শ্ৰীলংকাৰ গণবিদ্ৰোহ…

শ্ৰীলংকাৰ গণবিদ্ৰোহ…

প্ৰতিবেশী ৰাষ্ট্ৰ হিচাপে শ্ৰীলংকাৰ আৰ্থ-সামাজিক ক্ষেত্ৰখনৰ সৈতে ভাৰতীয় জনসাধাৰণৰ সু-সম্পৰ্ক আছে। ভাৰতে তাহানিৰ পৰাই শ্ৰীলংকা, নেপাল, ভূটান অথবা বাংলাদেশৰ দৰে দক্ষিণ-পূব এছিয়াৰ সৰু দেশবোৰৰ লগত এক সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰি আহিছে। গতিকে শ্ৰীলংকাৰ ভয়াৱহ সংকটক লৈ ভাৰতবাসী চৰম উদ্বগ্ন হোৱাটো স্বাভাৱিক কথা। কিন্তু তাৰ অৰ্থ এইটোও নহয় যে শ্ৰীলংকাৰ পৰিস্থিতি ভাৰততো বিয়পি পৰাৰ আশংকা বিদ্যমান। অৱশ্যে ইয়াৰ নেতিবাচক পৰিণামবোৰৰ দ্বাৰা আমাৰ দেশ কিছু পৰিমাণে হ'লেও প্ৰভাৱিত হ'ব।

যোৱা প্ৰায় চাৰি মাহ ধৰি ৰাজনৈতিকভাৱে শ্ৰীলংকা চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছে। তাৰ মূল কাৰণ যে অৰ্থনৈতিক ক্ষেত্ৰখনত সৃষ্টি হোৱা ভয়ংকৰ দুৰৱস্থা, সেই কথা ইতিমধ্যে বিভিন্ন মহলত চৰ্চা হৈছে। কিন্তু সদ্যহতে দেশখনত সংঘটিত ঘটনাৱলীক সংবাদ মাধ্যমে গণবিদ্ৰোহ আখ্যা দিছে। বহুতৰ মতে এয়া চৰম পৰ্যায়। এইবাৰ ক্ষুদ্ধ ছাত্ৰ-ছাত্ৰীয়ে নেতৃত্ব দিয়া গণবিদ্ৰোহত ভোকাতুৰ জনতা চামিল হৈছে। যোৱা শনিবাৰে প্ৰতিবাদী ৰাইজে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ভৱন দখল কৰিছে। প্ৰধানমন্ত্ৰীৰ বাসগৃহ জ্বলাই দিছে। ধুমুহাৰ গতিত মানুহৰ সোঁত বৈছে শ্ৰীলংকাৰ ৰাজধানী চহৰখনলৈ। ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে পদত্যাগ ঘোষণা কৰিছে।

ৰাষ্ট্ৰপতিয়ে পলাই গৈ বিদেশী ৰাষ্ট্ৰত আশ্ৰয় লোৱাৰ খবৰ আহিছে। কিছুমানৰ মতে ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছেই ভাৰতৰ আশ্ৰয় বিচাৰিছে। দেশখনৰ সংবাদ মাধ্যমৰ শেহতীয়া খবৰ অনুসৰি শ্ৰীলংকাত অন্তৱৰ্তীকালীনভাৱে সৰ্বদলীয় চৰকাৰ এখন গঠন হোৱাৰ দিশে পৰিস্থিতিয়ে গতি কৰিছে। আমি সেই বিষয়বোৰলৈ নাযাওঁ। এটা কথা স্পষ্ট যে শ্ৰীলংকাত শাসকৰ শোষণ-বঞ্চনা-বৈষ্যমৰ বিৰূদ্ধে সংঘটিত গণ অভ্যুত্থানে আমূল পৰিবৰ্তনৰ ইংগিত বহন কৰিছে। প্ৰথম কথা- এয়া হঠাতে হোৱা এক বিক্ষিপ্ত ঘটনা নহয়।

বিগত প্ৰায় এটা দশক ধৰি শ্ৰীলংকাত ক্ষমতাসৰ্বস্ব ৰাজনীতিৰ নামত হোৱা অৰিয়াঅৰি, শাসক গোষ্ঠীৰ স্বজন-তোষণ, দুৰ্নীতি-ভ্ৰষ্টাচাৰ আৰু সৰ্বোপৰি সাংঘাতিকভাৱে এক ভুল অৰ্থনৈতিক নীতি কাৰ্যকৰী কৰিবলৈ গৈ শ্ৰীলংকাৰ চৰকাৰে যিদৰে জনসাধাৰণৰ ওপৰত ঋণৰ বোজা জাপি দিবলৈ লৈছিল, তাৰ পৰিণতিয়েই হৈছে শেহতীয়া ঘটনাৱলী। যোৱা মে' মাহতে জনসাধাৰণৰ প্ৰতিবাদৰ ওচৰত সেও মানি সেই সময়ৰ প্ৰধানমন্ত্ৰী মহিন্দা ৰাজাপাকছেই পদত্যাগ কৰি পলায়ন কৰাৰ পিচত ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছেই ৰনিল ৱিক্ৰমাসিংঘেক নতুন প্ৰধানমন্ত্ৰী হিচাপে নিয়োগ কৰিছিল।

