈ সক্ষম হৈছে। নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত সৃষ্টি হোৱা জনজাগৰণৰ ক্ষেত্ৰত সেয়েহে আছুৰ ভূমিকা সুদূৰপ্ৰসাৰী হৈ ৰ'ব। শাসক পক্ষই হিন্দু-মুছলমানৰ সাম্প্ৰদায়িক ৰাজনীতিৰে অসমীয়াৰ জাতীয় স্বাভিমানক বাৰম্বাৰ নস্যাৎ কৰিবলৈ বিচাৰিছে যদিও আছুৰ বৰ্তমানৰ নেতৃত্বই সবলভাৱে তাৰ প্ৰতিৰোধ সংগ্ৰাম অব্যাহত ৰাখিছে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত জাতীয় দল-সংগঠনবোৰ একত্ৰিত হৈছে যদিও আছুৰ সক্ৰিয়তাইহে মুল সংগ্ৰামখনক নিশ্চিত গতি প্ৰদান কৰিবলৈ সক্ষম হ'ব। কাৰণ অসমৰ সমাজ জীৱনত আছুৰ ভূমিকাক কাহানিও অস্বীকাৰ কৰিব পৰা নাযায়। সেইবাবেই ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰখনে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ প্ৰশ্নত কথাবোৰ নতুনকৈ পৰ্যালোচনা কৰিবলৈ বাধ্য হৈ পৰিব বুলি বহুতেই মত প্ৰকাশ কৰিছে।

তাৎপৰ্যপূৰ্ণভাৱে আছুৰ নেতাই মুখ্যমন্ত্ৰী সোণোৱালক 'জাতিৰ লগত থাকিব নে বিদেশীৰ লগত থাকিব' বুলি স্পষ্টকৈ প্ৰশ্ন কৰিছে। মুখ্যমন্ত্ৰীৰ প্ৰাক্তন সতীৰ্থই সদলবলে ৰাজধানী দিছপুৰৰ দুৱাৰমুখলৈ গৈ এই প্ৰশ্ন কৰিছে। গতিকে জাতীয় নায়কজনে এতিয়া নিশ্চয়কৈ অনুধাৱন কৰিব পাৰিছে নাগৰিকত্ব আইন সংশোধনী বিধেয়কক লৈ অসমত যি জাতীয় সহমত গঠন হৈছে, তাক প্ৰতিহত কৰাটো তেওঁৰ পক্ষে সহজসাধ্য নহ'বগৈ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in