আঞ্চলিকতাবাদৰ বিপদ

আঞ্চলিকতাবাদৰ বিপদ

বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই ভাবিছিল যে অসম গণ পৰিষদৰ আঞ্চলিকতাবাদ তেওঁলোকৰ সৰ্বভাৰতীয় ৰাষ্ট্ৰীয়বাদত ক্ৰমান্বয়ে বিলীন হৈ পৰিব। কিন্তু নহ'ল। নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৃষ্টি হোৱা জনমতে অগপক পুনৰ আঞ্চলিকতাবাদী ৰাজনীতিলৈ উভতি আহিবলৈ বাধ্য কৰি তুলিছে। যোৱা বিধানসভাৰ নিৰ্বাচনক 'বিগ ব্ৰাদাৰ'ৰ ভূমিকা লোৱা বিজেপিয়ে অগপৰ সৈতে নিৰ্বাচনী মিত্ৰতাৰ প্ৰসংগত শেষ মুহূৰ্তলৈকে দলটোক যথেষ্ট চাপত ৰাখিছিল।

কাৰণ বিজেপিয়ে ভাবিছিল সমগ্ৰ দেশজুৰি সৃষ্টি হোৱা প্ৰবল ঢৌত অগপই সেও মানি কোনোমতে নিজৰ সন্মান বজাই ৰাখি হ'লেও নিৰ্বাচনী মিত্ৰতা কৰিবলৈ বাধ্য হৈ পৰিব। অগপ যদিও বিজেপিৰ মিত্ৰ দল, তথাপি বিজেপিৰ মূল লক্ষ্যই আছিল অগপৰ সামাজিক ভেটিটোত আঘাত কৰা। অৱধাৰিতভাৱে যিবোৰ অঞ্চলত পূৰ্বতে অগপৰ সাংগঠনিক ভেটি শক্তিশালী আছিল, সেইবোৰ অঞ্চলতে বিজেপিৰ অভাৱনীয় উত্থান ঘটিছিল। কাৰণ মূল সুঁতিৰ অসমীয়াই বিজেপিৰ জাতি-মাটি-ভেটিৰ সুৰক্ষাৰ শ্ল'গানত ভোল গৈ কংগ্ৰেছী অপশাসনৰ বিৰুদ্ধে পৰিবৰ্তনকামী ভোট দিছিল।

কিন্তু এই কথা অগপই টলকিবই পৰা নাছিল যে বিজেপিৰ আগ্ৰাসী ৰাজনীতিয়ে ইতিমধ্যে অগপৰ আঞ্চলিকতাবাদৰ দুৰ্গবোৰ এটাৰ পিছত এটাকৈ খহাই নিছে। ৰাজনৈতিকভাৱে এয়া আৱশ্যম্ভাবীও আছিল। কেৱল যে জাতীয়তাবাদী শিবিৰৰ প্ৰভাৱশালী নেতাই বিজেপিত যোগদান কৰিছিল তেনে নহয়, বৰং অগপৰ মূল সামাজিক ভেটিটোৱেই বিজেপিমুখী হোৱাৰ প্ৰক্ৰিয়া এটা আৰম্ভ হৈ গৈছিল। তাৰ পিচতো কিন্তু অসমৰ জনসাধাৰণৰ জাতিয়তাবাদী চিন্তা-চেতনাৰ পথ দীৰ্ঘকালৰ বাবে অৱৰুদ্ধ কৰি ৰখাটো সম্ভৱপৰ হোৱা নাছিল।

ক্ৰমান্বয়ে আঞ্চলিকতাবাদী দলটোৰ তৃণমূলত তীব্ৰ অসন্তোষে গা কৰি উঠিছে। বিগত আঢ়ৈ বছৰীয়া শাসনকালত সৰ্বানন্দ সোণোৱাল চৰকাৰত অগপৰ আঞ্চলিকতাবাদী ৰাজনীতি বহুবাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগাত পৰিল। বৃহৎ নদীবান্ধ, তৈলক্ষেত্ৰৰ নিলাম, অসম চুক্তি, বান্ধ-খহনীয়া আদি বিষয়বোৰত নতুন দিল্লীৰ নিৰ্দেশত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা নীতিয়ে অগপক ক্ষুন্ন কৰি তুলিছে। আঞ্চলিক দলটোৰ দুই-এজন শীৰ্ষ নেতাই আনকি ৰাজ্য চৰকাৰখন গঠন হোৱাৰ পিছৰ পৰাই বিজেপিবিৰোধী অৱস্থান লৈছিল।

