শেহতীয়া খবৰ
কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তই বিতৰন কৰিলে ৰাষ্ট্ৰীয় পতাকা...  •  বিহপুৰীয়াত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে উদ্বোধন কৰিলে ৰুৰবান মিচনৰ আচঁনি...  •  ঢকুৱাখনাত মহিলা সন্ধানহীন...  •  ধেমাজিৰ বি. চি কেয়াৰ চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত ৫ খন কাব্য সংকলন উন্মোচন...  •  পলাশবাৰীৰ চিয়াঁহী উদ্যোগত বিধ্বংসী অগ্নিকাণ্ড...  •  মৈৰাবাৰীত অবৈধ বিলাতী সুৰা জব্দ...  •  কামপুৰত ৰাজু সমীৰণৰ “ জলপ্ৰলয় “ উন্মোচন...  •  টিপং কয়লাখনিৰ কেইবা কোটি মূল্যৰ লোহা চুৰিঃ লুটপাত ৰোধিব নোৱাৰা আৰক্ষীৰ সাংবাদিকৰ ওপৰতহে বিৰূপ মন্তব্য...  •  শিৱসাগৰত ৰাইজৰ দলৰ বৃহৎ যোগদান সমাৰোহঃ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা...  •  কবিতা ১২/ সহস্ৰ গাঁঠিৰ বান্ধ

মৰেল পুলিচিং…

এখন সমাজত ঘটি থকা সকলো অপৰাধৰ বিচাৰ আদালতত নহয়। কিছুমান ঘটনাৰ বিচাৰৰ বাবে পুলিচৰো সহায় বিচৰা নহয়। স্থানীয় সমাজে একত্ৰিত হৈ স্থানীয় ঘটনা কিছুমানৰ বিচাৰ এনেকুৱা নিৰপেক্ষভাৱে আৰু নিয়াৰিকৈ কৰে যে সেই সমস্যাৰো সমাধান হয়, কাৰো ব্যক্তি স্বাধীনতাও খৰ্ব নহয়। সমাজত মিলিজুলি বসবাস কৰিবলৈ তথা ব্যক্তিবিশেষে কৰা সৰু-বৰ অপৰাধ কিছুমানৰ পৰা সমাজত বসবাস কৰা লোকক ৰক্ষা কৰি শান্তি বৰ্তাই ৰাখিবলৈ এনেকুৱা সামাজিক বিচাৰৰ প্ৰয়োজনীয়তাক কোনেও অগ্ৰাহ্য নকৰে আৰু যুগ যুগ ধৰি এনে বিচাৰ পুৰুষানুক্ৰমে চলি আহিছে। আইনত শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য হোৱা অপৰাধ কিছুমানৰো নিষ্পত্তি সামাজিক স্তৰতে ইমান নিয়াৰিকৈ আৰু সৰ্বজনগ্ৰাহ্যভাৱে হৈ যায় যে পিচত ইয়াৰ আলোচনা হ’লে উক্ত স্থানীয় সমাজৰ মানুহেই স্তম্ভিত হয়।

গাঁওবিলাকত থকা নামঘৰবিলাক এনে বিচাৰৰ উত্তম ঠাই হিচাপে দীৰ্ঘদিন ধৰি বিবেচিত হৈ আহিছে আৰু কোনেও বিচাৰৰ এই ঠাইখিনক অমান্য কৰা নাই। আমাৰ সাধাৰণ সমাজত এনে সুন্দৰ আৰু সামাজিকভাৱে গ্ৰাহ্য পৰম্পৰা এটা থকা অৱস্থাত যোৱা কিছু বছৰত সামাজিক বিচাৰৰ নামত এচাম লোকৰ উদণ্ড আচৰণ আৰু জিঘাংসু মানসিকতা প্ৰদৰ্শনৰ প্ৰৱণতাই সমাজলৈ গুৰুতৰ ভাবুকি কঢ়িয়াই অনা পৰিলক্ষিত হৈছে। ইয়াক অভিহিত কৰা হয় ‘মৰেল পুলুচিং’ কিম্বা ‘মৰেল পুলিচগিৰি’ৰূপে। অপৰাধ ৰোধৰ নামত ‘মৰেল পুলিচিঙ’ৰ মাত্ৰা ইমান বৃদ্ধি পাইছে যে সমস্যাৰ সমাধান কৰক চাৰি ই এক সমান্তৰাল অপৰাধ হৈ সমাজৰ বাবে গুৰুতৰ ভাবুকিহে কঢ়িয়াই আনিছে।

কেতিয়াবা কেতিয়াবা এই ‘মৰেল পুলিচিং’ ইমান নিৰ্মম হৈ পৰে যে উদণ্ড, জিঘাংসু এনে ‘মৰেল পুলিচ’ৰ নিৰ্যাতনৰ বলি হৈ ‘অপৰাধী’য়ে প্ৰাণো হেৰুৱাবলগা হয়। সামাজিক মাধ্যম আৰু দৃশ্য-শ্ৰব্য মাধ্যমবোৰৰ সুবাদত এতিয়া ‘মৰেল পুলিচিঙ’ৰ বিভীষিকা আৰু নিৰ্দয়তাৰ কথা কাকো বুজাই কোৱাৰ প্ৰয়োজন নাই। কিছুমান তুলনামূলকভাৱে, অশিক্ষিত, অন্ধবিশ্বাস কবলিত পিচপৰা জনগোষ্ঠীয় অঞ্চলত চলা ডাইনী হত্যা-নিৰ্যাতনৰ দৰেই ভয়াৱহ এই ‘মৰেল পুলিচিঙ’ৰ ঘটনা। লজ্জাজনকভাৱে এনে ঘটনাই সংঘটিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ গোৰেশ্বৰৰ নাওকাটাত থকা পূব ডেফেলী আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ত।