মহিন্দ্ৰা ৰাজাপাকছেৰ পুত্ৰকে ধৰি তেওঁৰ পৰিয়ালৰ আন কেইবাজনো সদস্য কিছুদিন আগলৈকে শ্ৰীলংকা চৰকাৰৰ কেবিনেট মন্ত্ৰীৰ দায়িত্বত আছিল। আমি পূৰ্বেও এই কথা উল্লেখ কৰিছিলো যে ২০০৯ চনৰ আগলৈকে শ্ৰীলংকাত অব্যাহত গৃহযুদ্ধসদৃশ পৰিস্থিতিৰ পিচত ক্ষমতালৈ অহা মহিন্দা ৰাজাপাকছেৰ চৰকাৰে গ্ৰহণ কৰা অৰ্থনৈতিক নীতিয়ে দ্বীপৰাষ্ট্ৰখনক ক্ৰমান্বয়ে ধ্বংসৰ মুখলৈ লৈ গৈছিল। কেৱল বিদেশী ঋণ, বিশেষকৈ চীনৰ পৰা লোৱা বৃহৎ পৰিমাণৰ ঋণৰ বাবে শ্ৰীলংকাৰ জাতীয় অৰ্থনীতি ধ্বংসৰ গৰাহত পৰিবলৈ লৈছিল।

চীনকে ধৰি আন কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ ওচৰত শ্ৰীলংকাৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠানসমূহ পৰ্যায়ক্ৰমে বিক্ৰী যোৱাৰ দৰে অৱস্থা এটাৰ সৃষ্টি হৈছিল। তাৰ বিপৰীতে ৰাজাপাকছে চৰকাৰে সৰ্বসাধাৰণ ক্ৰেতাৰ ওপৰত কৰ-কাটলৰ অত্যাধিক বোজা জাপি দিছিল। বিদেশী ঋণৰ ধনেৰে বৃহৎ বৃহৎ আন্তঃগাঁথনি নিৰ্মাণৰ কাম আগবঢ়াই লৈ যোৱা শ্ৰীলংকা চৰকাৰে দেশখনৰ প্ৰধান উদ্যোগ হিচাপে চিহ্নিত পৰ্যটনৰ ক্ষেত্ৰত উদাসীন মনোভাব পোষণ কৰিছিল। কৃষি অৰ্থনীতিও লাহে লাহে ভাগি পৰিবলৈ লৈছিল।

শ্ৰীলংকাত বৰ্তমান অত্যাৱশ্যকীয় খাদ্য-সামগ্ৰীৰ মূল্যবৃদ্ধিৰ হাৰ বহু ওপৰলৈ গৈছে। চাউল, আলু, চেনি, পেট্ৰ'ল-ডিজেল, নাৰিকল তেলৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম ৯০ শতাংশতকৈও অধিক হাৰত বৃদ্ধি পাইছে। এয়া হৈছে দেশখনৰ অৰ্থনীতিৰ বিধ্বস্ত ৰূপ। ইয়াৰ বিৰুদ্ধে শ্ৰীলংকাৰ ৰাইজে আজি কেইবামাহ ধৰি ৰাজপথত প্ৰতিবাদ কৰিছে। শান্তপূৰ্ণ তথা গণতান্ত্ৰিক প্ৰতিবাদে শেষত গৈ হিংসাত্মক ৰূপ লৈছে। সেয়ে ইয়াৰ পৰা পৰিত্ৰাণৰ পথ ইমান উজু হৈ থকা নাই। শ্ৰীলংকাক আমি গণতান্ত্ৰিক, গণৰাজ্য হিচাপে আখ্যা দিব পাৰো, কিন্তু ইয়াৰ ৰাষ্টৰপতিৰ ক্ষমাত সৰ্বাধিক। বহুদলীয় গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচিত চৰকাৰ আৰু ৰাষ্ট্ৰৰ মূৰব্বী হৈছে ৰাষ্ট্ৰপতি।

প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মন্ত্ৰীসভাৰ পৰামৰ্শ অনুসৰিয়েই ৰাষ্ট্ৰপতিয়ে কাৰ্যপালিকাৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি আহিছে। শ্ৰীলংকাৰ মূল বাসিন্দা সিংঘলীসকলৰ বৌদ্ধ ধৰ্মীয় ৰাষ্ট্ৰবাদে মূলতঃ ৰাজনীতিক নিয়ন্ত্ৰণ কৰি আহিছে যদিও তামিল আৰু মুছলমানসকলেও সংখ্যালঘুৰ অধিকাৰসমূহ ভোগ কৰিছে। বহুতেই কোৱাৰ দৰে বৰ্তমানৰ শাসকপক্ষই অতি আগ্ৰাসী ৰূপত কাৰ্যকৰী কৰিবলৈ ওলোৱা  বৌদ্ধ ৰাষ্ট্ৰবাদেও দেশখনত সামাজিক সমস্যাৰ সৃষ্টি কৰিছে। সুদীৰ্ঘ কেইবাটাও দশক শ্ৰীলংকাৰ ৰাজনীতি তামিল উগ্ৰপন্থীৰ সমস্যাৰ দ্বাৰাও প্ৰভাৱিত হৈছিল।

কিন্তু এতিয়া গণতন্ত্ৰৰ নামত চলা পুঁজিবাদী শোষণ তথা বৈষম্যৰ চিকাৰ হৈছে দেশখনৰ সৰ্বসাধাৰণ লোক। কথা হ'ল, সাম্প্ৰতিক গণ অভ্যুত্থানে এই ব্যৱস্থাৰ আমূল পৰিবৰ্তন ঘটাবলৈ সক্ষম হ'ব নে সাময়িকভৱে পুনৰ একধৰণৰ শাসন ব্যৱস্থাকে বলৱৎ কৰা হ'ব, সেয়া আগত দিনবোৰতহে স্পষ্ট হৈ পৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in