কিন্তু শেষমুহূৰ্তত নাগৰিকত্ব আইন সংশোধনী বিধেয়কবিৰোধী জনজাগৰণে অগপক মুকলিভাৱেই বিজেপিৰ বিৰুদ্ধে থিয় হোৱাত প্ৰেৰণা যোগালে। বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত তীব্ৰ ৰূপ ধাৰণ কৰা গণ আন্দোলনে অগপকো জোকাৰি গ'ল। ফলত অগপই বিজেপিৰ সংগ এৰি আঞ্চলিকতাবাদলৈ প্ৰত্যাৱৰ্তন কৰাৰ এক অনুকূল পৰিস্থিতিৰো সৃষ্টি হ'ল। বিগত কিছুদিন ধৰি অগপ নেতৃত্ব আৰু ৰাজ্যিক বিজেপিৰ প্ৰভাৱশালী নেতাৰ মাজত বিতৰ্ক-মতভেদে আসন্ন পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাবোৰ উত্তাল কৰি তুলিছে।

পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাবোৰত যদিও স্থানীয় সমস্যাবোৰে অগ্ৰাধিকাৰ পাব লাগিছিল, সেয়া নহ'ল। বৰং নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ ইছ্যুটোহে মুখ্য হৈ পৰিব। শেহতীয়াভাৱে বিজেপিৰ শীৰ্ষ নেতাসকলে নিৰ্বাচনী সভাবোৰত অগপৰ বিৰুদ্ধে মুকলি অপপ্ৰচাৰ চলোৱা আৰম্ভ কৰিছে। আনকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অগপৰ প্ৰতি তীব্ৰ বিষোদগাৰমূলক মন্তব্য প্ৰকাশ কৰিছে। অৰ্থাৎ মিত্ৰতা ভংগৰ আনুষ্ঠানিকতাহে বাকী! বিশেষকৈ মুখ্যমন্ত্ৰী সোণোৱালে ইমান দিনে অগপকে ধৰি জাতীয়তাবাদী শিবিৰৰ সৈতে ৰক্ষা কৰি অহা সুসম্পৰ্কৰো অৱনতি ঘটা পৰিলক্ষিত হ'ল।

বহুক্ষেত্ৰত কংগ্ৰেছ, এ আই ইউ ডি এফক একাষৰীয়া কৰি থৈও বিজেপি নেতৃত্বই অগপৰ বিৰুদ্ধেহে যুযুধান ৰূপ লোৱা দেখা গৈছে। ইয়াৰ দ্বাৰা ধাৰণা কৰিব পাৰি যে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত অগপই বিজেপিক তীব্ৰ প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে। লাহে লাহে বিজেপিৰ ভেটি খহাৰো উপক্ৰম ঘটিছে। নাগৰিকত্ব আইন সংশোধনী বিধেয়কবিৰোধী ভোট অগপই লাভ কৰিব বুলি অনুধাৱন কৰিয়েই বিজেপি নেতাসকল আঞ্চলিক দলটোৰ প্ৰতি সোচ্চাৰ হৈ পৰিছে।

বিজেপি যিহেতু কেন্দ্ৰ আৰু ৰাজ্যত ক্ষমতাত আছে সেয়ে অগপ আৰু বিৰোধী দলবোৰক শ'লঠেকত পেলাবলৈ ব্যয়বহুল প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। এই প্ৰচাৰ অভিযানত ৰাজ্য চৰকাৰত থকা এসময়ৰ জাতীয়তাবাদী নেতাসকলেই মুখ্য ভূমিকা পালন কৰিছে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে অসমত আঞ্চলিকতাবাদী ৰাজনীতিৰ সংকট ঘনীভূত হৈছে। ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীয় ৰাইজৰ আস্থা এতিয়াও আঞ্চলিকতাবাদী ৰাজনীতিৰ পক্ষতে আছে। অগপই নিষ্ঠাসহকাৰে সেই আস্থা অটুত ৰখাটোহে মূল কথা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in