সেই কাৰ্যালয়টোত তথাকথিত একাংশ ছাত্ৰনেতাৰ ‘মৰেল পুলিচিঙ’ৰ নামত চলা অমানুষিক নিৰ্যাতনৰ বলি হৈ ৰাজীৱ কুমাৰ নামৰ নৱম শ্ৰেণীৰ ছাত্ৰ এজনে পিচত আত্মহত্যা কৰিবলগীয়া হ’ল। গুট্খাকেন্দ্ৰিক বিষয় এটাক লৈয়ে উল্লিখিত ঘটনাটো ঘটা বুলি ইতিমধ্যে বিভিন্ন মাধ্যমত প্ৰচাৰ হৈছে। নৱপ্ৰজন্মৰ কিশোৰ এজন গুট্খাৰ দৰে মাৰাত্মক নিচাযুক্ত সামগ্ৰীৰ কবলত পৰাৰ বিৰুদ্ধএ সামাজিক অনুশাসনৰ পৰিবেশ এটা গঢ় দিয়াটো কোনো শুভচিন্তকে নুই নকৰে, কিন্তু আছুৰ কাৰ্যালয় এটা ইয়াৰ বিচাৰৰ থলী হ’ব পাৰে কেনেকৈ ?

তথাকথিত ছাত্ৰনেতাকেইজনেইবা ইয়াক লৈ কাৰোবাক শাস্তি দিয়াৰ কৰ্তৃত্ব পালে ক’ত? গাঁৱত দহজন গণ্য-মান্য মানুহৰ সন্মুখত এনে বিচাৰ হ’লেও বেলেগ কথা। আছুৰ কেন্দ্ৰীয় কমিটীয়ে অভিযুক্ত আঞ্চলিক ছাত্ৰ সন্থাৰ কমিটীখন লগে লগে ভংগ কৰি দিছে যদিও সমাজত মাতব্বৰিতা কৰাৰ একাংশ আছুনেতাৰ প্ৰৱণতাক উল্লিখিত ঘটনাটোৱে উদঙাই দিছে। যোৰহাট নগৰত এদল উদণ্ড মানুহৰ হাতত নিৰ্মমভাৱে প্ৰহৃত হৈ অনিমেষ ভূঞা নামৰ ছাত্ৰনেতাজন মৃত্যুমুখত পৰাত ৰাজ্যজুৰি প্ৰতিক্ৰিয়া-ক্ষোভৰ সৃষ্টি হৈছিল, শোকদগ্ধ হৈছিল অনুভূতিপ্ৰৱণ মানুহ, যেনেকৈ অভি-নীলৰ হত্যাকাণ্ডই, ঝংকাৰ শইকীয়াৰ হত্যাকাণ্ডই, ডাঃ দেৱেন দত্তৰ হত্যাকাণ্ডই মানুহক মৰ্মাহত কৰিছিল।

নাওকাটাৰ ঘটনাটোৱেও মানুহক একেদৰেই দুখ দিছে আৰু এই ঘটনা আছুৰ দৰে সংগঠন এটাৰ কাৰ্যালয়ত হোৱাটোৱে জনসাধাৰণক অধিক হতচকিত কৰি তুলিছে। সামাজিক সমস্যাৰ ক্ষেত্ৰত দীৰ্ঘদিন নেতৃত্ব লৈ একাংশ ‘ছাত্ৰনেতা’ৰ সমাজৰ ওপৰত কৰ্তৃত্বৰ মানসিকতা এটা গঢ় লৈ উঠিছে নেকি বুলিও প্ৰশ্ন উঠিছে নেকি বুলিও প্ৰশ্ন উঠিছে এইবাবেই যে ঠায়ে ঠায়ে একাংশ ‘ছাত্ৰনেতা’ৰ কৰ্তৃত্বসূচক আচৰণৰ ঘটনা ৰাজহুৱাভাৱেই প্ৰচাৰ হৈছে। অলপতে ডিব্ৰুগড়ত ‘সতীৰ্থ সন্মিলন’ এখন অনুষ্ঠিত কৰিবলৈ গৈ আছুৰ প্ৰাক্তন বিষয়ববীয়া একাংশ কেনেকৈ তাৰ বৰ্তমানৰ ‘ছাত্ৰনেতা’ৰ হাতত অপদস্থ হ’বলগীয়া হৈছিল, সেয়া সংবাদ মাধ্যমৰ জৰিয়তে জনসাধাৰণে গম পাইছেই।

লক্ষণীয় কথাটো হ’ল, হাত দাঙি দাঙি প্ৰাক্তন ছাত্ৰনেতাসকলক উচ্চ-বাচ্য কৰা (কেৱল প্ৰহাৰ কৰিবলৈহে বাকী)। ডিব্ৰুগড়ৰ সেই আছুৰ সদস্যসকলৰ বিৰুদ্ধে কেন্দ্ৰীয় নেতৃত্বই ব্যৱস্থাতো নল’লেই বৰঞ্চ তেওঁলোকৰ আচৰণক সমৰ্থন দিয়াহে দেখা গ’ল। এইবোৰ দুই-এটা বিক্ষিপ্ত উদাহৰণহে। কিন্তু যদি সঁচাকৈয়ে আছুৰ কাৰোবাৰ কাৰোবাৰ মনত প্ৰভুত্ববাদী মানসিকতা গঢ় লৈ উঠিছে ই সংগঠনটোক অনিষ্ট কৰিব, কেতায়াবা জনসাধাৰণেই আছুৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য হ’ব।